মৰাণ জনগোষ্ঠী আৰু ৰাতিবিহু – ধীৰেণ শইকীয়া

মৰাণ জনগোষ্ঠী অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ। যীশুখ্ৰীষ্ট জন্মৰ বহু শতিকাৰ আগৰে পৰা জনগোষ্ঠীটোৱে অসমত বসবাস কৰি আহিছে। সম্প্ৰতি তিনিচুকীয়া, ডিব্ৰুগড়, অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাৰ লগতে শিৱসাগৰ জিলাৰ ঠাই বিশেষে মৰাণ জনগোষ্ঠীৰ বহু গাঁও আছে। প্ৰধানতঃ মৰাণসকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়৷ সুশীল কুমাৰ গগৈ দেৱে ‘মহাবাহু’ পৰ্টেলৰ ‘ঐতিহাসিক ঘটনা প্ৰৱাহৰ ধামখুমীয়াত: মটক-মৰাণ জনগোষ্ঠী’ প্ৰবন্ধত লিখিছে- “মটক আৰু মৰাণসকল মংগোলীয় আৰু ‘টাই বা’, অৰ্থাৎ চীন-তিব্বতীয় গোষ্ঠীৰ ভাষিক লোক। টাই মংগোলীয় জাতিৰ সৃষ্টি সূত্ৰত প্ৰত্যেকৰে দুটাকৈ ফৈদ আছে। এটা ‘শাসক ফৈদ’ আনটো ‘গুৰু ফৈদ’। মটকসকল হ’ল শাসক বা ৰাজ ফৈদৰ, মৰাণসকল গুৰু ফৈদৰ।” জনামতে মৰাণসকলে সোতৰ-ওঠৰ শতিকাতে মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। ড°ভুৱনমোহন দাসৰ ‘অসমৰ মানুহ: প্ৰজাতি আৰু সংস্কৃতি’ পুথিখনেও মৰাণসকলৰ বিষয়ে বহু কথাৰ উল্লেখ কৰি গৈছে। জনামতে চুকাফা অহাৰ আগতে মৰাণসকলৰ স্বাধীন ৰাজ্য এখন আছিল। মৰাণসকলৰ ৰাজ্যখনৰ ৰজা আছিল বদৌছা। অপুত্ৰক বদৌছাই 1228 খৃ:ত চুকাফা পাটকাই পাৰ হৈ অসম পোৱাৰ সময়ত সুদৰ্শন যুৱক চুকাফালৈ নিজৰ কন্যাক বিয়া দি শহুৰ-জোঁৱাই বান্ধোনেৰে বান্ধ খাই মৰাণ ৰাজ্যৰ শাসনভাৰ চুকাফাক অৰ্পণ কৰিছিল। পিছে চুকাফাৰ বৰ অসম গঢ়াত মৰাণ ৰজা বদৌছাৰ বৰঙণিয়ে পৰৱৰ্তী সময়ত স্বীকৃতিহে নাপালে। ‘ৰাইজেই ৰজা’ এই গণতান্ত্ৰিক ধাৰণা এটাৰে ফৰাচী বিদ্ৰোহৰ কুৰি বছৰ আগতে সংঘটিত মৰাণসকলৰ সাতত্ৰিশ বছৰীয়া পৃথিৱীৰ ইতিহাসৰ দীৰ্ঘতম বিদ্ৰোহ ‘মোৱামৰীয়া গণবিদ্ৰোহ’ ( (১৭৬৯-১৮০৬) গঢ়ি উঠিছিল, যাৰ নেতৃত্ব দিছিল মৰাণ বীৰ ৰাঘৱ মৰাণে। পিছে বিশ্বৰ ইতিহাসতো এই বিদ্ৰোহে আজিও পাবলগীয়া গুৰুত্ব নাপালে। শ্ৰেণী বৈষম্যহীন সমাজ গঠনেই মোৱামৰীয়া গণবিদ্ৰোহৰ মূলমন্ত্ৰ আছিল।
সাংস্কৃতিকভাৱে মৰাণসকল অতীজৰে পৰা যথেষ্ট চহকী। অতীজত তেওঁলোকে শদিয়াৰ কেঁচাইখাতী থানত দেৱী পুজাত বলি দিছিল পিছলৈ তেওঁলোক মোৱামৰীয়া মহন্তপন্থী হয়। মৰাণসকলৰ বিহুৰো স্বকীয়তা আছে। অসমীয়া কেলেণ্ডাৰ মতে তেওঁলোকে ব’হাগ বিহু অনুষ্ঠিত নকৰে। মৰাণসকলৰ ৰাতিবিহু, ধৰ্ম হুঁচৰি, গছতলৰ বিহু, বালি বিহু, বৰমগা সম্পূৰ্ণ সুকীয়া সংস্কৃতি। ঘৰখনত অপায়-অমংগল হৈ থাকিলে গাঁৱৰ বিহু হুঁচৰি জোৰাৰ পৰা আশীৰ্বাদ বিচৰাৰ নিয়মটোকেই ‘বৰমগা’ বোলা হয়। সৰল অৰ্থত গৃহস্থই বৰ মাগিবলৈ তামোল পাণ দি নিমন্ত্ৰণ কৰিলে বিহু দলটোৱে আহি বিহু হুঁচৰি মাৰেহি, বিশ্বাস যে ‘বৰমগা’ অনুষ্ঠানৰ পিছত অপুত্ৰকৰ পুত্ৰ লাভ হয়, দীৰ্ঘদিন শৰ্য্যাগত ৰুগীয়াও আৰোগ্য হয়।
মৰাণসকলৰ গছতলৰ বিহু মৰাণ সমাজলৈ প্ৰকৃতিয়ে আগবঢ়োৱা এটা মনোজ্ঞ অৱদান। ইয়াতেই প্ৰাণ ভৰি ডেকা-গাভৰুৱে নাচ-গান কৰে, গছতলৰ বিহুৰ পিছত বহু ডেকাই বিহুৱতী গাভৰু পলুৱাই নিলে জগৰ নধৰে।
লেখক টুনুজ্যোতি গগৈদেৱৰ ‘মুক্তচিন্তা’ত প্ৰকাশিত এক প্ৰবন্ধ ‘বেংমৰাৰ বুৰঞ্জী’তো মৰাণসকলৰ বহু ঐতিহাসিক কথা আছে। প্ৰবন্ধটোত উল্লেখ কৰা ড°জুমি বৰুৱা গগৈৰ এটি মন্তব্য উল্লেখযোগ্য। তেওঁ লিখিছে, “উজনি আহোম ৰাজ্যৰ প্ৰজা মৰাণ-মটকসকল আছিল কালসংহতিৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱে (১৬০১–১৬২৬ চন) প্ৰতিষ্ঠা কৰা মোৱামৰা/মায়ামৰীয়া সত্ৰৰ শিষ্য৷ এই সত্ৰৰ ধৰ্মগুৰুসকলে শঙ্কৰ-মাধৱৰ দ্বাৰা প্ৰচাৰিত নৱৱৈষ্ণৱ ধৰ্মৰ শিক্ষা আৰু বাণী আন্তৰিকতাৰে শিষ্যসকলৰ মাজত বিলাইছিল৷ একতা, সমতা, মানৱতা আৰু গণতান্ত্ৰিক আদৰ্শক মূলমন্ত্ৰ হিচাপে লৈ আহোম, মৰাণ, মটক, চুতীয়া, কছাৰী, কোচ, কৈৱৰ্ত আৰু অন্যান্য বৃত্তিয়াল লোকসকলৰ মাজত বিলাই সমাজত এক নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হৈছিল।” পানীৰাম ডেকা মৰাণদেৱৰ এক প্ৰবন্ধ ‘মৰাণ বিহুৰ ঐতিহ্য’ত লিখিছে যে মৰাণসকলৰ জাতীয় সাজ-পাৰ কলীয়া ৰিহা মেখেলা চাদৰ। সিয়েই বিহুৰো স্বীকৃত সাজপাৰ। (লোক সংস্কৃতিৰ সঁফুৰা)
মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু :
মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ দৰে অনুষ্ঠান আন কোনো জনগোষ্ঠীতে দেখা নাযায়। আজিকালিও তিনিচুকীয়াৰ কাকপথাৰৰ বেটনী, বাৰেকুৰি, উবন, বৰমেচাই গাঁৱৰ লগতে ডুমডুমাৰ কৰ্দৈগুৰিৰ মৰাণ অধ্যুষিত অঞ্চলবোৰত ৰাতি বিহু গায়।
চ’তৰ শেষৰ ফালে বাঁহ, কাঠ, নৰা, জেঙুপাত, টকৌপাত আদিৰে ৰাতি বিহু মাৰিবলৈ মৰাণ ডেকাহঁতে ‘বিহু ঘৰ’ এটা সাজে। মৰাণসকলে এই দুই কুঠলীয়া অস্থায়ী ঘৰটোক বৰ পৱিত্ৰ ঘৰ হিচাপে মানে। এই ঘৰটোৰ বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে আৰু সোঁফালৰটো ডেকাসকলৰ বাবে সজোৱা হয়। ৰাতি বিহু আদিতে শদিয়াৰ কেঁচাইখাতী শালত ‘বৰবলি’ দি আৰম্ভ কৰিছিল যদিও পৰৱৰ্তীসময়ত মৰাণসকল মোৱামৰীয়া মহন্তসৱৰ বৈষ্ণৱ পন্থালৈ অহাৰ পিছত ডিৰাক, টিপুক আদি সত্ৰৰ ভকত প্ৰভুৰ ওচৰত অনুমতি লৈহে ৰাতিবিহুৰ পৰম্পৰা আয়োজনৰ নিয়ম হ’ল, তেওঁলোকৰ অনুমতি অবিহনে ৰাতি বিহু পতা নহয়। লগতে শ্ৰী শ্ৰী চতুৰ্ভূ্জ গুৰুৰ স্মৰণ কৰি ৰঙালী বিহুলৈ এক সপ্তাহ মান বাকী থাকোতেই এজন বয়সস্থ ব্যক্তিক দলপতি পাতি ডেকাসকলে তামোল-পাণৰ শৰাই এখন আগবঢ়াই পৰম্পৰা অনুসৰি অঞ্চলটোৰ গাভৰু ছোৱালী থকা অভিভাৱকৰ পৰা ৰাতিবিহু গাবলৈ গাভৰুসকলক খুজিবলৈ যায়।
গাভৰুৰ অভিভাৱকসকলে ডেকা দলটোৰ পৰা গাভৰুগৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চিতি পালেহে অভিভাৱকে নিজৰ জীয়ৰীজনীক ৰাতি বিহু মাৰিবলৈ অনুমতি প্ৰদান কৰে। অসমীয়া বা ইংৰাজী কোনো এখন কেলেণ্ডাৰেই নামানি মৰাণসকলে ব’হাগৰ প্ৰথম জোন ওলোৱা মঙলবাৰটোৰ পৰাই প্ৰতি দিনে নিশা আঠ-নমান বজাৰ পৰা শেষ ৰাতিলৈকে ইতিমধ্যে উল্লেখ কৰা ‘বিহু ঘৰ’ত ৰাতি বিহু মাৰিগৈ। আনকি বিহুৰ অন্তত ডেকাসকলে সদায় গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ অহাটোও এটা পৰম্পৰাগত নিয়ম। এই ৰাতি বিহু অনুষ্ঠানটো ঠাইবিশেষে সাত দিন, ন দিন, এঘাৰ দিনলৈকে অনুষ্ঠিত কৰা হয়। ‘ভোটা’, ‘ভূমুক’ আৰু ‘আৰিয়া’ৰ পোহৰত ৰাতি বিহু মৰা হয়। এই ৰাতি বিহুৰ খলালৈ অঞ্চলটোৰ ওচৰৰ বেলেগ গাঁৱৰ পৰাও ডেকা-গাভৰু আহি দল পাতি ৰাতি বিহু গায়হি। ১৯৫০ চন মানৰ পৰা মৰাণ জনগোষ্ঠী অধ্যুষিত অঞ্চলবোৰতো বিভিন্ন কাৰণত ৰাতি বিহু মৰাটো ভালেখিনি কমি আহিছে। এই ৰাতি বিহুৰ গীত প্ৰেম-প্ৰণয়জনিত হ’লেও, ব্যঞ্জনাধৰ্মী তথা শালীনতাপূৰ্ণ। ই যথেষ্ট ধীৰ-স্থিৰ। ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত। যতীন মৰাণদেৱে প্ৰান্তিকত প্ৰকাশিত প্ৰবন্ধ (১৬এপ্ৰিল-৩০এপ্ৰিল, ২০১৬) ‘মৰাণ জনগোষ্ঠীৰ ৰাতিবিহু’ত লিখিছে –‘মৰাণসকলৰ বিহুনামৰ সুৰ লেহেতীয়া, ইননি-বিননিসূচক। ‘হেই’ বা ‘দেহি ঐ’ বুলি আৰম্ভ কৰি দীঘলীয়াকৈ সুৰ টানি বিহু নাম গায়।…………..বিহু নাচতো প্ৰকৃতিৰ লাস্যময় ৰূপৰ সৈতে ইয়াৰ সম্পৰ্ক।’
মৰাণসকলৰ সাংস্কৃতিক আৰু ঐতিহ্যময় দিশটো পৰিকল্পিত ৰূপত প্ৰকাশ কৰি কাকপথাৰৰ ওচৰৰ মৰাণ গাঁওসমূহলৈ পৰ্যটকক লৈ যোৱাৰ ব্যৱস্থা কৰিলে ইয়াৰ দ্বাৰা মৰাণ গাঁওসমূহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ সম্পূৰ্ণ থল আছে।


সহায়ক গ্ৰন্থপঞ্জী
মৰাণ জনগোষ্ঠীৰ ৰাতিবিহু (প্ৰান্তিক, ১৬এপ্ৰিল-৩০এপ্ৰিল ,২০১৬)
লোক সংস্কৃতিৰ সঁফুৰা-অসম জাতীয় বিদ্যালয়
বৈচিত্ৰময় অসম
কেইটামান ই-পৰ্টেলৰ প্ৰবন্ধ
লক্ষীনন্দন বৰগোহাঞিৰ প্ৰবন্ধ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 months ago

এই প্ৰবন্ধটোত কিছু মান কথা উল্লেখ কৰি কিছু মান লুকুৱাবলে চেষ্টা কৰা যেন অনুভব এটি হ’ল। সি যিয়ে নহওক, মৰাণ সকল টাইমূলীয় মংগোলীয় বুলি ভবাটো ভূল। প্ৰকৃতাৰ্থত মৰাণ সকল বড়োমূলীয়ই মংগোলীয় হয়। মটক যদি ৰাজ ফৈদৰ হয় আৰু মৰাণ ধমীয় গুৰুফৈদৰে হয় তাৰ কি প্ৰমাণ আছে। এনেকে যাৰ যি মন যায় কৈ থাকিলে। মই নিজকে স্বৰ্গৰ পৰা নামি অহা বুলি কম কোনোবাই বিস্বাস কৰিব নেকি? সুনিল কুমাৰ গগৈ দেৱে ১২শ খৃষ্টাব্দত গৈ চাই আহি ছিলে নেকি কোন কি হয়। নে সপোনত দেখিলে। এইবোৰ যি টি theory দি তেও বিভ্ৰান্ত কৰিব বিচাৰিছে আৰু মহাবীৰ ৰাঘৱ মৰাণে মোৱামৰীয়া বিদ্ৰোহ কেৱল মাত্ৰ শ্ৰেণী বৈষম্যৰ কাৰণেই কৰা নাছিল।১৭০০ শতিকাৰ শেষৰ ফালে স্বেচ্ছাচাৰি অত্যাচাৰী হৈ উঠা আহোম ৰাজসিংহাসন
উফৰাই গণতন্ত্র প্রতিষ্ঠা কৰা টো এটা উদ্দেশ্য আছিল। ,িিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিংিিিিিিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিিং্িিিিিিিিিিিিিিিিিিিিিিিং্িিিং্িিিিিিিিিিিিিিিিিিিিিিিং্িিিং্ ববব িিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিিি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক