যাওঁ বুলিয়েই যাব নোৱাৰি পুৰণি হৃদয় খুলি – মনালিছা শৰ্মা

যাওঁ বুলিয়েই গুচি যাব পৰাহেঁতেন
কোলাহলতকৈও মুখৰ ন’হলহেঁতেন
মৌনতাৰ এই প্ৰাৰ্থনা
কোনে সাধি লয় নিৰ্বাসনৰ প্ৰাচীন যন্ত্ৰণা…
নিজৰ ছাঁটোকে পৰ দিব নোৱাৰা বাউলী ৰাধা
সপোনৰ কানায়ে এন্ধাৰতে হাঁহে
এন্ধাৰতে জী উঠে দুচকুত
এছাটি হেঙুল বৰণ
আৰু মৰি থাকে যত সপোন সামৰি…
আপুনি শুনিছিলনে
অশান্ত সাৰেঙৰ ৰু-ৰুৱনিত চিঞৰি উঠা অৰণ্যৰ ৰোদন..
অথবা দেখিছিলনে
আকাশ পুৰি ছাই হ’ব খোজা
অনাকাংক্ষিত সেই বুকুৰ দহন…
খৰস্ৰোতা দিহিঙৰ কোবাল সোঁতত
গৰ্ভত সঞ্চিত হ’ব নোৱাৰে
এটি স্বপ্নৰ ভ্ৰূণ
একেচাটে উটুৱাই লৈ যায়
উশাহ হৈ বুকুত ঘৰ পতা
মমতাৰ সেই পানী-সেউতী ফুল
বৈভৱ-ঈশ্বৰে হাত মেলোঁতেও
যাব নোৱাৰি
যাওঁ বুলিয়েই পুৰণি হৃদয় খুলি
গাব নোৱাৰি উশাহ সলোৱাৰ গান…
যাব পৰাহেঁতেন
শ্যামবছা ৰাতি এটিত
পুনঃ জী উঠাৰ হাবিয়াস লৈ
শৰশয্যাময় এন্ধাৰবোৰ
অকাতৰে পি থকাৰ ৰাগীয়েই বা ক’ত………..!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক