যন্ত্ৰণাৰ মুহূৰ্তবোৰ পাৰহৈ (প্ৰীতিমা চাংমাই নেওগ)

 

অপূৰ্ব এই নদী ! নদীৰ পাৰত এথন নাও । ফুলেৰে সজ্জিত এই নাওখন তাই বাৰু ইমানদিনে দেখা নাছিল কিয় ? নাওখনত উঠাৰ লগে লগে ধীৰ-স্ৰোত নদীৰ বুকুত নাওখন ক্ৰমে আগুৱাই যাবলৈ ধৰিলে । যেন নদীৰ অনন্ত গতিয়ে তাইক লৈ যাব লক্ষ্যস্থান অভিমুখে । প্ৰত্যক্ষ কৰিলে নদীৰ দুয়োপাৰৰ বনবীথিকাত ফুলিছে অনেক ফুল । হঠাৎ স্ফটিক যেন পানীত নিজৰ প্ৰতিচ্ছবি দেখি আশ্চৰ্যত তাই তধা লাগি ৰ’ল । এইজনী তাইয়েনে ? বতাহত ঢৌ খেলা বগা ৰেচমী সাজ । লাজৰ আভা সনা গোলাপী গাল । অকস্মাৎ নদীৰ পাৰত খুন্দা খাই নাওখন ৰৈ গ’ল । মধুৰ হাঁহিৰে এক যৌৱন উচ্ছ্বসিত সুদৰ্শন যুৱকে দুহাত প্ৰসাৰী তাইলৈ চাই আছে । বিমূঢ় বিস্ময়ত তাই কৈ উঠিল – কোন তুমি !

আ: কি হ’ল মোৰ ? কোনে মোক এই ঠাই পোৱালেহি ? আতংকত মানসী শিয়ৰি উঠিল । চকু দুটা বহলকৈ মেলি দিলে । এইয়া দেখোন নাগৰাজ্য ! তাইৰ চৌপাশে মৃতপ্ৰায় হৈ পৰি থকা ক’লা ক’লা সাপবোৰ ক্ৰমাৎ জীৱন্ত হৈ তাইক লক্ষ্য কৰি ফেঁট তুলি আহিছে । তাই দৌৰিব খুজিছে । অথচ দৌৰিব পৰা নাই । ভয়ত বিবৰ্ণ হৈ পৰিছে তাইৰ মুখ । চোঁচা মাৰি অহা প্ৰকাণ্ড সাপ এডালৰ সন্মুখত তাই আঁঠু কাঢ়ি বহি দিলে । চকু দুটা মুদি দুহাতেৰে মুখখন ঢাকি ধৰিলে । মুহূৰ্তৰ বাবে যেন মানসীয়ে নিজৰ অস্তিত্বকো পাহৰি পেলালে । প্ৰকাণ্ড সাপটোৱে তাইৰ ব্ৰহ্মতালুত দংশন কৰিবলৈ উদ্যত হৈছে । উহ: প্ৰচণ্ড যন্ত্ৰণা ! মাকে কোৱা তক্ষক আৰু পৰীক্ষিতৰ কাহিনীটোলৈ মনত পৰিল । কিন্তু ক’তা ! সাপটোৱে দেখোন তাইক ক্ৰমে আলফুলে মেৰাই যাবলৈহে ধৰিছে । সাপটোৰ শৰীৰৰ উত্তাপত তাই দেহত এটা মৃদু পুলক অনুভৱ কৰিলে । পৰম তৃপ্তিত মানসীয়ে আত্মসমৰ্পন কৰিলে নাগৰাজৰ আৱেষ্টনীত । ঘটনাটো তাইৰ কিবা নুবুজা সাঁথৰ যেন লাগিল ।……..

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । আটায়ে উত্তৰ লিখাত ব্যস্ত । মানসীয়ে অসহায়ভাৱে ইফালে সিফালে চালে । তাইৰহে উত্তৰবোৰ মনত নপৰে । ভয় আৰু উত্তেজনাত তাই কঁপিবলৈ ধৰিলে । মোৰ কি হৈছে । মই সকলো কথা পাহৰি গৈছোঁ কিয়, মই কোন !  মোৰ নাম কি !

তাইৰ স্মৃতিশক্তি যেন ক্ৰমাৎ শেষ হৈ গৈছে । সৰ্বশৰীৰ ঘামত তিতি জুৰুলি-জুপুৰি হৈছে । দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । কিন্তু ডিঙিৰপৰা এটাও শব্দ ওলাই নাহিল । …

জিকাৰ মাৰি মানসী সাৰ পাই গ’ল । শৰীৰটো সঁচাকৈ ঘামত তিতি গ’ল । ঘপহকৈ উঠি বহিল । আন্ধাৰতো ঘড়ীটোৰ কাঁটাকেইডাল জিলিকি উঠিছে । তিনি বাজিবলৈ পোন্ধৰ মিনিট আছে । টেবুলত খেপিয়াই খেপিয়াই টৰ্চটো বিচাৰি আনিলে । ছে: বহুত পলম হ’ল । গাৰুটো দাঙি চালে । চিঠিখন তাতেই আছে । আজি বাৰু তাইৰ কেনেকৈ টোপনি আহিল । নি:শব্দে মাক-দেউতাকৰ কোঠাত সোমাল । শেষবাৰৰ বাবে মাক-দেউতাকৰ মুখখন চাবৰ বাবে আঁঠুৱাখনৰ ওচৰলৈ নিজৰ মুখখন চপাই নিলে ।

মানসীৰ মনটো পাতল লাগিছে । তাইৰ বাবে আজিৰ পৰা কোনেও অশান্তি পাব নালাগে । এক অভূতপূৰ্ব মানসিক শান্তি লৈ তাই লক্ষ্যস্থান অভিমুখে যাত্ৰা কৰিলে । জোনাকী পৰুৱাৰ পোহৰত জিলিকি উঠিছে বাঁহতলীয়া বাট । সৰুতে জোনাকীবোৰৰ পিচে পিচে তাই আৰু ভায়েকে কিমান যে দৌৰিছিল । এক স্মৃতিকাতৰ অনুভৱে তাইক ক্ষন্তেক থমকি ৰবলৈ বাধ্য কৰালে । ডেৰ কিল’মিটাৰ বাট যাবলৈ প্ৰায় পঞ্চল্লিছ মিনিট লাগিব । তাই কোবাকুবিকৈ যাবলৈ আৰম্ভ কৰিলে ।……………..

মানসীৰ বয়স আঠবছৰমান হৈছিল । হঠাৎ নিশা টোপনিৰপৰা উঠি মাকজনী বাহিৰলৈ ওলাই গৈছিল । বহুপৰলৈকে ঘুৰি অহা নাছিল । কেনেবাকৈ সাৰ পাই মানসীয়ে ‘মা’ ,‘মা’ কৈ চিঞৰি উঠিছিল । দেউতাকে মাকক বিচাৰি বিচাৰি অৱশেষত গোহালি ঘৰৰ কাষৰ আমজোপাৰ তলত আৱিষ্কাৰ কৰিছিল । মানুহজনী হেনো জঠৰ হৈ আমজোপাৰ তলতে ৰৈ আছিল । পিচদিনাখন গোটেই গাঁওখনতে কথাটো বিয়পি পৰিল । খবৰ কৰিবলৈ অহা মানুহে মানসীহঁতৰ ঘৰখন ভৰি পৰিছিল । গাঁওখনৰ বেছিভাগ মানুহে বুঢ়া-ডাঙৰীয়াই লগ লোৱা বুলিয়েই ডাঠি কৈছিল । হয় হয় । নহ’লেনো মানুহজনী মাজনিশাখন আমগছজোপাৰ তল পায়গৈনে ? দেউতাকে ক’ৰপৰা জানো টাবিজ এটা আনি মাকক কঁকালত পিন্ধাইছিলহি । তাৰপিচতো মাকজনীৰ উৎপাতখন কমিল জানো । মানুহে মাকলৈ বগলীয়ে মাছ চোৱাদি চায় । মানসীয়ে ভয়তে মাকৰ কাষ চপা নাছিল । বহুদিনলৈ । ঘৰখনৰ বয়বস্তুৰ ষাঠি শতাংশই মাকে দলিয়াই ভাঙি নোহোৱা কৰিলে । কেতিয়াবা আক’ “কি গতি হ’ব ঐ” বুলি ৰাউচি জুৰি কান্দিবলৈ ধৰে । দেউতাক, আইতাকহঁতে বহু ঠাইত চোৱা-চিতাও কৰালে । “ভকতৰ দোষ লাগিল” বুলি অনেক সকাম-নিকামো কৰিলে । ওহোঁ ! কোনোপধ্যেই মানুহজনী সুস্থ হৈ নুঠিল । মানসীৰ মনত আছে মোমায়েকে আহি এদিন মাকক চহৰৰ বিখ্যাত মানসিক চিকিৎসকজনৰ ওচৰলৈ লৈ গৈছিল । তাৰ পিচত কেনেকৈ জানো মাকজনী সুস্থ হৈ উঠিল । মানসীৰ মনত নাই । মোমায়েকহঁতে কোৱা শুনিছিল মাকৰ হেনো গাভৰু কালতো এবাৰ এনে হৈছিল । তাইৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়তে মাকৰ অসুখটোৱে পুনৰ উক্ দিছিল । অৱশ্যে সেইবাৰ মাক নিজে নিজে সুস্থ হৈছিল । সুস্থ অৱস্থাত থাকোঁতে মাকে তাইক প্ৰায়ে কৈছিল – “মাজনী তই ডাক্তৰ হ’ব লাগিব । মোৰ বেমাৰটো তইয়ে ভাল কৰিব লাগিব ।” ডাক্তৰ হোৱাৰ সপোনটো মাকেই তাইৰ মনত গুজি দিছিল । সপোনৰ শিপাবোৰে খামুচি ধৰি আছিল তাইৰ বুকুত । কিন্তু মানসীয়ে আশা কৰা মতে পৰীক্ষা ভাল কৰিব নোৱাৰিলে । সপোনটোৱে ঠন্ ধৰিব নোৱাৰিলে । মাথোঁ তাইৰ বুকুৰ মাজত হালি থাকিল সপোনৰ সোঁৱৰণি।

মানসীৰ বিয়াখনো সুকলমে হৈ গৈছিল । সহপাঠী সহকৰ্মী অসীম বৰুৱাৰ সৈতে । দুয়ো একেখন কলেজৰে প্ৰবক্তা । শাৰীৰিক মানসিক পৰিশ্ৰমৰ ফলত মাকৰ বেমাৰটোৱে উক্ দিয়ে বুলি দেউতাক মোমায়েকহঁতে মনে মনে শংকিত হৈ আছিল । অৱশ্যে তেনেধৰণৰ একো নঘটাত আটায়ে স্বস্তিৰ নিঃশ্বাস পেলাইছিল । বিয়াৰ তৃতীয় দিনা । ন-কইনা চাবলৈ মানুহ আহিব । মানসী খৰধৰকৈ গা-ধোৱা ঘৰত সোমালগৈ । সংকোচ আৰু উগুল-থুগুল অনুভৱে নতুন ঘৰখনত প্ৰতিমুহূৰ্ততে মানসীক আছন্ন কৰি ৰাখিছিল । তাই অনুভৱ কৰিছিল অসীমৰ বাহিৰে অপৰিচিত প্ৰতিযোৰ চকুৱে যেন তাইক তন্ন তন্নকৈ নিৰীক্ষণ কৰিছিল । গা-ধোৱা ঘৰৰ দুৱাৰৰ হুকটো টানকৈ মাৰিহে মানসীয়ে নিৰাপদ অনুভৱ কৰিলে । তথাপি দুৱাৰখন জোৰেৰে হেঁচি চালে । খোলখাই যাবনেকি ? শৰীৰৰ পৰা এপদ এপদকৈ কাপোৰবোৰ খুলি দিলে । এনেকৈ নাঙঠ হৈ তাই যদি বাহিৰলৈ যায় । হঠাৎ তাইৰ হাঁহি উঠি গ’ল । গা-ধোৱা ঘৰৰ ভিতৰতে তাই হিঁ হিঁ কৈ হাঁহিবলৈ ধৰিলে । ক্ৰমে অস্বাভাৱিক হাঁহিৰ শব্দই বিয়াঘৰ ৰজনজনাই গ’ল । অসীমে বাহিৰৰ পৰা দুৱাৰত ঢকিয়াবলৈ ধৰিলে । অৱশেষত গা-ধোৱা ঘৰৰ দুৱাৰ ভাঙিহে তাইক উলিয়াব লগা হ’ল । সেইদিনাই আবেলি শহুৰৰ ঘৰৰ মানুহে মানসীক ঘৰত থৈ গ’লহি ।

তাৰপিচত । নিৰাময়ৰ সেই একেই ব্যৱস্থা । চোৱা-চিতা, সকাম-নিকাম, বেজ-ডাক্তৰ ইত্যাদি । আজি ছয়-সাতমাহে বিভিন্ন ধৰণৰ ঔষধবোৰ  খাই খাই মানসী ভাগৰি পৰিছে । অতি শক্তিশালী টোপনি অহা টেবলেট খাইয়ো তাইৰ টোপনি নধৰে । মাকে জোৰ-জৱৰদস্তী খুৱাবলৈ আহে । তাইৰ মাকলৈকে ভীষণ খং উঠে । নিষ্ঠুৰভাৱে তাই মাকক গালি পাৰে – “মোৰ কি দোষ আছিল কোৱা,  মা ! তোমাৰ বাবেই মই ভুগিব লগা হৈছে । তোমাৰ মগজুৰ পৰা মোৰ মগজুলৈ সংক্ৰমিত হোৱা ৰোগটোৰ বাবেই অসীমৰ ঘৰৰ মানুহে মোক ‘পাগলী’ আখ্যা দিলে ।” ভাতৰ কাঁহীখন “নাখাওঁ যা” বুলি মাকৰ মুখলৈকে দলিয়াই দিয়ে । মাজে মাজে তাই সম্পূৰ্ণ সুস্থ হয় । হতাশা আৰু বিষাদে তাইৰ দেহ-মন অৱশ কৰি তোলে । মৌন হৈ পৰে মানসী । মাক-দেউতাকৰ মুখলৈ চাবলৈ মন নাযায় । ক’বৰ মন যায় – “তোমোলোকেতো মোকেই জন্ম দিম বুলি ভবা নাছিলা । মাথোঁ বৈবাহিক জীৱনৰ অমৃতময় মুহূৰ্ত উপভোগ কৰিছিলা । ফলশ্ৰুতিত উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিলোঁ তোমাৰ অসুখটো । অসীমহঁতৰ ঘৰখনে তাইক কেতিয়াও স্বীকাৰ নকৰে । বংশলৈ কালিমা নানে । যৌৱনজালিৰ এচমকা পোহৰাই তোলা অসীমৰ জীৱনৰ পৰাও তাই অপসাৰিত হৈছে । তোমালোকৰ দৈনন্দিন জীৱনৰ অশান্তিৰ কাৰণো মই হ’ব নোৱাৰোঁ । আজি মোৰ জীৱন এক অন্ধকাৰ পথত উপনীত হৈছে;  য’ত পোহৰৰ লেখমাত্ৰাও চিন নাই । অপবাদৰ আঘাতত নিঠৰ হৈ পৰিল মোৰ সাঁচতীয়া সপোনৰ অনুভূতি । মই কিদৰে জীয়াই থাকোঁ । তাতোকৈ উত্তম, নিঃসংগ দিশহাৰা চৰাইৰ দৰে কটোৱা এই জীৱন শেষ হৈ যাওক ।”

মাক-দেউতাকলৈ ক্ষমা খুজি তাই চিঠি এখন লিখিলে । তাইৰ অবিহনেও মাক-দেউতাকে ভায়েকৰ সতে শান্তিৰে থাকিব পাৰিব । শান্তিপুৰ চাহ বাগিছাৰ পৰা নিশা বাৰ বজাৰ সংকেত শুনাৰ লগে লগে তাই ঘৰৰ পৰা ওলাই যাব । সিদ্ধান্তটো লোৱাৰ পিচত ভীষণ ভাল লাগিল । মৃত্যু উৎসৱত যেন উৎফুল্লিত হৈ উঠিল তাইৰ মন । সম্পূৰ্ণ সুস্থ অনুভৱ কৰিলে । টেবুলত থকা ঔষধ সোপা খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে । বিচনাখনতে বাগৰি বাগৰি মাক-দেউতাক আৰু ভায়েকৰ টোপনি অহালৈ বাট চালে । মুহূৰ্ততে তাই সকলো চিন্তা চেতনাৰপৰা মুক্ত অনুভৱ কৰিলে । ক্ৰমে যেন তাইৰ পাৰ্থিৱ চেতনা লুপ্ত হৈ আহিল ।

তিনি বজাত সাৰ পাইহে তাই আচৰিত হ’ল । অতদিনে টোপনি নহা মানুহজনীয়ে আজি বাৰ বজাৰ সংকেতো নুশুনিলে । চাৰি বজাত পোহৰেই হ’ব । ……….

নদীখন পাবলৈ মাত্ৰ এক ফাৰ্লংমান বাট আছে । ৰাজহুৱা মৰিশালিখননো কেতিয়া পাৰ হৈ আহিল গমকে নাপালে । আনকালে দিনে-পোহৰেও মৰিশালিখনৰ কাষেদি আহিলে কিবাখন লাগে । এক অপাৰ্থিৱ শিহৰণে আজি তাইক সাহসী কৰি তুলিছে । চৌপাশৰ পৰিৱেশৰ কথা পাহৰি সমগ্ৰ দুঃসহ যন্ত্ৰণা বুকুত বান্ধি অনুভূতিবোৰ গচকি গচকি মাথোঁ নদীখনক লক্ষ্য কৰি তাই আগবাঢ়ি গৈ থাকিল । বাৰিষাৰে চপ্-চপীয়া হৈ থকা নদীখন তাই ৰিণিকি ৰিণিকি দেখিলে । জোনৰ অন্তিম পোহৰত চিকমিকাই আছে নদীৰ পানী । তাইৰ মনটো নাচি উঠিল । এক দুৰ্বাৰ আকৰ্ষণে, নদীখনে চুম্বকৰ দৰে মানসীক টানি নিছে । বহুদূৰৈৰপৰা যেন তাই নদীখনত জপিয়াই দিব । আহঃ ! অপূৰ্ব সুখকৰ মুহূৰ্ত । মৃত্যুৰ পৰ্যবেক্ষণো ইমান উপভোগ্য হ’ব পাৰেনে ?  মানসীয়ে কেতিয়াও কল্পনা কৰা নাছিল । চেন্দেলযোৰ খুলিলে । কাষতে টৰ্চটো থলে । দেউতাকৰ মৰমৰ টৰ্চটো । একচেকেণ্ডো বিলম্ব নকৰি জাপ মাৰি দিলে নদীৰ বুকুত ।

গভীৰ শান্তি আৰু চৰম প্ৰাপ্তিত চকু দুটা মুদি দিলে । সাঁতুৰিব তাই নাজানে । চিন্তা নাই । তৎক্ষণাত তললৈ যাব । তাৰপিচত । শেষ । নদীৰ কোবাল সোঁতে তাইক উটুৱাই নিবলৈ ধৰিলে । এবাৰ সোঁফালে, এবাৰ বাঁওফালে । হোলোকা-হোলোকে পানী খাবলৈ ধৰিলে । তথাপি তাই ডুব নাযায় কিয় ?  হাত দুখনো লৰচৰ কৰা নাই । উহঃ তাই নমৰে কিয় ? মানসীয়ে ভৰি জোকাৰিবলৈ ধৰিলে । দেহটো এবাৰ পানীৰ তললৈ গৈছে, এবাৰ ওপৰলৈ গৈছে । কি যন্ত্ৰণা । হঠাৎ ওপৰলৈ ওলাওঁতে অস্পষ্টকৈ দেখিলে মানুহ এজনীয়ে দীঘল বাঁহ এডাল তাইৰ ফালে ঠেলি দিছে । প্ৰচণ্ড যন্ত্ৰণাত হাত দুখন মেলি তাই চিঞৰি উঠিল – “বচোৱা, বচোৱা ।” বাঁহডালত আঙুলিটো লগা যেন পাই তাই জোৰেৰে খামুচি ধৰিলে ।

“পানী বেচি খোৱা নাই ।” “কোনে বচালে ?”  “নদীত কাঠ ধৰিবলৈ অহা নেপালী মানুহ এজনীয়ে ।” “মাকৰ বাদে আটাইবোৰ ওলাই যাওক । জিৰণি ল’বলৈ দিয়ক ।” টুকুৰা-টুকুৰ শব্দবোৰ কাণত পৰিল । বুজিব নোৱাৰিলে তাই ক’ত আছে । ভৰিৰ আঙুলিকেইটাত এটা উষ্ম পৰশ পাই চকুকেইটা লাহেকৈ মেলিবলৈ চেষ্টা কৰিলে । কি পৰিস্থিতিত তাই হস্পিতেলৰ এই বিচনাখন পালেহি মনত পেলাবলৈ যত্ন কৰিলে । একো কথাই মনত নপৰিল । মাথোঁ অনুভৱ কৰিলে এক তীব্ৰ যন্ত্ৰণাৰ পৰা যেন তাই মুক্ত হ’ল । মুখৰ ভিতৰতে উচ্চাৰণ কৰিলে “মা !” শীৰ্ণ দুহাতেৰে তাইৰ ভৰিৰ আঙুলি টানি টানি বহি আছে তাইৰ দুখুনী মাকজনী । মাকৰ নিস্তেজ সকৰুণ মুখখন দেখি মানসীৰ বুকুখন হমহমাই গ’ল । চকু দুটা ভৰি আহিল । সৰুতে তাইৰ অসুখ হওঁতে অনিদ্ৰা অনাহাৰে মাকজনী তাইৰ কাষত বহি থাকিছিল । চম্পাৱতীৰ সাধু কৈ কৈ তাইক টোপনি যাবলৈ বাধ্য কৰিছিল ।  সপোনত তাই প্ৰায়ে সেই সৰ্প কোঁৱৰক দেখিছিল । মাকৰ বিবৰ্ণপ্ৰায় মুখখনলৈ চাই এক অপৰাধবোধত মানসীৰ শোক উথলি উঠিল – “কিমান লাঞ্চনা-গঞ্জনা সহ্য কৰিও, কিমান মুমূৰ্ষু মুহূৰ্ত পাৰ কৰিও তুমি মমতাৰে উজ্জ্বল হৈ আছা । তোমাৰ  ধৈৰ্যৰ সাধনা আৰু সন্তুষ্টিৰ অভ্যাস অথলে যাবলৈ নিদিওঁ মা । তুমিয়েই মোক আকৌ সপোন দেখুৱাবা । জীৱনৰ নতুন সপোন । যি সপোনে ভৰাই তুলিব পাৰে মোৰ শূন্য বুকু । দিব পাৰে জীৱন গঢ়াৰ অদম্য প্ৰেৰণা । তুমিয়েই মোৰ বুকুত বোৱাই দিবা অশ্ৰু অভিজ্ঞতাৰে সিক্ত এখন দৃঢ় সংকল্পৰ নদী । যি নদীৰ পলসে প্ৰেৰণা দিব, আনন্দ দিব । যন্ত্ৰণাৰ  মাজতো জীয়াই থকাৰ মধুৰ আনন্দ ” ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments