যদি তুমি মোক পাহৰি যোৱা (পাবলো নেৰুদাৰ এটি প্ৰেমৰ কবিতাৰ অনুবাদ)—– যশোৱন্ত নিপুণ

মই বিচাৰো তুমি জানিবা

এটা কথা।

তুমি জানা এয়া এনেকৈ:

যেতিয়া মই চাওঁ

স্ফটিক জোনটোলৈ,

মোৰ খিৰিকীৰ মন্থৰ শৰতৰ

ৰক্তাভ ডালটোলৈ,

যদি মই স্পৰ্শ কৰো

সেই অগ্নিৰ কাষৰ স্পৰ্শাৰ্তীত ভষ্ম,

নাইবা শীৰ্ণ কাঠৰ টুকুৰাটো,

সকলোৱে মোক তোমাৰ ওচৰলৈ কঢ়িয়াই নিয়ে,

যেন সকলো অস্তিত্ব,

সৌৰভ, পোহৰ, ধাতু

যেন সৰু সৰু নাও

যিয়ে পাল তৰি দিয়ে

মোৰ বাবে বাট চোৱা তোমাৰ সেই দ্বীপবোৰলৈ।

বাৰু, এতিয়া

যদি অকণ অকণকৈ তুমি মোক ভাল নোপোৱা হোৱা,

ময়ো তোমাক ভাল নোপোৱা হ’ম অকণ অকণকৈ।

যদি হঠাতে তুমি মোক পাহৰি যোৱা,

মোক নিবিচাৰিবা,

কাৰণ ইতিমধ্যেই মই তোমাক পাহৰি যাম।

যদি তুমি ভাবা এয়া সুদীৰ্ঘ আৰু যুক্তিহীন,

পতাকাৰ সেই ধুমুহা

যি মোৰ জীৱনেৰে পাৰ হৈ যায়,

আৰু তুমি থিৰ কৰা

মোক হৃদয়ৰ সেই উপকূলত এৰি যাবলৈ

য’ত মোৰ জীৱনৰ শিপাবোৰ আছিল,

মনত ৰাখিবা

সেইদিনা,

সেই মুহুৰ্তত ,

মই মোৰ দুহাত প্ৰসাৰিত কৰিম

আৰু মোৰ শিপাবোৰে যাত্ৰাৰম্ভ কৰিব,

অন্য কোনো ভূখণ্ড বিচাৰি।

কিন্ত

যদি প্ৰতিদিন

প্ৰতি মুহুৰ্তত,

অসীম মধূৰতাৰে

তুমি অনুভৱ কৰা ময়েই তোমাৰ

সকলো যাত্ৰাৰ লক্ষ্য,

যদি প্ৰতিটো দিনত

এটি ফুল তোমাৰ ওঁঠলৈ বগাই আহে মোক বিচাৰি,

অ’ মোৰ প্ৰেম, অ’ মোৰ আপোন,

মোৰ গভীৰত পুন: পুন: প্ৰজ্জ্বলিত হয় সেই সকলো অগ্নি,

মোৰ গভীৰত একোৱেই নিৰ্বাপিত নহয়,

একোৱেই বিস্মৃত নহয়।

প্ৰিয়তমা, মোৰ প্ৰেম তোমাৰ প্ৰেমেৰে সজাল হয়,

আৰু যেতিয়ালৈ তুমি আছা

এয়া তোমাৰ দুবাহুৰ মাজত ৰ’ব,

মোৰ দুবাহুৰ পৰা আতৰি নগৈ।৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments