যাত্ৰা : বিতোপন দাস

যাত্ৰা

বিতোপন দাস

হাত দুখন পেণ্টৰ জেপত ভৰাই ওঁঠৰ ফাঁকত চিগাৰেট এটা নচুৱাই নচুৱাই বিদ্যুত গৈ আছে ক’ৰবালৈ। ক’লৈ সি নিজেও নাজানে। আচলতে লক্ষ্য আৰু উদ্দেশ্য এই দুয়োটা সম্পৰ্কে তাৰ জ্ঞান হেনো অতি সীমিত। নহ’লে চাগে এই ভৰ দুপৰীয়াখন খাওঁ খাওঁ মূৰ্তি ধৰা বেলিটো মূৰৰ ওপৰত লৈ কাম-বন নোহোৱা অহৌ-বলিয়াটোৰ দৰে মহানগৰীৰ ৰাস্তাই ৰাস্তাই ঘূৰি নুফুৰিলেহেঁতেন। গাড়ী-মটৰত অহা-যোৱা কৰা সকলৰ বাদে ৰিক্সাৱালা-ঠেলাৱালা আদি সকলোৱে বিচাৰি লৈছে এটুকুৰা ছাঁ। অথচ বিদ্যুত! সি গৈ আছে। সি এনেকৈ গৈ আছে যেন সকলোবোৰ ঠিকেই আছে, একোৱেই যেন হোৱা নাই। বস্তু-বাহানিৰ মূল্য বৃদ্ধি হোৱা নাই, লাহে-লাহে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা নাই, ৰাস্তাৰ কাষৰ গেলা নৰ্দমাবোৰৰ পৰা অহা দুৰ্গন্ধৰ বাবে মানুহৰ ওকালি আহিবলগীয়া অৱস্থা হোৱা নাই, মহানগৰীত অভাৱনীয় ভাৱে বাঢ়ি অহা গাড়ী-মটৰৰ ধোঁৱাই পাৰিপাৰ্শ্বিকতাৰ সামান্যতম চুলি এডালো লৰাব পৰা নাই। ঠিক যেন একোৱেই হোৱা নাই। সকলোবোৰ যেন ঠিকেই আছে। পৃথিৱীখন ঘূৰিয়েই আছে, সূৰ্যটো উদয় হৈছে, অস্ত গৈছে, ৰাতি হৈছে, ৰাতি পুৱাইছে, কোনোবা শোষিত হৈছে, কোনোবা বঞ্চিত হৈছে, পুৱাৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিও একেই আছে। মুঠৰ ওপৰত চব্ ঠিকেই আছে।

কিন্তু ঠিকেই নাছিল বিদ্যুতৰ বুকুখন। এনেকুৱা কিবা এটা ঘটি গৈছিল যিটো ঘটাতো মুঠেও উচিত নাছিল। তাৰ বুকুৰ ভিতৰত অসহ্য বিষ এটাহে যেন পুলিয়ে পোখায়ে বাঢ়ি আহিছিল। চিগাৰেটটোত শেষ টানটো মাৰি সি ৰাস্তাৰ কাষৰ পি চি অ’ এটালৈ সোমাই গ’ল। ৯৮৬৪… চুইছ অফ্। সি জানে যে এই নম্বৰটো সকলো সময়তে অফ্ হৈ থাকে কিন্তু তথাপিও সি সদায় এবাৰ হ’লেও ডায়েল কৰি চায়। কি ঠিক! কোনোবাদিনা কিজানি লাইনটো হঠাতে পায়েই যায়। তেতিয়া বাৰু প্ৰথমে সি কি বুলি ক’ব? কাকেই বা বিচাৰিব! তাৰ চিনাকিয়েই বা কি বুলি দিব। এৰা, শাৰদী আঁতৰি যাবৰ বহুদিন হ’ল। স্মৃতিবোৰে এতিয়াও তাক বৰকৈ আমনি কৰে। উস্! তাইৰ স’তে যদি সেইবোৰো চিৰদিনৰ বাবে গুছি গ’লহেঁতেন! এইবোৰ কথা মনত পৰিলে তাৰ এনে লাগে যেন বুকুখন বুকুখন এইমাত্ৰ ফাটি চিৰাচিৰ হৈ যাব। মূৰ আফলিয়াই আফলিয়াই ক’ৰবাত যেন মৰি থাকিব। সি যেন বলিয়া হৈ পৰিব। নতুনকৈ জ্বলাই লোৱা চিগাৰেটটোত একেলগে চাৰি-পাঁচটামান দীঘলীয়া টান মাৰি সি ভাবিলে- উস্ সি যদি সঁচাই বলিয়াও হ’ব পাৰিলেহেঁতেন!

কিন্তু নহ’ল। আৰু তেনেকুৱা কোনো অবাঞ্ছিত ঘটনাও নঘটিল। অৱশ্যে শাৰদী আঁতৰি যোৱাৰ পাছত দুমাহমানলৈকে সি যেনিয়েই চায় তেনিয়েই এন্ধাৰ দেখিছিল। মনৰ ভিতৰত যেন কলীয়া ডাৱৰ এখোপাইহে বাহ লৈছিল। বুকুৰ ভিতৰৰ পৰা কলিজাটো ক্ৰমাৎ খহি পৰোঁ পৰোঁ হৈছিল। তাৰ বাহিৰে কিন্তু সকলোবোৰ ঠিকেই থাকিল। এৰা, সকলোবোৰ ঠিকেই থাকিল একমাত্ৰ শান্তনুৰ বাবে। শান্তনুৱেই তাক জীয়াই থাকিবলৈ সাহস দিলে, প্ৰেৰণা দিলে। অৱশ্যে এতিয়াও তাৰ বুকুখনে মাজে-মাজে হাহাকাৰ কৰি উঠে। পুৰণি বিষটোৱে আকৌ উক দিব খোজে। বোধহয় শাৰদীৰ মৰমখিনি গোট মাৰি ৰৈ গ’ল তাতে। কিন্তু বিদ্যুতে আজিকালি এইবোৰ সহ্য কৰিব পাৰে। মনটোক বুজনি দি স্থিৰ সিদ্ধান্ত এটাত উপনীত হ’ব পাৰে। জীৱনত যে ব্যৰ্থ প্ৰেমৰ অভিজ্ঞতাৰো প্ৰয়োজন সেইয়াও সি উপলব্ধি কৰিব পাৰে। দিনটোত দুই-তিনি পেকেটতকৈয়ো বেছি চিগাৰেটৰ প্ৰয়োজন হোৱা বিদ্যুতে আজিকালি এপেকটতকৈয়ো কম চিগাৰেটেৰে চলিব পাৰে। কোনোবাই ফোন কৰিলেও শাৰদীৰ ফোন বুলি উচপ খাই নুঠে। মুঠৰ ওপৰত এতিয়া সকলো ঠিকেই আছে, যিদৰে আগতে আছিল। আৰু এই সকলোবোৰৰ কৃতিত্ব একমাত্ৰ শান্তনুৰ। সেই শান্তনুৱেই সিদিনা হঠাতে আহি বিদ্যুতৰ ৰুমত উপস্থিত হৈছিলহি। বিভিন্ন কথা-বতৰাৰ মাজতে সি এবাৰ বিদ্যুতৰ ফালে চাই যথেষ্ট গহীন ভাৱেৰে সুধিলে- “বিদ্যুত তই বাৰু আকাশীৰ লগত সুখী হ’ব পাৰিবিনে?”

বিদ্যুতৰ বুকুখনত চিৰিংকৈ কিবা এটাই যেন খুন্দা মাৰিছিল। লগে লগে বিদ্যুতৰ মনত পৰিল বহুদিন আগতে লিখা গল্প এটালৈ। তাৰো নায়িকাজনীৰ নাম আছিল আকাশী। মানে আকাশীলতা। আকাশৰ দৰেই উদাৰ মনৰ, লতাৰ দৰেই লেহুকা দেহৰ ছোৱালীজনী। কিন্তু সেয়া আছিল তাৰ কল্পনাৰ কোনোবাজনী, আৰু এইজনী আকাশীলতা! … ঠিকেই আছে। সকলোবোৰ ঠিকেই আছে। বিদ্যুততকৈ এবছৰমানৰ সৰু হ’ব চাগে। ওখকৈ মিঠাবৰণীয়া। আৰু সঁচাকৈ আকাশৰ দৰেই উদাৰ মনৰ, লতাৰ দৰেই লেহুকা দেহৰ। আকাশীলতা, আকাশীলতা। ভাৱত বিভোৰ বিদ্যুতৰ মনত বাৰে বাৰে দোলা দি গ’ল আকাশীলতাৰ কিছুমান স্থিৰ তথা চলমান চিত্ৰ।

‘অই নক’লি যে!’- শান্তনুৰ মাততহে যেন বিদ্যুত উভতি আহিল বাস্তবৰ পৃথিৱীখনলৈ। হাততে জ্বলি জ্বলি শেষ হৈ যোৱা চিগাৰেটটো মজিয়াত পেলাই ভৰিৰে মোহাৰি মোহাৰি সি ক’লে- “তাই তেনেকুৱা কিবা কৈছে নেকি?”
“নাই কোৱা। মই মাত্ৰ তোক সুধিছোঁহে। কিয় মনত নাই জানো শাৰদীক লগ পোৱাৰ আগতে আকাশীৰ নামত তই কিমান কবিতা লিখিছিলি? তায়ো গম পাইছে তোৰ এইবোৰ কথা, কিন্তু তোক কিবা সুধিবলৈ তাই সংকোচ কৰি আছে। তোৰ প্ৰতি তাইৰো দুৰ্বলতা আছে জান! এতিয়াও তাই সাঁচি ৰাখিছে তাইকলৈ তই লিখা কবিতাবোৰ।”
“এৰা! জানো। সাঁচি ৰাখিছে। কিন্তু এতিয়া আৰু এইবোৰৰ সময় নাই। বুকুৰ গোটেই মৰমখিনি শাৰদীকে দি শেষ কৰিলো। আকাশীৰ বাবে বাকী থাকিল কি? উদং বুকুখন?”
লাহেকৈ বিদ্যুতৰ পিঠিখনত চপৰিয়াই শান্তনুৱে ক’লে- “কিয়নো তেনেকৈ ভাবিছ’? মৰম বিলাই জানো শেষ কৰিব পাৰি? তয়েই দেখোন ক’ৰবাত লিখিছিলি ভালপোৱাৰ মহাসমূদ্ৰখনৰ কথা। শাৰদী হয়তো কোনোকালেই তোৰ বাবে নাছিল। ভাবি ল তাইক লগ পোৱাটো আছিল তোৰ জীৱনৰ মধুৰতম ঘটনাবোৰৰ মাজৰ এটা। তাক অঘটন কৰিবলৈ তই কিয় চেষ্টা কৰি আছ? মনত পেলাচোন বাৰু কিমানদিন তই ভাল কিতাপ এখন পঢ়া নাই, কিমান দিন নতুনকৈ কবিতা এটা লিখা নাই। এনেকৈ আৰু কিমানদিন বিদ্যুত? মোৰ বিশ্বাস আকাশীয়ে তোক বুজি পাব। তায়ো কিজানি তোলৈকেই ৰৈ আছে! তোৰ শুকাই যোৱা কলিজাটিত তাইৰ ছবিখন আঁকি ল। তোৰ বুকুৰ পথাৰত ৰোৱনী হৈ প্ৰেমৰ গুটি সিঁচিবলৈ তাই নিশ্চয় আহিব। চাই থাক বিদ্যুত তোৰ বুকুলৈ তাই বাৰিষাৰ ধল বোৱাব। প্ৰেমৰ প্ৰবল বাৰিষা।”

আহিল। বিদ্যুতৰ খৰাং বুকুখনলৈ ঠিক যেন বাৰিষাহে আহিল। যিদিনাৰ পৰাই শান্তনুৱে তাৰ মনত আকাশীৰ কথা সুমুৱাই দিলে সিদিনাৰ পৰাই বিদ্যুতৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে, তাৰ কবিতাৰ ছন্দে ছন্দে সোমাই পৰিল আকাশীলতা। বিদ্যুতে আজিকালি নিজকে সংযম কৰিব পাৰে। তাইৰ কথা ভাবি ভাবি চিগাৰেট নোখোৱাকৈয়ো চলিব পাৰে। মঞ্চবিহুক কোনোদিনেই সমৰ্থন নকৰা ল’ৰাজনে পুৱতি নিশালৈ একমাত্ৰ আকাশীক চাবৰ বাবেই বিহু ফাংচনত উপস্থিত থাকিব পাৰে। আৰু যে কত কি! কিন্তু আজিলৈ তাইক ক’ব পৰা নাই তাৰ মনৰ কথা। ভাল বন্ধু দুয়োটা। কিন্তু কি ঠিক! কিজানি বেয়াই পায়! কথাবোৰ ভাবি ভাবি তাৰ এনেয়ে হাঁহি উঠি যায়। এইবাৰ বিহুত আকাশীক সি প্ৰাণ ভৰি চালে। কালিও তাইক আৰু প্ৰায় এমাহলৈ দেখা নাপাওঁ বুলি মাত এষাৰ লগাই আহি ৰুমত সোমাইছিলহি। মহানগৰীৰ যান-জঁটত পৰি দুখে-ভাগৰে ৰাতিটো সি তেনেকৈয়ে পৰি থাকিল। আজি ৰাতিপুৱা শুই উঠিয়েই কিবা এটা খাই চিন্তা কৰিলে- আজি আৰু কলেজলৈ যোৱা নহ’ব। ৰুমত অকলে অকলে থাকি ব’ৰ হোৱাত অলপ খোজকে কাঢ়ি আহোঁ বুলি কেতিয়ানো সি এই ভৰ দুপৰীয়াখন ইমান দূৰ পালেহি গমকে নাপালে। অতদেৰি যে সি আকাশীৰ কথাকে ভাবি আছিল। সি ভাবিলে- এইবাৰ ঘৰলৈ গ’লে তাইক জনাবই লাগিব তাৰ বুকুত হৈ থকা হাহাকাৰৰ কথা। এইবোৰ ভাবি থাকোতে কিয় জানো তাৰ মনত পৰিল শাৰদীৰ কথা। তাই বা এতিয়া ক’ত কেনেকৈ আছে! লগে লগে বিদ্যুতৰ অনুভৱ হ’ল তাৰ বুকুত যেন পুৰণি বিষ এটা পুলিয়ে পোখায়ে আকৌ বাঢ়ি আহিব খুজিছে। এক মূহুৰ্তৰ বাবে চিন্তা কৰি সি ঠিক কৰিলে যে এই বিষটোক আৰু কঢ়িয়াই ফুৰিব নোৱাৰি। বিচ্ছেদৰ বেদনাৰ ইমানতে ইতি।

শেষ বাৰৰ বাবে শাৰদীৰ নম্বৰটো সি আকৌ ডায়েল কৰিলে।। অস্ ল’ বেলেঞ্চ। অগত্যা সি ৰাস্তাৰ কাষৰ পি, চি, ও টোলৈ গ’ল। ৯৮৬৪……। অইনদিনাৰ দৰে আজিও চুইছ অফ্। ঠিক আছে। আজিৰ পৰা আৰু কোনোদিনেই সি এই নম্বৰটো ডায়েল নকৰে। চিৰবিদায় শাৰদী। তুমি য’তেই আছা কুশলেই থাকিবা। বিদ্যুতৰ তেজৰ কোঁহে-কোঁহে এতিয়া মাথোঁ আকাশীলতা। দীঘলীয়াকৈ উশাহ এটা টানি বিদ্যুতে ৰুমলৈ উভতিব বিছাৰিলে। চিগাৰেট এটাৰ খুব প্ৰয়োজন অনুভৱ কৰি পেকেটটোলৈ চালে। এটাও নাই। খালী। দোকানখনলৈ বুলি খোজ দিও সি থমকি ৰ’ল। ইমানকৈ চিগাৰেট খালে আকাশীয়ে বেয়া পাই হেনো। শাৰদীয়েও বেয়া পাইছিল। তাৰ ওঁঠৰ ফাকত বিৰিঙি উঠিল এটা হাঁহি আৰু দুচকুত দুটোপাল চকুলো। এৰা, শাৰদী আঁতৰি যাবৰ বহুদিন হ’ল। কিন্তু আৰু এজনী শাৰদীক হেৰুৱাবলৈ তাৰ অকণো ইচ্ছা নাই। সি নিবিচাৰে আকৌ সেই ভয়াবহতাৰ মাজত সি সোমাই পৰক। আকৌ সেই উন্মত্ততা, আকৌ সেই নৈৰাশ্য…। নতুনকৈ জ্বলাই লোৱা চিগাৰেটটোত একেলগে চাৰি-পাচটামান দীঘলীয়া টান মাৰি সি ভাবিলে- এইদৰেই সকলোবোৰ ঠিকেই চলি আছে। ঠিকেই চলি থাকক। দীঘলীয়া উশাহ এটাৰে বুকুখন ভৰাই সি চকু দুটা মুদি দিলে আৰু লাহে লাহে শান্তিৰ নিশ্বাস এৰিলে। এনেদৰে কিমান সময় সি ক’ব নোৱৰা হৈ আছিল সি ক’ব নোৱাৰে, কিন্তু যেতিয়া কিবা এটা গম পাইছিল তেতিয়া বহুদেৰি হৈ গৈছিল। মূহুৰ্তৰ ভিতৰতে ট্ৰাক এখনে মহতিয়াই যোৱা তাৰ নিথৰ দেহটো ৰাস্তাৰ কাষত পৰি আছিল। এঘণ্টামানৰ বাবে সেই ঠাইত মানুহৰ জুম বান্ধিছিল। কোনোবাজনে উচুপিও উঠিছিল। তাৰপাছত সকলোবোৰ আকৌ আগৰদৰেই ঠিকেই চলি থাকিল।
বিদ্যুতৰ শেষ আশা- চলি থাকক।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments