মৰ্ত্যৰ বতৰা – ড০ পংকজ গগৈ

বিশ্ব-ব্ৰহ্মাণ্ডৰ কোনো আদি নাই অন্তও নাই, অসীমলৈ বিস্তৃত ইয়াৰ সীমা আৰু দিনক দিনে ইয়াৰ পৰিধিৰ সম্প্ৰসাৰণহে ঘটিছে। ইয়াত থকা কোনোটো উপাদানেই স্থিৰ নহয়। প্ৰত্যেক গ্ৰহ, নক্ষত্ৰ, গ্ৰহাণু, উল্কা আৰু যত যি সকলোৱে প্ৰতি ঘণ্টাত কেইবা হাজাৰ অথবা লাখ কিল’মিটাৰ বেগেৰে নিৰন্তৰ গতি কৰিছে। এই সকলোবিলাক এক বিশেষ সূত্ৰৰ ভিত্তিত প্ৰতিষ্ঠিত আৰু পৰস্পৰে পৰস্পৰৰ লগত নিবিড় আত্মীয়তাৰে সংলগ্ন যে কাৰোৰে অকাল মৃত্যু ঘটা নাই বা কোনোটিয়ে অসীমত হেৰাই যোৱাৰ উপক্ৰম হোৱা নাই। সকলো উপাদানেই অবিৰাম গতিত এক সুস্থিৰ নিয়ন্ত্ৰণত নিজৰ নিত্য-নৈমিত্তিক কৰ্ম সূচাৰুৰূপে সমাধা কৰিছে। প্ৰভুৰ কিযে মহিমা, কেনে অপাৰ সৃষ্টি আৰু কল্পনাৰো অতীত গোপন ৰহস্য যিয়ে দিনক দিনে অধিক ৰহস্যহে ঘনীভূত কৰিছে, “নাৰায়ণ নাৰায়ণ”, দেৱৰ্ষি নাৰদে কল্পনা কৰিলে। সেই বিশ্ব-ব্ৰহ্মাণ্ডৰে অংশবিশেষ হাতীপটি নামৰ এখনি সৰু তাৰকাৰাজ্যত সূৰ্য্য নামৰ এটি উজ্জ্বল তৰা বৰ্তি আছে আৰু শক্তি-সামৰ্থৰ পোহৰেৰে নিজৰ পৰিয়াল এটা সুন্দৰকৈ পৰিচালনা কৰিছে। মন্দাকিনী নামেৰেও খ্যাত এই ৰাজ্যখনত সূৰ্য্যৰ পৰিয়ালৰ নীলা ৰঙৰ মধ্যমীয়া আকাৰৰ গ্ৰহটোৰ প্ৰতি প্ৰভুৰ কিয় জানো ইমান দৰদ ওপজিল; অতি আলফুলেৰে সুনিপুণ হাতেৰে ইয়াৰ এটা এটা অংশ গঢ় দিলে আৰু আটোম-টোকাৰীকৈ সজাই প্ৰাণৰ সঞ্চাৰ কৰিলে; ইয়ো এক অবুজ সাঁথৰ হৈ ৰ’ল।

কথাবোৰ ভাবি গুণি মনতে বিশ্লেষণ কৰি দেৱৰ্ষি প্ৰভুৰ ওচৰ পালেগৈ, “নাৰায়ণ নাৰায়ণ, প্ৰভুলৈ সশ্ৰদ্ধ প্ৰণাম।” অন্তৰ্যামী প্ৰভুৱে ইতিমধ্যে নাৰদৰ অভিপ্ৰায় বুজি উঠিছিল, তেখেতক কোনো কথাৰ অৱতাৰণাৰ সুযোগ নিদি প্ৰভুয়ে ক’লে, “দেৱৰ্ষি, ব’লা আজি মৰ্ত্যলৈ যাওঁ, তোমাৰ লগত আলাপ কৰাও হ’ব লগতে মৰ্ত্যৰ বতৰাও পোৱা যাব।” প্ৰভুৰ ইচ্ছা ভক্তৰ বাবে পৰম আজ্ঞাস্বৰূপ, নিমিষতে দুয়ো আহি মৰ্ত্যত উপস্থিত হ’ল, দুয়ো দুজন সাধাৰণ দিন হাজিৰা কৰা বনুৱাৰ ৰূপ ধাৰণ কৰিলে। প্ৰভুৰ বস্ত্ৰ বুলিবলৈ কঁকালত এটা টাপলি মৰা হাফ পেণ্ট, গাত ময়লাৰে ভৰা নামত বগা গেঞ্জী আৰু ডিঙিত ওলমাই থোৱা ক’লা পৰা গামোচাখন। তেখেতক এনে ৰূপত দেখি দেৱৰ্ষিৰ নাড়ী-ভুঁৰু চিঙি হাঁহি ওলাবলৈ ধৰিছিল, কোনোমতে হাঁহি সম্বৰণ কৰিলে। অন্তৰ্যামী প্ৰভুৱে সকলো বুজি পালে, অৱশ্যে দেৱৰ্ষিৰ পোছাকৰ অৱস্থা তাতোতকৈ তথৈৱচ। যি কি নহও, ব্যস্ত সমাগমত দুজনকৈ নতুন ব্যক্তিৰ আৱিৰ্ভাৱ কোনেও তৰ্কিবই নোৱাৰিলে, আচলতে কাৰো সময়ে নাছিল নিৰীক্ষণ কৰাৰ। মাথোঁ পদপথৰ কোণত জৰাগ্ৰস্ত অৱস্থাত মানসিক বিকাৰগ্ৰস্ত বুলি এলাগী হৈ পৰি ৰোৱা এজনৰহে কথাটো অসহজবোধ হ’ল, গোপনে কাৰো অলক্ষিতে।

ৰাজপথেৰে দুয়ো নগৰমুৱা হৈ খোজ লবলৈ আৰম্ভ কৰিছিলহে এখন আধুনিক যন্ত্ৰ পাতিৰে সু-সজ্জিত মটৰচাইকেল অতৰ্কিতে চোঁ-চোৱাই তেওঁলোকৰ ওচৰ পালেহি। দেৱৰ্ষিৰ জীউ উৰি যোৱাৰ উপক্ৰম, মৰিলো ঐ বুলি চকু ডাঙৰ কৰি প্ৰভুৰ কঁকালত গবা মাৰি ধৰিলে, “নাৰায়ণ নাৰায়ণ”, প্ৰভুৰ ওঁঠৰ কোণত এটা অৰ্থব্যঞ্জক হাঁহি বিৰিঙিল। দেৱৰ্ষিৰ লাজতে কাণ মূৰ ৰঙা হোৱাৰ অৱস্থা। মটৰচাইকেলত বহি যোৱা উতনুৱা ল’ৰা দুজনে “ঐ চকুৱে দেখা নাপাৱ নেকি” বুলি দুটামান অশ্লীল গালি গালাজ পাৰি আঁতৰি গ’ল; প্ৰভুৰ সন্মুখতে আকৌ এবাৰ লজ্জাজনক পৰিস্থিতি। নাৰদৰ অৱস্থা দেখি প্ৰভুৰ পুতৌ ওপজিল।

প্ৰভু- ঘটনাটো ইমান গুৰত্বসহককাৰে নল’বা, এয়া আৰম্ভণিহে মাথোঁ, ইয়াতকৈও আশ্চৰ্যজনক দৃশ্য আৰু জটিল পৰিস্থিতি দেখিবলৈ বহু বাকী আছে।

দেৱৰ্ষি- নাৰায়ণ নাৰায়ণ, বিস্ময়াভিভূত চাৱনিৰে প্ৰভুলৈ চাই ক’লে, মৰ্ত্যৰ পৰিৱেশ আৰু আগৰ দৰে হৈ থকা নাই প্ৰভু।

প্ৰভু- তোমাৰ কথাটো একেবাৰে মিছা নহয়, দেখিছানে সকলোতে কেৱল প্ৰতিযোগিতামূলক মনোভাৱ, সকলোকে কেৱল আগবাঢ়ি যাব লাগে। আগতে প্ৰতিযোগিতা আছিল নিজক প্ৰতিষ্ঠা অথবা প্ৰতিপন্ন কৰাৰ, নিজেই নিজৰ প্ৰথম প্ৰতিদ্বন্দ্বী আছিল আৰু প্ৰতিযোগিতা চলিছিল সামাজিক প্ৰমূল্যবোধৰ চেতনাৰে। কিন্তু বৰ্তমানৰ বিলাকত যেন নৈতিকতা নাই, আনতকৈ আগুৱাই যোৱাৰ মানসিকতা কিন্তু ক’লৈ যাব কোনেও নাজানে! পাছলৈ ঘূৰি চাবলৈ কাৰো সদিচ্ছা নাই, ফলত অতীতৰ মান-মৰ্যাদা আৰ ঐতিহ্য পাহৰি যায়।
দেৱৰ্ষিয়ে মূৰ দুপিয়ালে। কথাৰ পাকত ইতিমধ্যে তেওঁলোকে বহুদূৰ অতিক্ৰম কৰিলে। নগৰৰ ভিতৰৰ এঠাইত মানুহৰ ভিৰ দেখা পায় কি হৈছে চাবলৈ বুলি প্ৰভুৱে দেৱৰ্ষিক লগ ধৰিলে। এজন ব্যক্তিৰ আন দুজনমানৰ সৈতে প্ৰবল বাক-বিতণ্ডা চলিছে। কাৰণটো আচলতে সাধাৰণ বহিবলৈ থোৱা চকী এখনক লৈ, পিছে ঘটনাই ক্ৰমাৎ বেলেগ ৰূপ ধাৰণ কৰিছেগৈ। সমবেত ৰাইজেও উত্তেজিত হৈ অধীৰ অপেক্ষাৰে বাট চাই আছে কিবা এটা হ’ব, হ’ব….। ঠিক ভবাৰ দৰে ঘটনাত হিংস্ৰতাই ঠাই পালেগৈ, অকলশৰীয়া লোকজনক বাকীকেইজনে চোকা অস্ত্ৰৰে আঘাত হানিবলৈ ধৰিলে, উহ: কেনে বীভৎস দৃশ্য, কেনে পাশৱিক, দেৱৰ্ষিৰ মূৰ আচন্দ্ৰাই কৰিলে।

দেৱৰ্ষি- প্ৰভু, কেনে নাভূত নাশ্ৰুত কথা, ইমান সৰু বিষয় এটা এনে পৰ্যায় পাব বুলি কল্পনাই কৰিব পৰা নাছিলো। কিয় এনে হৈছে বাৰু?

প্ৰভু- দেৱৰ্ষি তুমি কলি যুগৰ বিধান পাহৰিছা চাগে? এই যুগত মানুহৰ ধৈৰ্য আৰু সহ্যৰ মাত্ৰা দিনক দিনে কমি যাব, সহিষ্ণুতা আৰু উদাৰতাৰ ঠাইত হিংসা, কপটতা আৰু হিংস্ৰতাই প্ৰাধান্য পাব।

দেৱৰ্ষি- একেবাৰে সঁচা কলে প্ৰভু, পিছে বাকী মানুহবোৰে কিয় বা মৌন হৈ থাকিল, কিয় এনে এটা চৰম পৰ্যায় পাবলৈ দিলে?

প্ৰভু- ইয়াৰ কাৰণ কেইবাটাও থাকিব পাৰে, প্ৰথম কথা মানুহৰ যান্ত্ৰিকতা; মানুহৰ মনবিলাক, চিন্তাবোৰ কিছুমান নিৰ্দিষ্ট বিষয়বস্তুয়েহে যেন পৰিচালিত কৰিবলৈ লৈছে, পৰিয়ালকেন্দ্ৰিক স্বাৰ্থপৰতা, ৰাজনৈতিক লাভালাভ, লোভ মোহ ইত্যাদি উৎকৃষ্ট উদাহৰণ। দ্বিতীয়তে অত্যধিক ব্যস্ততা, চাপ, শাসক-শোষক, শোষণ-তোষণ, নিৰাপত্তাৰ চিন্তাৰ ফলত সকলোৰে মনত এক অজান আশংকাই থিতাপিছে যিয়ে সকলো সময়তে ঋণাত্মকভাৱে ক্ৰিয়া কৰি থাকে। ফলস্বৰূপে মনুষ্যৰ উচিত-অনুচিত, ন্যায়-অন্যায় বিচাৰ কৰাৰ ক্ষমতা লোপ পাইছে। তৃতীয়তে, এই সকলোবোৰ কাৰণ একত্ৰিত হৈ মানসিক প্ৰশান্তিৰ বাবে প্ৰয়োজনীয় অৱসৰ বিনোদনৰ প্ৰয়োজনীয়তা পাহৰাই উত্তেজনা প্ৰদান কৰা এনে মাধ্যমসমূহক মনোৰঞ্জনৰ আহিলা সজাইছে।

দেৱৰ্ষিয়ে কথাবিলাক যেন বিশ্বাস কৰিবলৈ টান পাইছে। মনৰ কথা বুজি পায় প্ৰভুৱে আকৌ আৰম্ভ কৰিলে,
প্ৰভু- ঘটনাৰ সময়ত কেইবাজনো মনুষ্যই ভিডিঅ’ বনাই কাৰোবালৈ পঠাই থকা মন কৰিছিলানে দেৱৰ্ষি?
দেৱৰ্ষি- হয় প্ৰভু, কাজিয়া নিষ্পত্তি কৰাৰ পৰিৱৰ্তে সেই জঘন্য কাণ্ডটোৰ ভিডিঅ’ বেলেগক দি এনে আসুৰিক তৃপ্তি লোৱাৰ অৰ্থ কি? সঁচা ক’বলৈ গ’লে সকলো দিশত মই অন্ধকাৰহে দেখা পাইছো।

প্ৰভু- আচলতে এই মোবাইল নামৰ যন্ত্ৰটোৱে বৰ আপদ আনিলে হে, তাতে ভূতৰ ওপৰত দানহ পৰাদি ফ’ৰ জি ইণ্টাৰনেট। ইহঁত লগলাগি মনুষ্য জাতিটোক একেবাৰে অলস কৰি পেলালে, একোৰে প্ৰতি ৰাগ-জাল নোহোৱা হ’ল, কোনো এটা বিষয় দ কৈ ভাবিব নোৱাৰা হ’ল। সকলো বয়স নিৰ্বিশেষে সকলোকে সকলো ধৰণৰ বিষয়বস্তু অনুসন্ধানৰ সুবিধা কৰি বিপথে পৰিচালনা কৰাত প্ৰভুত বৰঙনি যোগালে। চাবাচোন তোমাৰ মোৰ এই অনুভৱবোৰ প্ৰকাশ কৰাৰ নামত এদিন এজনে মোবাইল পিটিকি কিমান সময় কটাব।

প্ৰভুৰ এইকেইশাৰী কথাই দেৱৰ্ষিক বৰ ৰস দিলে। এনেয়ো তেওঁৰ মোবাইল নামৰ যন্ত্ৰটোৰ প্ৰতি অদ্ভুত কৌতূহল জন্মিছিল।

দেৱৰ্ষি- প্ৰভু, আপুনি সকলো জানিও এই অপকাৰী যন্ত্ৰটোৰ কিবা এটা ব্যৱস্থা নকৰে কিয়?

প্ৰভু- কথাটো আচলতে অলপ বেলেগ ধৰণৰ, যন্ত্ৰটোৰ ব্যৱহাৰ অতি লাভজনক আৰু প্ৰয়োজনীয় হয়। কিন্তু এতিয়াৰ অৱস্থাটো চায় অযোগ্যজনৰ হাতত ব্ৰহ্মাস্ত্ৰ পৰাৰ দৰে পৰিস্থিতি হৈছে, অশ্বথামাৰ কাহিনীটো মনত আছেনে?

দেৱৰ্ষিয়ে হয়ভৰ দিলে। প্ৰভুৰ মহিমা অপাৰ, তেওঁৰ মন পঢ়াটো দুৰ্বোধ্য সাঁথৰ। একো উৱাদিহ নাপাই তেওঁ প্ৰভুৰ পাছে পাছে ঘূৰি ফুৰিল। অনেক দৃশ্য, ক্ৰিয়া কৰ্ম তেওঁলোকৰ দৃষ্টিগোচৰ হ’ল; বহুতত জীৱন সংগ্ৰামৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈছে, বহুখিনি হৃদয় বিদাৰক আৰু কিছু সংখ্যক শুভবাৰ্তাবাহী। হঠাৎ ব্যস্ত ৰাজপথত সকলো যান-যঁত স্থবিৰ হ’ল, বগা পোছাকত থকা পেটুৱা দাৰোগা কেইজনে গাড়ীবিলাক ক্ষিপ্ৰতাৰে দীঘলীয়া পৰিপাটি শাৰীত থিয় কৰালে। ক্ষন্তেক পাছতে এলানি দেখিবলৈ অতি মনোমোহা অত্যাধুনিক গাড়ী পাৰ হৈ গ’ল, বোলে ৰজা আৰু ৰজাঘৰীয়া আছিল। কিছু সময়ৰ পাছত ৰাজপথত আকৌ সেই আগৰ ব্যস্ততা। দেৱৰ্ষিয়ে পৰীক্ষা কৰাৰ মানসেৰে প্ৰভুলৈ প্ৰশ্নবান এৰিলে।

দেৱৰ্ষি- তেতিয়াৰ ৰজা আৰু এতিয়াৰ ৰজাৰ মাজত আকাশ পাতাল পাৰ্থক্য, নহয়নে প্ৰভু?

প্ৰভু- আক্ষৰিক অৰ্থত চাবলৈ গ’লে পাৰ্থক্য কেৱল পৌৰাণিক আৰু আধুনিকতাৰ, পোছাক পৰিচ্ছদৰ, কিন্তু কাৎচিতহে ভাৱধাৰাৰ। বাস্তৱিকতে সেই একে দাম্ভিকতা, জাক-জমকতা, উচ্চ-নীচ চিন্তাধাৰা, একেই শোষণ একেই তোষণ। তেতিয়াও সুশাসকৰ আশাত প্ৰজায়ে বছৰ যুগ কত’ সপোন পুহিছিল এতিয়াও সুশাসনৰ অভাৱ; জনতাৰ আশাবোৰৰ লগত হেতালি খেলা অদম্য পাষাণ শিল।

দেৱৰ্ষিয়ে হুমুনিয়াহ কাঢ়িলে, বহুদিন বহুদূৰ বাটকুৰি বোৱাৰ পাছত এইবাৰ তেওঁৰ আকৌ আচৰিত হোৱাৰ পাল, বিস্ময়ৰ যেন অন্ত নাই। মানুহবিলাকে কিবা জুলীয়া দ্ৰব্য এবিধেৰে অনবৰতে হাত পৰিষ্কাৰ কৰি থাকে, সকলোৰে মুখমণ্ডলত শংকাৰ চিন ফুটি উঠিছে। কভিড-১৯ বোলা সূক্ষ্ম ভাইৰাছ এটাই মনুষ্যৰ দৰ্প চূৰ্ণ কৰি শিৰণত কৰিবলৈ বাধ্য কৰিছে। কাষত থকা আত্মীয়জনৰ ওপৰতো যেন সন্দেহৰ দৃষ্টি নিবদ্ধ। আটাইতকৈ চকুত লগা বিষয়টো হ’ল সকলোৱে নাক আৰু মুখ ধকাকৈ মুখা আকৃতিৰ কিবা পৰিধান কৰি আছে। আশ্চৰ্য্য ধৰি ৰাখিব নোৱাৰি দেৱৰ্ষিয়ে প্ৰভুক সুধিয়েই পেলালে-
দেৱৰ্ষি- প্ৰভু, আকৌ এয়া আপুনি কেনে মায়াৰ জাল তৰিলে, এইবিলাকৰ আচল তাৎপৰ্য্য কি?
মিচিকিয়া হাঁহি এটা মাৰি প্ৰভুৱে নাৰদলৈ চালে,
প্ৰভু- যুগ-যুগান্তৰৰ পৰা মানুহৰ হাতবোৰ মলিন হৈ পৰিছে। ধৰ্মীয় গোড়ামী, ৰাজনৈতিক লাভালাভ, ক্ষমতালোভী আৰু সুবিধাবাদীৰ প্ৰৰোচনাত ভাতৃঘাতী সংঘৰ্ষত তেজেৰে হাতবোৰ লুতুৰি-পুতুৰি, প্ৰকৃতি তথা ইয়াৰ অন্যান্য উপাদানসমূহৰ ওপৰত চলোৱা আতিশয্যৰ পাপেৰে হাতৰপৰা দুৰ্গন্ধ নিগৰিছে। হাতবোৰ পৰিষ্কাৰ কৰা কিমান যে জটিল হৈ উঠিছে। মনৰ ভিতৰত পাপ আৰু চেতনাৰ অন্তৰ্দ্বন্দ্বই অন্তৰাত্মা শংকাৰে উপচাই বিশ্বাসবিলাকক অৰ্থহীন কৰি তুলিছে। প্ৰকৃতিয়ে নিজৰ আটাইতকৈ সক্ষম সন্তানটিৰ কাৰ্যকলাপত অতিষ্ঠ হৈ যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে, হাতবোৰ আকৌ এবাৰ ভালকৈ পৰিষ্কাৰ কৰিবলৈ সকীয়াই দিছে, যদিও লেতেৰা হাতবিলাক ইমান সহজে চাফা নহয়।

দেৱৰ্ষি- কিন্তু মুখা কিহৰ সংকেত!
প্ৰভু- মুকলি আকাশৰ তলত থাকি আৰু অৰ্নগল কথা কৈ ভাল পোৱা মানুহবোৰৰ আজি শ্বাসৰুদ্ধ আৰু বাকৰুদ্ধ। নিজেই কলুষিত কৰা পৰিৱেশে বিয়পোৱা বিষবাষ্পই উশাহবিলাক কষ্টকৰ কৰি তুলিছে; সমাজ ব্যৱস্থা, ৰাজনৈতিক ভাৱধাৰাত আমূল পৰিৱৰ্তন, শাসকৰ ভাওত শোষকে উৎপন্ন কৰা চাপে সকলোকে মৌন হ’বলৈ বাধ্য কৰিছে। চিন্তা ভাৱনা, ইচ্ছা আকাংক্ষা আৰু ক্ষোভবোৰ নিজৰ ভিতৰতে জ্বলি পুৰি দগ্ধ হৈছে।
মোৰ মনটো এটা পৰিঘটনাই খু-দোৱনি লগাই আছে জানানে? মন কৰিছিলো, দুজন অন্তৰআত্মীয় লোক মুখা-মুখি হ’লে ভাল বেয়া খবৰ লোৱাৰ বাদে আৱেগ অনুভূতি, মৰম আব্দাৰ প্ৰকাশ কৰাক কোনো প্ৰশয় নিদিয়ে। পিছে সেই একে ব্যক্তি দুজনে কিন্তু যোজন মাইল দূৰৰপৰা মোবাইলত ঘণ্টা ঘণ্টা সময় সুখ দুখৰ আৱেগভৰা আলোচনা ব্যক্ত কৰে। মনুষ্য জাতিটোক বুজা অতি জটিল বুজিছা আৰু ভৱিষ্যত বাণী কৰাটো একেবাৰে অমূলক। কভিড-১৯ ইমান ভয়ানক কিয় হৈছে জানানে?

দেৱৰ্ষি- নাজানো প্ৰভু। কিয়?
প্ৰভু- কিয়নো তাৰ বৈশিষ্ট্যসমূহ সহজে বুজা নাযায় আৰু সঘনাই সলনি হ’ব পাৰে আৰু তাৰ ফলস্বৰূপে তাহাঁতৰ স্বভাৱ বুজি পোৱাটো অত্যন্ত জটিল।

দেৱৰ্ষি- সেয়া বাৰু বুজি পালোঁ, পিছে মনুষ্যৰ প্ৰসংগত ইয়াৰ তাৎপৰ্যহে নুবুজিলো প্ৰভু।
প্ৰভু- তুমি একেবাৰে অবোধ হৈ আছা দেৱৰ্ষি, কভিড-১৯য়ে বৈশিষ্ট্য সলনি কৰাৰ ক্ষমতা থাকিলেও ইয়াৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰকাৰ আৰু বৈশিষ্ট্যৰ ভিন্নতা তেনেই নগণ্য। কিন্তু মনুষ্যৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিভেদে আচৰণবিধি বেলেগ বেলেগ আৰু এই আচৰণ মুহূৰ্তে মুহূৰ্তে সলনি হ’ব পাৰে। গতিকে মনুষ্যই ভাইৰাছৰ প্ৰকৃতি ল’বলৈ হ’লে জীৱকুল তথা এই ধুনীয়া গ্ৰহটোৰ পতন ধুৰূপ।

দেৱৰ্ষি- প্ৰভু এইটো দেখোন অতি চিন্তনীয় বিষয়! তেন্তে মনুষ্যৰ পতন অনিবাৰ্য নেকি?
প্ৰভু- তোমাৰ চিন্তা অমূলক নহয়। ধুনীয়াকৈ গঢ় দিয়া পৃথিৱীত মনুষ্য জাতিয়ে সমগ্ৰ জীৱকুলক নিয়ন্ত্ৰণত ৰাখি নিজ মন মগজুৰে এক অনন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল। যদিও এই প্ৰয়াস ব্যৰ্থ পৰিণতি হোৱাৰ সম্ভাৱনাই দেখা দিছে তথাপিও মোৰ দৃঢ় বিশ্বাস ইয়াক সফল ৰূপায়ণ কৰাৰ সামৰ্থ্য কেৱল মনুষ্য জাতিৰহে আছে। অন্যথা ধ্বংসৰ পাতনি মেলি নতুন পৃথিৱীৰ সূচনা কৰাৰ উত্তৰাদায়িত্বও মনুষ্যই ল’ব লাগিব।

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰূপম
11 months ago

অতন্ত্য চিন্তনীয় বিষয়ৰ অতি সুন্দৰ ভাৱানুবাদ… তথা সময়োপযোগী লিখনি..প্ৰকৃতিৰ ওপৰত মনুষ্য জাতিৰ নাৰকীয় অত্যাচাৰত বিতুষ্ট হৈ মনুষ্য জাতিক দিয়া এটি শিক্ষা হ’ল কোভিড – ১৯। মানৱ জাতিয়ে নিজে কৰা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো নিজেই উলিয়াব লাগিব। ধন্যবাদ পংকজ দা। আগলৈও এনেকুৱা ভিন্নস্বাদ দি যাব বুলি আশা ৰাখিলোঁ দেই।

Rupam
11 months ago

অতন্ত্য চিন্তনীয় বিষয়ৰ অতি সুন্দৰ ভাৱানুবাদ… তথা সময়োপযোগী লিখনি..প্ৰকৃতিৰ ওপৰত মনুষ্য জাতিৰ নাৰকীয় অত্যাচাৰত বিতুষ্ট হৈ মনুষ্য জাতিক দিয়া এটি শিক্ষা হ’ল কোভিড – ১৯। মানৱ জাতিয়ে নিজে কৰা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো নিজেই উলিয়াব লাগিব। ধন্যবাদ পংকজ দা। আগলৈও এনেকুৱা ভিন্নস্বাদ দি যাব বুলি আশা ৰাখিলোঁ দেই।

Dipankar
11 months ago

Pohi val lagile sir

Anonymous
10 months ago

সুন্দৰ।।।। ককাইদেউ।।।

Anonymous
10 months ago

সুন্দৰ ,, ককাইদেউ।।।