মৰিগাঁৱত এৰাতি (শৰৎ চন্দ্ৰ নেওগ)

ধাৰাসাৰ বৰষুণ। মাজে মাজে বিজুলীৰ চিকমিকনি আৰু মেঘৰ গাজনি। গাড়ীৰ ভিতৰৰ পৰাই কুনালে ইফালে সিফালে চালে। ৰহা পাওঁতেই বৰষুণ আৰম্ভ হয়। বৰষুণৰ মাজেদি্য়েই গাড়ী চলাই মৰিগাঁও পাইছেহিআৰু গাড়ী চলাব নোৱাৰি। বৰষুণ এৰালৈ ৰ’ব লাগিব। পিয়াহো লাগিছে। বটলৰ পানী কেতিয়াবাই শেষ হ‘ল। মূৰটো টিং টিং কৰিছে। চাহ একাপ খাবলৈ মন গৈছে। বাঁওফালে বিজুলীৰ পোহৰত দেখিলে মৰিগাঁও কলেজৰ চাইনব’ৰ্ড। সোঁফালে এঘৰ মানুহৰ ঘৰত ক্ষীণ পোহৰ দেখি কুনালৰ মনটো ভাল লাগি গ‘ল। গাড়ীৰ পৰা নামি প্ৰায় দৌৰি যোৱাদি গৈ মানুহ ঘৰৰ বাৰাণ্ডা পাই কুনালে দুৱাৰত টোকৰ মাৰিলে। এগৰাকী মহিলাই দুৱাৰ খুলি দিলে।

-‘কাক বিচাৰিছে?’

-‘পানী এগিলাছৰ বাবে অলপ আমনি কৰিলোঁ। বৰ পিয়াহ লাগিছে। মই কুনাল। কুনাল ফুকন। গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশ।

মহিলাগৰাকীয়ে কুনালক ভিতৰলৈ মাতি নি ড্ৰয়িং ৰুমত বহিবলৈ দিলে। ভিতৰৰপৰা পানী এগিলাছ আনি কুনালক দিলে।

-‘মই আচলতে যোৰহাটৰ পৰা আহি আছোঁ। কাহিলী পুৱাতে যাত্ৰা আৰম্ভ কৰি এতিয়াহে মৰিগাওঁ পাইছোহি। চাৰিওফালে বানপানী। ৰাস্তাৰ দুয়োফালে মানুহে আশ্ৰ্য় লৈছে। মানুহৰ অৱস্থা দেখি দুখ লাগে। ৰহাত গম পালোঁ নেলীৰ ওচৰত হাইৱেৰ ওপৰত পানী। ৰাস্তা বন্ধ। সেয়ে মৰিগাঁও হৈ গুৱাহাটীলৈ।

***

অচিনাকি মহিলাগৰাকীয়ে কুনালৰ মুখলৈ ভেবা লাগি চাই আছিল। তাৰ কথাবোৰ তেওঁৰ মূৰত সোমোৱা নাছিল।

কি হ’ল? আপুনি দেখোন মোৰ মুখলৈ চাই আছে?

আপোনাক ক’ৰবাত লগ পাইছোঁ। মনত পেলাব পৰা নাই ক’ত লগ পাইছিলোঁ।

কুনালে মহিলাগৰাকীৰ মুখলৈ ভালদৰে চালে। বৰ ধুনীয়া। কঁপালত এটা সৰু ফোঁট। ওঁঠৰ তলত সোঁফালে এটা তিল। পৰীৰ ওঁঠৰ তলতো এটা তিল আছে। এইজনী দেখোন পৰী!

-‘পৰী, মোক চিনি পোৱা নাই? মই কুনাল, জালুকবাৰীৰ কুনাল।’

কুনালৰ কথা শেষ হ’বলৈকে নাপালে। পৰীয়ে কুনালক সাৱটি ধৰি ক’লে– ‘ইমান দিন ক‘ত আছিলা ? মোলৈ এবাৰো মনত পৰা নাছিলনে? তুমি কিন্তু বৰ শকত হ’লা। অ’ ৰ’বা, ভাতৰ ব্যৱস্থা কৰোঁগৈ। তোমাৰ চাগৈ ভোক লাগিছে।’ কুনালক একো ক’বলৈ সুবিধা নিদি পৰী ভিতৰ পালেগৈ ।

***

ৰাতি পুৱাবলৈ বহু বাকী। অকণমান শুই দিয়া, গাটো ভাল লাগিব’, বিছনাখন ঠিক কৰি পৰীয়ে ক’লে।

কুনালৰ ভাগৰ লাগিছিল। যোৰহাটৰ পৰা গাড়ী চলাই আহিছে। কিন্তু কোঠাত এখনেই বিছ্না। পৰী ক’ত শুব! মুখ ফুটাই ক’লে– ‘তুমি ক‘ত শুবা?’

তোমাৰ লগত একেলগে একেখন বিছ্নাতে শুম’পৰীয়ে ক্লাছ নাইনৰ পৰীজনীৰ দৰে খিলখিলাই হাঁহি উত্তৰ দিলে। কুনালেও হাঁহিলে।

বাৰ বছৰ মান আগৰ কথা। পৰীৰ দেউতাক জালুকবাৰীত থকা ফৰেষ্ট স্কুলৰ ডিৰেক্টৰ আছিল। কুনালহঁত ফৰেষ্ট স্কুলৰ সমুখতে নিজা ঘৰত আছিল পৰী তেতিয়া নৱম শ্ৰেনীৰ ছাত্ৰী ফ্ৰ্ক পিন্ধা এজনী ধুনীয়া ছোৱালী কুনাল দশম মানৰ ছাত্ৰ দুয়োঘৰৰ মাজত অহা্যোৱা চলি থাকে

এদিনাখনৰ কথা দেওবাৰ। পুৱা ৯ মান বজাত দু্যো ওচৰতে থকা লংকেশ্বৰ থানলৈ গৈছিল। এছটা বহল শিলৰ ওপৰত বহি দু্য়ো লুইতৰ অনুপম সৌন্দৰ্য চাই আপোন পাহৰা হৈ আছিল। এনেদৰে কিমান সময় পাৰ হৈছিল গমকে নাপালে। হঠাৎ পৰী পিছলি পৰিল। তাইক ধৰিবলৈ যাওঁতে কুনাল তাইৰ গাৰ ওপৰত পৰিল। পৰীৰ গাৰ উত্তাপে তাক পাগল কৰি তুলিলে। পৰীয়ে নিজকে মুক্ত কৰি মাথোঁ কৈছিল– ‘ল’ৰাবোৰ ইমান গুণ্ডা!’

তাৰ পাছত পৰীহঁত উজনি অসমৰ ফালে গ’ল। কুনালহঁতো জালুকবাৰী এৰি বেলতলাত সজা নতুন ঘৰলৈ আহিল। পঢ়িবৰ বাবে কুনাল দিল্লী পালেগৈ। এল এল এম পাছ কৰি জুডিচিয়েল চাৰ্ভিচত সোমাল।

 

কাৰো টোপনি অহা নাই। কুনালৰ পৰীৰ সংসাৰ খনৰ বিষয়ে জানিবলৈ মন গ’ল। সুধিলে-‘পৰী, তোমাৰ ল’ৰাছোৱালী …’। পৰী কিছুসময় মনে মনে থকাৰ পাছত ক’লে– ‘এটা অমানুহৰ জন্ম দিবলৈ মই মানসিক ভাৱে সাজু নহওঁ। মোৰ স্বামী বৰ ধনী মানুহৰ একমাত্ৰ সন্তান। ঘোৰ মদপী। গাত মানবীয় গুণ একেবাৰেই নাই। তেওঁৰ আচল চৰিত্ৰ বিয়াৰ কিছু দিন পাছতহে গম পালোঁ। মানুহটোৰ লগত একেলগে থাকিবলৈ ভাল নালাগে। মৰিগাঁও কলেজত ইংৰাজীৰ সহ্কাৰী অধ্যাপিকাৰ চাকৰিটো পাই গুৱাহাটী এৰি মৰিগাঁও পালোঁহি। সৰু ঠাই যদিও ভাল লাগিছে।’

ধাৰাসাৰ বৰষুণ আৰু বিজুলীৰ চিকমিকনি। মাজে মাজে মেঘৰ গাজনি। হঠাৎ ঘৰৰ তেনেই কাষতে বজ্ৰ্পাত পৰাৰ শব্দত পৰীয়ে ভয়তে কুনালক সাৱটি ধৰিলে। কুনালেও পাহৰি গ’ল পৰী এজন বেলেগ মানুহৰ পত্নী।

ৰাতি পুৱাল। বৰষুণ আৰু নাইকুনালে লক্ষ্য কৰিলেপৰীৰ মুখত কিবা এক তৃপ্তিৰ আবেশ।

চাহ কাপ শেষ কৰিয়েই কুনাল যাবলৈ ওলাল। পৰীয়ে কুনালৰ হাত এখন তাইৰ বুকুৰ মাজলৈ টানি আনি ক’লে– ‘তুমি আৰু কেতিয়াও এইফালে নাহিবা।’

 

**************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments