মৰীচিকা খেদি হাহাকাৰ কৰোঁ আমি ( দীপশিখা বড়া বৰদলৈ )

marichika khedi hahakar karu1

যাওঁ বুলিয়েই গুচি গ’ল মানুহজন৷ আশাহত হৈ, হতাশ হৈ৷ কিয় আধৰুৱা হ’ল জীৱন৷ এয়া জানো যোৱাৰ সময় আছিল৷ আছিল জানো সকলো শেষ হোৱাৰ সময়৷ চাওঁতে চাওঁতেই চকুৰ আগতেই নিঃশেষ হ’ল সময়৷ পাহৰোঁ বুলিলেই জানো পাহৰিব পাৰি৷ হৃদয়ৰ কোনটো কোণত পেণ্ডুলাম হৈ ওলমি থাকে পুৰণি আকাশখন নাজানো৷ মনে মনে খেপিয়াই চাওঁ লিৰিকি-বিদাৰি৷ এলান্ধুৰে পুত খাই থকা পুৰণি এলবাম এটা চোৱা যেন লাগে৷ কিছুমান উৱলি যোৱা চিনাকি-অচিনাকি মুখ৷ মোৰ শেঁতা, নিস্তেজ হাতখন লৰাব নোৱাৰোঁ৷ বিষটো বৰ বেছি হৈছে৷ ইহঁত ল’ৰা-ছোৱালীকেইটাও বিদেশত৷ আহোঁ বুলিলেই আহিব নোৱাৰে৷ আজুৰি আনিবও নোৱাৰোঁ৷ মৰি়চিকা বিচাৰি চোন নিজেই দেখুৱাইছিলোঁ সিহঁতহালক অযুত সপোন৷ ডাঙৰ চাকৰি, বিদেশ৷ শিকোৱা ন’হল আবেগ,অনুভৱ৷ আবেগতকৈ দিলোঁ ব্যৱহাৰিক জ্ঞান৷ হাৰিবলৈ নিশিকালোঁ কোনোকালে৷ সিহঁতেও কোৱা মতেই শিকিলে৷ জিকি গ’ল জীৱন যুদ্ধত৷ এখেত আঁতৰি যোৱাৰ পাছত মই পৰি ৰ’লোঁ ঠাইতে, আগৰ ঠাইতে৷ নিশিকোৱাৰ বাবেই হয়তো সিহঁতে নুবুজে মোৰ বুকুৰ যান্ত্ৰণা, কাতৰতা৷ দোষ দিম কাক? নিজে অনুতাপ কৰাৰ বাহিৰে উপায়বিহীন মই৷ ল’ৰা-ছোৱালীহালক যান্ত্ৰিকতাৰ আদিপাঠ শিকাবলৈ এসময়ত মোৰ প্ৰচেষ্টাই জানো সৰ্বাধিক নাছিল৷

: ইহঁতহালক তুমি কিন্তু বৰ কষ্ট দিছাদেই! পৰীক্ষা আমিবোৰেও দিয়া নাছিলোঁ জানো! কিন্তু উশাহ সলাবলৈও সময় নোহোৱাটো হোৱা নাছিল৷ ৰিজাল্টো ভালেই কৰিছিলোঁ৷
তেখেতে সিহঁতৰ সন্মুখতে তেনেদৰে কোৱা শুনি মই ভয় খাইছিলোঁ, কিজানিবা সিহঁতৰ মন সলনি হয়৷ বৰ কষ্টৰে গঢ় দিছিলোঁ দুয়োটাকে৷ সিহঁতৰ বাবেই ফুৰা-চকা সকলোবোৰ বাদ দিছিলোঁ৷ টোপনি খতি কৰি সিহঁতক পঢ়াৰ সময়ত লগ দিছিলোঁ৷ গাঁৱৰ ঘৰ, বতাহ, পথাৰ সকলো পাহৰিছিলোঁ৷ দুয়োটাকে গাঁৱৰ ঘৰখনৰ পৰা যিমান পাৰোঁ আঁতৰাই ৰাখিছিলোঁ৷ ভয় হৈছিল কিজানি গাঁৱৰ ঘৰৰ নপঢ়া-নুশুনা ককায়েককেইটাৰ পাল্লাত পৰি ইহঁত দুটাও উতনুৱা হয়৷ মই মাথোঁ বিচাৰিছিলোঁ মোৰ সন্তানকেইটিয়ে আকাশ চোৱক, উৰক৷ পঢ়ক, বিদেশলৈ যাওক, ডাঙৰ চাকৰি কৰক৷ এখেতৰ সৰু চাকৰিটোৱে যেন মোক আামুৱাইছিল৷ এসময়ত খুউব গৰ্ব হৈছিল সিহঁতৰ ৰিজাল্টবোৰত, অধিক সংখ্যাৰ নম্বৰবোৰত৷ মোক মোৰ যুদ্ধত কাহানিও হাৰিবলৈ নিদিলে সিহঁতে৷ সিহতঁ উৰিল , মস্ত মস্ত ইঞ্জিনিয়াৰ হৈ দুয়োটা বিদেশ পালেগৈ৷ চিনাকি প্ৰায় সকলোবোৰ মুখে মোক শুভেচ্ছাবাণীৰে উপচাই পেলালে৷ বহুতে হিংসাও কৰিলে৷ হিংসা কৰাসকলক চিঞৰি ক’বৰ মন গ’ল চোৱা সফল মাতৃ মই, জীৱন যুঁজত জয়ী মাতৃ মই৷ এবাৰ আমি দুয়োজন দুমাহমান থাকি বিদেশ ফুৰি আহিলোঁগৈ৷ সকলো ঠিকেই চলি আছিল, কিন্তু হঠাৎতে এদিন ৰাতিপুৱা বাথৰুমত গা ধুৱলৈ সোমাই এওঁ আৰু উলটি নাহিল৷ দুই তিনিদিনৰ আগৰে পৰা অলপ বেছিকৈয়ে আহুকাল দি থকা হাৰ্টৰ অসুখটো দেখুৱাবলৈ নাৰ্ছিংহোমলৈ যোৱাৰ কথা আছিল সিদিনা৷ পিছে নাৰ্ছিংহোমলৈ যোৱা আৰু ন’হল৷ সেইদিন ধৰি তেখেত ঘূৰি অহা নাই৷ কিমান দিন যে তেখেতক বিচাৰিলোঁ আকাশত, বতাহত৷ তেখেতক ক’ম ক’ম বুলিয়েই যে থাকি গ’ল অসংখ্য কথা৷ ল’ৰা-ছোৱালীহাল থাকিও নথকাৰ দৰে৷ হাজাৰটামান প্ৰশ্নলৈ জীয়াই আছোঁ৷

: আইতা, ঔষধটো লওক, এই গিলাচপানী৷

চুপহিৰ মাতত উচপ খাই উঠিলোঁ৷ চুপহি মোৰ হিয়াৰ আপোন৷ কণমানি ছোৱালী৷ কেতিয়াবা দিনৰ দিনটো তাই মোৰ লগতেই থাকে৷ মোৰ খোৱা-বোৱা, ঔষধ-পাতিৰ হিচাপ তাইৰ মুখৰ আগত৷
: কি আইতা কি ভাৱি আছিলা? আজিকালি বৰ ভাবি থাকা তুমি৷ মই যে অথনিতে আহিলোঁ তোমাৰ খবৰেই নাই৷
তাই মুখখন ওন্দোলাই কাষতে বহিল৷ বাইজনীয়ে ভাতৰ কাঁহীখন দি গ’লহি৷

: নহয়অ’ আইজনী মই তোৰ কথাই ভাবি আছিলোঁ৷ ভাবিছোঁ তোৰ কাৰণে দৰা এটা এতিয়া ক’তবা পাওঁ!
: ইছ হয়নে আইতা? তুমি অত পৰে তাকে ভাবি আছিলা হ’ব পায়৷ মই জানো নহয়, তুমি দাদা, বাৰ কথা ভাবি আছিলা নহয়৷দাদা আৰু বাক বৰ মিচ কৰা ন’ তুমি?

বৰ মৰম লাগিল তাইলৈ৷ উত্তৰ দিয়াৰ প্ৰয়োজনবোধন কৰিলোঁ৷ বুকুখন গধুৰ হৈ আহিল৷ মানুহজনে এৰি যোৱাৰ দিন ধৰি বৰ অকলশৰীয়া হৈ পৰিলোঁ৷ অকলশৰীয়া পাই বেমাৰবোৰেও হেঁচা মাৰি ধৰিলে৷ সিহঁতে এবাৰ অলপ দিনৰ বাবে বিদেশলৈ লৈ যোৱাৰ কথা কৈছিল৷ পিছে বিদেশিনী বোৱাৰী, বিদেশী জোৱাঁইৰ লগত কিনো কৰিমগৈ বুলি নগ’লোঁ, তাতে আকৌ অচিনাকি ঠাই৷ আগৰ উৎসাহ, উদ্দীপনাবোৰ এতিয়া নাই৷ আগতে শুভেচ্ছা জনোৱা মানুহমখাই এতিয়া দেখিলে আকৌ ই্চই্চ কৰে, পুতৌ কৰে৷ মোৰ পাছফালে আনৰ আগত মোৰ দুখৰ কাহিনী কয়৷ বিদেশলৈ গৈ ল’ৰাই মাকক পাহৰিলে বুলি তিতকাৰি মাৰে৷নুশুনাৰ ভাও জুৰি শুনি থাকোঁ৷ ল’ৰাই বিদেশৰ নামী ইঞ্জিনীয়াৰিং কলেজত চাকৰি কৰে৷আহোঁ বুলিলেও পাৰ্চপৰ্ট, ভিছাৰ অসংখ্য জঞ্জাল৷ তাতে তাৰ কত’ কষ্টৰ ফল৷ চাকৰিটো জানো এৰি আহিব পাৰে৷ এবাৰ এখেতে কৈছিল ভাৰততে চাকৰি কৰাৰ কথা , মইহে ক’লোঁ, ইমান কষ্টৰে এনেই পঢ়ালোঁ নে ল’ৰাক? এতিয়া পোৱা চাকৰিটো এৰি দিব৷ এইখন চহৰত আৰু কাৰ ঘৰৰ ল’ৰা বিদেশত থাকেহে? তাতে আকৌ মোৰ ল’ৰা বিদেশৰ কলেজৰ প্ৰফেচৰ৷

বৰ গৌৰৱ কৰিছিলোঁ, অহংকাৰ কৰিছিলোঁ৷গৌৰৱ কৰিবৰ কথাও আছিল৷ পিছে লাহে লাহে হতাশ হৈ আহিলোঁ৷ মৰীচিকা খেদি হাহাকাৰ কৰিলোঁ৷ এতিয়া চিনিছোঁ মৰীচিকা, যোৱাৰ পৰত৷ বুজিছোঁ সংসাৰৰ মায়া, অসাৰতা৷ এতিয়া উভতিবৰ সময় নাই৷ অলসভাৱে পৰি আছোঁ বিচনাখনত যোৱা এবছৰে , গাৰ এফাল লৰচৰ কৰিব নোৱাৰি৷ বাকী থকা সিটো ফালৰো যোৱা দুদিনমানৰ পৰা প্ৰচণ্ড বিষ এটা অনুভৱ কৰিছোঁ৷ মাতবোৰো অস্পষ্ট হৈছে৷ কাম কৰা বাঈজনীয়েই ৰন্ধা-বঢ়া কৰে, ঘৰৰ চাফ-চিকুণৰ পৰা সমস্ত কাম কৰে৷ মোৰ বাবে সিহঁতে ঘৰৰ ওচৰৰে নাৰ্চ এজনী ঠিক কৰি দিছে৷ মোৰ চোৱা-চিতা, ঔষধ-পাতিৰ যোগাৰৰ দায়িত্ব তাইৰ৷ তায়ো আদৰেৰে কৰে কামবোৰ৷ এয়াই মোৰ বৰ্তমানৰ পৰিয়াল৷

আৰু “চুপহি”! চুপহি মোৰ নাতিনীৰ নাম, মইয়েই দিয়া নাম৷ তাই বিদেশতে থাকে৷ ভঙা ভঙা অসমীয়াৰে চুপহিয়ে বৰ মৰমেৰে মাতে ‘আইতা’ ৷ ল’ৰাটোৱে ফোন কৰে দিনে দুবাৰকৈ, নাৰ্চজনীয়েই ফোনটো লগাই দিয়ে কাণত৷ কেতিয়াবা নাৰ্চজনীকো ফোনটো লগাই কোৱা শুনো আজিকালি মাজে মাজে বোলে মই ভ্ৰমো বকোঁ৷ তাইকে হেনো চুপহি জ্ঞান কৰোঁ৷

                                        ———————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments