যমুনা (অনামিকা বৰুৱা)

উপন্যাস: যমুনা |
লেখক: মণিকুন্তলা ভট্টাচাৰ্য |
প্ৰথম প্ৰকাশ: ২০০৯|
মূল্য: ১২৫.০০ টকা|
প্ৰকাশক: পূৰ্বাঞ্চল প্ৰকাশ|

য’ত কাহিনী শেষ হয় তাৰপৰাই টানি নিব লগা হয় যদি প্ৰধান চৰিত্ৰই তেওঁৰ যাত্ৰা, কি নাম হ’ব এই গতিৰ? নগৰীয়া জীৱন শৈলীৰে প্ৰতিপালিত হৈও যি নাৰী গৃহাবদ্ধা, তেওঁৰেই অবচেতন মনে নিবিচাৰেনে নিজাকৈ এখনি সৌৰজগত? জীৱনৰ এনে উকা চিত্ৰপটতে যমুনাৰ নৈষ্ঠিক কথোপকথন|

এক অগতানুগতিক কাহিনীৰ উপন্যাস যমুনা| এটা শক্তিশালী অথচ নি:সঙ্গ নাৰী চৰিত্ৰ| চল্লিশৰ দেওনা অতিক্ৰম কৰা যমুনা সাধাৰণ মধ্যবিত্তীয় গৃহিণী| একে সময়তে হেৰুৱাইছে যি স্বামী আৰু একমাত্ৰ সন্তানক| কেৱল আয়ুস থকাৰ বাবেই জী থকা এই যমুনাই উপন্যাসখনৰ প্ৰধান চৰিত্ৰ্ৰ| ইতিপূৰ্বে উপন্যাসখন জনমভূমি কাকতৰ দেওবৰীয়া পৰিপূৰিকা ’বসুন্ধৰা’ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল|

জীৱন কিয় লাগে? জীয়াই থাকিবলৈ নে মৃত্যুক সাবটিবলৈ? শান্তনুক হেৰুৱাই বিধ্বস্ত হৈ গৈছিল যমুনা| গাড়ী এখনৰ সামান্য খুন্দাতে শেষ হৈ গৈছিল শান্তনুৰ অস্তিত্ব| দহা কাজত ব্যস্ত হৈ আছিল মানুহবোৰ| সোণকণ ওলাই গৈছিল পিণ্ড দিবলৈ| কোনোবাই যমুনাৰ বাবে গাখীৰ এটোপা যতনাই আনিছিল| বাতিটো হাতত লৈও যমুনা ৰৈ আছিল| পিণ্ড দি অঁতালেনে সোণকণে? তাৰ পাছত তাই বাতিটো নমাই থৈছিল| তাইৰ বুকুৰ অমৃত পান কৰি ডাঙৰ হোৱা ল’ৰাটো আগে উভতি আহক|
কিন্ত কি হ’ল?
মানুহবোৰ ঢপলিয়াইছে যে?
একে উশাহে চোতাল পাইছিলহি যমুনা| চলো চলোকৈ থকা বাছ এখনে মানুহজনৰ মূৰত খুন্দিওৱা মুহূৰ্তটোৱে ধক্‌কৈ খুন্দিয়ালেহি বুকুতে|
ধক্‌
ধক্‌
কি হৈছে?
ক’ত কি হৈছে?
পিণ্ড দিবলৈ যাওঁতে নৈৰ বোঁৱতী নৈৰ মাজত ঘূলি এটাত সোমাই হেৰাই গৈছিল সোণকণ|

…যমুনা বোধিসত্বৰ কাষ চপা সেই নাৰী নহয়| যি গাঁৱ গাঁৱে ঘূৰি এমুঠি সৰিয়হ বিচাৰিছিল মৃত পুত্ৰক পুনৰুজ্জীৱিত কৰাবলৈ| জানে, যমুনাই জানে, এই পৃথিৱীত পুত্ৰহাৰা মাতৃ অভাৱ নাই| তথাপি…তথাপি…বুকুৰ মাজত টা ঘূলি…কেন্দ্ৰত কোনো গ্ৰহ নোহোৱাকৈ অন্ধকাৰেৰে গৈ থকা এক মৃত উপগ্ৰহৰ অনুভৱ মাথোন| চৌপাশে তৰাৰ জিক্‌মিকনি আৰু তাইৰ বাবে এয়া কৃষ্ণ গহ্বৰৰ অন্ধকাৰ|

গাঁৱৰ পৰা দেওৰেক ভলোভদ্ৰ আহে| মাজে শাক-পাছলি দিবলৈ কাদেৰ আহে| কাদেৰৰ সদ্যোজাত শিশুপুত্ৰৰ বাবে এশটকা ধাৰলৈ দিয়ে যমুনাই|…পল্লৱী সোণকণৰ প্ৰেয়সী| এৰাতি তাইৰ স’তে তাইৰ ঘৰত নিশা কটোৱাৰ বাবে সোণকণক শাস্তি দিছিল যমুনাই| সোণকণে মহাত্মাৰ দৰেই চিঠি লিখি ক্ষমা খুজিছিল মাকক| ভাল হম বুলি প্ৰতিজ্ঞা কৰিছিল| তথাপি তাই মাফ কৰা নাছিল সোণকণক| সেই সোণকণক হেৰুওৱাৰ পাছত বিধ্বস্ত ৰূপত যমুনাৰ ওচৰলৈ গুচি আহিছিল পল্লৱী| উৰা মাৰি যোৱাদি গৈছিল যমুনা তাইক দেখি| বুকুত সুমুৱাই লৈছিল তাইক| কিছু সময় ধৰি আছিল| তাৰ পিছত উলিয়াই দুয়োহাতৰ তলুৱাৰে দাঙি ধৰিছিল তাইৰ মুখ| চকুত চকু থৈছিল| যেন সুধিব খুজিছিল—ক’ত? ক’ত লাগিছিল মোৰ ল’ৰাৰ হাতৰ পৰশ তোৰ এই মন্দিৰত? ক’ত?

বলোভদ্ৰৰ আঁত ধৰি আগবাঢ়ি আহে গাঁও আৰু গাঁওৰ মানুহবোৰ| সম্পৰ্কবোৰ ছিঙো-নিছিঙোকৈ লাগি থাকে যমুনাৰ গাত| কাদেৰৰ ল’ৰাটো নাবাচিল| মনে মনে বুকুৰ তেজ মচি তাই কাদেৰক কয়—যাবলৈ দিয়া…কাকো আমি ৰাখিব নোৱৰোঁ, যাব খোজে তেওঁলোক…যাবলৈকে দিব লাগে| আমাৰ বান্ধোনৰ পৰা মুক্ত হৈ তেওঁলোকে যদি বিচাৰি থকাখিনি পাই যায়, তেন্তে তাকে হওক|…কিতাপ এখন মেলি লয় যমুনাই| জীৱ যদি ব্ৰক্ষ্ম, যদি শৰীৰ এৰি তোমালোক মুক্ত হ’লা, তেন্তে ক’লৈ গ’লা? মই জানো, অ’ মই যমুনাই জানো ৰছী এডালকে সাপ বুলি ভুল কৰাদি এই সংসাৰখনকে সত্য বুলি আমি ভুল কৰোঁ| সংসাৰৰ সুখ-দুখ, জনম মৰণ একোৱেই যেতিয়া স্পৰ্শ কৰিব নোৱাৰা হয়গৈ, তেতিয়াহে উপলব্ধি কৰা যায় ব্ৰক্ষ্ম সত্য| এই উপলব্ধি যাৰ আছে তেওঁ জীৱিত কালতে জীৱন্মুক্ত, মৃত্যুত লীণ হৈ যায় ব্ৰক্ষ্মত|

যমুনা| যমুনা| মানুহৰ নিজৰ নামটো শুনি বিৰক্ত হৈ উঠে যমুনা| তাইৰ নাম যমুনা কিয় হ’ল? আন নাম কিয় নহ’ল? কিন্তু এতিয়া? অস্তিত্বহীনতাৰ অন্তৰালতো সাৰে আছে যমুনা| সাৰে আছে কেতেকীজনীও| চৰাইৰ ডেউকাৰ ছবিৰ মাজত সোণকণে ভুমুকি মাৰে কেতিয়াবা| পল্লৱীৰ মাতত সোণকণ জী উঠে কেতিয়াবা| আৰু শান্তনু! তাইক ড্ৰাইভিং ছীটত বহুৱাই দি এই যেন সুধিব তাইক- ’মই সুখী যমুনা, তুমি? তুমি সুখীনে?’ নিস্তব্ধতা থান-বান কৰি হেৰাই যায় শান্তনুৰ মাত| ওপৰৰ ভাড়াঘৰৰ ল’ৰাটোৱে তাইলৈ আগবঢ়াই দিয়ে কৰুণাৰ হাত| স্তব্ধ হৈ যায় যমুনা|

পুতলী, দিবাকৰ, ৰঞ্জিত, চক্ৰৱৰ্তী, কাদেৰৰ ঘৈণীয়েক, আব্বাছ মিঞা, মালা, গঙ্গা, গৌতম, গৌতমৰ পত্নী জয়া অনেক চৰিত্ৰই যমুনাক পৰিভ্ৰমণ ঘূৰি আছিল| কিন্তু যমুনা যেন এখন শ্মশানক্ষেত্ৰ| মৰা শৰ আশ্ৰয়স্থল| শান্তনুৱে এদিন ঘৰটোৰ নাম ৰাখিব খুজিছিল বিশ্ৰাম কিন্তু যমুনাই নাম দিছিল আশ্ৰয়| অথচ আজি যমুনা নিজেই নিৰাশ্ৰয়া| দিছিল নেকি কোনোবাই যমুনাক এধানি আশ্ৰয় অন্তৰত সংগোপনে! ভৰিৰ তলৰ মাটি হেৰাই গৈছিল যমুনাৰ| পল্লৱী পুনৰ মাক-দেউতাকৰ ওচৰলৈ গুচি গৈছিল| সেই ভাড়াঘৰৰ ল’ৰাটো, ৰাহুলৰ বিধবা প্ৰেয়সীৰ ৰূপত নিজকে আবিস্কাৰ কৰি এক প্ৰকাৰ পলাইছিল যমুনাই| যমুনাৰ কান্দোন শুনি ঢপলিয়াই আহিছিল গঙ্গা| কৈছিল তাইক- তই আকৌ বিয়া পাত যমুনা| ভস্মবাবাই কৈছিল তোৰ কপালত দ্বিতীয় বিবাহ আছে বুলি|….ক্ষণে ক্ষণে খোজে খোজে সোণকণ আৰু শান্তনুৰ স্মৃতিয়ে খেদি ফুৰা যমুনাই জীৱন বিচাৰি লৈছিল ৰঞ্জিতৰ কেঁচুৱাটোক বুকুত আঁকোৱালি লৈ| কেঁচুৱাটোক জন্ম দিবলৈ গৈ মালাক হেৰুৱাব লগা হোৱাত ৰঞ্জিতে মানি ল’ব পৰা নাছিল জীৱনৰ নগ্ন বাস্তৱক|

যমুনা এক ৰংহীন সত্তা|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments