যান্ত্ৰিকতাৰ বিপৰীতে (ৰেখা বৰা)

একৈশ শতিকাৰ দুৱাৰদলিত আজি আমি প্ৰত্যেকজন ব্যক্তিয়েই গৌৰৱবোধ কৰো নিজৰ বা দেশৰ উন্নতিত৷ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাঁৱলৈকে সৰু বৰ পকী ৰাষ্টা৷ সন্ধ্যাৰ সময়ত চহৰ-গাৱঁৰ ঘৰে ঘৰে বিজুলীবাতিৰ ৰঙীন পোহৰ, এতলা-দুতলাকৈ ক্ৰমে ডাঙৰ হৈ যোৱা ক্ৰংকীটৰ পকী দালান, ঘৰে ঘৰে শেহতীয়া উন্নত বিজ্ঞানসন্মত পদ্ধতি সম্পন্ন কম্পিউটাৰ, প্ৰত্যেকজন ব্যক্তিৰ হাতে দামী এনৰইড ম’বাইল ফোন আদিয়েই স্পষ্ট কৰে আমাৰ লগতে দেশৰ শৈক্ষিক তথা অৰ্থনৈতিক উন্নতিৰ মাপকাঠি৷
কিন্তুু এই উন্নতিৰ দুৱাৰদলিত ৰৈ কেতিয়াবা অনুভৱ হয় আমি যেন ক্ৰমে হেৰুৱাই পেলাইছো আমাৰ হৃদয়ৰ লগত জড়িত বহুতো আবেগ-অনুভূতি৷
আজি কিছুদিনৰ আগতে স্থানীয় এখন বিদ্যালয়ৰ মুখপত্ৰত এজন ছাত্ৰৰ এটা প্ৰবন্ধত উল্লেখ কৰিছিল ক্ৰমে আমি হেৰুৱাই পেলোৱা সেই জোনাক ৰাতিৰ আইতাৰ সাধু কথা, জোনাকী পৰুৱাৰ পাছত দৌৰা আদিৰ দৰে হৃদয়ৰ লগত সংস্পৰ্শ থকা অনুভূতিবোৰৰ কথা৷ হয়তো বৰ্তমান প্ৰতিযোগিতামূলক যুগৰ মাজত সংস্পৰ্শ নথকা হৃদয়ৰ এক এৰাব নোৱাৰা নষ্টালজিয়াৰ বহিৰ্প্ৰকাশেই ছাত্ৰজনৰ সেই প্ৰবন্ধ৷ কিন্তুু কেৱল সেই ছাত্ৰ জনেই নে? আজি আমাৰ প্ৰত্যেকজন ব্যক্তিয়েই হয়তো নিজৰ হাজাৰ ব্যস্ততাৰ মাজতো কোনো এক নিৰ্জনতাত অনুভৱ কৰে ফৰিংফুটুকা জোনাক ৰাতিৰ, আইতাৰ কোলাত বহি শুনা সেই সাধুকথা, জোনাক ৰাতি নঙলামুখত দিয়া আড্ডাৰ কথা, ভৰ দুপৰীয়া আনৰ ঘৰৰ আম, বগৰী বুটলি ঘূৰি ফুৰাৰ সেই দিনবোৰৰ কথা…৷
বৰ্তমান হৈছে কম্পিউটাৰ যুগ৷ বিজ্ঞানৰ অগ্ৰগতিৰ তথা সভ্যতাৰ উন্নতিৰ লগে লগে আমি ক্ৰমে নিৰ্ভৰশীল হৈ পৰিছো যান্ত্ৰিকতাত৷ বৰ্তমান যুগৰ শিশোৱে মাকৰ হাতত ধৰি খোজ কাঢ়িবলৈ শিকাৰ পৰিবৰ্তে ৱাকাৰ ব্যৱহাৰ কৰাটো বৰ্তমানৰ যান্ত্ৰিকতাৰ এটা উদাহৰণ মাত্ৰ৷
আজিৰ শিশোৱে ৰবাবটেঙাৰ ফুটবল খেলি বা কাপোৰৰ পুতলাৰ দৰা-কইনা খেলাৰ বাবে মাকৰ গালি শুনিবলগীয়া নহয়৷ গালি শুনিবলগীয়া হয় দিনৰ দিনটো ভিডিঅ গেম খেলাৰ বাবেহে৷
আজিৰ শিশোৱে ৰবাবটেঙাৰ ফুটবল খেলি বা কাপোৰৰ পুতলাৰ দৰা-কইনা খেলাৰ বাবে মাকৰ গালি খাবলগীয়া নহয়৷ গালি খাবলগীয়া হয় দিনটো ভিডিঅ’ গেম খেলাৰ বাবেহে৷
প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱন বহুত সুন্দৰ তথা আৰামদায়ক কৰি তুলিছে সচাঁ, কিন্তুু কিছু ক্ষেত্ৰত যেন আমাৰ মানবীয়তাবোধকো জড়াগ্ৰস্থ কৰি তুলিছে৷ বৰ্তমানৰ বাস্তৱময় জীৱনত আনে যিমানেই আবেগিক বা খেয়ালি মনৰ বুলি নকওঁক কিয় গৰমৰ দিনত জোনাক ৰাতি হাতত বিচনি লৈ চোতালত ঘৰৰ ডাঙৰ-সৰু সকলোৰে সৈতে বহাৰ আনন্দখিনি, জোনাকী পৰুৱাৰ পাছে পাছে দৌৰাৰ আনন্দখিনি, আনৰ বাৰীয়ে বাৰীয়ে বগৰী, লেতেকু, পনীয়ল, আম বিচাৰি ফুৰাৰ আনন্দজানো আজিৰ শিশোৱে এবাৰলৈকো উপলব্ধি কৰিব পাৰে? ? কেৱল মাত্ৰ আনন্দইনে? ? এই সকলোবোৰ কথাই ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় তথ্য বা সমল যোগোৱাতো সহায় কৰে৷ গৰমৰ দিনত বহা সেই চোতালখনেই হৈ পৰে ঘৰৰ সকলোৰে মাজত বুজাপৰা, মিলাপ্ৰীতিৰ এক নিবিড় সমন্বয় ক্ষেত্ৰ৷
আনৰ বাৰীৰ লেতেকু, বগৰী বিচাৰি ফুৰোতেই নিজৰ অজ্ঞাতেই পৰিচয় হয় সেই সকলো গছৰ লগতে প্ৰকৃতিৰ লগত৷ নঙলা মুখত হোৱা নানান আলোচনাৰ মাধ্যমেৰে সমাজ, পৰিবেশ, পৰিস্থিতিৰ বিষয়ে জনাৰ লগতে নিজকে সামাজিক দায়বদ্ধতাৰ বাবে সাজু কৰিব পাৰি৷
কিন্তুু আজিৰ শিশু ব্যস্ত থাকে শুই উঠাৰ পৰা টিউচন, কিতাপ, ভিডিঅ’ গেম, কম্পিউটাৰ, হমৱৰ্ক আদিৰ মাজত৷ বৰ্তমান প্ৰতিযোগিতামূলক জীৱনৰ বাবে প্ৰয়োজনীয় এটা তথাকথিত কেৰিয়াৰ গঢ়াত৷ আৰ্থিকভাৱে সচ্ছল এটা জীৱনৰ আশাত গঢ় লৈ থকা এই শিশুবোৰে মানসিক তথা শাৰীৰিক দুয়োফালৰ পৰাই বাধা পাই এটা মুক্ত জীৱন ধাৰণত৷ প্ৰকৃতিৰ নামত হয়তো দেখা পায় কেতিয়াবা আবেলি কোনো পাৰ্কৰ সৌন্দৰ্য্য, সমাজৰ তথা পৰিবেশ পৰিস্থিতিৰ বিষয়ে জানে টিভি বা বাতৰিকাকতৰ একঘেয়ামী ব্যৱসায়িক দৃষ্টিভংগীৰ মাজেদি৷
মানুহৰ জীৱনশৈলী নিয়ন্ত্ৰিত হয় সমাজ, সময় তথা পৰিবেশৰ যোগেদি৷ বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ উন্নতিলৈ লক্ষ্য কৰিলে বুজা যায় যে আৰু কিছুদিনৰ পাছত মানৱ সমাজ সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিব যন্ত্ৰত৷
বৰ্তমানৰ সৰু সৰু হৃদয়ৰ লগত সংস্পৰ্শ হৈ থকা কথাবোৰ হৈ পৰিব সাধুকথা৷ জোন, জোনাক, নঙলামুখ আদিৰ দৰে শব্দবোৰ বিচাৰি পোৱা যাব শব্দকোষৰ মাজত৷ কিন্তুু তাৰ আগতেই আহক জোনাক ৰাতি চোতালত বহি যান্ত্ৰিকতাৰ বিপৰীতে অনুভৱ কৰি লওঁ নিজৰ হৃদয়ক…৷ আকাশৰ তিৰবিৰ তৰা লেখি পুনৰ ডুব যাওঁ কল্পনাৰ ৰাজ্যত৷ কাৰণ কোনে জানে এই সুবিধা আৰু বা কিমান দিন পাওঁ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments