যন্ত্ৰণা — জ্যোতিকা ৰাজখোৱা বৰা

আমাৰ জীয়ৰীৰ ফুটুকী ফ্ৰকত

যিদিনা প্ৰথম তেজৰ কঁৰাল দেখিছিলো,

মূৰত হাত ফুৰাই কৈছিলো,

আই, আজিৰ পৰা তই ডাঙৰ হ’লি,

অনাই বনাই নুফুৰিবি৷

ডাঙৰ হোৱাৰ যন্ত্ৰণাত

ফেঁকুৰি ফেঁকুৰি কান্দি উঠিছিল তাই,

আৰু ময়ো সশব্দে উচুপিছিলো

তাইক ডাঙৰ কৰাৰ যন্ত্ৰণাত৷

জীৱনৰ বাট বৰ পিচল অ’ আই

সাৱধানে খোজ দিবি,

এবাৰ যদি ভৰি পিচল খায়

নিজকে বচাবলৈ বৰ টান হয় অ’৷

এতিয়াৰ পৰা যে মই নিজকে সলাব লাগিব,

মাক ভালেই বোলে জীয়েক ভাল,

কথাষাৰি মই অন্তঃকৰণেৰে বিশ্বাস কৰো

মই যি বাটেৰে বাট বুলিম

তায়ো মোক অনুকৰণ কৰিয়েই আগবাঢ়ি

যাব জীৱনত৷

নাৰী হোৱাৰো থাকে বহু যন্ত্ৰণা,

জীৱনত বহু ঘাত-প্ৰতিঘাত পাবি,

সাহসেৰে মুখামুখি হ’লেহে জীৱনত সফল হ’বি৷

আৰু বহু পাঠ আছে তোক শিকাবলৈ,

আমাৰ থাকে খোজে প্ৰতি বিপদৰ
আগজাননী,

তথাপিও কওঁ,

কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী,

কাৰোবাৰ মাতৃ হোৱাৰ আগতে

নিজকে এগৰাকী প্ৰকৃত মানুহ হিচাপে গঢ়িবি৷

নিজৰ অস্তিত্ব কেতিয়াও বিলীন হ’বলৈ নিদিবি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক