‘যখ’–ৰূপাঞ্জলী চেতিয়া

   পুৰণা খবৰ কাগজৰ টুকুৰা এটাৰে তামোল কেইখনমান বান্ধি লৈ পথাৰলৈ ওলাল পূৰ্ণিমা৷ আঘোণমহীয়া বেলিটোৱে আজি কুঁৱলীৰ ওৰণিৰ বান্ধোন মানিব বিচৰা নাই যেন৷ কুঁৱলীয়ে বাৰে বাৰে ঢাকে, বেলিয়ে বাৰে বাৰে ভুমুকিয়াই উঠে৷ যেনিবা শীতল যুঁজ এখনহে চলি আছে দুয়োৰে মাজত৷ বৌৱেকে কিছুমাহৰ আগলৈকে লৈ থকা সেন্দুৰৰ ফোঁটটোৰ দৰেই টিকটিকীয়া ৰঙা বেলিটোৱে ছঁটিওৱা ৰঙখিনিলৈ একেথৰে চাই ৰ’ল তাই৷ আহোঁ-নাহোঁকৈ তাইৰ জীৱনলৈ আহিব ধৰা সুখৰ ৰ’দ চেৰেঙাৰ ৰঙটোও বাৰু এনেকুৱাই নেকি?

আওলাৰ পৰা কাঁচিখন নমাব খুজিও ৰৈ গ’ল পূৰ্ণিমা৷ কিবা এটা ভাবিলে খন্তেকপৰ৷ তাৰপিছত ভিতৰলৈ গৈ ককায়েকৰ পুৰণি হাত দীঘল চাৰ্ট এটা পিন্ধি ল’লে৷ ৰ’দে পুৰি ছালখন ক’লা কৰাৰ চিন্তা তাইৰ কিছুদিনৰ আগলৈকে নাছিল৷ দেহাটোক ৰ’দ বৰষুণৰ পৰা বচাই চিকুণ কৰি ৰখাৰ হেঁপাহটো অইন বহুবোৰ হেঁপাহৰ লগতে মাক-বাপেক আৰু ককায়েকটোৰ চিতাৰ জুইৰ লগতে যেন পোৰা গৈছিল৷ কিন্তু কিছুদিনৰ পৰা নতুনকৈ এটা হেঁপাহে তাইৰ লগ দিছেহি৷ আৰু সেই হেঁপাহটোৱেই তাইৰ নিজৰ দেহাটোৰ প্ৰতি মনোযোগ বঢ়াই তুলিব ধৰিছে লাহে লাহে৷ তাইৰ ভাললগা-বেয়ালগা এই আটাইবোৰ নিয়ন্ত্ৰণ কৰি থকা সেই হেঁপাহটোক লৈয়ে যেন এতিয়া তাইৰ জীৱনৰ সকলো আৱাহন-বিসৰ্জন!

হাতৰ কাঁচিখনেৰে নৰা দুডালমান আঁজুৰি লৈ পথাৰৰ আলিটোতে বহুপৰ ৰৈ থাকিল পূৰ্ণিমা৷ এইখিনি ঠাই চেঁচুক বাবে ধানতকৈ কিনাৰে কিনাৰে গজি উঠা বনগছবোৰৰ চেহেৰাহে বেছি লোদোৰ-পোদোৰ৷ এই বেয়াবোৰ বাঢ়িবলৈ কিয় জানো ইমান কম সময় লাগে!? ভালবোৰচোন নাবাঢ়েহে নাবাঢ়ে!

“থাকক দে’৷ এইটো ডোবা পিছে পৰে দাই নিম৷ মুকলিখিনি শেষ কৰি লওঁ আগতে৷ বলেনে ধানখিনি কঢ়িয়াই দিম বুলিছে নহয় আজি, চপাই-মেলি দিব লাগিব৷” কেতিয়ানো বৌৱেক মাধৱী আহি পিছফালে ৰৈ আছিলহি গমেই নাপালে তাই৷ একো নামাতিলে পূৰ্ণিমাই৷ তেজ এসোঁতা ওপৰলৈ উজাই আহি গাল দুখনতে যেন থিতাপি ল’লেহি! বলেনৰ নাম শুনিলেই এনেকুৱা হয় তাইৰ আজিকালি৷ মূৰটো দূপিয়াই বৌৱেকৰ চকুৰ পৰা গালৰ ৰঙাখিনি লুকুৱাই পথাৰখনৰ আনটো মূৰলৈ বাট ল’লে তাই৷

“মাই অ’ মাই৷” স্কুলৰ পৰা আহি কিতাপখিনি বাৰাণ্ডাৰ পীৰাখনতে থৈ নয়নতৰা পথাৰৰ পিনলৈ দৌৰি গ’ল৷ কিবা মিটিং থকাৰ বাবে স্কুল এবেলাহে হ’ল আজি৷ ভালেই পালে তাই, নহ’লে যে লেচেৰি বুটলিবই নাপালেহেঁতেন৷ এতিয়া হেঁপাহ পলুৱাই লেচেৰি বুটলিব৷ আৰু শিলিখা বুটলিবলৈওতো যাব লাগিব! তাঁহাতৰ পথাৰৰ মূৰত থকা শিলিখাজোপাৰ সোৱাদেই বেলেগ৷ কাইলৈ তাই সেইজোপা গছৰ পাঁচটা শিলিখা দিলে বন্তিয়ে তাইক পেঞ্চিল এডাল দিম বুলি কৈ থৈছে আজি৷ উলাহত তাইৰ ভৰি মাটিত নপৰিবই যেনিবা! গোটে গোটে এডাল পেঞ্চিলৰ গৰাকী হোৱা কি উলা-মুলা কথা!?

“বাঁহনিডৰাৰ পিনলৈ নাযাবি৷ ভাল জেগা নহয়৷ দেখা নাই দিনতে কেনেকৈ এন্ধাৰ-মুধাৰখন হৈ থাকে৷” খৰাহি এটা লৈ লেচেৰি বুটলি ফুৰা নয়নতৰাক ধানৰ মুঠি এটা বান্ধি বান্ধি ক’লে মাক মাধৱীয়ে৷ “দিন-দূপৰতে কিবাকিবি ঘুৰি ফুৰে বুলিও কয়৷” পিছৰ কথাখিনি সৰু মাতেৰে ক’লে যদিও নয়নতৰাই সেইখিনিহে যেন বেছি ভালকৈ শুনা পালে৷

“কি কিবানো মাই? কি হ’বনো গ’লে?” দুদিনমানৰ আগেয়ে ‘মানুহ’ হোৱা ছোৱালীজনীৰ সকলো কথাতেই প্ৰশ্ন কৰাৰ অভ্যাস৷ কথাবোৰ বুদ্ধি-যুক্তিৰে চাব খোজে৷ ইয়াকে লৈ মাক আৰু পেহীয়েক মাজে মাজে বিপাঙত নপৰাও নহয়৷ দেউতাক নাইকিয়া ছোৱালী, কিবাকিবি ভয় দেখুৱাই বিপদ কিছুমানৰ পৰা তাইক বাৰণ কৰি ৰাখিব খুজিও নোৱাৰি৷

“যখ ঘূৰি ফুৰে অ’ই৷ দীঘল নখ, ক’লা-মলা মুখ, কুটুলা-কুটুলি চুলি৷ চকু দুটা টেলেকাকৈ থাকে৷ মানুহ দেখিলে এনেকৈ খেদি আহে৷” ধান দাই থকাৰ মাজতে পূৰ্ণিমাই খুলি পৰা খোপাটো বান্ধিব লৈও আধাবন্ধাকৈ এৰি দাঁতকেইটা নিকটাই, চকু টেলেকা কৰি দেখুৱালে৷ পেহীয়েকৰ ৰূপ দেখি খিল্‌খিলাই হাঁহি উঠিল নয়নতৰা৷

“ঐ, বলেন আহিছে৷ তোৰ এইটো ৰূপ দেখিলে ধানখিনি কঢ়িয়াই দিয়াৰ সলনি ভয় খাই দৌৰি পলাব৷” বৌৱেকৰ কথাত পূৰ্ণিমা যেন লাজত পমিহে যাব! খৰধৰকৈ খোপাটো বান্ধি গামোচাখনেৰে মূৰটো ঢাকি চাওঁ-নেচাওঁকৈ বলেনলৈ চালে৷ বিৰিয়াপাত লৈ দীঘল দীঘল খোজেৰে সি তাহাঁতৰ পিনলৈকে আহি আছে৷ বৌৱেকে আগতেই কৈ থৈছিল তাক ধানকেইভাৰ কঢ়িয়াই দিবলৈ৷

বাঁহনিডৰাৰ সিপাৰে বলেনহঁতৰ ধাননি সৌখন৷ বেঙা মেলিলেই দেখা পোৱা দুয়োখন পথাৰৰ মাজতে এজোপা শিলিখা৷ সীমাৰ চিন সেইজোপাই৷ অহাবছৰৰ পৰা পূৰ্ণিমা সৌখন পথাৰৰে দাৱনী হ’বগৈ৷ ভাৱটো মনলৈ অহাৰ লগে লগে তেজৰ সূঁতিটো যেন আকৌ উজাই আহিল তাইৰ মুখলৈ৷ আঁৰ চকুৰে বলেনলৈ চালে৷ সি চোৱা নাই তাইলৈ৷ চপাই থোৱা ধানৰ মুঠিবোৰ একেলগ কৰি ডাঙৰি বান্ধি আছে৷ কাষতে লেচেৰি বুটলি থকা নয়নতৰাক কিবাকিবি কৈ জোকাই আছে সি৷ ভতিজীয়েক নয়নতৰালৈও চকু গ’ল তাইৰ, বৰ সোনকালে ডাঙৰ হৈ উঠিল এইজনী! ককায়েকৰ জীয়েক! হুবহু দেউতাকৰ গঢ়-পিত পালে তাই৷ এবাৰ চাই চকু আঁতৰাবই নোৱাৰি৷ গায়ে-গাঁৰিয়ে মস্ত এজনী যেন! এঘাৰৰ ডেওনা পাৰ হৈছেহে বুলিলে কোনেও বিশ্বাসেই নকৰিব৷

বলেনলৈ আকৌ চকু গ’ল পূৰ্ণিমাৰ৷ সি এবাৰো চোৱা নাই তাইক৷ ইস্‌! এনে গহীনটো হৈ দেখুৱায় আনৰ আগত! আচল ৰূপটো তাইহে দেখিছে৷ ধান চপাই হোৱাৰ পিছতেই দুয়োৰে বিয়াৰ কথা বৌৱেকৰ লগত পাতিম বুলি কৈ থৈছে তাইক সি৷ হয়তো ফাগুনতেই তাইক নিজৰ কৰি লৈ যাব ৰাইজক সাক্ষী কৰি৷ আৰু কেইদিনমান মাত্ৰ! তাৰপিছত তাইকেই চোৱাৰ বাদে আৰু উপায় থাকিবনে তাৰ! ক’বলৈ হাক দি থৈছে যদিও সি নক’লে তায়েই ক’ব বৌৱেকক৷ এইবোৰ কথা বেছিদিন লুকুৱাই থ’লে বিপদ৷ ভাবি ভাবি ডোবাটোৰ মুঠিখিনি চপাই বলেনৰ ওচৰত গোটাই থ’লেগৈ৷

“সন্ধিয়া এপাক নঙলামুখলৈ আহিবিচোন৷ কিবা এটা ক’বলগীয়া আছে তোক৷” গুণ্‌গুণকৈ কথাষাৰ কৈয়ে পূৰ্ণিমা আঁতৰি আহিল৷ বলেনে বাৰে বাৰে কৈ থৈছে তাইক, দুয়োৰে সম্পৰ্কৰ কথা যাতে তাইৰ মুখেৰে কোনেও গম নাপায়৷ তেনেস্থলত বৌৱেকে সন্দেহ কৰাৰ থল পালে সি অসন্তোষ কৰিব৷

°°°°°°°°°°°

“আজি মই পেহীৰ লগত শুম মাই৷” ভাত খাই উঠাৰ পিছত নয়নতৰাই কোৱা কথাষাৰ শুনি আচৰিত হ’ল মাক৷ কি হ’ল আক’ আজি এইজনীৰ!? ভাতো নাখালে ভালকৈ, মনটোও মৰা, আকৌ বোলে ৰাতিও পেহীয়েকৰ লগত শুৱে!

“কিয়? তই দেখোন মোক এৰি শুবই নোৱাৰ’? আজি আক’ কি হ’ল হঠাতে?” মাধৱীৰ কথাত পূৰ্ণিমাই মাত দিলে, “হ’ব দিয়া নবৌ৷ তাই শুব বিচাৰিছে শোৱক৷”
তাৰ পিছত নয়নতৰালৈ ঘোপাকৈ চাই ক’লে, “গাত ভৰি তুলিব নোৱাৰিবি কিন্তু! মই বিছনাৰ পৰা ঠেলি পেলাই দিম নহ’লে৷” আনকালে হোৱা হ’লে পেহীয়েকৰ লগত সমানে মুখ চলালেহেঁতেন নয়নতৰাই৷ আজি একো নক’লে৷ সেমেকাকৈ হাঁহি এটা মাৰি উঠি গ’ল তাই৷

কাঁহীৰ ভাতখিনি লিৰিকি-বিদাৰি থকা বৌৱেকৰ মুখখনলৈ চালে তাই৷ মাধৱীৰ জীউটো নয়নতৰাতে, বুজে পূৰ্ণিমাই৷ ককায়েকটো নাইকিয়া হোৱাৰ পিছত একমাত্ৰ তাইৰ বাবেহে যেন বৌৱেকে উশাহ-নিশাহ লৈ আছে৷  
“তুমি এনেই চিন্তা কৰিছা নবৌ৷ ডাঙৰ হৈছে তাই; কথাবোৰতো সলনি হ’বই৷ মই সুধিম ৰ’বা৷ তুমি ভাতকেইটা খোৱা৷”

কাঁহী-বাটিবোৰ সামৰি লেমটো হাতত লৈ পূৰ্ণিমা শোৱনি কোঠালৈ গ’ল৷ লেপখন গায়ে-মূৰে লৈ নয়নতৰা বিছনাত তেতিয়ালৈ৷ আঁঠুৱাখন তৰি ভালকৈ খুঁচি দিলে পূৰ্ণিমাই৷ তাৰপিছত লেমটো নুমুৱাব খুজোঁতে নয়নতৰাই মাত দিলে, “লেমটো জ্বলি থাকিবলৈ দেচোন পেহী৷ আন্ধাৰত মোৰ ভয় লাগে৷” এইবাৰ তাই সঁচাকৈয়ে আচৰিত হ’ল৷ ঘৰখনত ব্যৱহাৰ হোৱা প্ৰতিটোপাল কেৰাচিনৰ মূল্য নয়নতৰাই জানে৷ সৰুৰেপৰাই দেখি আহিছে৷ ৰাতি এপোৱা তেল পুৰি লেম জ্বলাই শোৱাতো সিহঁতৰ বাবে বিলাসিতা মাত্ৰ! তেনেস্থলত………৷

“কি হৈছে তোৰ? ক’চোন মোক৷ কিবা হ’ল নেকি?” লেমটো কমাই দি বিছনাত সোমাল পূৰ্ণিমা৷ লেপখন ভালকৈ দি ভতিজীয়েকক বুকুত সুমুৱাই ল’লে৷ “কঁপি আছ’ যে তই? গাটো বেয়া লাগিছে নেকি?” পেহীয়েকৰ আদৰুৱা মাতে কঁপনি বঢ়াই তুলিলে নয়নতৰাৰ৷

পেহীয়েকৰ বুকুত মূৰটো গুজি দিলে তাই, “বাঁহনিতলত সঁচাকৈ যখ আছে জান’ পেহী৷ মই হাউলি শিলিখা বুটলি থাকোতে মোক গবা মাৰি ধৰিছিলহি পিছফালৰ পৰা৷ কাঁচিখন মোৰ লগত আছিল বুলিহে! যখৰ গাত কাঁচিখনেৰে ৰেপি কোনোমতে পলালোঁ৷”

কঁপি থকা ছোৱালীজনীক বুকুত সাৱটি থকাৰ পৰা আঁতৰাই নি মুখলৈ চালে৷ 
“কি কৈছ’ এইবোৰ তই?” লেমৰ শেঁতা পোহৰতো নয়নতৰাৰ দুচকুৰ আতংক স্পষ্টকৈ দেখা পালে তাই৷

“অঁ পেহী৷ সঁচাকৈ কৈছোঁ৷ মায়ে নাযাবলৈ কৈছিল, তথাপিও মই গৈছিলোঁ৷ পাঁচটা শিলিখা দিলে কাইলৈ মোক বন্তিয়ে পেঞ্চিল এডাল দিম বুলিছিল৷ সেয়ে গৈছিলোঁ৷ মাইক ক’লে গালি পাৰিব বুলি নক’লোঁ৷ তয়ো নক’বি৷ কিন্তু পেহী, যখে মানুহৰ ৰূপ ল’ব পাৰে বুলিতো তই মোক কোৱা নাছিলি!?” নয়নতৰাৰ কঁপনিবোৰ পূৰ্ণিমাৰ বুকুলৈও সোঁচৰিল, “কি?? কাৰ ৰূপ লৈছিল যখে??”

“বলেন দাদাৰ৷” গা-মনৰ কঁপনি কমাবলৈ নয়নতৰা পেহীয়েকৰ বুকুত কুঁচিমুচি সোমাই সেইপিনেই টোপনি গ’ল৷ শুব নোৱাৰিলে পূৰ্ণিমাহে৷ সন্ধিয়াপৰত নঙলা মুখত লগ হওঁতে আঘোণী পূৰ্ণিমাৰ ফৰিংফুটা জোনাকত বলেনৰ শেঁতাপৰা মুখ আৰু তাৰ গালৰ কটা ঘাঁডোখৰ স্পষ্টকৈয়ে দেখিছিল তাই৷

“ফাগুনলৈ ৰ’ব নোৱাৰিমেই চাগে৷ ন খোৱাৰ পিছতেই আঘোণৰ শেহলৈ দিন-বাৰ ল’বলৈ ক’ব লাগিব৷” যোৱাৰ আগে আগে কোৱা কথাষাৰৰ লগতে বলেনৰ মুখৰ হাঁহিটোলৈ মনত পৰিল তাইৰ৷ বেঁকা হাঁহি আৰু মুখৰ ঘাঁডোখৰৰে সৈতে কি যে কুৎসিত দেখাইছিল তাক! বিছনাৰ পৰা উঠি গৈ কোঠাটোত জ্বলি থকা লেমটো বঢ়াই দিলে তাই৷ সেই পোহৰত কাঁচিয়ে কটা ঘাঁডোখৰেৰে সৈতে বলেনৰ মুখখনে যখৰ ৰূপ লৈ তাইৰ দুচকুত ওৰে ৰাতি ভাঁহি থাকিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments