ম‍ই বাৰু কুশলে আছোনে সখী?(- মনোজমন কলিতা)

 

মোক আৰু নাঙঠ নকৰিবা সখী,
কাইলৈ একেবাৰে যামগৈ বাৰু,
অন্ততঃ আজিটোত মোক পিন্ধিবলৈ দিয়া,
সুখৰ ৰঙীণ আৱৰণ।
সেমেকা সেই নিশাবোৰ গভীৰ হোৱাৰ দিনা
একা-বেকা ছাঁয়াবোৰে মোক গিলি পেলালে জানা!
ইমান অন্ধকাৰ ইহঁত!
গান এটা শুনো বুলি যেতিয়া সুঁহুৰিয়াব খোজোঁ,
দেখিলো মুখখনচোন ক’ৰবাত এৰি আহিলো!
হৃদয়খন চেঁপি তোমাক মাতোঁ বুলি ভাবোঁ,
দেখিলো হাতখনো নাই!
উচুপিবও নোৱাৰোঁ,
অন্তৰখন জানো ক’ত থাকি আহিল!
এআঙুল বহল চুমা এটা যে আঁকি দিছিলোঁ,
মনত আছেনে?
তুমিয়েইচোন কাঢ়ি থৈছিলা মোৰ মুখখন!
জাঁজী নৈৰ পাৰত যে সাবটি ধৰিছিলোঁ তোমাক,
পাহৰিলা নেকি?
মোৰ হাতদুখন তোমাৰ আঁচলতেই ওলমি ৰ’ল!
যোৱাবাৰ তোমাক নেদেখা হোৱাৰ সময়ত
হৃদয়খনো বন্ধকত দিয়া মোৰ মনত পৰিছে!
তুমিচোন মোৰ পৰা মোকেই সামৰি থৈ দিলা!
ম‍ই বাৰু কুশলে আছোনে সখী?
এপদ এপদ কৈ খুলি খুলি
মোক আৰু নাঙঠ নকৰিবা সখী,
কাইলৈ একেবাৰেই যামগৈ বাৰু,
অন্ততঃ আজিটোত মোক পিন্ধিবলৈ দিয়া,
সুখৰ ৰঙীণ আৱৰণ।
 
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মিজু মরাং
8 years ago

বহুত ভাল লাগিল।