যদি, হেঁতেন ইত্যাদিৰে — বৰ্ণালী শৰ্মা বৰুৱা

যদি মই লিখক হ’লো হেঁতেন, তেতিয়া মই ভালকৈ কব পাৰিলো হেঁতেন কথাবোৰ৷ মোৰ লিখাৰ অভ্যাস নাছিলে কাৰণেই নিজৰ ৱালত আজি অলপ দিনৰ পৰা কিবা কিবি লিখি আছিলো৷ ইয়াৰে এটা খণ্ডত এজন বন্ধু Siba Prasad Sen য়ে মন্তব্য কৰিছিলে এইদৰে,

“যদি চৰকাৰে কোনোবা খেতিয়কক দেশৰ দুই এটা অসামৰিক সন্মানেৰে বিভূষিত কৰিলে হেতেন…….! ! ” হয়৷ তেওঁৰ কথাটোয়ে মোৰো মনটো চুই গৈছিলে৷ মোৰ মনলে ভাৱ আহিছিলে তেতিয়া আমি হয়টো প্ৰতি বছৰে খেতিয়কৰ আত্মহত্যাৰ দৰে বাতৰি শুনিবলৈ নাপালো হেঁতন, তেতিয়া হয়টো আমাৰ নতুন প্ৰজন্মই চহৰমুখী হোৱাতকৈ গাৱঁৰ মাটিদৰাতে সোণ বুটলিবলৈ ইচ্ছা কৰিলে হেঁতেন, আমাৰ লৰাবোৰ তামিলনাডু, কেৰেলা, বাংগালোৰত চকিদাৰী কৰিবলে যোৱাতকৈ নিজৰ ঘৰত বৃদ্ধ মাক দেউতাকৰ কণাৰ লাখুটি হ’ল হেঁতেন, বাকী বোৰেও বছেৰেকত ছমাহ খেতি কৰি বাকী ছমাহ চৰণীয়া হবলে এৰি নিদি পথাৰ শুৱনি কৰি ৰাখিলে হেঁতেন৷ হেঁতেন, মোৰ নিজৰ ক্ষেত্ৰত এই হেঁতেন টোয়েই কেতিয়াবা সব দুৰ্বলতাৰ গুৰি যেন লাগে৷ কাৰণ মই দিনটোত বহুতবাৰ হেঁতেন শব্দটো উচ্ছাৰণ কৰো৷ শব্দটো যিমান বাৰে উচ্ছাৰণ কৰো সিমানবাৰে মোক কিবা এটাই খেদা মাৰি অহাৰ দৰে লাগে৷ সেইদৰে কৃষি ক্ষেত্ৰত অসামৰিক বটাতোও হেঁতেন হে৷ কেতিয়াবা বাস্তৱ হবনে নাই বুজা নাযায়৷ দিয়ে প্ৰতি বছৰে শ্ৰেষ্ঠ খেতিয়ক জনক জিলা ভিত্তিত, ৰাজ্যিক ভিত্তিত পুৰস্কাৰ দি আহিছে৷ গুগুলত বিচাৰি চাইছিলো আৰু কিবাকিবি পুৰস্কাৰ দিয়া হয়৷ মোৰ গুৰু, বিজ্ঞানী ডা° ৰাম অৱধ ৰাম, যি জৈৱিক সাৰ উৎপাদনক নিজৰ পণ হিচাপে লৈছে, তেওঁক দিয়া হৈছে হিন্দু ৰত্ন এৱাৰ্ড জৈৱিক সাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে৷ কিন্তুু সেইয়া আমাৰ লৰা ছোৱালী বোৰক আগ্ৰহী কৰি তুলিবলে যথেষ্ট নহয়৷ শিলচৰৰ ৰাজেশ ৱাৰডিয়াই সদায় কয়, “মেদাম, য়হাপে নাৰ্চাৰী বিজনেজ চলটি হে, লেকিন কই প্ৰফিট নেই”, ৰাজেশ ৱাৰডিয়া ভাৰত নাৰ্চাৰীৰ মালিক৷ বাকী বহুতে কয়, চলি যায় কিন্তুু যেনে তেনে৷ হাজোৰ ফুলখেতি লেখত লোৱা হয়, কিন্তুু ইয়াৰ ভিতৰুৱা ইনফ্ৰাষ্টাকচাৰ মজবুত নহয়৷ আমাৰ ইয়াত আৰু কিছু সমস্যা আমি দেখিবলৈ পাও যে, ইয়াত (নাৰ্চাৰী) পুলিবাৰী উৎপাদন কেন্দ্ৰ আৰু বিক্ৰি কেন্দ্ৰ পাৰ্থক্য বুজি নোপোৱাটো৷ কোনোবাই এই বিষয়ত সজাগতা অনা হে’তেন হয়টো আমাৰ যুৱপ্ৰজন্মই নাৰ্চাৰী এখন আৰম্ভ কৰাৰ কথা ভাৱি নাথাকি কোনোবাই পুলি উৎপাদন আৰু কোনোবাই পুলি বিক্ৰি কৰাৰ চিন্তা কৰিলে হেঁতেন৷ মানে আমি পুলি বিক্ৰি কেন্দ্ৰ সজাবলে কলকতাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হব লগীয়া নহ’লহেঁতেন৷ কিন্তুু সেইয়াই সদায় এটা হেঁতেনেৰে আমি কথা বোৰ শেষ কৰিব লাগে
এতিয়া কথা হৈছে আমাৰ এই হেঁতেন বোৰ কোনে শেষ কৰিব পাৰিব৷ নিশ্চয় আমাৰ কৃষি বিভাগে৷ কৃষি বিভাগে ইচ্ছা কৰিলে পাৰে৷ কাৰণ এই কৃষি বিভাগে আমাক গুটি দিব পাৰে, সাৰ দিব পাৰে, ট্ৰেক্টৰ দিব পাৰে৷ পৰামৰ্শ দিব পাৰে৷ আৰু আটাইটকৈ ডাঙৰ কথা সব দিব পাৰে ফ্ৰীতে৷ বিভাগটোয়ে ইচ্ছা কৰিলে আমাৰ পথাৰ বাৰ মাহে নদন বদন কৰি ৰাখিব পাৰে৷ আজি জানো যে বিভাগটোয়ে ইচ্ছা কৰিলে সব কৰিব পাৰে, সব দিব পাৰে৷ কিন্তুু নিদিয়ে৷ আমি কোনোবা খেতিয়ক গ’লেও তেওঁলোকে ভালকে মাত এষাৰ দিব নোখোজে৷ গুদামতে সব পঁচি যায়, দিলেও পইচা দিব লাগে৷ দেখাত সব ফ্ৰী যদিও কথা এষাৰ পাতিলেও পইচা দিব লাগে৷ সেইয়াই আমাৰ বিভাগটোৰ প্ৰতি আমাৰ ধাৰণা৷
ঠিকেই আমিও ভাবো কৃষি বিভাগতোয়ে আমাক একো নিদিয়ে৷ বিষয়া সকলেও বিশেষ একো সহায় নকৰে৷ কিন্তুু ইয়াত এটা কথা আহি পৰে আমি বিভিন্ন সময়ত দেখিবলে পাও বিষয়া সকলে দিব খোজে কিন্তুু কিবা এটা আচঁনি বা বস্তু য়ে ইমানেই বেছি সময় লয় আমাৰ ওচৰ আহি পোৱলৈক যে, শস্যৰ বীজে গুদামতে গজালি মেলে৷ আনহাতে দেখা যায় বিষয়া সকলেও কাম কৰিব খোজে৷ কিন্তুু ইয়াতো বিভিন্ন সমস্যা৷ তলৰ ফীল্ড ওৰ্কাৰ জনৰ পৰা বৰমুৰীয়া জনলৈকে এটা নিদিষ্ট শিকলিৰে সকলোকে গাঁঠি থৈ দিয়া থাকে৷ যেতিয়াই কোনো বিষয়াই এই শিকলিৰ বান্ধ চিঙি নিজাকৈ কিবা এটা কৰিব বিছাৰে তেতিয়াই সেই বিষয়াৰ ওপৰত চৰকাৰৰ ৰঙাচকু পৰে৷ শ্ব ক’জ, ডি.পি., চাচপেন্দচন আৰু এইবিলাকৰ পৰা হোৱা মানসিক অশান্তি৷ প্ৰতি বছৰে এনে বহুত কেছ লোকায়ুক্ত অফিচ, এনকোৱেৰি অফিচত চলি থাকে য’ত সকলো অফিচাৰকে দোষী বুলেয়েই জনা যায়৷ বাটৰ কঁচু গাত ঘঁহি ভাল পোৱা আমিবোৰে কেতিয়াবা এইবোৰতো নাকটো সুমুৱালে দেখিবলে পাওঁ অফিচাৰসকলৰ কোনোবা দোষী, কিন্তুু বহুত নিৰ্দোষী৷ যি সকল নিৰ্দোষী তেওঁলোকৰ ভুল শিকলি ছিঙি বাহিৰ ওলাই আহিব খোজাতো৷ এনে ঘটনা আমাৰ পুলিচ বিভাগৰ পৰা সকলোতে দেখা যায়৷ যি সৎ সাহস দেখুওৱা কাৰণে বৰপথাৰত পুলিচ বিষয়া জনে নিজক আঁহুতি দিলে, গদাপানী পাঠকৰ পৰিয়াল টো নিথৰুৱা হ’ল৷ তাতকৈও ডাঙৰ কথা এই বহুত সৎ, সাহসী অফিচাৰক সহায় কৰা লোক কম ওলাই৷ বৰঞ্চ সকলোয়ে মুৰ পোলোকা দিয়ে, দেখিলে পলায়৷ আৰু এওঁলোকৰ অৱস্থা দেখি বহুতে ইচ্ছা থাকিলেও সাহস নকৰে৷ এনে বহুত সময়ত লগ পোৱা আমাৰ বহুত নিদোৰ্ষী, যি কাৰোবাৰ চকুত দোষী বিষয়া সকলৰ লগত কথা পাতি আমাৰ ভাৱ হৈছিলে ইয়াতো সেই হেঁতেন টোয়েই ক্ৰিয়া কৰিছিলে৷ কাৰোবাৰ নিজা ধৰণে কাম কৰিবলে মন গৈছিলে৷ এই ক্ষেত্ৰত শিকলিৰ চিঙি এজন বাহিৰলে গুচি যোৱাটো বাকীবোৰে সহ্য কৰিব নোৱাৰি সকলোয়ে ওলাই যোৱা জনকে বলিৰ পঠা বনাইছিলে৷ সেই বুলি মই কব খোজা নাই যে সব চৰকাৰী চাকৰীয়ালেই ভাল৷ সব ভাল নহয়, কোনোবাই হয়টো ম্যাদ উকলি যোৱা ঔষধ দিব পাৰে৷ কিন্তুু সকলোয়েই বেয়া নহয়৷ মই ভাবো কোনোয়েই বেয়া নহয় আৰু যদি বেয়া হয় বিভিন্ন পৰিবেশত পৰি, য’ত হয়টো তেওঁলোকৰ নিজৰ ওপৰত কোনো কণ্টল নাথাকে৷
এজন বিষয়াৰ কথা কও৷ প্ৰথম লগ পাওতে মানুহজন বহুত ভাল আছিলে, ৪ বছৰ মান পাচত যোৰহাটৰ প্ৰশিক্ষণ এটাত লগ পালো৷ তেওঁয়েই লিড অফিচাৰ, তেওঁ কৰঙা যাবলে ওলাইছে৷ ময়ো যাবলে ওলাইছো৷ শেষত গম পোৱা গ’ল তেওঁৰ খুলখালীয়েক কিজনক মই মামা বুলি মাতো৷ তেতিয়া তেওঁৰ চিন্তা আৰম্ভ হ’ল কাৰণ খুলখালীয়েক হ’তে নাজানে যে, তেওঁলোকৰ মৰমৰ ভিণিহীয়েকে মদ খাই৷ তেওঁ কোনে কেনেকৈ মদ খুৱাইছিলে কবলে আৰম্ভ কৰিলে ক’লে৷ ময়ো শুনিলো৷ মোক ক’লে, তুমি ইহঁতক নকবা৷ বায়েকে জানে যদিও সদায় খাও বুলি নাজানে৷ সিহঁতি মোক এইবিলাক একো নাখাওঁ বুলিয়েই জানে৷ কথাতোও হয়, তেওঁ এজন ভাল মানুহ আছিলে৷ আমি মদ, চিগাৰেট খোৱা দেখা নাছিলো৷ কিন্তুু আজি এবছৰৰ আগত হোৱা এটা কৰ্মশালাত তেওঁ আহিছিলে এখন জিলাক লিড্‌ লৈ৷ সেইয়াই হয়তো, এসময়ত নিজৰ বিভাগটোৰ ওপৰত বিদ্ৰোহ কৰিব খোজা মানুহজনে ওলাই আহিব খোজা শিকলি দালত বেচিকৈহে পাক ল’লে, হয়তো কাৰোবাৰ হাতোৰাত বন্দী হ’ল, গম পাইছিলো তেওঁ আজিকালি প্ৰায়ে মদ খাই থাকে৷
আজি দুদিন মান আগত Basumatary দাই কৈছিলে আমাৰ ইয়াত গোলাপ ফুল কৰি আছে৷ নাথদাই কৈছিলে৷ আমাৰ ইয়াত এটা ভাল থীম আছে৷ এই সফলতাৰ পিচত মই গৈছিলো, মানে মই শেণটো যোৱাদিয়েই গৈছিলো৷ কিন্তুু গৈ দেখিবলে পাইছিলো এখত বেলেগ ছবি৷ এজন ষ্ট্ৰবেৰী খেতিৰে বিপ্লৱ অনা আগৰণুৱা, কৰ্মী মানুহৰ বুকুৰ ধৰফৰণিৰ আমি সাক্ষী হৈছিলো৷ তেও্ঁৰ কথাখিনি শুনি দুখ লাগিছিলে৷ ভাৱ হৈছিলে কোনোবাই তেওঁক সহায় কৰা হেঁতেন৷ ইয়াতো সেই হেঁতেনেই৷ ভাৱ হৈছিলে এই যদি, হেঁতেন, অসম্ভৱ শব্দবোৰ হেৰাই যোৱা হ’লে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক