যাত্ৰা (মৃণাল কুমাৰ বৰা)

“বৰুৱা কাগজখন এইমাত্ৰ পালোঁ ডাকঘৰৰপৰা। ”

“আজি পাইছে আপুনি ? মই আঠদিন আগতেই পালোঁ।”

“আৰে। এইটো কি কাৰবাৰ হে। কেৰালাৰপৰা অহা চিঠি এখন ডিব্ৰুগড় পোৱাৰ আঠ দিনৰ পাছতহে সেই একেদিনাই তাৰপৰা পঠিওৱা কাগজ এখন বিহপুৰীয়া পায়হি।” (বিহপুৰীয়া লক্ষীমপুৰ(লখিমপুৰ) জিলাত আছে। Nested Loop ক অসমীয়াত কি বুলি কয় বাৰু ?)

“বিহপুৰীয়ালৈ সেইখন বগীবিল দলংখন হ’লেহে সোনকালে পাব নেকি বাৰু ? ”

কথা এটা মনত পৰিল। সঁচা নে মিছা নাজানো। বগীবিল দলংখন সাজি থকা বহুতে হেনো সেইটোক স্থায়ী চাকৰি হিচাপেই গ্ৰহণ কৰিছে আজিকালি। দুটা ভাগত ভাগ হৈ এটা ভাগৰ মানুহখিনিয়ে দলংখন সাজি আছে এফালৰপৰা আনটো ভাগৰ মানুহখিনিয়ে আকৌ সাজি হৈ উঠা অংশখিনি হেনো ভাঙিবলৈ আৰম্ভ কৰে। সাংঘাতিক কাৰবাৰ মুঠতে।

যি কি নহওঁক, এইবোৰ হ’ল কথাৰ লগৰ কথা। পুৰণি কথা এটা মনত পৰি গ’ল। পুৰণি মানে ইমানো পুৰণি নহয় বাৰু। পুৰণি বুলিলে ৪০/৫০ বছৰৰ আগৰ কথা ক’বপৰা হোৱাগৈ নাই বপুৰা এতিয়াও। এই পুৰণি মানে ২০০৫ চনৰ কথাহে।

ডিব্ৰুগড়ত বসবাস কৰাৰ দিনৰ কথা। ডিব্ৰুগড়ৰপৰা বিহপুৰীয়ালৈ গাড়ী নাই। নাৰায়ণপুৰত নামিব লাগে গাড়ীৰপৰা। নাৰায়ণপুৰপৰা আকৌ থেকেচনি খাই খাই আহি থাকা আৰু বিহপুৰীয়ালৈ। নাৰায়ণপুৰৰপৰা বিহপুৰীয়ালৈ সেই বিশেষ পথটোৰে যি এবাৰ আহিছে সি কেতিয়াও নাপাহৰিব সেই পথৰ মজা। কাচিকটাত থকা ব্ৰিটিছৰ দিনৰ দলংখন, বাঁহনিগাঁৱৰ ওচৰত থকা বছৰেকীয়া দলংখন। এই বছৰেকীয়া দলংখন হেনো প্ৰতি বছৰে নতুনকৈ সাজি থকা হয়। লাহে লাহে দলঙৰ কাম চলি থাকে। ৰাস্তাত চাইনবৰ্ড এখন লগাই থোৱা হয়। পথ বন্ধ। বাওঁফালে বা সোঁফালেৰে নামি যাব লাগে পথাৰৰ মাজেৰে থকা অস্থায়ী ৰাস্তাটোৰে। মুঠৰ ওপৰত এক সুন্দৰ আয়োজন। প্ৰায় ত্ৰিশ-চল্লিছজন লোকক বছৰি পোহপাল দি থকা এইখন এখন সাংঘাতিক দলং।

ইপিনে ৰাতিৰ গাড়ীখনে নাৰায়ণপুৰত নমাই দিয়েহি আন্ধাৰ হৈ থাকোঁতেই। কেতিয়াবাহে পোহৰ হোৱাৰ পাছত পাওঁহি। লগৰজন আৰু মই ৰৈ থাকোঁ নাৰায়ণপুৰত। কেতিয়াবা লগৰজনৰ দেউতাক আহে আমাক নিবলৈ। কেতিয়াবা আকৌ আমি বাতৰি-কাকত বিলাবলৈ যোৱা গাড়ীত উঠি বা আন কেতিয়াবা আকৌ অট’ ভাড়া কৰি ঘৰ পাওঁগৈ। এনেকৈয়ে চলিল এবছৰ।

এবাৰ মূৰত সোমাল এইবাৰ ফেৰীয়েদি যাম ঘৰ। ডিব্ৰুগড়ৰপৰা ফেৰীৰে ধেমাজি তাৰ পাছত ধেমাজিৰপৰা লক্ষীমপুৰ আৰু লক্ষীমপুৰৰপৰা বিহপুৰীয়া। ফে্ৰীৰ ওচৰলৈ একঘণ্টা, ফেৰীত ডেৰঘণ্টা, ধেমাজি পাওঁতে ৪৫ মিনিট মান, লখিমপুৰলৈ দুঘণ্টামান আৰু তাৰপৰা বিহপুৰীয়ালৈ দুঘণ্টা। একো নাই সাতঘণ্টাত ঘৰ পাই যাবিগৈ। কোনো চিন্তা নাই। ৰাতিপুৱা ছয় বজাত ওলাই যাম আমি। ২ মান বজাত ঘৰ পাই যাব পাৰিম। বঢ়িয়া। কি আৰু ঘৰ যাম সেইদিনা। ধেমাজিত থাকি যাম সেইদিনা। অলপ ঘুৰা-পকা কৰিম, গাহৰি খাম, পাছদিনা ৰাতিপুৱাতে ঘৰ যামগৈ আৰু। আৰামত যাম। (গুগল মেপত চালোঁ এতিয়া। দূৰত্ব ১৭৬ কিল’কিটাৰ। ৩ ঘণ্টা, ১০ মিনিট। %$##)

লগৰজন নাযায়। তেওঁৰ অলপ বেয়া অভিজ্ঞতা এটা হৈছে দুমাহমানৰ আগত ফেৰীত ডিব্ৰুগড়ৰপৰা বিহপুৰীয়ালৈ বুলি গৈ। অলপমান যুক্তি-তৰ্কৰ পাছত তেওঁ যাবলৈ ওলাল। আৰু এজন আছিল আমাৰ লগৰ বিহপুৰীয়াৰ। তেওঁ কিন্তু নাচোৰবান্দা। ফেৰীত নাযায়। তহঁতি গৈ থাক। মই অকলেই ৰাতিৰ গাড়ীত যাম ঘৰ।

নিৰ্দিষ্ট দিনটোত ওলালোঁ আমি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিবলৈ। আমি তিনিজন ল’ৰা আৰু দুজনী ছোৱালী। (নামবিলাক নলওঁ আৰু।) আমি দুজন বিহপুৰীয়াৰ আৰু তেওঁলোক তিনিজন হ’ল ধেমাজিৰ। তেওঁলোক তিনিজনৰ অভিজ্ঞতা আছেই ফেৰীযাত্ৰাৰ। ধেমাজিলৈ ফেৰীৰেই যায় তেওঁলোক।

যাত্ৰাৰ প্ৰথম অংশঃ

হোষ্টেলৰপৰা ওলালোঁ আমি ল’ৰা তিনিজন। মোৰ হাতত তিনিটা বেগ। পিঠিত এটা আৰু দুহাতত দুটা।

:ইমানসোপা বেগ কিয় ল’লি আকৌ ? কমাই ল’বলৈ কৈছিলোঁ নহয়।

: একো নাই বে। পাৰিম। এটাতো পিঠিত থাকিবই। দুটা হাতেৰে কি কৰিমনো, এই দুটাকে ধৰি থাকিম আৰু। ফেৰীত বহিবলৈ বা ভালকৈ থিয় হ’বলৈতো ঠাই পাম ন’ ?

: বাৰু হ’ব হ’ব। ব’ল ব’ল।

বৈৰাগীমঠ চ’ক পালোঁহি খোজকাঢ়ি আহি। ৬.৩০ মান বাজিল তেতিয়া। ছোৱালী দুজনীও আহি আমাৰ লগ লাগিলহি তাত। ধেমাজিৰ ল’ৰাজনৰ সম্পৰ্কীয় আছিল ছোৱালী দুজনী।

যাত্ৰাৰ দ্বিতীয় অংশঃ

ৰিক্সাত উঠি চৌকিডিঙ্গীলৈ বুলি যাত্ৰা।

: আপোনাৰ তিনিটা বেগ আছে। এখন ৰিক্সাই লাগিব।

: ঠিক আছে। হ’ব। ব’লক সোনকালে।

সোনকালে শুই উঠাৰ অভ্যাস নাছিল। (এতিয়াও নাই বাৰু। তেতিয়া দেৰিকৈ শুই দেৰিকৈ উঠিছিলোঁ, এতিয়া সোনকালে শুই দেৰিকৈ উঠোঁ।) জালান চাহ বাগিচাৰ মাজৰ ৰাস্তাৰে ৰিক্সা আগবাঢ়িছে। সুন্দৰ পৰিবেশ। এবাৰ বেগ এটা ৰিক্সাৰপৰা পৰি গ’ল চকু দুটা জাঁপ খাই যোৱাৰ সময়ত। নামি গৈ আকৌ উঠাই আনিলোঁ গৈ বেগটো।

: ভালকৈ ধৰি লওঁক। পৰিব কিন্তু।

ৰিক্সাৱালাজনে বোধহয় মই ৰাতি এটুপি ধৰি নিচা ভঙাই নাই বুলি ভাবিছিল। পালোঁগৈ। চৌকিডিঙ্গী চাৰিআলি পালোঁগৈ।

যাত্ৰাৰ তৃতীয় অংশঃ

আটাইকেইখন ৰিক্সা আহি পোৱাৰ পাছত আমি টেম্প’ৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলোঁ। এইবাৰ টেম্প’ত উঠি যাব লাগিব হেনো ৰে’ল ষ্টেচনৰ ওচৰলৈ। সেইখিনিতে ফেৰীঘাটলৈ যাবৰ বাবে জীপ পোৱা যায়। ঠিক আছে। ব’ল তেন্তে। টেম্প’ এখনত উঠি পালোঁগৈ নিৰ্দিষ্ট ঠাইখিনি। মই ঠাইখিনিৰ নামটো পাহৰিছোঁ। (বহুত কথা পাহৰিবলৈ আৰম্ভ কৰিলোঁৱেই দেখোন! কি যে হ’ব।) লগৰজনে বাচি-বাচি জীপ এখনত উঠালে আমাক। ইমানকৈ বাচি থকাৰ কাৰণটোনো কি ? সেয়া আহি থকা মানুহেহে জানে হেনো। আহি থাকিলে লাহে লাহে ময়ো জানি যাম হেনো। অ, ভাল কথা। নিজে নিজেই শিকি যাম মই। হ’ব পাৰে, কিয় নহ’ব। কান্দিবলৈ নিজে নিজেই শিকিলোঁ, হাঁহিবলৈ শিকিলোঁ। এইটো কথাও শিকি যাম নিজে নিজে।

জীপত উঠাৰ পাছত আৰম্ভ হ’ল অপেক্ষা। জীপখন ভৰ্তি হ’ব লাগিব যাত্ৰীৰে। তেতিয়াহে চলিব জীপ। জীপত গান চলি আছিল, “আয়েগা ক’ই, বাহ’ মে লেকে, চুমেগা মেৰে য়ে লাকী লিপছ…..”। “লাকী- ন টাইম ফৰ লাভ” নামৰ চিনেমাখনৰ গানবোৰ বাজি আছিল সেইটো সময়ত য’ত-ত’ত।

যাত্ৰাৰ চতুৰ্থ অংশঃ

অৱশেষত জীপ চলিল। আগবাঢ়িল লাহে লাহে আমাৰ জীপখন। গৈ আছোঁ। অলপ দূৰ গৈ তেল ভৰাবলৈ ৰাখিলে। সময় প্ৰায় আঠ বাজে আৰু তেতিয়া। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ জীপখন এটা সময়ত পথৰ সোঁফালৰ ৰাস্তা এটাইদি সোমাই গ’ল।

:এতিয়াৰপৰা গম পাবি ফেৰীত যোৱাৰ মজা।

: মইতো ভালেই পাই আছোঁ এতিয়ালৈকে। দেখা যাওঁকচোন কি হয়।

লাহে লাহে ৰাস্তাৰ চিন-মোকাম নোহোৱা হৈ আহিল। আগফালে ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁত, পানীৰে ভৰি আছে গাঁতবিলাক। সেই গাঁতৰ মাজেই জীপ আগবাঢ়িছে ফেৰীঘাটলৈ বুলি। গৈ আছোঁ আমি থেকেচা খাই খাই। টোপনি ভাগি গৈছে মোৰ তেতিয়া সম্পূৰ্ণকৈ। অলপ পাছত দেখা পালোঁ এইবাৰ ৰাস্তাৰ নামত যি গাঁত দেখি আছিলোঁ সেয়াও নাই। বোকাৰ মাজেৰে চলি গৈ আছে জীপখন। মানি গ’লোঁ জীপ আৰু জীপৰ চালক দুয়োকে। গৈ গৈ অৱশেষত ফেৰীঘাট পালোঁগৈ। ফেৰীঘাট মানুহেৰে ভৰি আছে। ফেৰীঘাটত কেইবাখনো চাহ-ভাতৰ হোটেল আৰু দুখনমান মণিহাৰী বস্তুৰ দোকানো দেখা যেন মনত পৰে। আমি ৰৈ থকা ফেৰী এখনত উঠিলোঁগৈ।

যাত্ৰাৰ পঞ্চম অংশঃ

আমি ফেৰীৰ ওপৰৰ অংশত উঠি এঠাইত বহি ল’লোঁগৈ। দেখা পালোঁ কেইবাজনো মানুহে বাইকৰে সৈতে উঠিছে ফেৰীত। সেই বোকাময় পথছোৱা কেনেকৈ আহিল বাৰু এওঁলোক ? বাইকৰ চকাই দেখোন নকয় তেওঁলোক যে সেই বোকাত সোমাই আহিছিল বুলি। যি কি নহওঁক লাহে লাহে আমাৰ ফেৰীযাত্ৰা আৰম্ভ হ’ল। নিজকে আকৌ হিৰ’-হিৰ’ যেন লাগি আহিল। এই যেন যতীন বৰাৰ দৰে হাত দুখন মেলি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ যোৱা বতাহক আঁকোৱালি ল’ম। এই যেন পানীৰ মাজৰপৰা শিহু এটাই মূৰটো উলিয়াই মোক স্বাগতম জনাব। এই যেন গানৰ কলি এটা গুণ-গুণাই উঠিম। গানৰ কথা মনলৈ অহাৰ লগে-লগেই অৱশ্যে মই মোৰ আৱেগক সম্বৰণ কৰিলোঁ। ফেৰীযাত্ৰা কৰিবলৈ আহি সমজুৱাৰ হাতত মাৰ-কিল খোৱাটো বৰ এটা ভাল কথা নহ’ব যেন অনুভৱ হ’ল। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমাৰ যাত্ৰা আৰম্ভ হ’ল। ফিৰফিৰীয়া বতাহজাকৰ লগতে হঠাতে বেলেগ ধৰণৰ গোন্ধ এটা নাকত লগাত মূৰটো গৰম হৈ আহিল। কোনোবাই এৰিলে মানে। মাজে মাজে নদীৰ বুকুৱেদি ভাহি আহে দুই-এটুকুৰা কাঠ, মাজে মাজে আকৌ অলপ দূৰৈত দেখা পাওঁ আন একোখন ফেৰী, মাজে মাজে আকাশেদি উৰি যায় পখীৰ জাক একোটা। অলপ শোৱাৰ দৰে কৰি আকাশৰ বুকুলৈ চাই পঠিয়ালোঁ। আকৌ ভাৱত বিভোৰ হোৱাৰ সময়তে ফেৰীৰ পৰিচালকজনে মাত লগালেহি,

: ভাইটি, ভাড়াটো দিয়া।

পঞ্চাশ টকা নে চল্লিছ টকা আছিল বোধহয় ভাড়া। পাহৰিছোঁ।

এটা সময়ত গৈ ফেৰীখন নদীৰ ইটো পাৰৰ ঘাটত ৰ’লগৈ। মই সাৱধানে বেগকেইটা হাতে-পিঠিয়ে লৈ নামিবলৈ ওলালোঁ। নাৱত হেনো উঠোঁতে বুৰে আৰু নামোতে বুৰে। সেইটো সময়ত ফেৰী নাছিল বোধহয়। এনেকুৱাও হ’ব পাৰিলেহেঁতেন কথাটো, “ফেৰীত উঠোঁতে বুৰে আৰু নামোতে বুৰে।”

জাঁপ এটা মাৰি ফেৰীখনৰপৰা বালিচৰলৈ জঁপিয়াই দিলোঁ। এইপিনে বোকা নাই দেখোন নদীৰ ইটো পাৰৰ দৰে। এইপিনে বালিহে দেখোন।

যাত্ৰাৰ ষষ্ঠ অংশঃ

কেইবাখনো জীপ ৰৈ আছিল।

: এতিয়া কি ধেমাজিলৈকে যাম নে আমি চিধা ?

: নাই। দেৰি আছে এতিয়াও। এতিয়া কুলাজানলৈকে যাম জীপত। তাৰ পাছত নাৱত পাৰ হ’ব লাগিব। তাৰ পাছতহে ধেমাজি।

জীপ এখনত উঠিলোঁগৈ। উঠিলোঁ মানে ? জীপৰ আগফালৰ বনেটখনৰ ওপৰতে বহাই দিলে মোক। অকল ময়েই নহয়। মোৰ লগত আৰু পাঁচজনমান বহিল। জীপৰ পৰিচালকজনে মোৰ বেগকেইটা ভিতৰত ক’ৰবাত ৰাখিলেগৈ। ফেভিক’লৰ বিজ্ঞাপনত ওলোৱা গাড়ীখনলৈ মনত পৰিল হঠাতে। চালকজনে ৰাস্তা দেখা পায়নে নাপায় নাজানো। মোৰ ভাৱ হ’ল তেওঁ আন্দাজমতেহে গাড়ীখন চলায় বোধহয়। চিনাকি ৰাস্তা। কিহৰ চিন্তা!

জীপ আগবাঢ়িল। মই ক’তো ধৰিবলৈ ঠাই নাই। কিন্তু মোৰ দুয়োপিনে বহা মানুহ দুজনে মোক চেপা মাৰি পৰি যাব নোৱাৰাকৈ ৰাখিছে। মোৰ সন্মুখতো দুজন নে তিনিজন মানুহ বহিছে।

কুলাজানত ৰ’লগৈ জীপখন। বিশ টকা লৈছিল বোধহয় সেইখিনিৰ ভাড়া। তাত বেগকেইটা নমাবলৈ কওঁতে গম পালোঁ যে মোৰ বেগ এটা নাই। ক’লৈ গ’ল বেগটো ? আমি নাজানো। আমাক দিয়াই নাই চাগে। পৰিল নেকি বাটত ? নাই, নাই নাই পৰা বাটত। আপুনি এই দুটা বেগেই দিছে মোক। বেলেগে লৈ গ’ল যদি আমি নাজানো। মূৰটো গৰম হৈ আহিল। ইপিনে লগৰকেইজনে হাঁহিবলৈ আৰম্ভ কৰিলে।

: পাইছ মজা। আৰু বেগ আন। ক’লে নুশুন। অহাবাৰ নহয় আৰু এনেকুৱা। যোৱাবাৰ মোৰ হেৰাইছিল। এইবাৰ তোৰো হেৰাল। ভালেই হ’ল দে।

:তহঁতি গৈ থাক। মই অলপ আগবাঢ়ি গৈ চাই আহোঁ ক’ৰবাত পৰিল নে কি বেগটো।

: ক’ত পাবি আৰু সেইটো। ব’ল ব’ল। বাদ দে আৰু। কি আছিল সেইটো বেগত ?

: নাই চাই আহোঁ এবাৰ। কিজানি ৰাস্তাত পৰি গ’ল। নাপালেও অলপ কমকৈ বেয়া লাগিব মনটো তেতিয়া। ৰেডিঅ’ এটা আছিল। কিতাপ তিনিখনমান আছিল। পেণ্ট-ছাৰ্ট এযোৰ আছিল।

: সেইকেইটা বস্তুৰ কাৰণে এটা বেগ কিয় ল’ব লাগে তই ? বাদ দে আৰু।

: আৰে। এইটো কি কথা হ’ল ? সেইকেইটা বস্তু এই দুটা বেগত অঁটা নাই। গতিকে এইটো বেগ লৈছিলোঁ। তহঁতি অলপ ৰ। মই আহি আছোঁ।

অলপ দূৰ আহিলোঁ জীপখন অহা ৰাস্তাইদি খোজ কাঢ়ি বেগ বিচাৰি বিচাৰি। হেই, বাদ দে আৰু। কি বিচাৰি থাকিম আৰু। হেৰাবলগীয়াই আছিল আৰু। বেগ বিচৰা বাদ দি নাৱত উঠি পাৰ হ’বলৈ বুলি উভতিলোঁ। বাকী দুটা বেগ লগৰকেইজনৰ হাতত দি দিছিলোঁ।

যাত্ৰাৰ সপ্তম অংশঃ

সৰু নদী এখন পাৰ হ’ব লাগে নাৱেৰে। লগৰকেইজন ইটো পাৰত ৰৈ আছে। তেওঁলোক আগৰ নাওখনত পাৰ হ’ল। এখন নাও যাবলৈ ওলাইছে। মোৰ মনৰপৰা বেগৰ চিন্তা গ’ল তেতিয়ালৈ। এইবাৰ আকৌ নাৱৰ চিন্তা আহিল। নাৱত উঠোঁতে বুৰে আৰু নামোঁতে বুৰে। এইখন নাৱত মানুহ এজন উঠাৰ সময়ত নাওখনে লৰচৰ কৰি উঠে। নাৱৰ গুৰি ধৰা মানুহজনে চিঞৰি উঠে, “লাহে লাহে উঠিব। খৰখেদা নকৰিব।” এইবাৰ মই বুজি পালোঁ ফকৰাটোত কিয় ফেৰী বুলি নকৈ নাও বুলি কৈছিল। মই উঠিম বুলি আগবাঢ়ি যাওঁ কোনোবা এজনে হেঁচা-ঠেলা কৰি আগবাঢ়ি যায়। মই নাযাওঁ। মই পিচপৰি দিওঁ। আকৌ মই উঠিবলৈ লওঁ, আন এজন হেঁচা-ঠেলা কৰি আগুৱাই যায়। মই ৰৈ যাওঁ। এটা সময়ত নাৱৰীয়াজনে চিঞৰিলে, “আৰু নুঠিব মানুহ। আৰু উঠিলে নাও পাল্টি যাব। দুজনমান নামি দিয়ক।” কিন্তু এজনো মানুহ নামি নাহিল। মই আঁতৰি আহিলোঁ অলপ। ইটো পাৰৰপৰা লগৰকেইজন মোলৈ চাই হাঁহি আছে নাৱত উঠিব নোৱাৰাত।

অলপ পাছতে আন এখন নাও ইপাৰৰপৰা আহিল। সেইখনত উঠি ল’লোঁ এইবাৰ মই অলপ আগতীয়াকৈ। খামিডাঠ কেইজন আগৰ নাওখনতে গ’ল হ’বলা। এইবাৰ তেনেকুৱা হেঁচা-ঠেলা কৰা মানুহ নোলাল। নাও চলিবলৈ আৰম্ভ কৰিলে। থিয় হৈ গৈ আছোঁ নাৱত উঠি নদীৰ বুকুৱেদি। আকৌ হিৰ’-হিৰ’ ফিলিংটো অলপ আহিবলৈ লোৱাৰ সময়তে মানুহ এজনীয়ে মোৰ পিঠিতে ধৰিলেহি ভাৰসাম্য ৰাখিব নোৱাৰি। ভয়তে ময়ো ভাৰসাম্য হেৰুৱাই বহি পৰিলোঁ সেইখিনিতে। এটা সময়ত নাও আহি নদীৰ আনটো মূৰত লাগিলহি। তেতিয়াহে জিভালৈ পানী আহিল।

যাত্ৰাৰ অষ্টম অংশঃ

লগৰ ছো্ৱালী এজনীৰ ঘৰৰ মানুহ আহি ৰৈ আছিল গাড়ী লৈ। আমি আটাইকেইজন তাতে উঠি ধেমাজি চহৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ কাৰণে লগৰকেইটাই যথেষ্ট সময় ৰ’বলগীয়া হ’ল নদীৰ পাৰত। ভাগৰে-জুগৰে আহি ধেমাজি পাই লগৰ এজনৰ ঘৰত মাকে ৰান্ধি থোৱা গৰম গৰম ভাত আৰু বৰাহ অৱতাৰৰ মঙহৰ জোলেৰে পেটৰ কেঁচু-কুমটিবোৰক সমাধিস্থ কৰি এঘুমটি মাৰি ল’লোঁ।

ঘৰত ফ’ন কৰি জনাই দিয়া হ’ল সেইদিনা ধেমাজিত থকা হ’ব। পাছদিনাহে ঘৰ অভিমুখে যাত্ৰা কৰিম আকৌ।

যাত্ৰাৰ নৱম অংশঃ

পাছদিনা পুৱা ৯ মান বজাত বাছষ্টেণ্ডলৈ গৈ লক্ষীমপুৰৰ বাছ এখনত বহিলোঁগৈ। সেইখনে আনি ১১.৩০ মান বজাত আমাক লক্ষীমপুৰ পোৱালেহি। এইখিনি ঠাইৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰ্দশাৰ কথা ন’কলোঁৱেই যেনিবা। বুজাই বুজে, দেখাই দেখিছে। (বৰ্তমানৰ অৱস্থাৰ কথা নাজানো অৱশ্যে।)

যাত্ৰাৰ দশম অংশঃ

লক্ষীমপুৰ পালোঁহি। তাৰপৰাও যে বিহপুৰীয়ালৈ আৰু ৩৮ কিল’মিটাৰ দূৰ। এইবাৰ বন্ধুবৰ আৰু মই বিহপুৰীয়া অভিমুখী বাছ এখনৰ যাত্ৰী হ’লোঁ। ১.৩০ মান বজাত বিহপুৰীয়া পালোঁহি। শুই আহিলোঁ এইছো্ৱা বাট। ভাল টোপনি গ’ল, টোপনিৰ জালতে লালুকৰপৰা বঙালমৰা হৈ বিহপুৰীয়ালৈ অহা ৰাস্তাটোৰ(ৰাস্তা??) জোকাৰণিখিনি অনুভৱ কৰাৰ সৌভাগ্য নহ’ল। বাছখনত বোধহয় “ফুল ফুলিছে বসন্তৰ…” এই বিহুগীতটো বাজি আছিল। সেই বছৰত “জানমণি” নামৰ বিহু কেছেটখন খুব চলিছিল বোধহয়। বাছৰপৰা নামি ৰিক্সা এখনত উঠি ঘৰ পালোঁগৈ।

মায়ে সুধিলে, “ভালে ভালে আহি পালিহি ?”

“কোনোমতে পালোঁহি আৰু।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক