যাদুকৰ মূলঃ হুমায়ূন আহমেদ অনুবাদঃ কলচুম বিবি

আজি হাফ্ ইয়াৰলি পৰীক্ষাৰ অঙ্কৰ বহী দিছে।
বাবলুৱে পাইছে চাৰে আঠ। অকল সেইটোৱেই নহয়, বহীৰ ওপৰত ৰঙা পেঞ্চিলেৰে ধীৰেন চাৰে ডাঙৰ ডাঙৰ কৈ লিখি দিছে, “গৰু”। কি সৰ্বনাশ!
বাবলুৱে বহীখন ওলোটাই ৰাখিছে। যাতে গৰু শব্দটো কাৰো চকুত নপৰে। কিন্তু ধীৰেন চাৰে গোমা মাতেৰে ক’লে–“এই বেঞ্চখনৰ ওপৰত উঠি থিয় হ’।”
বাবলুৱে বেঞ্চৰ ওপৰত থিয় হ’ল।
–“তোৰ অঙ্কৰ বহীত কি লিখি দিছোঁ সকলোকে দেখা।”
সি মুখ ক’লা কৰি সকলোকে বহীখন দেখুৱালে। ফাৰ্ষ্ট বেঞ্চত বহা কেইবাজনেও হো-হোৱাই হাঁহি দিলে। ধীৰেন চাৰে গৰ্জন কৰি উঠিল।–“ঐ কোনে হাঁহিছে? মুখ চিলাই কৰি দিম।”হাঁহি লগে লগে বন্ধ হৈ গ’ল। ধীৰেন চাৰক সকলোৱে যমৰ দৰে ভয় কৰে। পিছত সকলোৱে ‘যম চাৰ’ বুলি মাতে। ফাৰ্ষ্ট বেঞ্চত আকৌ এটা খিক্ খিক্ শব্দ হ’ল। ধীৰেন চাৰে হুংকাৰ দি উঠিল।——“আৰু এবাৰ হাঁহিৰ শব্দ শুনিলে চৰ মাৰি দাঁত ভাঙি পেলাম। নাট্যশালা নেকি? হা।”শ্ৰেণীটো সম্পূৰ্ণৰূপে নিঃশব্দ হৈ গ’ল। ধীৰেন চাৰে থমথমীয়া মাতেৰে ক’লে—-“ঐ বাবলু, তই ঘণ্টা নপৰা পৰ্যন্ত বেঞ্চৰ ওপৰত থিয় হৈ থাকিবি।”বাবলুৱে উদাস দৃষ্টিৰে খিৰিকীৰে বাহিৰলৈ চাই থাকিল। বেঞ্চৰ ওপৰত এক ঘণ্টা থিয় হৈ থকাটো একো কথা নহয়। কিন্তু ঘৰলৈ ঘূৰি গৈ বাবাক কি বুলি কব এই কথা ভাবিয়েই বাবলুৰ শৰীৰত মাজে মাজে হুলে বিন্ধাৰ দৰে বিন্ধিব ধৰিলে। বাবা মুঠেই সহজ-সৰল নহয়। ধীৰেন চাৰৰ দৰে মাষ্টৰো তেওঁৰ সন্মুখত দুগ্ধপোষ্য শিশু। ঘৰত আজি ভূমিকম্প হৈ যাব, একো নোকোৱাকৈ থকাই ভাল। বাবলু এই ঠাণ্ডাটো তপতপকৈ ঘামিব ধৰিলে।
বাবলুৱে ভাবি নাপালে অঙ্কৰ দৰে ভয়াবহ বস্তু এটা কি দৰে পঢ়া-শুনাৰ মাজত সোমাই গ’ল। কি হ’ব অঙ্ক শিকি? বান্দৰে তৈলাক্ত বাঁহ গছ বগাই উঠাৰ প্ৰয়োজননো কি? বাৰু, ঠিক আছে, উঠিছে উঠক। কিন্তু প্ৰথম মিনিটত উঠি দ্বিতীয় মিনিটত আকৌ পিছলি পৰাৰ প্ৰয়োজননো কি? বাবলুৱে এটা দীৰ্ঘনিশ্বাস পেলালে।
পাঁচ বজাত স্কুল ছুটি হ’ল। বাবলুৱে ঘৰলৈ নগৈ স্কুলৰ বাৰান্দাতে মুখ ক’লা কৰি বহি থাকিল।  স্কুলৰ কেৰাণি আনিচ মিঞাই ক’লে–“সৰু ভাইটি ঘৰলৈ যোৱা।”বাবলুৱে ক’লে–“মই আজি ইয়াতেই থাকিম।”–“কি কোৱা ভাইটি? কাৰণ কি?”–“একো কাৰণ নাই। তুমি যোৱা।”আনিচ মিঞাই বেকাকৈ হাঁহি ক’লে–“পৰীক্ষাত ফেইল কৰিছা কিয়? ঘৰত থাকি সদায় নাহিলে যাবও নালাগে। হয় নে নহয়?”আনিচ মিঞাই দাঁত উলিয়াই হাঁহিব ধৰিলে। বাবলুৱে স্কুলৰ পৰা খৰখেদাকৈ বাহিৰলৈ ওলাই আহিল। সৰকাৰৰ ঘৰৰ জামুগছৰ তলত অকলে অকলে বহি থাকিল।
ঠাইডোখৰ অসম্ভব নিৰ্জন। কিছুক্ষণৰ ভিতৰতে চাৰিওফালে ঘিটমিটীয়া আন্ধাৰ হৈ গ’ল। বাবলুক ভয় খুৱাবলৈ হয়তো অসংখ্য ঝিলিয়ে একেলগে মাতিব ধৰিলে। বিলৰ ফালৰ পৰা শব্দ আহিব ধৰিলে–“হঅ হঅ।” সোঁফালৰ জোপোহা এটা লৰি উঠিল। বাবলুৱে চাৰ্টৰ দীঘল হাতটোৰে ঘনে ঘনে চকুপানী মচিব ধৰিলে।–“ঐ ল’ৰা কান্দিছ কিয়?”আন্ধাৰত পৰিষ্কাৰকৈ একো দেখা যোৱা নাই। বাবলুৱে মন কৰিলে ওখকৈ এজন মানুহ জোপোহাৰ কাষত ৰৈ আছে। মানুহজনৰ হাতত ভাৰী বেগ জাতীয় কিবা এটা। পিঠিৰ ফালেও এনে ধৰণৰ এটা বস্তা ৰছীৰে বন্ধা আছে।–“ঐ পোৱালি, কি হৈছে?”বাবলুৱে উচুপি উচুপি ক’লে–“মই অঙ্কত চাৰে আঠ পাইছোঁ।”—“সেইবাবে নেকি?”—“হয়। আৰু ধীৰেন চাৰে মোৰ বহীৰ ওপৰত লিখি দিছে–‘গৰু’।”বাবলুৱে বহীখন উলিয়াই মানুহজনৰ ফালে আগুৱাই দিলে। মানুহজনে হাউলি গৈ বহীখন ললে। তেওঁ বৰ ওখ। এই আন্ধাৰতো বৰ ডাঙৰ এযোৰ চশমা পিন্ধি আছে, প্ৰায় সমগ্ৰ মুখখনেই ঢাক খাই আছে।
মানুহজনে গহীন-গম্ভীৰ মাতেৰে ক’লে–“বহীৰ ওপৰত গৰু লিখাটো অন্যায় হৈছে। তাৰ উপৰিও ইমান ডাঙৰ ডাঙৰকৈ লিখাৰ প্ৰয়োজনেই বা কি? সৰুকৈ লিখিলেও হয়।”বাবলুৱে সশব্দে কান্দি উঠিল।–“ওহো, নাকান্দিবা। কন্দাৰ সময় নহয়। এতিয়া কি কৰা যায় সেই লৈহে আমি চিন্তা কৰিব লাগিব। ঠাণ্ডা মগজুৰে ভাবিব লাগিব।”বাবলুৱে শান্ত মাতেৰে ক’লে–“মই স্কুললৈও নাযাওঁ। ঘৰলৈকো ঘূৰি নাযাওঁ। বাকী জীৱন জামুগছৰ তলতে বহি কটাম। নহ’লে জাহাজৰ
নাবিক হৈ বিলাতলৈ গুছি যাম।”–“বুদ্ধিতো বেয়া নহয়। কিন্তু পটককৈ কিবা এটা কৰা উচিত নহয়। ঠাণ্ডা মগজুৰে ভাবিব লাগিব। তোমাৰ নামটো জনাই হোৱা নাই।”–“মোৰ নাম বাবলু। ক্লাছ ছেভেনত পঢ়োঁ।আপোনাৰ কি নাম?”—“মোৰ নাম হৈছে গিয়ে হইয়েৎচুন।”–“কি ক’লে?”–“মোৰ নামটো অলপ অদ্ভুত, মই বিদেশী যে।”—“কি কৰে আপুনি?”—“মই এজন পৰ্যটক। মই ঘূৰি ফুৰো।”বাবলুৱে কৌতুহলী হৈ সুধিলে–“আপোনাৰ দেশ কোনখন?”–“আহা, তোমাক দেখুৱাই দিওঁ।”হইয়েৎচুনে আকাশৰ ফালে আঙুলি টোৱাই দেখুওৱালে–“এই যে ক’লা ক’লা দেখিছ, এইটো হৈছে কক্ষপথ। মিল্কি ওয়ে গেলেক্সি। স্প্ৰিঙৰ দৰে। ইয়াৰ মাজে মাজে এটা সৌৰমণ্ডল আছে। আমি তাকে কওঁ ‘নযুঁততিনি’, তাৰে ন নম্বৰ গ্ৰহটোত আমি থাকোঁ।”বাবলু অলপ আঁতৰত বহিল। পাগল নেকি মানুহজন! ভদ্ৰলোকৰ দৰেই  ভালদৰে কথা পাতিছে। –“বুজিলা বাবলু, কবলৈ গ’লে আমি বৰ ওচৰা-ওচৰিকৈ থাকোঁ। পৃথিৱীখনো মিল্কি ওয়ে গেলেক্সিতেই পৰে। হা হা হা।”—“বাংলা ভাষাত কথা ক’লে আপোনালোকেও বুজি পায়?”—“ওহো। তোমাৰ লগত বাংলাত কথা পাতিছোঁ কাৰণ মোৰ লগত এটা অনুবাদক যন্ত্ৰ আছে।”তেওঁ ইংগিতেৰে গোলাকৃতিৰ বক্স এটা দেখুৱালে। বক্সটো তেওঁৰ কান্ধৰ কাষত ওলমি আছে। সেইটোৰ পৰা ম’হৰ শব্দৰ দৰে পুনপুনকৈ এটা শব্দ আহিছে।—“এই যন্ত্ৰৰ সহায়ত যিকোনো বুদ্ধিমান প্ৰাণীৰ ভাষা বুজিব পৰা যায় আৰু সেই ভাষাত কথা কব পাৰি। প্ৰাণীবোৰৰ মস্তিষ্কৰ নিউৰণত বিভিন্ন ধ্বনিৰ যি লাইব্ৰেৰী আছে আৰু শব্দবিন্যাসৰ যি সোঁত আছে সেয়া এই যন্ত্ৰটোৱে ধৰিব পাৰে।”বাবলুৰ অলপ ভয় ভয় লাগিল। মানুহজনে ক’লে—“এই যে চাৰিওফালে ঝিলি পোকে মাতি আছে ইহঁতে কি কৈ আছে সেইটো তুমি বুজিব পাৰিবা যদিহে যন্ত্ৰটো তোমাৰ কান্ধত ওলমাই দিওঁ, দিম নেকি?”বাবলুৱে ভয়ে ভয়ে ক’লে–“দিয়ক, কিন্তু কষ্ট পাম নেকি?”–“ওহো। মূৰটো অলপ সময় ভুনভুন কৰিব হয়তো। দি চোৱাচোন।”হইয়েৎচুনে যন্ত্ৰটো বাবলুৰ কান্ধত বহাই দিওঁতে বাবলুৱে শুনিলে, ঝিলি পোকবোৰে কথা পাতিছে।–“পোক লাগে। খাবৰ বাবে পোক লাগে।”—“এওঁলোক দুজনে কি কৰিছে?”—“পোক লাগে। পোক লাগে। পোক লাগে।”বাবলু স্তম্ভিত হৈ গ’ল। মানুহজনে ক’লে–‘মানুহে যিধৰণে কথা পাতে ইহঁতে কিন্তু সেইধৰণে কথা নাপাতে। পাখিৰ লগত পাখিৰ ঘঁহনি খাই শব্দ কৰে। ভাবৰ আদান-প্ৰদানৰ বাবে প্ৰাণীজগতত কিমান যে অদ্ভুত ব্যৱস্থা আছে!’বাবলুৱে তেওঁৰ কথাত কাণ দিয়া নাছিল। কাৰণ সি স্পষ্টকৈ শুনা পালে জামুগছত থকা এটা চৰাইৰ  বাহত ফুচফুচাই কথা-বাৰ্তা হৈছে।–“আস, এই মানুহ দুটাই কি বকবকাবলৈ আৰম্ভ কৰিছে? ঘুমাবলৈ নিদিব নেকি?”—“ঠিক কৈছা। মানুহৰ মাজত কাণ্ডজ্ঞান বোলা একোৱেই নাই। ইহঁতবোৰ মহামুৰ্খ।”কৈ কৈ চৰাইবোৰে খিকখিকাই হাঁহিব ধৰিলে।
মানুহজনে ক’লে–“যন্ত্ৰটো এবাৰ খুলি থোৱা যাওক। তোমাৰ অভ্যাস নাইতো, মূৰত ধৰিব।”বাবলুৱে ক’লে—“আমি যদি এতিয়া সিহঁতৰ লগত কথা পাতোঁ সিহঁতে আমাৰ কথা বুজিব পাৰিবনে?”–“দুই এটা কথা বুজিব পাৰিব। তথাপিও বেছিভাগেই নুবুজিব। সিহঁতৰ বুদ্ধিবৃত্তি নিম্নস্তৰৰ। অৱশ্যে সকলোৰে নহয়। পৃথিৱীত বহুত বুদ্ধিমান প্ৰাণী আছে। যিদৰে তিমিমাছ।”–“তিমি মাছ বুদ্ধিমান?”—“অত্যন্ত বুদ্ধিমান। একমাত্ৰ হাত নাই বাবেহে যন্ত্ৰপাতি তৈয়াৰ কৰিব নোৱাৰে। ডলফিনো বৰ বুদ্ধিমান। সিহঁতৰ যদি হাত থাকিল হয় তেন্তে পৃথিৱীৰ চেহেৰাই সলনি কৰি দিলেহেঁতেন।”—“সিহঁতৰ হাত নাই কিয়?”—-“প্ৰকৃতিৰ লীলা। প্ৰকৃতিৰ লীলাৰ বাবেই তিমি অথবা ডলফিনৰ দৰে বুদ্ধিমান প্ৰাণীবোৰো পশুৰ দৰে জীৱন-যাপন কৰিবলগীয়া হৈছে।”
হইয়েৎচুনে এটা সৰু হুমুনিয়াহ এৰি যন্ত্ৰটো বাবলুৰ কান্ধৰ পৰা লৈ গ’ল।–“এবাৰ তোমাৰ ঘটনাটোৰ কথা চিন্তা কৰা যাওক। কি ঠিক কৰিলা? জাহাজৰ নাবিক হ’বা?”–“নাই।”—“তেন্তে কি আন্ধাৰত জামুগছৰ তলত বহি থাকিবা?”—“ওহো। মই আপোনাৰ লগত যাম।”—“সেইটোহে কথা?”—“হয়।”—-“কিন্তু সেইটো সম্ভৱ নহয়। আমাৰ চলা-ফুৰাৰ বাবে ৰকেট বা স্পেচছিপ নাই। আমি এঠাইৰ পৰা আন ঠাইলৈ তৎক্ষণাত বস্তু স্থানান্তৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে যাওঁ। তোমাৰ দ্বাৰা সেইটো নহ’ব। তাৰ উপৰিও মই এতিয়া তোমালোকৰ বৃহস্পতি গ্ৰহৰ এটা চন্দ্ৰলৈ যাম। সেইটোৰ নাম তিতান। তাত অতি বুদ্ধিমান প্ৰাণী আছে।”—“ময়ো আপোনাৰ লগত তিতানলৈ যাম।”—“একেবাৰে অসম্ভব। সেই ঠাইটুকুৰ বিষাক্ত ক্ল’ৰিণ গেছেৰে ভৰা। তাৰ উপৰিও চালফাৰ-ডাই অক্সাইড আছে। মোৰ তাত একো নহয়। কিন্তু তুমি লগে লগে মৰি যাবা।”বাবলুৱে মুখ ক’লা কৰি চুপ হৈ থাকিল।মানুহজনে শান্ত সুৰেৰে ক’লে—“তুমি বৰঞ্চ ভালদৰে পঢ়া-শুনা আৰম্ভ কৰা। কাৰণ তোমালোকৰ ইয়াত বহুত কিবাকিবি শিকিবলৈ আছে। অঙ্কত চাৰে আঠ পালে নহ’ব।”বাবলুৱে কোনো উত্তৰ নিদিলে। মানুহজনে ক’লে–“মানুহৰ মস্তিষ্কই হৈছে প্ৰথম শ্ৰেণীৰ। ইচ্ছা কৰিলে এওঁলোকে জ্ঞান-বিজ্ঞানত আমাক অতিক্ৰম কৰি যাব।”বাবলুৱে মুখ ক’লা কৰি ক’লে—“মই অঙ্ক-চঙ্ক একো শিকিব বিচৰা নাই।”হইয়েৎচুনে হাঁহিলে। হাঁহি হাঁহিয়েই ক’লে–মানুহবোৰ প্ৰাণী হিচাবে কিন্তু বৰ অদ্ভুত। এওঁলোকে বেছি সময়েই যি ভাবে তাকে নকয়। মুখেৰে এটা কথা কয় কিন্তু মনৰ কথা বেলেগ। তুমি মনে মনে ভাবিছা এতিয়াৰ পৰা খুব মন দি অঙ্ক শিকিম যাতে এই ধৰণৰ যন্ত্ৰ বনাব পাৰোঁ কিন্তু মুখেৰে কৈছা আন এটা কথা। হয় নে?’বাবলুৱে লাহেকৈ সুধিলে–“আপুনি কেনেকৈ বুজিলে?”–‘মোৰ লগত সৰুকৈ এটা কমিউনিকেটৰ যন্ত্ৰ আছে। সেইটোৰ দ্বাৰা বুদ্ধিমান প্ৰাণীসকলে কি ভাবিছে তাক বহুত দূৰৰ পৰাই অনুভব কৰিব পাৰি। উদাহৰণ স্বৰূপে যন্ত্ৰটো তোমাৰ কান্ধত ওলমাই দিলে তোমাৰ বাবা অথবা তোমাৰ ধীৰেন চাৰে এই মূহুৰ্তত কি ভাবিছে তুমি জানিব পাৰিবা। তেওঁলোক দুয়োজনেই হাৰিকেন লৈ বৰ ব্যস্ততাৰে তোমাক বিচাৰিবলৈ ওলাই আহিছে। তোমালোকৰ স্কুলৰ কেৰাণি আনিচ মিঞাই ঘৰলৈ গৈ খবৰ দিয়াৰ পিছতেই তোমাৰ বাবা খুব অস্থিৰ হৈ পৰিছে। তোমাৰ বাবাৰ মনৰ অৱস্থাটো জানিব বিচাৰিছা নেকি?’বাবলুৱে মূৰ লৰালে। সি জানিব বিচাৰে। মানুহজনে যন্ত্ৰটো কান্ধত ওলমাই দিয়াৰ লগে লগেই শুনিলে, বাবাই মনে মনে কৈ আছে, মোৰ এই পগলা ল’ৰাটো এই অন্ধকাৰত ক’ত অকলে অকলে বহি আছে কোনে জানে?চাৰে আঠ পালে তাতে কি হ’ল? আস!  বেচেৰাটো। মোৰ ভয়ত ঘৰলৈকো আহিব পৰা নাই। নাই আৰু কোনোদিনেই খঙাখঙি নকৰোঁ। ভাবি ভাবিয়েই বাবাই চকুপানী মচিলে।ধীৰেন চাৰেও একে ধৰণৰ কথাই ভাবিছে। হায় হায় সৰু ল’ৰাটো আন্ধাৰত কৰবাত নহয় কৰবাত বহি আছে। বহীত গৰু বুলি লিখাটো বৰ দোষণীয় হৈছে। সেই লাজতেই সি ঘৰলৈকে যোৱা নাই। নাই, ছাত্ৰসকলৰ লগত অলপ হ’লেও ভদ্ৰ ব্যৱহাৰ কৰা উচিত। আৰু এনেকৈ খঙাখঙি নকৰোঁ। বাবলুটোক সদায় একঘণ্টাকৈ অঙ্ক শিকাম।হইয়েৎচুনে হাঁহি হাঁহি সুধিলে,”শুনিলা তেওঁলোকৰ মনৰ কথা।”—“হু।”—“জাহাজৰ নাবিক হোৱাৰ পৰিকল্পনা এতিয়াও আছেনে?”—-“নাই।”—“ভাল কথা। বৰ ভাল কথা। তেনেহ’লে বাবলু চাহাব, মইতো এতিয়া যাব লাগিব।”—“অলপমান বহক।”—-“নাই নাই আৰু বহিব নোৱাৰি। তোমাৰ বাবা আৰু তোমাৰ চাৰ এইফালেই আহিছে। মোক দেখিলে কথাটো ভাল নহ’ব। যাওঁ তেনেহ’লে, কি কোৱা?”তেওঁৰ কথা শেষ হোৱাৰ আগেয়ে বাবা আৰু ধীৰেন চাৰক দেখা গ’ল। কেৰাণি আনিচ মিঞাই হাৰিকেন এটা হাতত লৈ আগে আগে আহি আছে। বাবলুৱে বেলেগ গ্ৰহৰ মানুহজনক আৰু দেখা নাপালে।
বাবা আহিয়েই প্ৰচণ্ড চৰ এটা শোধালে। খঙেৰে ক’লে–“এই বয়সতেই বান্দৰামী শিকিছ। ঘৰলৈ নগৈ গছৰ তলত বহি ধ্যান কৰিছ। তোৰ পিঠিৰ ছাল ছিঙিম আজি।”ধীৰেন ছাৰে থমথমীয়া মাতেৰে ক’লে–“পৰীক্ষা বেয়া হৈছে– লৰালৰিকৈ ঘৰলৈ ঘূৰি গৈ বহী লৈ বহিবি, সেইটো নাই, সাপসোপাৰ আড্ডাৰ মাজত অকলে বহি আছে। অহাকালি তই মোৰ ক্লাছত গোটেই পিৰিয়ডত আঠুকাঢ়ি থাকিবি। গৰু কি এনেয়ে লিখিছোঁ।”
বাবলুৱে এওঁলোকৰ কথাত অলপো খং নকৰিলে। কাৰণ এতিয়া সি স্পষ্টকৈ জানে যে এইবোৰ তেওঁলোকৰ মনৰ কথা নহয়। তাৰ উপৰিও সি হাৰিকেনৰ পোহৰত বাবাৰ চকু ভিজি থকা স্পষ্টকৈ দেখিছিল। কান্দি কান্দিয়েই তাক বিচাৰি আছিল।      (সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক