যন্ত্ৰণা (প্ৰতিম প্ৰতাপ বৰুৱা)

যন্ত্ৰণা (দপ্‌দপনি ১)

প্ৰতিম প্ৰতাপ বৰুৱা

“মৃত্যুতকৈ মৃত্যুভয়ে মানুহক বেছি বিহ্বল কৰি তোলে। হঠাৎ অহা মৃত্যুৱে মানুহক ভয় খাবলৈ সময় নিদিয়ে, কিন্তু সেই মৃত্যু যদি ধীৰে ধীৰে, আৰু নিশ্চিতভাৱে আহে তেন্তে সেই মৃত্যুভয়ে মানুহজনক জীয়াই থাকিবলৈ নিদিয়ে। সেইখিনি সময়ত মানুহজনে বুজি পায় জীৱন কি আৰু মৃত্যু কি।“ – এয়া ৰবিকান্ত সৎদেৱা নামৰ মোৰ বন্ধুটোৰ কথা।
“ঠিক কথা। কিন্তু সেই মানুহজন যদি ঘৃণনীয় অপৰাধ কৰা অপৰাধী হয়, তেন্তে তেওঁকো মৃত্যুভয়ে খুলি খুলি খাব পাৰেনে? কাৰণ সেইবিলাক মানুহ সাধাৰণ মানুহৰ দৰে অনুভূতিশীল নহয়।” – ৰবিকান্তৰ কথাৰ উত্তৰত এয়া ৰবিশ শ্ৰীৱাস্তব।
“পাৰে। সকলো মানুহৰে মাজত বিবেক নামৰ এক অনুভৱ থাকে। মানুহভেদে বেলেগ বেলেগ হ’ব পাৰে, বহুতৰ এই অনুভৱটো নিস্ক্ৰীয় হৈ থাকিব পাৰে, কিন্তু থাকে সকলোৰে। এজন অপৰাধীয়ে অপৰাধ কৰাৰ আগলৈকে বা অপৰাধটো কৰি থাকোতেও বা অপৰাধটো কৰাৰ পিছতো তেওঁৰ বিবেকটো শুই থাকিব পাৰে, কিন্তু যেতিয়া তেওঁ ধৰা পৰি জেলত বন্দী হয় আৰু শাস্তি হিচাপে সন্মুখত নিশ্চিত মৃত্যু দেখিবলৈ পায় আৰু ক্ৰমান্বয়ে ওচৰ চাপি অহা সেই ভয়ংকৰ মৃত্যুৰ পৰা হাত সৰাৰ একো উপায় নাথাকে তেতিয়া জঘণ্যতম অপৰাধীজনৰো বিবেকটো সাৰ পাই উঠে বুলি মই বিশ্বাস কৰোঁ।“ – যেন সি এজন অপৰাধীৰ মনস্তত্ব: বিশ্লেষকহে সেই সুৰত ৰবিকান্তে কৈ উঠিল।
“ৰবিয়ে ঠিকেই কৈছ’। বহুত ছোট্‌ ভাইয়া অপৰাধী দেখিছোঁ, যি পুলিচৰ হাতত ধৰা পৰাৰ আগলৈকে সাধাৰণ মানুহৰ আগত বীৰত্ব দেখুৱাই থাকে, কিন্তু পুলিচৰ হাতত ধৰা পৰি জেললৈ যোৱাৰ লগে লগে ঔকাতত আহি যায়। বহুত জঘণ্য অপৰাধ কৰা অপৰাধীও দেখিছোঁ, ধৰা পৰাৰ পিছত অকনো ভাগি নপৰা অপৰাধীও দেখিছোঁ। পুলিচে থাৰ্ড ডিগ্ৰী দিয়াৰ পিছতো সৈ নকঢ়া একো একোটা ভয়ংকৰ অপৰাধীকো মৃত্যুদণ্ডেৰে দণ্ডিত হোৱাৰ পিছত, ডেথ ৰ’ কন্‌ভিক্ট হৈ ফাঁচীকাঠৰ ৰচীডালৰ ভয়ত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাও দেখিছোঁ।“ – বেদে কৈ উঠিল।

এয়া আমি বেলেগ বেলেগ ঠাইত চাকৰি কৰা বেট্‌চমেটকেইটাৰ বহুদিনৰ মূৰত একেলগ হৈ কৰা, প্ৰায় অৰ্থহীন আলোচনা। অৰ্থহীন এইকাৰণেই, কাৰণ আমাৰ এই আলোচনা সদায়েই বিক্ষিপ্ত, হয়তো অলপ সময়ৰ পিছতেই এই আলোচনাত ঠাই পাব আমাৰ নেক্সষ্ট প’ষ্টিং, প্ৰম’চন, ট্ৰেন্সফাৰ ইত্যাদিয়ে। আমি মানে ৰবিকান্ত, বিজয়, ৰবিশ, বেদ, সঞ্জীৱ, ধৰ্মেন্দৰ, নৰেশ আৰু মই। বহুতদিনৰ মূৰে মূৰে লগ পালেও আমি সদায় চাকৰিৰ কথা, দেশৰ কথা, ড্ৰাই প’ষ্টিং, ৱেট প’ষ্টিং, প্ৰমোচন আদি কথাবোৰহে পাতোঁ। নিজৰ কথা, মানুহৰ কথা পাতিবলৈ আমাৰ সময় নাই। এয়াও বোধহয় আধুনিক সভ্যতাৰ দান। আজি আৰু আমি আমাৰ অন্তৰংগ বন্ধুটোক নোসোধো “তহঁত কেনে আছ’?” বুলি, আমি সোধোঁ – “কেনে চলিছে বে? চাবি কিন্তু, অলপ চাই-চিতি চলিবি।“ তাৰ পিছতেই আমাৰ কথাই সফলতাৰ আধুনিক সংজ্ঞা বিচাৰিবলৈ ধৰে। নিজৰ নিজৰ কপাল থূপাই বিচাৰিবলৈ লোৱা সেই সফলতাৰ সংজ্ঞাৰ তলত হেঁচা খাই লুকাই যায় বন্ধুত্বৰ নিৰ্মল স্পৰ্শ আৰু খোলা হাঁহি। কিন্তু আজি কথাবোৰ অলপ বেলেগ। সাম্প্ৰতিক কিছুমান ঘটনাই আমাৰ মাজত খং আৰু হতাশা একেলগে জন্ম দিছে।

“হয়, মৃত্যুভয়ে মানুহক ভয়ানকভাৱে বিহ্বল কৰি তুলিব পাৰে।“ – মই সংক্ষেপে ক’লোঁ। এনেয়েও আমি লগ হ’লে মই বেছিভাগ সময় সিহঁতৰ কথাবিলাক শুনাতহে গুৰুত্ব দিওঁ। কোনোবাই মোক কৈছিল – be a good listener and listen in such a way that others love to speak to you.

মৃত্যুভয়ৰ কথা ওলালেই মোৰ নিজৰ এটা ঘটনালৈ মনত পৰে। জীৱনত কেইবাবাৰো নিজৰ মৃত্যুক তেনেই ওচৰৰ পৰা দেখিছোঁ। দুবাৰমান এচুলিমানৰ ব্যৱধানতহে বাচি আহিছোঁ। কিন্তু মৃত্যুভয় বুলি ক’লে কিয় জানো সকলো এৰি মোৰ সেই আকাশীযাত্ৰাটোলৈহে মনত পৰে। সেইদিনা দিল্লীৰ পৰা কলিকতালৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিশাল এয়াৰ বাচখন বতৰ বেয়া হোৱাৰ বাবে দমদম এয়াৰপৰ্টত অবতৰণ কৰিব নোৱাৰাত ভূবনেশ্বৰলৈ ডাইভাৰ্ট কৰা হৈছিল। ঘন ক’লা ডাৱৰে আৱৰি ধৰিছিল এৰোপ্লেনখনক। এনে লাগিছিল যেন এৰোপ্লেনখনে খুব কষ্ট কৰিহে আগবাঢ়িছে। প্ৰৱল ধুমুহাই মাজে মাজে এৰোপ্লেনখন কেতিয়াবা ইফালে কেতিয়াবা সিফালে একতীয়া কৰি দিছিল। মাজে মাজে থকা এয়াৰ পকেটবোৰে এৰোপ্লেনখন কেতিয়াবা ভাৰসাম্যহীন কৰি হঠাৎ কিছু তললৈ খহাই দিছিল। ইমান ভয়ানক টাৰবুলেন্স ইয়াৰ আগতে কোনো যাত্ৰাতে পোৱা নাছিলোঁ। বহুত যাত্ৰীয়ে ভয়তে চিঞৰি দিছিল। মোৰ কাষৰ যাত্ৰীজনে মোক কৈছিল – “ভয় নকৰিবা। একো নহয়।“ তেওঁলৈ চাই দেখিছিলোঁ মুখত এটা সৰু হাঁহি লৈ তেওঁ বহি আছে। মই কিন্তু হাঁহিব পৰা নাছিলোঁ। সেইদিনা মোৰ ভয় লাগিছিল। জীৱনটো হেৰুওৱাৰ ভয়ত আকুল হৈ পৰিছিলোঁ। ভূবনেশ্বৰ বিমানবন্দৰত নামি সেই যাত্ৰীজনে মোক নিজৰ পৰিচয় দিছিল – “So young man, here we are. It happens. By the way, I am Colonel Mohan Singh Rawat.”
কৰ্ণেল ৰাৱটে ঠিকেই কৈছিল। It happens, এইবোৰ হয়। মৃত্যু কেতিয়াবা এনেকৈয়ে ওচৰ চাপি আহিব খোজে।

কিন্তু আজি আমি বেট্‌ছমেটকেইটা লগ হৈ জঘণ্য অপৰাধ কৰা অপৰাধীবোৰৰ শাস্তি হিচাপে ন্যায়ালয়ে প্ৰদান কৰা মৃত্যুদণ্ডৰ কথাহে পাতি আছিলোঁ। ব্যক্তিগতভাৱে মই নাৰী ধৰ্ষণকেই আটাইতকৈ জঘণ্য অপৰাধ বুলি গণ্য কৰোঁ। ধৰ্ষণৰ পিছত অবৰ্ণনীয় অত্যাচাৰ কৰি নাৰীগৰাকীক হত্যা কৰি পেলোৱাটোক জঘণ্যতম অপৰাধ বুলি ক’লেও সম্পূৰ্ণ নহয়। আৰু সেই নাৰী যদি এজনী ফুলকুমলীয়া শিশু হয় তেন্তে সেই অপৰাধক কি বুলি কোৱা যাব সেয়া মই নাজানোঁ। এনে অপৰাধীক মৃত্যুদণ্ড দিব লাগেনে নালাগে সেই প্ৰশ্ন অবান্তৰ। প্ৰশ্ন হোৱা উচিত সেই মৃত্যুদণ্ড কিমান সোনকালে কাৰ্য্যকৰী কৰিব পাৰি সেইটোহে।

আমাৰ মাজত কথা চলি আছে –
“এই ৰেপিষ্ট কেইটাক ৰাজহুৱাকৈ ফাঁচী দিব লাগে। কি যে হৈছে দিল্লীত! যোৱা ডিচেম্বৰত সেইটো ঘটনা, তাৰ পিছত আৰু কেইটা ঘটনা ঘটিল! আৰু এতিয়া এইটো ঘ্টনা। মাত্ৰ ৫ বছৰীয়া এজনী ছোৱালী। ভাবিলেও গাটো চেঁচা পৰি যায়। মানুহ পশুতকৈও অধম হৈ পৰিছে। ৰিপৰ্ট মতে দিল্লীত যোৱা ১০০ দিনত ৪০০ টাতকৈ বেছি ৰেপ হৈছে।“
“নাই, মানুহ পশুতকৈ অধম হৈ পৰা নাই। পশু ইমান অধম হ’বই নোৱাৰে। এনে আচৰণ পশুৱে নকৰে। এনে আচৰণ মাত্ৰ মানুহে কৰিব পাৰে। আৰু এইবোৰ ঘটনা অকল দিল্লীতেই হোৱা নাই। ভাৰতৰ প্ৰায় প্ৰতিখন চহৰতে এইবোৰ ঘটনা বাঢ়িবলৈ লৈছে আজিকালি।“
“পুলিচে কি কৰি থাকে? সিহঁতৰ হাপ্তা উঠাওতেই টাইম পাছ্‌ হয়। পিছত এফ আই আৰ লিখিবলৈ যোৱা মানুহক সিহঁতে চৰিয়ায়। দিজ পুলিচ অফিচাৰ্‌চ্‌ ছ্যুদ বি পানিশ্বড্‌।”
“য়েচ্‌। সেই অফিচাৰজনক বোধহয় ছাছ্‌পেণ্ড কৰা হৈছে। কিন্তু পুলিচে এই ক্ষেত্ৰত কি কৰিব? দিল্লী পুলিচৰ কমিশ্যনাৰে ঠিক কথাই কৈছে – Rapes were opportunist crimes committed within the confines of private spaces. Ninety-seven percent of such crimes are committed within the confines of homes, only 3% are committed by strangers.”
“আৰু এতিয়া ৰেপিষ্টবোৰে এটা নতুন পদ্ধতি লৈছে। একেবাৰে সৰু সৰু ছোৱালীক নিজৰ চিকাৰ হিচাপে বাচি লৈছে। ইয়াৰ কাৰণ হ’ল সেই সৰু সৰু ছোৱালীবোৰক হত্যা কৰিবলৈ উজু আৰু কেনেবাকৈ বাচি গ’লেও পিছত টিআইপিত, মানে টেষ্ট আইডেণ্টিফিকেচন পেৰেডত সিহঁতে ৰেপিষ্টকেইটাক আইডেণ্টিফাই কৰিব পৰাৰ আশা ক্ষীণ। ব্লাডি হে’ল! দিজ ৰেপিষ্টছ্‌ ছ্যুদ বি হেংঙ্গড্‌। নহ’লে সিহঁতক এন্‌কাউণ্টাৰ কৰি মাৰি পেলাব লাগে।“
“য়েচ। আৰু আমাৰ মাজতে এচাম অলগৰ্ধ আছে যি কয় ৰেপ হোৱাটোত বোলে ছোৱালীবিলাকৰ গাতহে দোষ আছে। ছোৱালীবিলাকে এক্সপ’জ কৰি কাপোৰ পিন্ধে কাৰণেহে বোলে ৰেপ কেছ হয়। ব্লাডি ইডিয়ট্‌ছ‌! “ছোৱালীয়ে এক্সপ’জ কৰি কাপোৰ পিন্ধিলে পুৰুষৰ মাথা খাৰাপ হৈ ৰেপ কেছ হয়” বুলি অপেন্‌লী ক’মেন্ট দিয়া এইমখাই এতিয়া কি ক’ব? এই পাঁচ-ছয় বছৰীয়া ছোৱালীকেইজনীয়ে কি এক্সপ’জ কৰি কাপোৰ পিন্ধিছিল সেইটো সিহঁতে আমাক বুজাই ক’বনে? আৰু সেই ষ্টুপিড ধৰ্মগুৰুটো! ৰেপিষ্টক ভাইয়া বুলি সম্বোধন কৰি ভগৱানৰ নাম ল’লে ৰেপিষ্টে ৰেপ নকৰে বুলি ছোৱালীক বুজাবলৈ অহা সেই ধৰ্মৰ ব্যৱসায়ীটো! এইচব কথা কোৱা মানুহবোৰ আচলতে একো একোটা মেনিয়াক্‌। চাঞ্চ পালে সিহঁতেও এনেকুৱা কাম কৰি দিব পাৰে।”
“বাই দি ৱে, নিৰ্ভয়াৰ ৰেপিষ্টকেইটাৰ ফাঁচী হ’বগৈনে? সিহঁতৰ লিডাৰটোৱে জেলৰ ভিতৰতে নিজে নিজে ফাঁচী লগাই মৰিল। এতিয়া বাকী থকাকেইটাৰ ফাঁচী হ’বনে? আৰু এতিয়া এই ঘটনাটোৰ ৰেপিষ্টকেইটা? সিহঁতৰ ফাঁচী হ’বনে নহয়?”
“সেইটোৱেই আচল কথা। ভাৰতীয় আইনী ব্যৱস্থাটো ইমান দীঘলীয়া আৰু ইমান সুৰুঙা থকা যে এই ৰেপিষ্টবোৰৰ শেষত গৈ কি শাস্তি হয়গৈ সেইটো এতিয়াই একো ক’ব নোৱাৰি। দেখা নাই জানো নিৰ্ভয়াৰ ৰেপিষ্ট এটাই এয়াৰ ফৰ্চত চাকৰিৰ কাৰণে পৰীক্ষা দিম বুলি জেলৰ ভিতৰত পঢ়া-শুনাৰ সুবিধা বিচাৰিছে আৰু লগতে বেইলো বিচাৰিছে। অৰ্থাৎ আমাৰ ভাৰতত ৰেপিষ্টেও চৰকাৰী চাকৰিৰ কাৰণে, আনকি ডিফেন্স ফৰ্চৰ চাকৰিৰ বাবেও এপ্লাই কৰিব পাৰে। কি নিয়ম হে এইচব? খং উঠি যায়।“
“কিন্তু নিৰ্ভয়াৰ ৰেপিষ্ট এটাই যে জেলৰ ভিতৰত আত্মহত্যা কৰিলে সেয়াই প্ৰমাণ মৃত্যুভয়ে মানুহক কেনেকৈ খুলি-খুলি খাব পাৰে।“
“এইবিলাক বিচাৰত আদালতে বেছি সময় লব নালাগে। যিমানে সময় গৈ থাকে সিমানে ঘটনাটোৰ তীক্ষ্ণতা ডাইলুট হৈ গৈ থাকে। তাতে যোগ হয় এই ছ’ ক’ল্ড মানৱ অধিকাৰ সংগঠনবোৰ। সিহঁতৰ মতে মৃত্যুদণ্ড উঠায়েই দিব লাগে হেনো। আমি দেখা নাছিলোঁ জানো আনকি আজমল কাছাবক ক্ষমা কৰিবলৈও বহুত মানুহে ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছিল।“
“কিহৰ মানৱ অধিকাৰ হে? মানৱ অধিকাৰ মানে কি? ক’ল্ড ব্লাডেদ ৰেপ আৰু তাৰ পিছত টৰ্ছাৰ কৰি মাৰ্ডাৰ কৰাটো মানৱ অধিকাৰৰ ভিতৰত পৰেনেকি? ৰেপ আৰু মাৰ্ডাৰ কৰাটো যিহেতু মানুহৰ অধিকাৰৰ ভিতৰত নপৰে, তেনেস্থলত সেই ৰেপ আৰু মাৰ্ডাৰ কৰা অপৰাধীক শাস্তি হিচাপে মৃত্যুদণ্ড দিয়াৰ সময়ত মানৱ অধিকাৰৰ উলংঘন কেনেকৈ হয়?”
“এইবোৰ মানৱ অধিকাৰ ফানৱ অধিকাৰ আদি কথাবোৰ আচলতে আমাৰ বিচাৰ ব্যৱস্থাটোত লগা সময়ৰ ফল। আমাৰ আইনী ব্যৱস্থাটোৰ সংশোধনৰ প্ৰয়োজন হৈছে। বিশেষকৈ ৰেপ এণ্ড মাৰ্ডাৰ কেছবোৰৰ অতি সোণকালে বিচাৰ কৰি অপৰাধীক শাস্তি বিহিব লাগে।“
“য়েচ।“

সঞ্জীৱে টেবুলত ঢকিয়াই কোৱা এই “য়েচ” শব্দটোৰ পিছত আমি গোটেইকেইটা কিছু সময় মনে মনে বহি ৰ’লোঁ। হয়তো এই মুহূৰ্তত মোৰ দৰেই মোৰ বন্ধুকেইটাৰ মনৰ মাজেদিও নিৰ্ভয়া আৰু সেই পাঁচ বছৰীয়া ছোৱালীজনীৰ দৰে অত্যাচাৰৰ বলি হোৱা অসংখ্য ছোৱালীৰ চেঙালুটি পৰা যন্ত্ৰণাবোৰ পাৰ হৈ গৈছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments