যাত্রা (তুলিকা নিৰ্মলীয়া)

(১)

লাষ্ট‌ গাড়ী, লাষ্ট গাড়ী… আহক বাইদেউ আহক… লাষ্ট‌ গাড়ী, লাষ্ট গাড়ী…

: চিট আছেনে দাদা?
: আছে বাইদেউ, উঠক!
: কিয় মিছা কথা কৈ মানুহ উঠাইছা হে? চিটেই নাই! ইমান দূৰ বাট ঠিয় হৈ যাব পাৰি নেকি?
: বাইদেউ, ইমানবোৰ চিট আছে দেখোন! ‘খালী চিট’ নথকাটো বেলেগ কথা আৰু দিয়কচোন!
: চিটবোৰ আছিলেই যদি গাড়ীখন খালী কেনেকৈ আছিল?
: হেঃ হেঃ হেঃ… ৰ’ব বাইদেউ, চিট এটা দিছোঁ আপোনাক…

বাছৰ মানুহখিনিয়ে গির্জনি মাৰি হাঁহিলে। বাছখনৰ ল’ৰামতীয়া হেণ্ডিমেনজন আৰু শকত-আৱত মানুহগৰাকীৰ কথাকেইটা শুনি ময়ো সশব্দে হাঁহি দিলোঁ।

সদায় অহাৰ দৰে কর্মস্থলীৰপৰা ঘৰলৈ উভতিছোঁ। দুঘণ্টাৰ বাট। কিতাপ দুখনমান ল’বলৈ আছিল। সময় নহ’ল আজি। কাইলৈ যেনে তেনে ল’ব লাগিব। ভালেদিন হ’ল কিতাপ নপঢ়া। অকলশৰীয়া সময়বোৰত মনটোৱে কেতিয়াবা বৰ কষ্ট পায়! তেনেকুৱা সময়বোৰত কিতাপৰ মাজৰ বিভিন্ন চৰিত্রবোৰৰ সৈতে কথা পাতি থাকিবলৈ পালে ৰক্ষা পৰোঁ।

খিৰিকীৰ কাষৰ ছিটত বহি বতাহ আহক বুলি গ্লাচখন খুলি দিছিলোঁহে। বাছখনেও সেই সময়তে গতি লৈছিল। মোৰ আগৰ ছিটত বহা কোনোবাই খিৰিকীৰে মূৰটো ওলিয়াই দিলে থুৱাই! ছিটিকনি হৈ দুই-এফুটা মোৰ মুখতে পৰিল! খঙটো উঠি আহিছিল যদিও একো নক’লোঁ! বটলত থকা অৱশিষ্ট পানীকণেৰে ৰুমালখন তিয়াই মুখখন মচি ল’লোঁ। অবাঞ্চিত একো শুনাৰ মন নাছিল কাৰণেই মনে মনে থাকিলোঁ! অফিচতো আজি ইণ্টাৰনেটত খুঁচৰি খুঁচৰি কিতাপৰ লিষ্ট এখন লিখি আছিলোঁ। তাকে দেখি সহকর্মী এগৰাকীয়ে কৈ উঠিল-

: ইমান টকা খৰচ কৰি কিতাপ কিনিবা? মই যে নিকিনো দেই! লাগিলে এযোৰ ভাল কাপোৰ কিনিম! টকা খৰছ কৰি কিতাপ কিনি পঢ়াটো চূড়ান্ত পাগলামিৰ বাদে একো নহয়! বেছিকৈ কিতাপ পঢ়া মানুহবোৰ পাগল যেন হে লাগে মোৰ!

হাঁহি মাৰি হজম কৰি থওঁ! তাৰ বাদে আৰু উপায় কি! অর্থহীন যুক্তি তর্ক? ২৫০ টকাৰ ৰেভলন লিপষ্টিক এটা কিনি আনি ওঁঠত লিপিবলৈ মই অপাৰগ, অপাৰগ মই মুখত ইঞ্চিৰ জোখত ডাঠ প্রলেপ লগাই প্রসাধন কৰিবলৈ! কাৰণ মই নাজানো! নাজানো নিজক সজাই ৰাখিব! সেই বুলি মইতো কাকো কোৱা নাই, নিজক সুন্দৰকৈ সজাই-পৰাই ৰখাটো, ৰাখিব পৰাটো পাগলামি বুলি!! বিপৰীতে বিশ্বাস কৰোঁ সেইটো এটা আর্ট। চবেই নোৱাৰে। বিশেষকৈ মোৰ দৰে চেহেৰাৰ মানুহে! মানুহ স্বাভাৱিকতে সৌন্দর্যৰ উপাসক!

দিনটো মগজুৰ কচৰৎ নোহোৱা কাম! যন্ত্রবৎ চলি থাকে! নিৰস, আমনিদায়ক! তাতে এনে কথাবোৰে আৰু আমনি কৰে মোক। তথাপিও তাতেই চেপি চেপি ৰস উলিওৱাৰ ব্যর্থ প্রচেষ্টা! বেয়া নালাগে! আচলতে ভাল লগাই লওঁ! নহ’লে যে সহ্য কৰিব লাগিব কাৰোবাৰ পাকঘৰৰ ৰেচিপিৰ বর্ণনা, নতুনকৈ ওলোৱা কোনোবা কাপোৰৰ দিজাইনৰ কথা, ‘গোপী বহু’, ‘কুমকুম ভাগ্য’ৰ সম্ভাৱনীয় নেক্সদ্ এপিচ’দৰ বর্ণনা… হা-হুমুনিয়াহ! উফ্! অসহ্য! পৰিত্রাণ বিচাৰি চকু দুটাই বিচাৰি যায় মাইক্র’স্কোপৰ ‘আই-পিচ্’! পিত্ পিতাই চাওঁ মানুহৰ ক্রম’জম—ক’ৰবাত বঢ়া-টুটা, কিবা খেলিমেলি হৈছে নেকি! কেতিয়াবা ২১ নম্বৰ ক্রম’জম এদাল বেছিকৈ থাকে! নিৰৱে সৰি পৰে এটা হুমুনিয়াহ! এটি ‘এবনর্মেল শিশু’… মানসিকভাৱে বাধাগ্রস্ত!!

আমাৰ ছাৰে কয় “they are not abnormal or retarded, they are differently abled”… মনটো ভাল লাগি যায়! আচলতে আমি কথাবোৰ কেনেকৈ ভাবোঁ, ভাবি আমাৰ ধাৰণাবোৰক কেনেকৈ গ্রহণ কৰোঁ সেইটোৱে বহুত কিবাকিবি সলনি কৰি দিব পাৰে। সলনি হ’ব পাৰে আমাৰ জীৱনৰ প্রতি থকা দৃষ্টিভংগী… জীৱনবোধ!

(২)

গুৱাহাটীলৈ আহিছোঁ। কাম অলপ আছিল। বাটতে চুপাৰখনৰ চকা ফুটিল। কিমান দেৰি ৰ’বলগীয়া হয় ঠিক নাই। বাছত এটা ৰাতি বহি আহিব লগা কামটো মই তিলমানো পচন্দ নকৰোঁ। হঠাতে আহিব লগা হোৱাত ট্রেইনৰ টিকেট কৰা নহ’ল। মাজৰাতি মাজবাটতে এইয়া! খং কৰিও লাভ নাই এতিয়া। চিগাৰেট এটা হুঁপিবলৈ মন যোৱাত বাছৰপৰা নামি আহিলোঁ। এই চিগাৰেটটোৰ সৈতে বহুত কিবাকিবি জ্বলাই দিয়াৰ বাসনা এটা তীব্র হৈ উঠে প্রায়েই। চিগাৰেট এটা লৈ জ্বলাবলৈ লওঁতেই মোবাইল ফোনটো সশব্দে বাজি উঠিল। নামটো দেখি পার্যমানে নিজৰ বিৰক্তিখিনি লুকুৱাই অনিচ্ছা স্বত্তেও কৈ উঠিলোঁ-

: অ’ কোৱা!
: ক’ত পালাগৈ? কিবা খালানে?

ওহোঁ, মোৰ প্রতি তাইৰ এই অহেতুক দৰদ মুঠেও পচন্দ নকৰোঁ। কোন তাই মোৰ? বন্ধু এজনতকৈ বেছি স্থান কোনো দিনে দিয়া নাই তাইক। মই ক’ত গৈছোঁ, কি কৰিছোঁ, খাইছোঁ নে নাখাইছোঁ কিয় লাগে তাইক? উঠি অহা খঙটোক কোনোমতে দমন কৰি তাইক ক’লোঁ-

: এই জাষ্ট খালোঁ! এতিয়া কথা নাপাতোঁ দিয়া, বাছখন যাব লৈছে।- মই মিছাকৈয়ে ক’লোঁ!
: ঠিক আছে। ভালকৈ যাবা। গৈ পাই ফোন এটা কৰিবা।
: ওম…

আচৰিত এই ছোৱালী জাতিটো! দুদিন আগতে তাইক বহুত কিবাকিবি কথা শুনাইছোঁ। তথাপি তাই মোৰ খবৰ ল’বলৈ এৰা নাই। মোৰ জীৱন মই যেনেকৈয়ে জীয়াওঁ লাগে সেইটো মোৰ কথা। তাত আন কাৰোবাৰ হস্তক্ষেপ মুঠেও নিবিচাৰোঁ। নালাগে মোক কাৰোৰে সহানুভূতি। জানো, তাই বিচাৰে মোৰ হৃদয়লৈ যোৱা বাট! এইবোৰ প্রেম-ভালপোৱা, আৱেগ-অভিমানক প্রশয় দিয়া মানুহ মই নহয়। বহুতৰ দৰে তাইকো বন্ধুৰ দৰে দৰকাৰত সহায় কৰিছো। বচ্! সিমানেই। আৰু ভাবে কি তাই? নামটোৰ দৰেই তাইৰ গাৰ ছালখনো আন্ধাৰ! ‘নিশা’! নিশা তাইৰ নাম। নিজৰ কাষত বেছিপৰ সহ্য কৰিব নোৱাৰা এটা চেহেৰা!!

কিমান সময় আন্ধাৰতে ঠিয় হৈ আছিলো নাজানো। বাছখন ষ্টার্ট হোৱাৰ শব্দত সম্বিত ঘুৰাই পাই নিশাক আন্ধাৰতে এৰি বাছত উঠিলোঁ।

(৩)

গধূলিৰ প্রার্থনাৰ সময়তে ভাঁহি আহে ক’ৰবাৰপৰা শংখৰ মাত। এন্ধাৰৰপৰা পোহৰলৈ চাওঁ! এন্ধাৰৰো আছে সুকীয়া উত্তাপ! এন্ধাৰৰপৰা পোহৰলৈ একেটাই বাট, যিদৰে ৰাতিৰপৰা দিনলৈ…!! হয় জানো? … থাকক! নোসোধা প্রশ্নবোৰ তেনেকৈয়ে থাকক! হাজাৰটা সম্ভাব্য উত্তৰৰ মাজত নিজক হেৰুৱাৰ সুখ- হেৰাই নোযোৱালৈকে!! জীয়াই থাকিবলৈ আৰু লাগেনো কি?

ঋতলৈ ফোন এটা কৰিলোঁ। গুৱাহাটীলৈ গৈছে সি কিবা দৰকাৰী কামত। মোৰ সৈতে কথা পতাত বিশেষ আগ্রহী যেন নালাগিল তাক। টোপনি যাবলৈ চেষ্টা কৰিলোঁ। চিলিং ফেনখন চলি আছে… ঘৰৰ… ঘৰৰ… আচলতে ফেনখনৰ বতাহতকৈ শব্দটোৱেহে টোপনি অহাত সহায় কৰে মোক। বাহিৰৰ কোনো শব্দই আমনি কৰিব নোৱাৰে তেতিয়া!

ঋত! মোৰ বন্ধু! নিজৰ অজানিতে কেতিয়া জানো ভালপাই পেলালো তাক। সিদিনা মোবাইলত মেছেজ এটা লিখি পঠিয়াই দিছিলো ঋতলৈ-

“বৰষুণ আহিলে ছাতিটো নেমেলিবা
ৰ’দ হৈ আহিম ৰামধেনুক লৈ
… তোমাৰ ভালপোৱা!”

হয়তো বহুদিনৰে পৰা মোক সহ্য কৰি আছিল সি। সেইদিনা সহ্যৰ সীমা পাৰ হৈ যোৱাত মোক বহুত কথাই ক’লে!

: তুমি যি লিখা লিখি থাকা। কিন্তু এই প্রেম-ত্ৰেম জাতীয় কবিতা বোৰ মোক লৈ লিখি নাথাকিবা। নিজৰ লিখাবোৰৰ বাবে মোক একোটা বিষয় বস্তু কৰি নল’বা। মই ভাল নাপাওঁ।

মই ভাবিছিলোঁ সি চাগৈ ধেমালিতে তেনেকৈ কৈছে। সেয়ে হাঁহি হাঁহিয়েই কৈছিলোঁ-

: আমি যদি কাৰোবাৰ শব্দৰ মাজত স্থান পাইছোঁ, আমাৰ বাবেই যদি সৃষ্টি হৈছে শব্দৰ হাজাৰটা ভাস্কর্য; যদি আমাৰ বাবেই কাৰোবাৰ অন্তৰত জাগি উঠিছে সৃষ্টিৰ হাহাকাৰ, তেন্তে আমি খুবেই সৌভাগ্যবান! কাৰণ আমাৰ বাবেই কোনোবা জীয়াই আছে! জীয়াই আছে এমুঠি শব্দ! শব্দবোৰৰ মাজত আমিও জীয়াই থাকিম সদায়। সেই সৃষ্টিত নাই কোনো কলুষতা, ঈর্ষা নাই, নাই লাভালাভৰ অংক! সীমাহীন যন্ত্রণাৰপৰা মুক্তি পাবলৈ কৰা এখন অন্তর্মুখী হৃদয়ৰ বর্হিপ্রকাশ মাথোঁ! যি সত্য, সৎ; আৰু হৃদয়ৰপৰা নিগৰিত সেই শব্দত সত্যৰ অপলাপ কেতিয়াও নহয়, হ’ব নোৱাৰে।

আৰু মোক আচৰিত কৰি ঋতে খঙত চিঞৰি চিঞৰি কৈছিল-

: বাদ দিয়া তোমাৰ এইচব ফাল্টু ফিল’চফি। এইবোৰ সৃষ্টি নহয়! কোনো কাৰোৰে বাবে জীয়াই নাথাকে। চব নিজৰ কাৰণে জীয়াই থাকে। প্রেমক বাদ দি জীৱনত আৰু বহুত কিবাকিবি আছে। জীয়াই থাকিবলৈ প্রেম নালাগে, টকা লাগে। লিখিবই যদি আছে আজিৰ সমাজৰ কথা লিখা, ভ্রষ্টাচাৰৰ কথা লিখা, দুর্নীতিৰ কথা লিখা। ভাবিছা নেকি এইবোৰে সাহিত্যৰ ভঁৰাল চহকী কৰিম বুলি? তুমি যিবোৰক সৃষ্টি বুলি কৈছা, সৃষ্টিৰ নামত সেইয়া তোমাৰ দৰে আৰু বহুতো মূর্খ, আৱেগিক এচাম মানুহৰ পাগলামি। সহজ ভাষাত ক’বলৈ গ’লে “আ কাইণ্ড অৱ মাষ্টাৰবেচন্!” তোমাৰ যি বয়স, তোমাৰ এতিয়া শাৰীৰিক প্রয়োজন আহিছে। কাম্ ওৱান দে, আই উইল প্লিজ ইউ এণ্ড দেন লিভ মি ফৰ গড চ্যেক!

কোনোবাই কাৰোবাৰ ব্যৱহাৰত কিমান অতীষ্ঠ হৈ এনেকৈ ক’ব পাৰে? ফোনটো হাতৰপৰা কেতিয়া সৰি পৰিছিল নাজানো।

(৪)

আত্মাই অন্তৰ উজাৰি ভালপাব পৰা সোঁৱৰণিবোৰ হেনো গৌৰৱৰ বস্তু!!

বাছত চিংগল ছিট বিচাৰিছিলোঁ যদিও নাপালোঁ। মোৰ কাষৰ ছিটত ল’ৰা এটা বহিছে। ফোনত পাতি থকা কথা-বতৰাৰপৰা অনুমান কৰিলো মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে গুৱাহাটীৰ ইঞ্জিনিয়াৰিং কলেজত। ফোনৰ সিটো পাৰে চাগৈ অভিমানত ফুলা লুচি হৈ থকা প্রেয়সীৰ মুখ! এইফালৰপৰা ল’ৰাজনে অভিমান ভাঙিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। মই সাৰ পাই থকা দেখি পার্যমানে চেষ্টা কৰিছে মাতটো সৰু কৰিবলৈ। বেচেৰা! ল’ৰাজনৰ অৱস্থাটো দেখি ময়ো ইয়েৰফোনডাল কাণত লগাই ভাল লগা গান কেইটামান প্লে কৰি চকু মুদি ছিটত আউজি দিলো।

এনেকুৱা দিনবোৰ ময়ো পাৰ কৰিলোঁ! সৰু সৰু কথাতে পতা ঠেহ-পেচবোৰ ভঙাৰ মাজতো আছিল ভাল লগা কিবা এটা! এক সুকীয়া মাদকতা! মিছাকৈ খং উঠাই ৰং চাবলৈ বৰ ভাল পাইছিলোঁ মই!
জুৰি! এটি পাহাৰী জুৰিৰ দৰেই আছিল তাই! সৰু ছোৱালীৰ দৰে কৰা তাইৰ আব্দাৰবোৰ পূৰণ কৰি সুখী হৈছিলো। গুৱাহাটী হৈ পৰিছিল মোৰ প্রিয় ঠাই! কলেজৰ বন্ধত ঘৰলৈ অহা নহৈছিল! সন্ধিয়াবোৰ জীপাল হৈ উঠিছিল দিঘলীপুখুৰীৰ পাৰত। কেতিয়াবা যদি বহিছিলোঁগৈ ৰবীন্দ্র ভৱনত, কেতিয়াবা পাইছিলোঁগৈ কামাখ্যা। কেতিয়াবা যদি কলাক্ষেত্র পাইছিলোঁগৈ, কেতিয়াবা ঘূৰি ফুৰিছিলোঁ বিগ বজাৰ, পেণ্টালুন। কেতিয়াবা বৈশিষ্ঠ, কেতিয়াবা উমানন্দ, শুক্লেশ্বৰ…

আৰু মোৰ হৃদয় শুকুৱাই এদিন হেৰাই গৈছিল জুৰি! চাগৈ এতিয়াও তাই ঘূৰি ফুৰে এইবোৰ ঠাই। মাত্র কাষত মোৰ পৰিৱর্তে থাকে তাইৰ প্রিয় পুৰুষ! সুখীনে বাৰু তাই? লগৰবোৰৰ আগত তাইক পাহৰি যোৱাৰ অভিনয় কৰিলেও মোৰ মনে জানো সদায়ে প্রার্থনা কৰা নাই যাতে তাই সুখত থাকে, কুশলে থাকে? আজিও গুৱাহাটীয়ে দিয়ে মোক তাইৰ সুবাস! সোঁৱৰণি…! নিজক ফাকি দিব সঁচাকৈ নোৱাৰি।

ইমান সময় অতীত বিচৰণ কৰি আছিলোঁ। হঠাতে জোৰেৰে ব্রেক মাৰি বাছখন ৰৈ গ’ল। খিৰিকীৰে মূৰটো উলিয়াই চাই দেখিলোঁ টার্নিং এটাত তীব্র বেগত বাইক এখন পাৰ হৈ গ’ল। দেখাত সৰু ল’ৰা। টি-চার্টৰ পিছফালে লিখা আছে “লেট মি ফ্লাই!”

মনতে ভাবিলোঁ- চাল্লা নিজেও মৰিবি, আনকো মাৰিবি! বাপেৰৰ পইচাৰে উৰি ল’ বেটা! যেতিয়া মাটিত পৰিবি তেতিয়া গম পাবি!

মোবাইলত সময় চালোঁ- চাৰি বাজি বিশ মিনিট। বাস্তৱলৈ ঘূৰি আহি নিশালৈ মনত পৰিল। ফোন এটা কৰিব লাগিব। সেইদিনা অলপ বেছিকৈয়ে কথা শুনাই দিলোঁ তাইক। দুদিন পিছত ক্ষমা খুজিছিলোঁ মই।

: বেয়া নাপাবা নিশা। তোমাক বহুত নক’বলগীয়া ক’লোঁ। আই এম্ ভেৰি চ’ৰী!

: সেইবোৰ মই ধৰি থকা নাই ঋত। তোমাক মই বুজি পাওঁ। ক্ষমা খুজি মোক লাজ নিদিবাচোন।

তাই বৰ সাধাৰণভাৱে কথাষাৰ ক’লেও মই বুজিছিলোঁ মোৰ কথাবোৰে তাইক কিমানলৈকে বিন্ধিছিল। কিমান কষ্ট কৰি চাগৈ তাই নিজকে স্বাভাবিক ৰাখি মোক তেনেকৈ কৈছিল! মোৰ কথাবোৰে তাইক যিমান কষ্ট দিব লগা আছিল দিলেই, ক্ষমা খুজি সেইখিনি মই কমাব নোৱাৰোঁ এতিয়া। বেয়া লাগিল তাইলৈ। সকলো ছোৱালীৰ দৰে তায়োতো বিচাৰে কাৰোবাৰপৰা অলপ আদৰ, নিৰাপত্তা। এইটোও সঁচা, তাইক সেইখিনি মই দিব নোৱাৰো। ঘৰত দুজনীকৈ বিয়া দিবলগীয়া ভণ্টি, বিচনাত পৰি থকা দেউতা, আর্থাৰাইটিছত ভুগি থকা মা- ইমানবোৰৰ মাজত লাখ টকা দি চাকৰি এটা কিনিব নোৱাৰা বেকাৰ ‘মই’! আন কাৰোবাক নিৰাপত্তা দিয়াৰ কথা ভাবিবই নোৱাৰোঁ! তাৰোপৰি পাহৰিব খুজিও পাহৰিব নোখোজা মোৰ প্রথম প্রেমৰ সোঁৱৰণি! আচলতে আমি কথাবোৰ পাহৰি নাযাওঁ, পাহৰিহে থাকোঁ! যেতিয়াই স্মৃতিৰ বাটেৰে খোজকঢ়াৰ সুযোগ মিলে তেতিয়াই পাহৰি থকা কথাবোৰে আহি ভিৰ কৰেহি। আৰু তাতেই আমি নিজক বিচাৰি পাওঁ! চঞ্চল হৈ উঠে বিষাদবোৰ; আৰু বিষাদ হৈ পৰে সুখৰ উৎস!

(৫)

সকলোবোৰ হেনো হিচাপ-নিকাচতেই চলে আজিকালি। জীৱনো! ময়ো হিচাপ-নিকাচ অলপ কৰিলোঁ! বেহিচাপী হোৱাৰ সাহস কিমানৰ আছে?

সৰুৰেপৰা দেখিছিলোঁ ঘৰৰ কোনেও মোক কোনো কামতে বাধা দিয়া নাছিল। আচলতে নিজৰ কৰিবলগীয়া কামবোৰ সময়ত কৰিছিলোঁ। সেয়ে কোনেও হয়তো ক’তো হকা বন্ধা কৰা নাছিল। ডাঙৰ হৈ বুজিছিলোঁ ময়ো বিচাৰোঁ কাৰোবাৰ মৰম সনা ধমকি, অকনমান উৎসাহ। কোনোবাই মোকো কওক অমুকটো নকৰিবি, তমুকটো নাখাবি, সেইফালে নাযাবি… ওহোঁ, তেনেকুৱা একো নহৈছিল মোৰ ক্ষেত্রত। মা-দেউতাক হেৰুৱাৰ পিছত নিঃসংগ হৈ পৰিছিলো। অন্তর্মুখী স্বভাৱৰ বাবেই মোৰ বিশেষ বন্ধু-বান্ধৱীও নাছিল। দিন যোৱাৰ লগে লগে ঘৰত দাদা-বৌ, ভাই-বোৱাৰীৰ ব্যৱহাৰে বুজাই দিছিল ঘৰত মোৰ উপস্থিতি কাৰোৰে কাম্য নহয়। মুখেৰে একো নক’লেও বুজিছিলোঁ ঘৰত তাহাঁতৰ বন্ধু-বান্ধৱীৰ সৈতে কৰা গেট-টুগেদাৰবোৰত মোৰ চেহেৰাটো আছিল ফৰকাল আকাশত এচপৰা ক’লা মেঘ!

গোট মৰা স্বপ্নবোৰ বৈ থাকে! পানীৰ ঠিকনা বিচাৰি বৰফবোৰ গলে চকুপানীৰপৰা মেঘলৈ! গতিয়ে জানে নদী নহয় পানীৰ শেষ ঠিকনা! আৱেগৰ আত্মা নিকা হয়! শব্দবোৰ সন্মুখত লৈ বহি থাকে কথাবোৰ! পুৰণি কথাবোৰ সাধু হয়! সাধুবোৰ সোঁৱৰণী! মেঘৰ সাজ পিন্ধি আকাশে ক’লে- নোসোধা কথাবোৰ কুশলে থাকক!!

হিচাপ-নিকাচৰ অন্তত মোৰ মনে শুদ্ধ বুলি ভবা সিন্ধান্তটোৰ হাতত ধৰি ওলাই আহিলোঁ আজি ঘৰৰপৰা। বিদায়ৰ সময়ত ঘৰৰ মানুহকেইটাৰ মুখৰ ভাৱাবেগ দেখি অনুমান কৰিব নোৱাৰিলো তাঁহাতি দুখেই কৰিছে নে ভালেই পাইছে! মাথোঁ দাদাই ষ্টেচনত থ’বলৈ আহি ক’লে “খবৰ দি থাকিবি।” ট্রেইনখনে দীঘলীয়া উকি মাৰি যাত্রা আৰম্ভণি কৰাৰ সংকেত দিলে। দীঘলকৈ উশাহ এটা টানি বাহিৰলৈ চালোঁ। আকৌ বা দেখা হয় নে নহয় এই চহৰ। মোৰ আপোন চহৰ।

(৬)

ভবাতকৈ সোনকালেই কামবোৰ হ’ল। গুৱাহাটীতে থকা লগৰ দুটামানক লগো কৰিলোঁ, ফুৰিলোঁ। দুদিন থাকি ঘৰলৈ উভতিছো আজি। ট্রেইন এক ঘণ্টা লেট্। বহি আছো।

মোবাইলত মেছেজ অহাৰ ৰিংটন টো বাজিল। চালোঁ- নিশাৰ মেছেজ। ছেহঃ তাইলৈ ফোন কৰাই নহ’ল। পাহৰিয়েই থাকিলোঁ। সময়ে নাপালোঁ! আচলতে আজিৰ দিনত সততে উচ্চাৰিত হোৱা এষাৰ কথা “সময় নাই!” আমাৰ হাতত দেধাৰ সময়, অথচ সময় নাই! “সঁচাকৈ ব্যস্ত থকা” কাৰণটোক বাদ দি এইষাৰ কথাৰ আঁৰত দুটা সম্ভাব্য কাৰণ উহ্য হৈ থাকে – ধৈর্যৰ অভাৱ নতুবা আগ্রহৰ অভাৱ! ধৈর্যৰ অভাৱত সময় নাই, সময় নাই বুলি কিছুমান কাম খৰধৰকৈ কৰি থোৱা হয়। একেদৰে আগ্রহ নথকা কামবোৰ সময় নাই বুলি কৰিবলৈ পাহৰি থকা হয়! মেছেজটো খুলি চালোঁ।

: যাওঁগৈ ঋত! আকৌ দেখা হ’বনে নাই নাজানো। তোমাক লগ পোৱাৰ আশা এটা থাকি গ’ল। ফোন কৰিছিলোঁ কেইবাবাৰো। তুমি চাগৈ কেনিবা গৈছিলা। আউট অৱ নেটৱর্ক বুলি ক’লে। ক’লৈ যাওঁ নুসুধিবা। মাত্র জানি থোৱা ভালপোৱা বিলাবলৈকে যাওঁ। তুমি ঠিকেই কৈছিলা জীয়াই থাকিবলৈ মানুহক ভালপোৱা নালাগে। সেইটো সঁচা কথা। কিন্তু এইটোও সঁচা ঋত, কিছুমান মানুহক কেৱল ভালপোৱাইহে জীয়াই ৰাখিব পাৰে। তুমি নাভাবিবা মই তোমাক বেয়া পালোঁ বুলি। প্রতিজন মানুহে একোটা কাৰণৰ বাবেই জীয়াই থাকে। তোমাৰ কথাবোৰে মোৰ জীয়াই থকাৰ কাৰণটোক বিচাৰি উলিওৱাত সহায় কৰিলে। তাৰবাবে তোমাৰ ওচৰত আজীৱন ঋণী হৈ থাকিম। জানো, মোৰ প্রতি তোমাৰ শুভকামনাবোৰ সদায় থাকিব। ভালে থাকিবা।

মই ভাবিব পৰা নাই তাই কিয় এনেকৈ কৈছে। ক’লৈ গৈছে তাই? কিয় গৈছে? বাৰে বাৰে তাইৰ নম্বৰ ৰি-দায়েল কৰিছো। একেটা কথাই কাণত বাজি আছে দ্য নম্বৰ ইউ আৰ ট্রায়িং টু কল ইজ কাৰেণ্টলি চুইটচ অফ, প্লিজ কল লেটাৰ।

(৭)

ট্রেইনখনৰ গতি বাঢ়ি গৈছে… পোঁউউউউ… ঝক ঝক… ঝক ঝক… মোৰো দুচকো সেমেকি আহিছে। বাহিৰত জোনাক! মোৰ প্রিয় জোনাক! দেখিলোঁ গছবোৰ, পথাৰবোৰ, সেউজীয়া বাগানবোৰ ক্রমে ক্রমে দৌৰি আঁতৰি গৈছে মোৰ পৰা! পিছত এৰি আহিছোঁ সকলোকে। আগতে ৰাতি বিছনাত পৰি থাকোতে ৰে’লৰ উকিটো শুনিলে তাৰ লগে লগে কেনিবা গুচি যোৱাৰ দুর্বাৰ হেঁপাহ এটা জাগিছিল! আৰু আজি সঁচাকৈ উকিটোৰ সৈতে মোৰ এই যাত্রা। হাঁহি উঠি গ’ল।

দেখিলো মোৰ সন্মুখত বহি থকা আদহীয়া মানুহজনে ভেবা লাগি মোৰ মুখলৈকে চাই আছে। ভাবিছে চাগৈ কি পাগলী এইজনী! এবাৰ কান্দিছে, এবাৰ হাঁহিছে। মানুহজনৰ বয়সটো অনুমান কৰি মাতি দিলোঁ-

: খুড়া, ছিটটো বদলাব নেকি? ওলোটাফালে বহিলে মোৰ অলপ অসুবিধা হয়।
: অ’ নিশ্চয়! মোৰ একো অসুবিধা নাই। মাত্র ৰাতিটো কঁকালটো পোনাই যাব পাৰিলেই হ’ল।
: ধন্যবাদ খুড়া!

আচলতে যিবোৰ এৰি থৈ আহিছোঁ সেইবোৰ চাই যোৱাতকৈ আগত কি আছে তাক চোৱাৰ বাবেহে ছিটটো সলাই ল’লো। ঋতলৈ মেছেজটো দিয়াৰ পিছতে মোবাইলৰ চিমকার্ডখনো উলিয়াই পেলালোঁ। কিছুমান বস্তু স্মৃতিতে সজীৱ হৈ থাকক!

কিয় আহিছোঁ, ক’লৈ আহিছো দাদাৰ বাদে কাকো কোৱা নহ’ল। দিল্লীত “মুস্কান” নামৰ বেচৰকাৰী সংস্থা এটা আছে যি মানসিকভাৱে প্রতিবন্ধী শিশুসকলৰ বাবে কাম কৰে। এনে বহু শিশু আছে যি মাক-দেউতাক, পৰিয়ালৰ বাবে একো একোটা অবাঞ্চিত বোজা! মোৰ যাত্রা সেই শিশুসকলক লগ পাবলৈ। ‘মুস্কান’ৰ সৈতে হাঁহিবলৈ…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments