যদা যদাহি ধনস্য গ্লানিৰ্ভবতে ভাৰত– খদ্যুৎ গগৈ

– ক্ৰিং ক্ৰিং ক্ৰিং
– হেল্ল’
– হেল্ল’
– হেল্ল’, কোনে কৈছে?
– কৃষ্ণ, মই পাৰ্থই কৈছো৷
– পাৰ্থ? কোন পাৰ্থ?
– আৰে দোস্ত, পাৰ্থ মানে পাৰ্থ , হেপ্পী বাৰ্থদে দোষ্ট। আব্বে, তই কি মোক সঁচাই চিনি পোৱা নাই?
– মানে, মানে আপুনি, মানে তই কি পেট্লা দাৰ ভায়েক ধন নেকি ?
– অঁ এতিয়া আহিছ লাইনত। অঁ মই ধনঞ্জয়। ফৰেইন কোম্পানিত চাকৰি কৰতো, সেইকাৰণে বেটা চব্ পাহৰি গৈছ?
– তাৰ মানে হেবাং তই মোৰ ফোন নম্বৰটো আকৌ পালি, আকৌ কামুৰিবি এতিয়া। আৰে তোৰ পৰা বাচিব’লে বেটা কিমানবাৰ ফোন নাম্বাৰ চেঞ্জ কৰিব লগা হৈছে। মোৰ ফেচ্বুক পৰ্যন্ত দি- এক্টিভেত কৰি থ’ব লগা হৈছে, টুইটাৰতো সেইবাৰ যিহে কৰিলি, মোৰ ইণ্টাৰ-নেশ্যনেল লেভেলত ৰেপুটেশ্যন শেষ। তাতো একাউণ্ট প্ৰায় বন্ধ কৰি থ’ব লগা হৈছে। ক’ত পালি মোৰ ফোন নাম্বাৰ? কোন কুকুৰে দিলে?
– পালোং আৰু কাৰোবাৰ পৰা — মানে মানে পাঞ্চালীয়ে দিলে …
– আৰে তই তাৰ মানে আকৌ তাইক লগ পালি ? — কুকুৰ, মোৰ সেইটোৱেই ভয় আছিল। তই কুকুৰে এইবাৰু তাৰমানে তাইৰ জীবন বৰবাদিবি , তোৰ আৰু কাম নাছিল, ক’ত পালি তাইক?
– পালোং আৰু …. চুইজাৰলেণ্ডলৈ গৈছিলো, একাউণ্ট এটা ক্লোজ্ কৰিবলে’… তাতে পালো। আৰে’ পাব লগা আছিল, পালো ,তয়েতো কৈছিলি জন্ম মৃত্যুৰ কম্প্লেক্স চাইকলটোৰ কথা।– তোক কিন্তু মানিছো দেই। সেইবাৰ তই কম চালুৱামি কৰি মোৰ হতুৱাই কামখিনি কাৰোৱালিনে ! —- মানুহক কনফিউজনৰ টাইমত আজগুবি কথাৰে নিজৰ লাইনত পেলাই লোৱাৰ তোৰ কিন্তু ভাল স্কিল আছে দেই, মই আজিও মানিছোঁ।
– চূপ, তই কি বুজিবি সেইবোৰ কথা। তোক বুজাইও লাভ নাই, তোৰ সাত জনমতো হজম নহ’ব এইবোৰ বিজনেচ পলিচি। এতিয়া ক, পাঞ্চালী ঘুৰি গ’ল নে নাই ইণ্ডিয়ালে’। তাইৰ এম বি এ কমপ্লিট হ’ল নে নাই?
– গ’ল গ’ল। অহাবছৰ জুন মানত তাইৰ কোৰ্চ শেষ হ’ব। চেপ্টেম্বৰত আমাৰ বিয়া। সেই কাৰণেই তোলৈ ফোন কৰিছো। দোস্ত, তোৰ যিহে কোম্পানি, গোটেই ইণ্ডিয়াখন দখল নকৰা পৰ্যন্ত শান্তি দিয়াৰ আশা নাই। সেয়েহে আগতিয়াকৈ লিভ্ এপ্লিকেশ্যন এখন পেলাই থবি।
– তাৰ মানে বেটা তই ইতিমধ্যে কৰিবলগীয়া খিনি চেটল্ কৰিয়ে পেলালি? বুঢ়াৰ পাৰ্মিশ্যন পৰ্যন্ত লোৱা নাই নিশ্চয়। মই আজিয়ে ফোন কৰিম বুঢ়ালৈ। মইয়ো চাই ল’ম এইবাৰ তই কেনেকৈ পাঞ্চালিক চাদি কৰাৱ। বুঢ়াক এইবাৰ মই আৰু টাফ্ টাৰ্মচ্ এণ্ড কণ্ডিশ্যন কেইটামান দিবলৈ দিম। মইয়ো চাম, এইবাৰ তই কেনেকৈ টিকাৱ। বেটা, জানুৱাৰৰ খান্দান্।
– আৰে দোস্ত, তই মোৰ খান্দানত ধৰি কথা কৈছ, মোৰ কোনো আফচোচ নাই। কিন্তু তই এই লাফ্ৰা খাৰা কৰি মোৰ জীৱন বৰ্বাদ কৰি নিদিবি দোষ্ট। ফ্ৰেণ্ড বুলি কৈছো, বুৰা নচম্জিবি য়াৰ…। আবে মই পাঞ্চালিক বিয়া কৰিলে তোৰ কি প্ৰব্লেম কানহাইয়া?
– চূপ, প্ৰব্লেমৰ কথা নক’বি। আবে তোৰ খান্দান জহন্নামে যাওক, মোৰ কি আছে। কিন্তু মোৰ জীৱন বুলিওতো কথা আছে। মোৰ কি জীৱনৰ উদ্দেশ্য লোকৰ মাটি-সম্পত্তিৰ কাজিয়া ভঙা ? তোৰ পাৰ্শ্যনেল লাইফৰ ঘোঁৰাৰ লেকাম ধৰা ? ঘা ……..টা
– মই কথা দিছো দোস্ত, এইবাৰ সেইবোৰ নহয়। মাটি-বাৰী বৰ দাদাহঁতেই খাওঁক। মই ব্ৰিকোদাক বুজাম। আমাৰ বৰ ডেকাৰতো সেইবাৰু ইচ্ছা নাছিল। সৰুহঁতে এইবোৰ ভূ-ভাই নেপায়। আৰু য়া-ৰ, কাজিয়া লাগিবলৈ চাৰা ইণ্ডিয়াৰ কি এই সময়ত চামৰ্থ্য আছে? ইকনমি বুৰা আছে, খেতি-বাতি নাই, মানুহে চলি আছে কোনোৰকম … চব চেক্টৰতে দেফিচিত..।
– তাৰমানে মাটি বাৰীৰ কাজিয়া এইবাৰু আছে? বৰ-দেউতাৰৰ পুতেক এইবাৰ কেইটা ? ওপৰত গোৱাঁৰ তিনিটাক বাৰু চিনি পাওঁ।
– সেইবোৰ আগৰ দৰেই আছে। সেইবোৰ থাকক দোষ্ট, মই তোলৈ বিয়াৰ এৰেঞ্জমেণ্টৰ ওপৰি এটা বিশেষ কাৰণত এই সময়ত ফোনটো কৰিছোঁ। মোৰ এটা সমস্যা হৈছে, তোৰ এডভাইচ্ লাগে।
– ফোন থ।
– কি?
– মই কৈছো ফোন থ।
– কি হ’ল? তোৰো কিবা প্ৰব্লেম?
– মই কৈছো ফোন থ। বেটা, — নিজৰ সমস্যাৰে অন্ত নাই। এতিয়া এই বাৰ্থ-ডেৰ দিনা ই চালা কুকুৰে তাৰ সমস্যাৰ কথা ক’বলৈ আহিছে। মই কৈছো, ভালে ভালে ফোন থ। — ধেৎ, মইয়ে চোন দিচকনেক্ট কৰি দিব পাৰো। টি ই ই ই ৎ্।
০০০০০০০০০০০০
– ক্ৰিং ক্ৰিং ক্ৰিং …
– আকৌ কাৰ ফোন? হেল্লো ..
– দাদা মই দীপাই কৈছোঁ। দীপা মানে পাঞ্চালি । হেপ্পি বাৰ্থ দে দাদা।
– তেল মাৰিব নালাগে। চিধা কথা ক। কি প্ৰব্লেম?
– আপুনি বোলে আমাক বেয়া পাইছে?
– কোনে ক’লে?
– ধনদাই ফোন কৰিছে? দাদা, আপুনি যদি তেনে কৰে আমি বাৰু কাৰ ওচৰলৈ যাম ?
– যাবলৈ কি জেগা নাই। এইবাৰ কনফ্লিক্ট মেনেজমেণ্টৰ হাজাৰটা মেকানিজিম আছে। মোক দিগ্দাৰ নকৰিবি।
– নহয় দাদা, আপুনি থাকোতে আমি আৰু কি বেলেগ চিন্তা কৰিম। পাপাই এইবাৰো সেইবাৰৰ নিচিনা অদ্ভূত চৰ্ত এটা খাৰা কৰিছে।
– কি চৰ্ত, তোৰ চিন্তা নাই দে। ই ধনে এইবাৰ ফৰেইন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ থৈছে। ঠিক টাইমত ঠিক জেগাত টিকাব। সেইবাৰো সি ওলমাই থোৱা মাছটোৰ চকুত কি কৌশলেৰে টিকাই দিলে দেখিলিনে নাই।
– মোক আপুনি কি ফাকি দিব দাদা ! ধনে মোক পিচত আপোনালোকৰ সকলো কথা কৈয়েই দিলে নহয়। আচলতে তেওঁ মোৰ পৰা কোনো কথা লুকুৱাব নোৱাৰেই –
– কি ক’লে, কি আমাৰ কথা ক’লে ?
– সেইযে খেৰৰ জুমুঠিৰে বনোৱা মাছটো – চকু দুটাত যে লোহাৰ টুকুৰা দুটা দিয়া আছিল। তিনি ফুট দীঘল মাছটোত চাৰি ইঞ্চি ব্যাসাৰ্দ্ধৰ ঘুৰণীয়া চকু দুটা দিবলৈ আপুনিয়েইচোন মিষ্ট্ৰিজনক বুধি দিছিল আৰু ধনৰ কাঁড়ডালৰ জোংটো চুম্বকেৰে বনাই তিনি দিনৰ আগেয়েচোন আপুনি পুখুৰীটোৰ পাৰত তেওঁক প্ৰেক্টিচ কৰিবলৈ লগাইছিল। মোক তেওঁ চব কথা কৈ দিছিল পিচত — মোৰ ইমানযে হাঁহি উঠিছিল। অৱশ্যে তেওঁৰ হাতখনো চিধা আছিল দিয়কচোন, স্পিড্ কন্ট্ৰলো আছিল—অলপ বেছি জোৰত কাঁড়ডাল যোৱা হ’লে মেগ্নেটিক ফিল্ডখনে চকুলৈ কাঁড়দাল টানি নিব নোৱাৰিলেহেঁতেন।
– তাৰ মানে সেইবোৰ কথা তোক সেই হেবাঙে কৈ দিলে। তই পিচে তোৰ বাপেৰক ক’লি নে নাই পিচত?
– নাই কোৱা দাদা। এইবোৰ আমাৰ প্ৰাইভেট চিক্ৰেট্ – মই য’তে ত’তে ক’ব নেলাগে বুলি জানো দিয়ক। এইবাৰ কিন্তু পাপাই আগৰ বাৰতকৈ টাফ্ কনডিশ্যন এটা নিজে ভাবি উলিয়াইছে। মোক এদিন কৈছিল।— তেতিয়াৰ পৰা মোৰ চিন্তাই লাগি আছে —
– কি কন্ডিশ্যন ? টেকনলজি উন্নত হৈছে, কম্পিটিশ্যন বাঢ়িছে, কনডিশ্যন টাফ্ হ’বই। — এইবাৰ কিন্তু তহঁতে মোৰ পৰা কোনো সহায় আশা নকৰিবি। মোৰ নিজৰ চিন্তাতে এইবাৰ তৎ নোহোৱা হৈছে –
– নহয় দাদা, আপোনাৰ সহায় নহ’লে এইবাৰ আমাৰ বিয়াখন নহ’বগৈ – আপুনি আমাক এনেকৈ নেৰিব। পাপাই দিয়া চৰ্তটো আপুনি সহায় নকৰিলে পূৰণ কৰাটো এওঁৰ কাৰণে সহজতো নহয়েই মই কওঁ দুঃসাধ্য।
– কি চৰ্ত দিছে খুড়াই, বুঢ়া হোৱাৰ লগে লগে তেখেতৰ ব্যৱসায়ৰ নিচাটো কমক চাৰি বাঢ়িছেহে। নিশ্চয় বিজনেচ ৰিলেটেড্ কিবা চৰ্তই হ’ব। তাতে জানিছেই নহয় চাগে, হ’ব লগা জোৱাঁইয়েকে ষ্টাম্পৰ কোম্পেনিত চাকৰি কৰে।
– হয় দাদা, আপোনাৰ কিন্তু এইবাৰু কেট্চিং পাৱাৰ আগৰ দৰেই আছে – মই ক’বলৈহে পালো—বুজিলেই–
– ষ্টপ, ষ্টপ্ – তেলাব নালাগে, এতিয়া কথাটো ক’, খুড়াৰ চৰ্তটো কি?
– দাদা, ইণ্ডিয়াৰ ইষ্টাৰ্ণ চাইদৰ ষ্টেটকেইখনৰ নাম আপুনি জানেনে?
– কেইবাখনো ষ্টেট্ আছে। এতিয়া আমাৰ মেইনলেণ্ডৰ মানুহৰ বাবে এটাই নাম – নৰ্থ ইষ্ট্। তাৰমানে বুঢ়াৰ ধান্দা এইবাৰ নৰ্থ-ইষ্টত। কি কৰিব খুজিছে তেওঁ ?
– দাদা, পাপাই মাছৰ বিজনেচত নামিব বিচাৰিছে – তাৰ কাৰণে পাৰ্টনাৰ লাগে। তেখেতে জানে ষ্টাম্পৰ কোম্পানিটো ইণ্ডিয়াত ইনভেষ্ট কৰিবলৈ খুবেই ইণ্টাৰেষ্টেদ্।
– আৰে ষ্টাম্পৰ কোম্পানিত কি পাৰ্থতকৈ জনাবুজা মানুহ কোনো নাই। নৰ্থ-ইষ্টত কি বিজনেচ চলে! — তাৰ মানুহে মাছ কি, চব বস্তু খাবহে জানে। — আৰু খাবৰ কাৰণে বিনা পৰিশ্ৰমে পাঁচশ আৰু দুই হাজাৰ টকীয়া খমখমীয়া ন’ট লাগে। খাবৰ কাৰণে, চাল দিবৰ কাৰণে তাৰ মানুহে দৰ্কাৰ হ’লে নিজৰ চালখনো বিক্ৰী কৰি দিব। তাত ইনভেষ্ট কৰিলে ষ্টাম্পৰ কোম্পানিও দেওলীয়া হৈ যাব। তাতে ইন ‘দ্য ভেলি অব্ নেভাৰ এন্দিং ফেষ্টিভেলচ’ত চছিয়েল অব্লিগেশ্যন ফাণ্ডৰ কাৰুকাৰ্যবোৰ আছেই –।
– দাদা, আমাৰ পাপাক আপুনি কি বিজনেচত ইমান কেচা বুলি ভাবে?
– নাভাবো, — আৰু সেই কাৰণেই অলপ চিন্তাত পৰিছোঁ।
– দাদা, মাছ ক’ত থাকে?
– পানীত
– সেয়ে মাছৰ ব্যৱসায় কৰিবলৈ পানীখিনি কিনিব নালাগিব জানো?
– লাগিব।
– আৰু পানীত কি থাকে?
– মাছ।
– আৰু –
– আৰু কি থাকে –!
– দাদা, আপুনি কথাটো বুজি পায়ো নোপোৱাৰ ভাও জুৰি মোক ঘঁৰিয়াল দেখাইছে। পানীত মাছেই নেথাকে, পানীত এগ্ৰিকালচাৰ থাকে, পানীত আটাইতকৈ কনভেনিয়েণ্ট আৰু ল’-কষ্ট্ ট্ৰেন্সপৰ্টেশ্যন চিষ্টেম্ থাকে, পানীত এনাৰ্জি থাকে, পানীখিনি খাবলৈয়ো লাগে – পানী ক’ত নেলাগে, — দুই পাৰৰ চছাইটিখনৰ গোটেই এক্টিভিটিজ্ খিনিয়েইটো পানীৰ ওপৰত নিৰ্ভৰশীল ? মাছ পুহিবলৈ পানীখিনি কেনেবাকৈ কিনি ল’ব পাৰিলেতো গোটেইবোৰ হাতলৈ আহি যাব। আৰু সেই অঞ্চলৰ মানুহে এতিয়াও থাওজেণ্ড ক্ৰ’ৰ্চ্ ৰুপিজৰ জমানাতে আছে, টু হাণ্ড্ৰেড ইয়াৰ মানৰ প্ৰজেক্ট এটা লৈ ফিউ ট্ৰিলিয়ন ডলাৰৰ ইনভেষ্টমেণ্টৰ প্ৰপ’জেল এটা দি দিলে মানুহ পাগল হৈ যাব। অৱশ্যে মানুহক ৰুপিজ ডলাৰৰ কন্ভাৰ্শ্যন টেবুলখন বুজিব পৰা কৰি ল’ব লাগিব। কিন্তু নেট এচেট ভেলু, লাইফ্ চাইকল্ কষ্ট এনালাইচিছ – এইবোৰ বুজাবলৈ গ’লে সৰ্বনাশ হ’ব।
– তোৰ এম বি এ কেতিয়া কম্প্লিট হ’ব?
– দাদা অহা মাহত।
– পাপায়েৰক তাৰমানে তয়েই এই বিজিনেচ পলিছি শিকাইছ। তাৰ মানে এইবাৰু তোৰ পাপায়েৰে মাছৰ চকু কেইটাত কাঁড় ফুটাই নৰ্থ-ইষ্টৰ গোটেই মাছটোকে মাৰিবলৈ ওলাইছে। — আৰু হেবাং পাৰ্থৰ যোগেদি ষ্টাম্পৰ কোম্পানিৰ কেপিটেল খটুৱাৰ পাং পাতিছে। মই চব বুজি গ’লো।
– দাদা
– মোৰ ভুমিকাটোও মই বুজি পাই গ’লো। মই তাৰমানে এইবাৰ হ’ব লাগিব ফিটিং মাষ্টাৰ । ফিটিং মাষ্টাৰ হৈ তাৰ লোকেল দানব কেইটাক হাত কৰিব লাগিব – হস্তিনাপুৰ বাৰু ষ্টাম্প এণ্ড কোম্পানিয়ে নিজেই চম্ভালি ল’ব।
– দাদা তেন্তে আপুনি মান্তি হৈছে বুলি ধৰি লৈছোঁ।
– ধৰি লব পাৰ। কিন্তু মোৰ শ্বেয়াৰ কি হ’ব ? এইবাৰ মই ফ্ৰি চাৰ্ভিছ নিদিওঁ, মোৰ শ্বেয়াৰ প্ৰথমতে ঠিক কৰি দিব লাগিব।
– আমি জানো দাদা, আপোনাৰ শ্বেয়াৰ এইবাৰ আমি আগতেই, মানে, চুইজাৰলেণ্ডত পাৰ্থক লগ পাওঁতেই ঠিক কৰি থৈছো। পূৰা ফিফটি ফিফটি –।
– মই ৰাজী। কিন্তু মনত ৰাখিবি প্ৰফিটৰহে ফিফটি ফিফটি, কোনো লোকচানৰ শ্বেয়াৰ কিন্তু মই ল’ব নোৱাৰো।
– দাদা, লোকচান হোৱাৰ ৰিস্কো আছে নেকি?
– হ’ব নেলাগে। কিন্তু একো ঠিক নাই। যেতিয়ালৈকে নৰ্থ-ইষ্টৰ দানবকেইটা দানহৰ ৰূপত থাকে তেতিয়ালৈকে বিজ্নেচৰ পূৰা প্ৰচপেক্ট আছে, কিন্তু মাজে মাজে আৰ্থকুৱেক জ’ন ফাইবত অহাৰ নিচিনাকৈ সিহঁতকেইটাৰো জাতি প্ৰেমৰ উদ্গীৰণ হয় – তেতিয়াহে কেইবছৰ মানলৈ অলপ বিজনেচত ডাউনফল হয়। কিন্তু দুশবছৰ মানৰ লং টাৰ্ম ইনফ্ৰাস্ত্ৰাকচাৰেল্ ইন্ভেষ্টমেণ্টত কোনো গণ্ডগোল থাকিব নালাগে। এনেয়েও আগেয়ে এবাৰ দুশবছৰীয়া প্ৰজেক্ট এটাত ভাল ৰিটাৰ্ন পোৱা গৈছিল –।
– তেন্তে দাদা –
– ফোনটো কাটি দে। তোৰ দাদায়েৰে এতিয়া ফুল ফৰ্মত, চিন্তা নাই। পাৰ্থক ফোন কৰিবলৈ ক’বি। — আৰু কবি, এইবাৰ আমাৰ বিজনেচ্ মট’ হ’ব – ‘ যদা যদাহি ধনস্য গ্লানি ভবতে ভাৰত –’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments