যাদুকাঠি – বন্তি শেনচোৱা

খেতি সামৰাৰ পিছত পথাৰত নৰা লেৰেলি গ’ল৷ গুটিধান চপোৱাৰ শেষত বাৰীৰ চুকত খেৰৰ পুঁজিয়ে আকাশ চুই চাওঁ যেন কৰিলে৷ ঘৰে ঘৰে ভঁৰালবোৰৰ পেট চিকুন হৈ পৰিল৷ কাৰোবাৰ চোতালত মাটিমাহৰ মৰণা, কাৰোবাৰ ঘৰত কোমল ধানৰ ৰ’দোৱা৷ আন এঘৰত আকৌ দড়ীয়া জহাৰ মৰণাই সৰগীয় গোন্ধ সিঁচি থকা হ’ল৷ মাহৰ মাৰ দেখি তিলে আপোনা – আপুনি ফাট মেলিলে৷ নিপোটল মাহ-তিল চোতালৰ পৰা আহি জুহাল পালেহি৷ ঘৰে ঘৰে ঢেঁকীবোৰে গিৰগিৰাই থকা হল৷

সন্ধিয়াখন মাহ, গোট কৰাই আৰু তিল ভজাৰ গোন্ধে জিভালৈ পানী আনে৷ নতুন বৰাচাউলৰ পিঠাগুড়ি মেলাত ভজা তিল আৰু পগোৱা গুড়ে সন্ধি পাতি খোলা-চপৰীয়া হৈ ভোজনৰসিকৰ জিভাক তৃপ্তি দিয়াৰ ভোগালী সময় সেয়া৷
এনেকুৱা উভৈনদী বতৰতে মাউৰা বাই –ভনীহালে নিজৰ মাজতে কথা হৈছিল৷ অতবোৰ প্ৰাচুৰ্যৰ মাজত গাঁৱৰ এচুকত বাগৰি-জুগৰি ডাঙৰ হোৱা ল’ৰা- ছোৱালীহালৰ কাষলৈ কোনেও এবাৰো আয়ৈ-দেহি এটাৰে আগবাঢ়ি নাহিল? ইহঁতহাল এনেকৈয়ে ৰৈ যাবনে? কাৰো চকুত নপৰাকৈ থাকি যাব নেকি এই তীখৰ লৰাটো আৰু তাৰ চুটি বাইজনী?
জুতি-বুদ্ধিৰ অনুভৱ আৰু অনুশীলনত দুয়োটাৰে খোৱা-জীয়াৰ লক্ষণ আছে৷ বঞ্চনা কপালৰ লিখন বুলি থকা ভকত নহয় তীখৰ৷ সি সংক্ষেপত কথা কয়৷
চুটি-মুটি বাই৷
পিঠা খাবৰ মন যায়৷
এজাৰ পৰি নিজাৰ হল৷ দৰদী লেখকৰ দৃষ্টিত তীখৰ বান্ধ খাই ৰ’ল৷ গাত জোথা এৰীয়া কাপোৰখন লৈ তীখৰ ওলাই যোৱা আজি এশ বছৰ হ’ল৷ জোথা এৰীকাপোৰত এঠা লাগি অহা বৰাধান, শালৰ এটেকেলি তেল আৰু পেৰাৰ গুড় গোটাই আনিবলৈ যোৱা ভায়েকটোলৈ বাট চাই জুপুৰিটোৰ জুহালৰ কাষত চুটিবাই বহি ৰয়৷ বনৰ বনৰজায়ো তীখৰৰ প্ৰখৰ বুদ্ধিৰ জুইত জাহ যায়৷
এশ বছৰৰ সুদীৰ্ঘ পৰিক্ৰমাৰে অজৰ-অমৰ হোৱা তীখৰৰ সৈতে এদিন আকৌ লেখকৰ ভেটাভেটি হ’ল৷ অদৃশ্য সৃষ্টিকৰ্তাক তীখৰে চিনি পোৱাৰ কথাই নাই৷ ইফালে তেওঁৰ চৰিত্ৰক লেখকে চিনি নোপোৱাৰ প্ৰশ্নই নাই৷ হয়৷ এয়া তীখৰেই৷ গাত চাটি মাৰি জোথা এৰীয়াৰ কাপোৰ লোৱা তীখৰে এতিয়া একান্ধত চাটি মাৰি আনিছে এটা মিহি প্লাষ্টিকৰ মোনা৷
খেতি সামৰা পথাৰ জুৰি এতিয়া বহল ৰাস্তা হল৷ আকাশ ধিয়াই অগণন অট্ৰালিকা হল৷ হাবি গুচি চহৰ হল৷ দিনৰ প্ৰখৰ ৰ’দতো সমৃদ্ধিৰ জয়গান, ৰাতিৰ কৃত্ৰিম বিজুলীৰ বানতো সামানুপাতিক প্ৰাচুৰ্যৰ মেলা৷ ভোগ-বিলাসৰ দোকোল-টকা বানে বাটৰ দাঁতিৰ ডাষ্টবিনৰ ৰাতিৰ উৎসৱৰ পাহাৰ সমান স্বাক্ষৰ ৰাখে৷ কেতিয়াবা মৃত৷ কেতিয়াবা জীৱন্ত৷ বিবিধ খাদ্যসম্ভাৰে জিভাৰ নিদ্ৰা হৰণ কৰে৷ বাৰটা মাহত তেৰটা পাৰ্বণ৷ হেজাৰটা ভোজভাতৰ কাৰক আৰু কাৰণ মজুত থাকে৷ উভৈনদী আয়োজনৰ প্ৰকোপত নিমন্ত্ৰিতসকলৰ গোন্ধতে পেট ভৰে৷ ফলত পথৰ দাঁতিৰ ডাষ্টবিনৰ পেট ওফন্দি উঠে৷
এইহেন উপৰ্যুপৰি ভোগ – বিলাসৰ সাম্ৰাজ্যত গগনচুম্বী অট্টালিকাবোৰৰ ৰ’দ নেদেখা ফাঁকবোৰেদি প্লাষ্টিকৰ জুপুৰিবোৰৰ পৰা এশ বছৰ শেষত তীখৰ ওলাই আহে৷ বাওঁহাতেৰে উজাই ধৰা তাৰ হাফপেণ্ট৷ মলিয়ন পিঠিত চাটিমাৰি লোৱা প্লাষ্টিকৰ মোনা৷ ৰঙচুৱা চুলি৷ ৰ’দে পোৰা মুখখনত টঁ-টকৈ জিলিকি থকা তজবজীয়া এহাল চকু৷ আৰু তাৰ বায়েকজনী? কোনোবা চৌখিন আৰু সমৃদ্ধ দেহৰ মালিকনীয়ে বেথা লাগি দান কৰা চুইদাৰ-কামিজ তাইৰ পুষ্টিহীন শৰীৰৰটোত ওলোমাই তাই ভায়েকটোৰ লগে লগে দুখোজ আগুৱাই আহে৷ তাইৰ চকুৰ অতলত মৰোঁ মৰোঁকৈ থকা সপোন একোটাই তীখৰ ভায়েক আবদাৰ মাজে মাজে প্ৰাণ পায়৷ আজিৰ তীখৰেও সংক্ষিপ্ত ভাষ্য ৰাখে—
“মৰ্জিনা বাই, মৰ্জিনা বাই
মোৰো দেখোন দগৰি দাৱত খাৱৰ মন যায়৷ ৷
উত্তৰত মৰ্জিনাই মুখ ভেঙুচায়,”! এস তাৰ দাৱত খাৱক মন যায় ভিতৰত টেমাকিটা জোকাৰি চাগৈ যা৷ পোকে ধৰা চাউলকিটাৰে ক’ৰ দাৱতনামা ৰান্ধোঁ৷ যা, ওলাই যা৷ সোঁফালে দুখোজমান গলেই সৌটো বিবাহ-বাহৰৰ কাষৰ খোৱা পেলোৱা ঠাই৷ বাওঁপিনে চাৰি খোজ গলেই সৌৱা পাঁচ মহলীয়া হোটেলৰ চুৱনি৷ তাতে ওৰে ৰাতি গান বাজনা, খানা-পিনাৰ মেলা লাগিয়ে থাকে৷ এৰেহা পেলোৱা ঠাইত কতবোৰ চুই মাত্ৰ এৰি থৈ যোৱা, পেলাই দিবলৈ একাষৰীয়া কৰি থোৱা খোৱাবস্তুৰ পেকেট পাবি৷ খৰধৰ কৰি যাবি৷ ভতুৱাকেইটায়ো তালৈকে লোভ কৰি থাকে৷ হলেও সিহঁতক লৈ বাৰু সিমান পয়মাল নাই৷ সৰু ল’ৰা- ছোৱালীয়ে কাম কৰি খাব নোৱাৰিব বুলি কোৱা আইনাখনৰ নিচিনাকৈ ডাষ্টবিন খুঁচৰিবলৈ নিদিয়া কঠোৰ আইন বা ফয়চলা কিবা আহিলেহে লাগিব লেঠা৷ যা, ওলাই যা৷ তোৰ যহতে গোন্ধে লোভ লগোৱা পেকেটৰ খোৱা খাবলৈ পাৱেঁইবা৷ ‘
বায়েকৰ ভেকাহিৰূপী উদগনি পাই তীখৰৰূপী হাৰুন প্লাষ্টিকৰ চাটি মাৰি ওলাই যায়৷ লক্ষ্য অভিমুখে ফোঁ-ফোঁৱাই ওলাই যোৱা হাৰুনৰ প্লাষ্টিকৰ মোনা বতাহে কোবাই যায়৷ ঠেক গলিত আজিৰ লেখকে হাৰুনক বাট এৰি দি একাষৰীয়া হৈ থিয় দিয়ে৷ সি যাওক৷ বুঢ়ী আইৰ সাধুৰ পাতৰ চুটি-মুটি বাইক নিৰলে চাবলৈ ভাষ্যকাৰক এইকণ আছুতীয়া সময়ৰ বৰ দৰকাৰ৷
গণ্ডাই গণ্ডাই শিশু দিৱস, দেধাৰে হিতৈষী আঁচনি, বহুত নাৰী নিৰ্যাতন বিৰোধী আন্দোলন, শিশু – শ্ৰমিক সুৰক্ষাৰ আইনৰ তাৰিখ পাৰ হৈ মৰ্জিনাই প্লাষ্টিকৰ পৰ্দাসদৃশ আৱৰণখন আঁতৰাই অভ্যাগতক ভিতৰলৈ স্বাগতম জনায়৷ প্লাষ্টিকৰ ভিতৰপাৰে এয়া অন্য এক পৃথিৱী৷ চিলনিৰ জীয়েকৰ নিচিনাকৈ থাউকতে ৰন্ধা সামৰিব পাৰে তাই৷
মৰ্জিনাই নিজান সময়খিনি প্ৰাণৱন্ত কৰিবলৈ কথা আৰম্ভ কৰিব খোজে৷ ঘৰটোৰ একমাত্ৰ বিছনাখনত কোনোবাই যেন বাগৰ সলায়৷ লেখক চমকি উঠে৷ এনেকুৱা হোৱাৰ যে কথা নাছিল৷ তীখৰ আৰু চুটি বাই ঘাট-মাউৰা৷ জুপুৰিটোত আৰু কোনো থকাৰ কথা নহয়৷
‘ইহঁতহালো সেই মাউৰাই৷ উশাহ লৈ থকাকে জী থকা নোবোলে, মোৰ বোপাই৷ ‘মোকনো ক’ত জী থকা দেখিছ৷
লেখকে দেখিলে বিছনাখনত সেয়া মৰ্জিনা আৰু হাৰুনৰ মাকজনী৷ মানুহজনী বিছনাত উঠি বহিল৷ বহুদিনীয়া চিনাকি চাৱনিৰে লেখকৰ চকুলৈ চালে৷ নাল ভগা কাঠৰ চকী এখনলৈ আঙুলিয়াই বহিবলৈ ক’লে৷ বকি বকি মৰ্জিনাই চকীখন হাতেৰে এবাৰ মচি দি সৰ্বজান্তা লেখকক বহিবলৈ সুচল কৰি দিলে৷
‘ ‘এ: আম্মাই যা-তা কথা কয়৷ বেছি কথা কোৱাৰ কোনো দৰকাৰ নাই৷ ৰ, মই তোলৈ ভাত সিজাওঁ৷ ‘ক মৰ্জিনাৰ চিলনীৰ জীয়েক নে চম্পাৱতী কৰি কুশল পৰিৱৰ্তন কৰিব পৰা যায়? লেখকৰ সাময়িক মনোবিচ্যুতি বিছনাৰ মানুহজনীয়ে কাঢ়ি নিয়ে৷
“এইজনী মোৰ বেতী৷ তাই পাঁচ বছৰীয়া হওঁতে হাৰুন মোৰ গালৈ আহে৷ তাই ছবছৰীয়াজনীৰে পৰা লোকৰ ঘৰে ঘৰে দিনটো সৰা মোচা কৰি চৰু ধৰি আহিছে৷” ‘ইহঁতৰ আব্বাক? ’ –মানুহজনীয়ে সৰ্বজান্তা লেখকৰ মনত প্ৰশ্নটো উচ্চাৰণ কৰিলে৷ লেখকৰ কুঞ্চিত কপাল এই আকস্মিক সংযোগৰ আনন্দত উজলি উঠিল৷
“আমাৰ কাৰণে মৰা৷ হাৰুন গাত থাকোতে চৈধ্য বছৰীয়া এজনীক নিকাহ কৰাই আনি ঘৰ সুমোৱালেহি৷ ঘৰৰ নামত এইকণ ঠাই৷ উঠি অহা কুমলীয়া জীয়েকৰ সন্মুখতে ব্যভিচাৰ৷ মই গা-ভাৰী৷ ময়ে তাক ওলাই যাবলৈ ক’লো৷ নালাগে তাৰ পোহপাল৷ সি ভালকে পালে৷ ক’ৰবাত দূৰত থাককগৈ৷ অলপ দিনলৈ সি উশাহ লৈ থকা বুলি খা- খবৰ পাইছিলোঁ৷ এতিয়াৰ কথা নাজানিম৷ বন্ধ হ’বও পাৰে উশাহ৷ বহুদিন পাৰ হ’ল৷ “
বহুদিন পাৰ হ’ল? লেখক দোমোজত পৰিল৷ সদাগৰ সাউদ বেহাবলৈ গ’ল৷ সাউদ বেহাই ওভতাৰ বাটত ফুল কুমলীয়া ছোৱালী দেখি ভোল গ’ল৷ কুমলীয়া ছোৱালীটি সাউদৰ লাগী তিৰোতা হ’ল৷ বৰজনী বয়সীয়া গুণেই এলাগী তিৰোতা হ’ল৷ এলাগী তিৰোতাৰ জীয়েকক পকা ধান ৰখিবলৈ হুকুম জাৰি হ’ল৷ আজিৰ এলাগী তিৰোতাৰ জীয়েক মৰ্জিনাক চম্পাৱতী সজাব পাৰিলে কেনে হয়? মৰ্জিনাক চম্পাৱতী কৰিব পাৰিলে বহু কথাৰ সহজ সমাধান হয়৷
এলাগী তিৰোতাৰ এথানি জীয়েকৰ জীৱনলৈ সুখৰ পৰিণতি অহাৰ বিস্তৰ সম্ভাৱনা দেখি লেখক হতাশাৰ মাজতো উৎফুল্লিত হ’ল৷ আহক অজগৰ জোঁৱাই৷ পিন্ধাওক নূপুৰ৷ দিয়ক সোণবৰণীয়া মেখেলা৷ সুখৰ নগৰ পাতি ৰাক্ষস নিধন কৰি মৰ্জিনা চম্পাৱতী হওক৷
“নহ’ব দেই৷ সেইবোৰ নহ’ব৷”
অন্তৰ্যামী লেখকৰ মনৰ ভাব ভাব হৈ থাকোঁতেই মাক জীয়েক দুয়ো একেলগে মাত লগালে৷ কথা শুনি লেখকে বিস্ময়- বিচূৰ্তি হ’ল৷
“আস্মক দেধাৰ পিছত সেইটো ফান্দত ভৰি দিবলৈ মই কিয় যাম? ছবছৰৰ পৰা লেদেনা উকটি খাইছো৷ কোনো কথা নাই৷ কাৰোবাক নিজৰ কৰি ল’ম, সপোন দেখি আলসুৱা হ’বলৈ আৰম্ভ কৰিম৷ আপোনজনৰ হাতত বিনা জগৰে এলাগী হ’ম—তাতোকৈ নহ’লোৱে বা চম্পাৱতী৷”
“মোৰ বেটীৰ যি মৰ্জি৷ দুনিয়াত সববোৰ যে বেইমান, সেই কথাও মই নক’ম৷ কিন্তু ভৰসা ক’ত? ছবছৰ বয়সৰপৰাই তাই কষ্ট কৰিছে৷ দুদিনলৈ আ-অলংকাৰেৰে সাজি কাচি লাগী কুঁৱৰীৰ সূখ ল’বলৈ নুখুজিলেও নাই৷ মাকৰ মন৷ ডাঠি হকা-বধা নকৰোঁ৷ মুঠতে মৰ্জিনাৰ মৰ্জি৷
অন্তৰ্যামী লেখকৰো দুখোজ আগত ভাবনাৰ জগতত খোজ লোৱা এই দুই মাক-জীয়েকৰ ভাগ্যলিপি পৰিৱৰ্তন কৰাৰ সুযোগ যে সিহঁতে দিবই নোখোজে৷ পৰিবৰ্তিত পৃষ্ঠভূমিত লেখক পৃষ্ঠভংগ দিয়াৰ বাহিৰে গত্যন্তৰ নাই৷ প্লাষ্টিকৰ ৰাজ্য, জীৱনৰ পাঠত স্নাতকোত্তৰ এলাগী আৰু গদ্যাশ্ৰয়ী সম্ভাব্য চম্পাৱতী নে চিলনী জীয়েকক নিজৰ ভাগ্য নিয়ন্ত্ৰণ কৰাৰ কঠোৰ দায়িত্ব অকলে চম্ভালিবলৈ এৰি থৈ লেখক পদপথলৈ উভতি আহিল৷
মৰ্জিনাৰ ভাগ্যলিপি চম্পাৱতীলৈ সলনি কৰাৰ সুযোগ বিছাৰি যাওঁতে ভেটা ভটি হোৱা আজিৰ তীখৰৰ ছবিখনে লেখকক ব্যথিত কৰিলে৷ ক’ত ভোগলী গ্ৰাম্য সমাজত ঢৌতে খৰ মাৰি খোৱা তীখৰ আৰু ক’ত এই এৰেহা খুঁচৰিবলৈ যোৱা আজিৰ তীখৰ৷ হাৰুনৰূপী আজিৰ তীখৰক ক’ত থাপিব পাৰি? উভৈনদী সমাজ ব্যৱস্থা এটাৰ মাজতো আথানি হৈ পৰি থাকিব লগাক কপালৰ লিখন বুলি তীখৰ হাত সাবটি বহি নাথাকিল৷ পৰিশ্ৰম আৰু চৌৰ্যবৃষ্টিৰ মাজৰ ক’লাৰ গইনা লৈ তীখৰ লেখকৰ মায়াদৃষ্টিলৈ আহিছিল৷ চান কাঢ়ি খোৱাৰ এই কলাত ই ইমান সিদ্ধহস্ত হৈ উঠিল যে বনৰ বন ৰজাও জালত পৰিল৷ কিন্ত আজিৰ হাৰুনক লেখকে থয় ক’ত? বনৰ বনৰজাই আজি কথা নকয়৷ জুৰীয়া এৰীচাদৰৰ জোখাৰে এতিয়া শীত নাই৷ প্লাষ্টিকৰ মোনা লৈ ভিক্ষা অথবা জাবৰি খুঁচৰিবলৈ যোৱাত উত্তৰণৰ কোনো বতৰা নাই; লেখকৰ শুভবোধে পাঠকৰ অনুভৱত দোলা দি নাযায়৷
উভৈনদী বজাৰত চান কাঢ়ি খোৱা বৃত্তি এটাৰ সন্ধানত লেখকৰ কল্পনাই জোট খায়৷ চেকগেট, ছাগলীয়া, শ্ৰীৰামপুৰ, ছিন্দিকেট, গেৰেজ নে পানীটেংকিত সঞ্চিত ভঁৰালৰপৰা চান কাঢ়িবলৈ দিয়া যায় হাৰুনক? লেখকৰ শুভবোধে আজিৰ প্ৰক্ষাপটত হাৰুনৰ বৃত্তিৰ উত্তৰণ বিচাৰি হাবাথুৰি খায়৷ তীখৰৰ পৰা হাৰুনলৈ এহাতে আকালৰ আৰু আনহাতে নিৰ্লজ ভঁৰালৰ পটভূমি অগা-দেৱা কৰে৷ পাৰিলে হাৰুণক লগ ধৰা য’ক৷ কিন্ত ক’ত হাৰুণ?
“মই দেখোন অনবৰতে তোমাৰ কাষত৷”
লেখকক হতচকিত কৰি হাৰুনে মাত লগালে৷ তাৰ কান্ধৰ প্লাষ্টিকৰ মোনা অন্তৰ্ধান হৈছে৷ গাত বুকুফলা চোলা৷ তাৰ গালত দুদিনৰ পুৰণি দাঢ়ি৷ লেখকৰ সমানে সমানে খোজ দি অহাৰ মাজতে সি বিনা সংকোচে চিগাৰেটৰ শেষাংশত হেঁপাহ পলুৱাই চুম্বন দি ল’লে৷
দুনিয়াৰ শুভবোধে তোমাৰ কলমত ভৰ কৰে, নহয়নে লেখক? তাৰেই জোৰত তুমি প্লট বিচাৰি বাটকুৰি বাই ফুৰা৷ কিন্তু কি পালা? পটভূমিৰ পাৰ্থক্যই অভিজ্ঞতাৰ সাদৃশ্যক নোহোৱা কৰিব নোৱাৰে৷ হ’লেও শুভবোধ জাগ্ৰত হৈ থাকে৷ উত্তৰণৰ প্ৰচেষ্টা সদায়ে অটুট থাকে৷ পৰিৱৰ্তিত প্ৰক্ষাপটত আমি নতুন সাধু ৰচনা কৰোঁহক, নে কি কোৱা? জোথা এৰীয়াৰ সলনি মোৰ হাতত তুমি সবাতোকৈ দীঘল বাঁহডাল দিয়া৷ সেয়ে হওক বৈষম্যবিনাশক যাদুদণ্ড৷ তাৰে মহটিয়াই কোবাই ভাঙি যাম বঞ্চনাৰ দেৱাল৷ “
সৃষ্টিয়ে যেতিয়া স্ৰষ্টাক চেৰাই যায়, মন আলোড়িত হয়৷ লেখকৰো সেয়াই হ’ল৷ চমতকৃত লেখকে দেখিলে আৰু এটা সাধুকথাৰ জন্ম হৈছে৷ তেওঁৰ সৃষ্টিয়ে পৰিৱৰ্তিত প্ৰেক্ষাপটত আন এক পোহৰ মেলিছে৷
ককাৰ গোহালিটোৰ দাঁতিত দীঘল হৈ পৰি আছে এশ বছৰৰ আয়ুস লৈ বাঢ়ি অহা দীঘল বাঁহডাল৷ ইমান দীঘল বাঁহডাল? এৰা, ককাৰ গোহালিৰ দৈৰ্ঘ্যও ইমান যে গাইজনীয়ে যদি এই মূৰত পোৱালি জগায়, পিয়ন চাৰে –পোৱালি জগায়, পিয়ন চাৰে…..৷
সেই গোহালিৰ সম্মুখৰ মুকলি চোতালত আইতাই কোমল ধান সিজায়৷ একেটা ৰ’দতে ধানগাল শুকুৱাব পাৰিলে ভাল৷ আইতাই ধান মেলি দিয়ে৷ ক’ৰ পৰা জানো এচমকা ডাৱৰ আহি বেলিটোক আঁৰ কৰি পেলায়৷ আইতা বিমৰিষ হয়৷
বেজাৰমুৱা মানুহজনীক পোহৰাই দিবলৈ ককাই গোহালিৰ ভাঁজে ভাঁজে পেলাই থোৱা ডাঁৰিকীডাল ঠিক কৰি লয়৷ ডাঁৰিকীৰ আগটোৰে বেলিৰ মুখৰ ডাৱৰবোৰ দূৰলৈ কোবাই পঠিয়ায়৷ আইতাৰ মুখত হাঁহি বিৰিঙে৷ প্ৰফুল্ল সহধৰ্মিনীৰ মুখ চাই ককা গোহালিৰ ফালে আগবাঢ়ে৷ বাঁহডাল গোহালিৰ হেজে হেজে থ’ব খোজোঁতেই ক’ৰবাৰপৰা তীখৰ আহে৷
তীখৰ এতিয়া ডেকাটো হৈছে৷ ককাকৰ হাতৰ পৰা বন কাঢ়ি নিব পৰা হৈছে৷ আজিও সি তাকে কৰিলে৷ ককাৰ মুখত সন্তোষ বিয়পি আছে৷ এশ বছৰীয়া যাদুৰ কাঠি হস্তান্তৰ কৰি ককাই হেঁপাহৰে সুধিলে: “এইডালৰ আকৌ এতিয়া কি কাম আছে? ”
“আছে৷ ডাৱৰ গুচাবলৈ এতিয়াও আমাৰ অনেক আকাশ বাকী আছে৷”
সমানে সমানে খোজ দি অহাৰ মাজতে সি বিনা সংকোচে চিগাৰেটৰ শেষাংশত হেঁপাহ পলুৱাই চুম্বন দি ল’লে৷
দুনিয়াৰ শুভবোধ তোমাৰ কলমত ভৰ কৰে নহয় নে লেখক? তাৰেই জোৰত তুমি প্লট বিচাৰি বাটকুৰি বাই ফুৰা৷ অভিজ্ঞতাৰ সাদৃশ্যক নোহোৱা কৰিব নোৱাৰে, হলেও শুভবোধ জাগ্ৰত হৈ থাকে উত্তৰণৰ প্ৰচেষ্টা সদায় অটুট থাকে৷ পৰিবৰ্তিত প্ৰেক্ষাপটত আমি নতুন সাধু ৰচনা কৰোঁহক, নে কি কোৱা? জোথা এৰীয়াৰ সলনি মোৰ হাতত সবাতোকৈ দীঘল বাঁহডাল দিয়ে৷ সেয়ে হওক বৈষম্যবিনাশক যাদুদণ্ড৷ তাৰে মহটিয়াই কোবাই ভাঙি যাম বঞ্চনাৰ দেৱাল৷ “সৃষ্টিয়ে যতিয়া স্ৰষ্টাক চেৰাই যায়, মন আলোড়িত হয়৷ লেখকৰো সেয়াই হ’ল৷ চমৎকৃত লেখকে দেখিলে আৰু এটা সাধুকথাৰ জন্ম হৈছে৷ তেওঁৰ সৃষ্টিয়ে পৰিবৰ্তিত প্ৰেক্ষাপটত আন এক পোহৰ মেলিছে৷
ককাৰ গোহালিটোৰ দাঁতিত দীঘল হৈ পৰি আছে এশ বছৰ আয়ুস লৈ বাঢ়ি অহা দীঘল বাহঁডাল? ইমান দীঘল বাহঁডাল? এৰা, ককাৰ গোহালিৰ দৈৰ্ঘ্যও ইমান যে গাইজনীয়ে যদি এই মূৰত পোৱালি জগায়, গোহালিৰ মাজভাগ পাওঁতে পোৱালিয়ে পিয়ন চাৰে, পোৱালি জগায়, পিয়ন চাৰে –পোৱালি জগায়, পিয়ন চাৰে-৷
সেই গোহালিৰ সম্মুখৰ মুকলি চোতালত আইতাই কোমল ধান সিজায়৷ একেটা ৰ’দতে ধান গাল শুকুৱাব পাৰিলে ভাল৷ আইতাই ধান মেলি দিয়ে৷ ক’ৰ পৰা জানো এচমকা ডাৱৰ আহি বেলিটোক আৰঁ কৰি পেলায়৷ আইতা বিমৰিষ হয়৷
বেজাৰমুৱা মানুহজনীক পোহৰাই দিবলৈ ককাই গোহালিক ভাঁজে ভাঁজে পেলাই থোৱা ডাঁৰিকীডাল ঠিক কৰি লয়৷ ডাঁৰিকিৰ আগটোৰে বেলিৰ মুখৰ ডাৱৰবোৰ দূৰলৈ কোৱাই পঠিয়ায়৷ আইতাৰ মুখত হাঁহি বিৰিঙে৷ প্ৰফুল্ল সহধৰ্মিনীৰ মুখ চাই ককা গোহালিৰ ফালে আগবাঢ়ে৷ বাহঁডাল গোহালিৰ হেজে হেজে থব খোজোঁতেই ক’ৰপৰা তীখৰ আহে৷
তীখৰ এতিয়া ডেকাটো হৈছে৷ ককাৰ হাতৰ পৰা বন বাঢ়ি নিব পৰা হৈছে৷ আজিও সি তাকে কৰিলে৷ ককাৰ মুখত সন্তোষ বিয়পি আছে৷ এশ বছৰীয়া যাদুৰ কাঠি হস্তান্তৰ কৰি ককাই হেঁপাহৰে সুধিলে: “এইডাল আকৌ এতিয়া কি কাম আছে? ”
“আছে৷ ডাৱৰ গুচাবলৈ এতিয়াও আমাৰ অনেক আকাশ বাকী আছে৷”

■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
প্ৰাঞ্জল প্ৰতিম বৰা
2 years ago

সুন্দৰ উপস্থাপন