মৰীচিকা (ভাস্কৰজ্যোতি দাস)

দুৰ্গাপূজা বুলি দুবছৰৰ মূৰত ঘৰলৈ অহা সময়ছোৱাত কুমাৰাস্বামী লে’আউটৰ অট’ৰিক্সাত উঠাৰ পৰা ৱাই.পি.আৰ এক্সপ্ৰেছেৰে আহি শিমলুগুৰিত নমালৈকে ৰাজে ঘূৰাই পকাই একেবোৰ কথাকেই চিন্তা কৰি কৰি আহি থাকিল। কথাটো চিন্তা কৰিবলগীয়া নোহোৱাও নহয়। কঁকালৰ সমান বাইচেপ এটা বনালেও ৰাজৰ বয়স এতিয়া ৩৩ বছৰমানেই হ’ল। বাংগালোৰত থকা তাৰ একালৰ ৰূমমেট তেজপুৰৰ ৰকে ইমানকৈ বুজোৱাৰ পাচতো যেন সি সহজ হ’ব পৰা নাই। স্বাধীন মনৰ মানুহ ৰাজক পৰাধীনতাৰ শিকলি পিন্ধাবলৈ মাকেও এইবাৰ ডেডলাইন দিছে। “এইবাৰ দুৰ্গাপূজাতে যদি ফাইনেল নকৰ, চাবি কিন্তু” উস্। জীৱনৰ সুৰটো ৰকে বজোৱা ষ্ট্ৰিং চিগা গিটাৰৰ দৰে লাগিল ৰাজৰ।

ৰাজৰক্তিম পানীফুকন। কিবা যেন নিজৰ নামটোও বেয়া পোৱা হৈছে সি। আজিকালি ঘৰলৈ আহিলে য’তেই চিনাকি কোনোবা মানুহে লগ পায় তাতেই সোধে-“ৰাজ, কিবা নতুন গৰমা-গৰম খবৰ আছে নেকি?” গৰমা-গৰম খবৰ মানে? এই মানুহবোৰৰ কাম নাই আৰু। পাণবেচাত থকা আইতাকৰ ঘৰলৈ আজি প্ৰায় আঠবছৰমানেই যোৱা নাই ৰাজ। শেষবাৰ যাওতে চেনেহী আইতাই যিষাৰহে ক’লে-“ঐ সেইটো মালাৰ পুতেক নহয়নে ? বোপাই ঐ, বিলাতখনতযে আছগৈ অকলে অকলে হালধিকণ ঘঁহি লোৱা নাই কেলে? মাৰাই ইয়ালৈ আহিলেই চকুপানীৰে সাগৰ বোৱায়হি” নাই নাই। এইবোৰ আৰু শুনি শুনি ৰাজৰ অসহ্য লগা হৈছে। সেয়ে এইবাৰ সি মনটো বান্ধিয়েই আহিছে যে এইবাৰ কিবা এটা চয়-নিচয় কৰিবই। মাকে কোৱাৰ মতে যদি হাঁহচৰাৰ ছোৱালীজনী তাৰ মনপচণ্ডৰ হয় তেন্তে এইবাৰ সকলো সাং কৰিহে যাব সি। কোম্পানীৰ চাকৰি। চৰকাৰীৰ দৰে চুটী নাপায় যদিও এইবাৰ কিছুদিনৰ ছুটী মিলাই আহিছে সি। শিমলুগুৰিৰ পৰা বতাহে হু-হুৱাই যোৱা বাছখনত আহি থাকোতে মাজতে হাঁহচৰা গাঁওখন পায়। হাঁহচৰা পায়েই ৰাজৰ মনটো অলপ সলনি হোৱা যেন হ’ল। হাঁহচৰা হাইস্কুলৰ ফিল্ডখন দেখি তাৰ আগতে ক্ৰিকেট খেলা দিনবোৰো মনত পৰি গ’ল। সকলো ঠিকেই থাকিলে এই গাওঁখনেই হ’ব তাৰ শহুৰৰ গাঁও। ৰিক্সাৰে নামি ঘৰ সোমোৱাৰ পাচত মাকে সদায় জনোৱাৰ দৰে চকুপানী আৰু এটা চুমাৰে তাক স্বাগতম জনালে। বহুদিনৰ মুৰত ঘৰৰ ভাতসাজৰ জুতিৰ লগতে কথাবোৰ চলি থাকিল। মাকে ক’লে-“ছোৱালীজনী এম.এ. পাচ কৰি জুনিয়’ৰ কলেজ এখনতে কাম কৰি আছে। মাহীয়েৰে ছোৱালীজনীৰ দেউতাকৰ লগত কথা পাতিছেই আৰু তই পূজাৰ মাজতে এদিন যাবি বুলি কৈছে। মাহীয়েৰৰ মতে বৰ গুণী ছোৱালী। দেখাই শুনাই ভালেই। তই কেতিয়া যাম বুলি ভাবিছ?”
ৰাজে বিহজলকীয়াৰ টুকুৰাটো ভাতখিনিত খচি থকাৰ পৰাই উত্তৰ দিলে- “স্কুটাৰখন কি হৈ আছে চাই লম কালিলৈ। যদি ঠিকেই আছে তেন্তে কালিলৈ পাক এটা মাৰি আহিম” এইবাৰ মাকৰ প্ৰশ্ন-“অকলে যাবি নে ?” ৰাজে ভাত খোৱাৰ পৰাই উত্তৰ দিলে-“লগৰ কাৰোবাক নি মৰিলেহে হ’ব। এনেইটো কল্যাণ, কাবিদ, নয়নহঁতে কামুৰিয়েই থাকে। আজিকালি সান্নিধ্যইও সিহঁতৰ লগ দিছে। আগতে মই নিজে চাই লওঁ ৰ। তাৰ পাচত পচণ্ড হ’লে সিহঁতক ক’ম আৰু লাগিলে পিচত নি দেখুৱাই আহিম। পিচদিনা ৰাতিপুৱা শুই উঠি সি স্কুটাৰখনৰ ফালে গ’ল। চাৰি পাঁচটামান কিকৰ পাচতে ষ্টাৰ্ট হৈ গ’ল তাৰ বসন্তীখন। গা পা ধুই সি যাবলৈ সাজু হ’ল। মাকে আহি মিঠাইৰ টোপোলা এটা তাৰ হাতত তুলি দি ক’লে-“ৰাজ, লাহে লাহে যাবি। অ’.এন.জি.চি.ৰ গাড়ীবোৰ আজিকালি বৰ বলিয়াৰ দৰে যায়”।

লাহতি পেট্ৰল পাম্পত পেট্ৰল অলপমান ভৰাই ৰাজ আগবাঢ়িল তাৰ গন্তব্যস্থান হাঁহচৰাৰ দিশে।

00000

সি চেৰেকাপাৰ পাইছিলগৈহে এনেতে এজাক বৰষুণে তাক আধাআধি বুৰাই পেলালে। ৰাজে ভাবিলে-হ’ল আৰু আজি ছোৱালী চোৱা। বৰষুণ এৰাৰ অপেক্ষাত ৰৈ থকা গেলামালৰ দোকানখনৰ পৰা সি স্কুটাৰৰ আগৰ বাস্কেটটোলৈ চালে। কেৰিবেগটো ঠিকেই আছে। মিঠাইখিনি নষ্ট ন’হ’লেই হ’ল। বৰষুণজাক এৰাৰ পাচত সি পুনৰ আগবাঢ়িল আৰু এপৰত হাঁহচৰা পালেগৈ আৰু মাকে কোৱাৰ দৰে ৰেলক্ৰচিংটো পাৰ হৈ পাথৰদিয়া ৰাষ্টাৰে মথাউৰিৰ ফালে বাট ল’লে।
আজিৰ বৰষুণজাকে মথাউৰিৰ অৱস্থা তথৈবচ কৰি গ’ল। তাতে মথাউৰিৰ লিকবোৰত দিয়া নতুন মাটিবোৰ গলি বোকা হৈ বৰ পিচল হৈ আছে। স্কুটাৰৰ চকাদুটাও টপা। ছেহ্। বৰ সমস্যা হ’ল। হ’লেও হাতত সাৰে ভৰিত সাৰে আগবাঢ়িল ৰাজৰ স্কুটাৰ। ৰাজৰ অৱস্থা দেখি স্কুললৈ গৈ থকা ছোৱালী কেইজনীমানে তাৰ ফালে চাই ফিচিঙা ফিচিংকৈ হাঁহিলে। ৰাজৰ সেইফালে মন দিয়াৰ প্ৰয়োজন নাই। মুঠতে “প্ৰভু, যেনেতেনে পোৱাই দিয়া” জাতীয় প্ৰাৰ্থনা এটা মনৰ ভিতৰতে আঁওৰাই সি আগবাঢ়িল। মথাউৰিৰ পৰা নামি ঠিক উপপথটোলৈ বুলি স্কুটাৰখন ঘূৰাওঁতেই তাৰ বসন্তীৰ পিচচকাটো পিচলি তাতে স্কুটাৰেৰে সৈতে সি বোকাতে পৰিল। ইচ্। শেষ শেষ। সকলো শেষ। কি যে দুৰৱস্থা। আধাআধি বোকাৰে লুটুৰি-পুটুৰি হ’ল। মিঠাইৰ টোপোলাটোৰ ফালে সি মন কৰিলে। সেইটোৰো তাৰ দৰেই অৱস্থা। যেনেতেনে স্কুটাৰখন তুলি পথটোৰে আগবাঢ়োতে কাষতে জনস্বাস্থ্য বিভাগৰ চাৰ্ভিচ টিউবৱেল এটা দেখি সি স্বাস্তিৰ নিস্বাস পেলালে। তাতে পানীৰে বোকাবোৰ আতৰাওঁতে সি তিতিবুৰি শেষ হ’ল। উপপথটোৰে আগবাঢ়ি গৈ থাকোতে সি মনতে ভাবি গ’ল –“কিখননো হৈছে আজি! বাৰু যি হ’ল হ’ল আৰু তাৰতো কোনো দোষ নাই। ভাবী শহুৰৰ ঘৰ যেতিয়া সুবিধা কিছু কৰি ল’ব পৰা যাব” সি চৰকাৰকো অলপ গালি পাৰিলে মনে মনে-“এই চি এম টো জাপানলৈ নগৈ আমাৰ বেঙ্গল’ৰৰ ফালে যোৱাহে ভাল আছিল। কম চে কম অলপ কিবা শিকি আহিব পাৰিলেহেঁতেন, ৰাষ্টাঘাট কাক কয় অন্ততঃ সেইটো বুজি আহিলেহেতেন। ৰকে লিখা “কলৈ আখ্যান”ৰ লগতে জাপানৰ কথা মনলৈ আহোতেই সি জোতাযোৰ চাই দেখিলে যে সেইযোৰ তিতি শেষ। তিতিলেও কি হ’ল ভাবী শহুৰৰ ঘৰত “তাই”ক দেখাৰ লগে লগে সেইবোৰ এনেয়ে পাহৰি যাব। মাহীয়েকে ইমান ভিতৰুৱা ঠাইত ছোৱালী বিচাৰিছে যেতিয়া ছোৱালী ভালেই হ’ব। ইতিমধ্যে বৰষুণো এৰিলে আৰু বেলিৰ পোহৰে চৌদিশ জিলিকাই তুলিলে। ৰাজকাপুৰৰ “প্যাৰ হুৱা ইকৰাৰ হুৱা হে…..” গীতটো ৰাজে মনৰ ভিতৰতে গুনগুনালে।

00000

কিছুদুৰ যোৱাৰ পাচতে সি কেইটামান কঠালগুটিক পইছা-পইছা খেলি থকা দেখিলে। লগতে দুটামান ১৫-১৬ বছৰীয়া। মনতে ভাবিলে-“পয়ছানো খেলিব লাগেনে। আমাৰ গাওবোৰ সেইকাৰণেই উন্নত হোৱা নাই। লক্ষীমাতাক বাৰু এনেকুৱা চাল বাকলি নোহোৱা ৰাস্তাৰ ওপৰত দলিয়াই নেকি? কি যে হ’ব আৰু দেশখনৰ” ভাবী শহুৰৰ ঘৰৰ ল’কেশ্যনটো ক’ত হ’ব তাৰে উমান ল’বলৈ ৰাজে সিহঁতকেইটাক সুধিলে–“ হেৰি নহয়, এই জয়গুৰাম শইকীয়াৰ ঘৰটো কোনফালে?” উত্তৰত এটা প্ৰশ্নই উভটি আহিল -কোন জয়গুৰামক লাগে? ইয়াত চাৰিজন জয়গুৰাম শইকীয়া আছে। ৰাজে উত্তৰ দিলে-ৱাটাৰ ৰিচ’ৰ্চতযে এচ.এ. কৰে সেইজন। “অ’ সেইজন, গাওঁখনৰ শেষৰ ঘৰটো তেওঁৰেই। আগলৈ গৈ থাকক। পাই যাব। ৰাজ লাহে লাহে আগবাঢ়িল। মনত এটা সংশয় জন্ম হ’ল। পোন ৰাস্তাটোৰ সোঁৱে বাৱে থকা ঘৰবোৰ এপৰত শেষ হৈ এখন পথাৰৰ মাজেৰে ৰাষ্টাটো যোৱা দেখি ৰাজে স্কুটাৰখন তাতে ৰখালে। তাৰমানে গাঁওখন তাতে শেষ। কাষেৰে মানুহ এজন পাৰ হৈ যোৱা দেখি ৰাজে সুধিলে-“জয়গুৰাম শইকীয়াৰ ঘৰ কোনটো ?” মানুহজনে আঙুলি টোৱাই ঘৰটো দেখুৱাই সুধিলে-টাউনৰ পৰা আহিছে যেন পাওঁ। ৰাজে হয় বুলি কৈ মানুহজনে দেখুৱাই দিয়া ঘৰটোৰ ফালে নিজৰ স্কুটাৰখন ঘুৰালে। আসাম টাইপৰ ঘৰ। মেইনটেনেন্স নথকা ঘৰটোত প্লাষ্টাৰো কৰা নাই। ঘৰটোৰ সমুখত তিনিটামান কঠালগুটিয়ে এনেয়ে কিবাকিবি কৰি আছে। বয়স ৫-১০ বছৰৰ ভিতৰৰে হ’ব। তাৰে এটাক ৰাজে সুধিলে-“ঘৰত কোন আছে?” নীলা, দীঘল আঠুৰ তললৈকে পৰা চাৰ্টটোৰ জেপটোৰে নাকৰ শেঙুনখিনি মচি তাৰে মাজৰে এটাই উত্তৰ দিলে-“বাই আছে” আন এটাই প্ৰশ্ন কৰিলে-আপোনাক কাক লাগে ? ৰাজে উত্তৰত প্ৰশ্ন এটাকে সুধিলে-“জয়গুৰাম শইকীয়া ঘৰত আছেনে?” উত্তৰটো সকলোতকৈ ডাঙৰটোৰ পৰা আহিল-“দেতা নাই। পথাৰলৈ গৈছে জেওৰা বাতিবলৈ। আহি পাবহি এতিয়া। আপুনি ভিতৰতে বহক” ৰাজে ঢেৰ কিবাকিবি ভাবিলে-মানুহনো বাৰু এনেকৈ থাকেনে ! মাহীয়েযে কি ঘৰৰ ছোৱালী চাইছে….ইত্যাদি ইত্যাদি। বাৰু হ’ব। ছোৱালীজনী ভাল হ’লেই হ’ল। ক’তনো ইয়ালৈ সদায় আহিব সি। দুবছৰ-তিনিবছৰৰ মুৰত হয়টো এদিন। মিঠাইৰ টোপোলাটো লৈ সি ভিতৰলৈ সোমাই গ’ল। তেতিয়ালৈ কঠালগুটিয়া কেইটা ৰাজৰ স্কুটাৰৰ ওপৰত। ভিতৰত গৈ বেতৰ চকীখনত বহি সমুখৰ কেলেণ্ডাৰখনত চকু পৰিল। ছুটীৰ চাৰিদিন গ’লেই। ভিতৰৰ পৰা কোমল মাত এটা ভাঁহি আহিল-“কোন আহিছে ?” মাতটো শুনি তাৰ নিজকে কোমজেলেকুৱাৰ দৰে লাগিল। উত্তৰত ৰাজে কোমল মাতেৰে ক’লে-“মই মানে বাঙ্গালোৰৰ পৰা আহিছো, জয়গুৰাম শইকীয়াক লগ কৰিবলগা আছিল। উত্তৰটো ছোৱালীজনীয়ে যিটো সুৰত দিলে তাৰ পৰা ৰাজে এটা কথা বুজি পালে যে মাক-দেউতাকে হয়টো “তাই”ক কথাটো কোৱা নাই। তাতে চাৰপ্ৰাইজদ্ ভিজিত। ৰাজৰ মনটো ভাল লাগি গ’ল। খেঙুননকা তেতিয়ালৈ সি বহি থকা বেতৰ চকীখনত তাৰ এটা আঁঠু তুলি থৈছেহি। ইমান চিকচিকিয়া হৈ ওলাই অহা ৰাজৰ লগত আজি যিবোৰ ঘটনা ঘটিছে সেইখিনিয়েই পাইছেগৈ তাতে আকৌ এই খেঙুননকাটো। উস্। সেইটোৰ পৰা বাচিবলৈ “তাই”ৰ হাতত তুলি দিম বুলি অনা মিঠাইৰ টোপোলাটো ৰাজে খেঙুননকাৰ ফালে আগবঢ়াই দি ভিতৰলৈ লৈ যাবলৈ ইংগিত দিলে। সেইটো কাষেদি পাৰ হৈ যাওতে ৰাজে যিটো গোন্ধ পালে তাৰ বমি আহো যেন হ’ল। কি দুৰ্গন্ধ! এই খেঙুননকাৰ গা ধোৱাৰ অভ্যাসেই নাই চাগে। খেঙুননকা ভিতৰলৈ গৈ কিবাকিবি ঘটং-মতং কৰি কিছুপৰৰ পাচত ওলাই আহি আকৌ ৰাজ বহি থকা বেতৰ চকিখনতে ফিক্স হ’লহি। এইবাৰত বাঁওহাতত এটা নাৰিকলৰ কলি আৰু সোঁহাতত সি অনা মিঠাইৰে দুটা। তাৰ হাতখনলৈ ৰাজে মন কৰিলে। নখবোৰৰ ফাঁকত শেলাই মাটি সোমাই আছে। ৰাজে নিজৰ ভিতৰৰ সিটো ৰাজক ক’লে মানে শান্তনা দিলে –বেতা, আজি অন্ততঃ……”।
এনেতে কাৰেন্ট গ’ল। ভিতৰৰ পৰা “তাই” মাত দিলে- “আপুনি ভিতৰত আন্ধাৰ পাব। বাহিৰৰ চকীখনতে বহক” মাতটোৱে কিবা এটা যাদু কৰিলে। এইবাৰ আলপ আগতে মনলৈ অহা ৰাজকাপুৰৰ গীতটোৰ চিন্‌টো তাৰ মনলৈ আহিল। মন্ত্ৰমুগ্ধ জীৱৰ দৰে সি বাহিৰৰ বাৰান্ডাত থকা চকীখনৰ ফালে আগবাঢ়িল। পিচে পেচে খেঙুননকাও ওলাই আহিল। কাঠৰ চকীখনত সি বহিবলৈ পালে কি নাপালে খেঙুননকাই আকৌ চকীখনৰ কাষত ফিক্স হৈ গ’ল। প্ৰথমবাৰৰ বাবে ৰাজে তাৰপৰা এষাৰ মাত শুনিলে-“ঐ, তোৰ চোলাৰ জেপত সেইটো কি ঔ ? কলম নেকি?” ৰাজে নিজৰ পে’নটোৰ ফালে চালে আৰু খঙত কৈ দিলে- “যি হয় হওক, তোক কেলে?” এইবাৰ খেঙুননকাই তাক সুধিলে-“ঐ, মোৰ হাতত ঘঈ এটা আঁকি দেছোন। সিহঁত আটাইকেইটাৰে আছে। মোৰহে নাই। আঁকি দে না ?” ৰাজৰ চিঞৰি দিবলৈ মন গ’ল।
এনেতে চাইকেল এখন লৈ মানুহ এজন সেমাই আহিল। ৰাজৰ ফালে চাই হাঁহি এটা মাৰি মানুহজনে সুধিলে-“কাক বিচাৰিছে?” ৰাজে উত্তৰ দিলে-“আপোনাক বিচাৰিয়েই আহিছো। মই কাথপাৰাৰ মীনা বৰাৰ ভাগিন ৰাজৰক্তিম পানীফুকন। মানুহজনে যেন একো বুজি পোৱা নাই। তেওঁ পুতেকৰ ফালে চাই গালি এটা দি তাক তাৰপৰা খেদি আকৌ সুধিলে-“কোন মীনা বৰা ? মইটো চিনি পোৱা নাই।” ৰাজে ক’লে- ৰত্নেশ্বৰ মহা মানে ২নং কাথপাৰাৰ ৰত্নেশ্বৰ বৰাৰ পত্নী। মানুহজনে ক’লে-” তেনে মানুহতো মোৰ চিনি পোৱা যেন মনত পৰা নাই। আপোনাক কিন্তু মই চিনি নাপালোঁ দেই। বাৰু কওকচোন কি সকামত আহিল ?” ৰাজৰ মনত অলপ সন্দেহ জাগিল। “আপুনি বাৰু ৱাটাৰ ৰিচ’ৰ্চ ডিপাৰ্টমেন্টৰ এচ.এ. জয়গুৰাম শইকীয়া নহয় জানো?”- ৰাজৰ পোনপতীয়া প্ৰশ্ন। মানুহজনে উত্তৰ দিলে- “তাকেইতো, মই ঠিকেই ধৰিছিলোঁ। বহুলোকৰে এই ভুলটো হয়। মই হাঁহচৰা হাইস্কুলৰ পিয়নহে। আপুনি বিচৰাজনৰ ঘৰ সৌটো” মানুহজনে আঙুলিটো পথাৰৰ সিমুৰৰ ঘৰ এটালৈ টোঁৱালে আৰু কৈ গ’ল – আচলতে এই পথাৰখনযে দেখিছে সেইখন তেওঁলোকৰে। ময়ো তেওলোকৰ ঘৰৰ পৰাই আহিছোঁ। আপুনিও কথাটো গম পায় খবৰ কৰিবলৈকে আহিছে যেন পাঁও। ৰাজে আচৰিত হৈ সুধিলে-“কি খবৰ ?” মানুহজনে উত্তৰত যিষাৰ ক’লে সেয়া শুনি ৰাজৰ চুলিৰ আগে জীউ গ’ল। “তেওঁলোকৰ একমাত্ৰ ছোৱালীজনী টাউনৰ কলেজ এখনতে কাম কৰিছিল নহয়। কালি লগতে কাম কৰা মুছলিম ল’ৰা এটাৰ লগত পলাল” ৰাজে চৌদিশে ধোৱা-কোৱা দেখিলে। কি হৈছে এইবোৰ? মুখেৰে একো মাত নিদি সি স্কুটাৰখন ষ্টাৰ্ট দিলে আৰু অহা ৰাস্তাৰেই ওভতিল। পিচফালৰ পৰা মানুহজনে চিঞৰিলে-“হেৰি, সেইফালে নহয়। আপুনি ওলোটা দিশত গৈ আছে। ৰাজে গোটেই ৰাস্তাটো এটা কথাই চিন্তা কৰি কৰি আহি থাকিল –“ সি মাকক কি ক’ব আৰু ভাৱকোৱৰ নাথ বা মিষ্টাৰ এণ্ড মিচেচ ৰকক ?” এপৰত সি ঘৰ পালেহি।

00000

সি স্কুটাৰখন ৰখাৰ লগে লগে মাকে আহি তাক সুধিলে-“তোৰ ফ’নটো নট্ ৰিচ্চেব্‌ল্ হৈ আছিল যে। মাহীয়েৰে ফ’ন কৰিছিল। মোক কি ক’লে জান ? তোৰ কাৰণে ঠিক কৰা ছোৱালীজনী বোলে কালি বেলেগ ল’ৰা এটাৰ লগত পলাল। তাকে জনাবলৈ তোক ফ’ন কৰিছিলোঁ। তই আকৌ গৈছিলি নেকি? মানে ছোৱালীজনীৰ ঘৰলৈ? আৰু তোৰ পিঠিত এইবোৰ বোকা যে। ক’ৰ’বাত পৰিলি নেকি” ৰাজে বীৰৰ দৰে উত্তৰ দিলে-“নাই নাই। মই চেৰেকাপাৰতে তিতি বুৰি জুৰুলা হ’লোঁ। কেনেকৈ যাও ? বৰষুণহে যি। ৰাতিপুৱা তই কোৱাৰ দৰে অ’.এন.জি.চি.ৰ গাড়ীবোৰৰ যি হে স্পীড বাঢ়িছে। ভগাচিগা ৰাস্তাটোত গুটেই বোকাসোপা মৰি কাপোৰ কানি শেষ কৰি পেলালে দেখিলি। মিঠাইৰ টোপোলাটোৰ কথা ৰাজক মাকেও নুসুধিলে আৰু ৰাজেও একো নকলে। চিধাই বাথৰুমলৈ গৈ সি শ্চাৱাৰৰ তলত তাৰ দেহ-মন এৰি দিলে।

00000

গধুলি পূজা চাই উঠি আদ্দাটো সামৰাৰ আগতে হস্পিটেল ৰ’ডৰ ৰসৰাজ হোটেলত ৰাজে খালি চাহ একাপ খাওঁতে কল্যাণ আৰু সান্নিধ্যই তাক সচৰাচৰ কামোৰবোৰ দিলে। কিন্তু, আজি যেন সি একো নকব। কাইলৈ ৰাতিপুৱা লগ পাম বুলি কৈ সি সিহঁত দুটাক বিদায় দি নিজৰ ঘৰ পালেহি। ঘৰত মল্লিকাক দেখি আচৰিত হৈ সি সুধিলে – আৰে মল্লিকা তই ! কেতিয়া আহিলি? তোৰ প্ৰজেক্ট শেষ হ’বলৈ কিমানদিন আছে ? এইবাৰ মাকে উত্তৰ দিলে-“হেৰৌ বুৰ্বক, মল্লিকাৰ এম.ফিল শেষ হোৱা আজি এবছৰেই হ’ল। তোৰহে খবৰ নাই। তই আহিছ বুলি তোক লগ কৰিবলৈ আহিছে। লগতে তই ভাল পাৱ বুলি জানি তাই ৰন্ধা হাঁহৰ মাংসও অলপ লৈ আহিছে। মই তাইক ভাত খাই যাবলৈ কৈছো। তাইহে যাও যাও লগাই আছে। তয়েই ৰখা তাইক” ৰাজে তাইক ভাত খাবলৈ মান্তি কৰালে আৰু সকলোৱে মিলি জুলি ভাতসাজ খালে। লাইটৰ পোহৰত মল্লিকাৰ মুখখন জিলিকি উঠিল। ৰাজে চাই চাই ভাবিলে-“দিনবোৰ কেনেকৈ পাৰ হয়! সৌ কালি পৰহি সি ক্লাচ টেনত পঢ়ি থাকোতে তাইক ফুলেশ্বৰী স্কুলত ফাইভত নামভৰ্তি কৰি দিয়াৰ পাচৰ এসপ্তাহমানটো সিয়েই তাইক অনা-নিয়া কৰিছিল। স্কুলৰ পৰা ৰাজৰ চাইকেলৰ ওপৰত উঠোতে তাইৰ যে কি ষ্ফুৰ্তি লাগিছিল। আজি কিন্তু ইমান সৰুৰে পৰা পোৱা তথা কাষৰ ঘৰতে থকা মল্লিকাক ৰাজে অলপ লাজকুৰীয়া হোৱাহে দেখিলে।
ৰাতি শুবলৈ যাওতে মাকে কাষৰ ৰুমটোৰ পৰায়েই সুধিলে-“ৰাজ, মই কথা এটা ভাবিছোঁ।”
ৰাজে নিয়মমাফিক উত্তৰ দিলে- “কি?”
“নহয় মানে তই মল্লিকাক কেনে দেখ বাৰু”- মাকে আগ্ৰহেৰে প্ৰশ্নটো এৰিলে। ৰাজে এই প্ৰশ্নটোৰ ওভোটা উত্তৰ এটা দিলে- “শুই থাক”
মল্লিকাৰ ঘৰৰ ভাড়াঘৰত থকা উৰিয়া পৰিয়ালটোৰ ঘৰৰ পৰা জগন্নাথ বন্দনা এটা ভাঁহি আহিল আৰু ৰাজৰো টোপনি আহিল –
ত’ ইচ্ছাৰে জীৱন আৰম্ভ’
ত’ থাৰে চৰে আচিৰ্‌বাৰ্ড’
জগন্নাথ.. হে জগন্নাথ…
(ড: ভৱেন্দ্ৰনাথ শইকীয়া চাৰৰ “কক্ষ-ভ্ৰান্তি”ৰ ছাঁত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments