মৰি যোৱাৰ আগতেই এবাৰ – জোনমণি দাস

(ধুনুলৈ)

মৰি যোৱাৰ আগতেই এবাৰ
লগ হওঁ আহা
যিমান চাপিব পাৰি সিমান ওচৰ চাপি
পানীপোতাত ৰৈ
চুই চাওঁ আহা
বৰষুণৰ দীঘল আঙুলিবোৰ…

মৰি যোৱাৰ আগতেই
আমি পাহৰি যাওঁ আহা নীলা ৰাতিবোৰ,
ক্ষমা কৰি দিওঁ কৰি আহা ভুলবোৰক,
আৰু আঙুলি বুলাই
মলম লগাই দিওঁ
কোনোদিনে নুশুকুৱা ঘাঁবোৰত।

মৰি যোৱাৰ আগতেই
এবাৰ লগ হওঁ আহা
বেদনাবোৰ গিলাছত বটোৱাৰা কৰি
ৰৈ যোৱা কথাবোৰ পাতোঁ
অকণমান নিৰলে উচুপোঁ…

সুৰাত সুৰ নাই বুলি নক’বা
সুৰাই সহিবলৈ শিকায় শোকৰ খুন্দন।
আহা, মৰাৰ আগতেই আমি
এটা সুৰ সুৰ হৈ উঠোঁ।

মৰাৰ পিচত সকলো শূন্য
স্মৃতিচাৰণো ফাঁকিবাজী কাৰবাৰ।
কাৰো স্মৃতিত কোনো
চিৰদিন জীয়াই নাথাকে।■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক