-যান্ত্ৰিক- (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

প্ৰেগনেন্সী টেষ্টৰ কিটটো বেগ’ৰ পৰা উলিয়ালে অনুভাই। প্ৰথম দুবাৰ বৰ মনোযোগেৰে পঢ়িব লগা হৈছিল ইনষ্ট্ৰাকছনবোৰ। আজিকালি নালাগে। অজান শিহৰণত হাত কঁপিছিল তাইৰ। এতিয়া নকঁপে। অভ্যষ্ট তাই।
বিচনাত দৰ্শনৰ নাইট ড্ৰেছযোৰ পৰি আছে। বোধকৰোঁ জিমলৈ গ’ল সি। তাই কিটটো হাতত লৈ বাথৰুমলৈ গ’ল ধীৰ খোজেৰে।
oo

‘এবাৰ কথা পাতি ল’চোন। ল’ৰাটো হেনো খুউব ভাল। স্বভাৱ-চৰিত্ৰ, ঘৰ-দুৱাৰ, চা-চাকৰি সকলো ভাল। আজিকালি এনে ল’ৰা পোৱাই হেনো মুস্কিল।…তোৰো বয়স ৰৈ থকা নাই নহয়। আমি শান্তিত কেনেকৈ থাকো নো? তোৰ লগৰ মাইনুৰ ল’ৰাই ক্লাছ ফাইভ….’-মাকে বুজাইছিল।

চিৰ জীৱন কোনোবা এজনৰ লগত একেলগে থাকিবলৈ থিৰ কৰাৰ পাছত তেওঁৰ মাজত ভাল লগা গুণবোৰ বিচাৰি হাবাথুৰি খোৱাতকৈ অনুভাই বিচাৰিছিল অজানিতে কাৰোবাৰ কিবা গুণে হৃদয় কম্পিত কৰাৰ পাছত ওৰেটো জীৱন তেওঁৰ লগত কটোৱাৰ হেঁপাহ জাগক।
সত্তৰৰ ওচৰা উচৰি বয়সৰ মাকৰ চকু-মুখত বয়সৰ চাঁপ বেয়াকৈ পৰিছে। তাইৰ বিয়া নোহোৱাটোৱেই এইবোৰৰ কাৰণ? তাই বুজিবলৈ চেষ্টা কৰে।

সঁচাকৈয়ে দৰ্শনৰ বেয়া বুলি একোৱেই নাছিল। বিয়াৰ পাছত অনুভাই গম পালে কিমান সু-শৃংখল দৰ্শনৰ জীৱন। ৰাতিপুৱা পাঁচবজাত জিম’লৈ যায়। নিশা চাৰে-দহবজাৰ পাছত শুবলৈ ৰৈ নাথাকে। প্ৰতিটো কথাতে সি ছিৰিয়াছ। স্বাস্থ্যৰ প্ৰতি কনছিয়াছ বহুত। তাইৰ ভাল লাগিছিল।

বিয়াৰ কিছুদিন পাছত এদিন নিশা বিচনাত পৰাৰ লগে লগেই দৰ্শনৰ চিলমিলকৈ টোপনি আহিছিল। তাৰ মুখখন ইমান নিষ্পাপ লাগিছিল অনুভাৰ। মৰম জাগিছিল হঠাতে। তাই তাৰ চুলিত হাত বুলাইছিল, গালখনত ওঁঠদুটিৰে স্পৰ্শ কৰিছিল..উশাহ ঘন হৈ আহিছিল তাইৰ।
চকুমেলি দৰ্শনে মিচিকিয়াইছিল-‘নো ছেক্স আফ্টাৰ টেন!’ সি বুজাইছিল-শৰীৰত হেনো বহুতো প্ৰভাৱ পৰে’। তাই হাঁহি হাঁহি মানি লৈছিল। দৰ্শন নিয়ম-নীতিত চলা মানুহ। সেই নিয়মবোৰ তাইৰ কাৰণে ভঙাটো বিচৰা নাছিল তাই, যেনেকৈ দৰ্শনেও নিবিচাৰে কেতিয়াও। সি পুৱা পাঁচবজাতে উঠি জিমলৈ যায়। ব্লেংকেটখনেৰে আলফুলে অনুভাৰ ডিঙিলৈকে ঢাকি দিয়ে। অকনো শব্দ নোহোৱাকৈ কামবোৰ কৰে সি, যাতে অনুভাৰ টোপনি নাভাগে। তাই দেৰিলৈকে শুই ভাল পায়।
oo

অনুভাৰ অ’ফিচত সেইদিনা এনুৱেল ডে’ ফাংশ্যন আছিল। দৰ্শনে সন্ধিয়াতে ফোন কৰি সুধিছে-‘নিবলৈ আহিম নে ৰাতি? নে ইউ কেন মেনেজ?’
‘নো, আই ৱিল মেনেজ..শুই যাবা তুমি। মোৰ পলম হ’ব পাৰে’।
নিশা চাৰে এঘাৰ বাজি গ’ল ফাংশ্যন শেষ হওতে। অ’টো এখনো নাপালে।
‘অনুভা বাইদেউ, বেয়া নাপালে মই ড্ৰ’প কৰি দিও? কিন্তু বাইকত যাব লাগিব’- সেয়া অনুভাৰ টীমৰ জুনিয়’ৰ অনিৰ্বান। ৰৈ থকাতকৈ বাইকত যোৱাই ভাল বুলি ভাবিলে তাই। ডিচেম্বৰ মাহৰ ঠাণ্ডা। ছুয়েটাৰ পিন্ধাও নহ’ল আবেলিতে অহা বাবে। কঁপি উঠিল তাই।
অনিৰ্বানে বাইকখন ৰখালে কিছুদূৰ গৈ। ফুটপাথতে এজনে চাহ বিক্ৰী কৰি আছে। তেওঁৰ মোবাইলত বাজি আছে আশীৰ দশকৰ হিন্দী গান। ৰাতি বাৰ বজাত ফুটপাথৰ কাষত ৰৈ বাইকত বহি চাহত চুমুক দিয়া গোটেই পৰিৱেশটো তাইৰ সাংঘাটিক মায়াবী লাগিল। কিমান দিন যে হৈ গ’ল এনে মুহুৰ্তবোৰৰ পৰা আঁতৰি থকা। তাই হাঁচিয়াইছিল। অনিৰ্বানে জোৰ কৰি তাৰ জেকেটটো তাইক পিন্ধিবলৈ দিলে।আঁঠুলৈকে পৰিল তাইৰ জেকেটটো।
অনিৰ্বানে বাইক ষ্টাৰ্ট দিলে। তাৰ বোধহয় ঠাণ্ডা লাগিছিল, অনুভাই অনুভৱ কৰিলে। তাইৰ বেয়া লাগিল। তাই তাৰ ওচৰ চাপি গ’ল। তাক সাৱটি ধৰিবলৈ মন গ’ল দুবাহুৰে। এক মধুৰ শিহৰণে তাইক জোঁকাৰি গ’ল। তাই আকৌ পিছুৱাই আহিল।
সেইনিশা তাইৰ টোপনি নাহিল।
oo

দৰ্শনৰ ভাতৃপত্নী প্ৰেগনেন্ট হোৱাৰ খবৰটোৱে সুখী কৰিছিল অনুভাক। লগে লগে আন এক ভীতিয়ে লগ দিছিল। ভিন্নজনৰ সাম্ভাব্য প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ তাই নিজকে সাজু কৰি তুলিবলৈ চেষ্টা আৰম্ভ কৰিছিল।
‘আমি দেখোন দুয়োকে ভালকৈ নাজানোৱেই এতিয়াও। দুবছৰ মানলৈ বেবীৰ প্লেনিং নকৰোঁ হা’- বিয়াৰ দুদিনমান পাছতেই দৰ্শনক কৈছিল অনুভাই। আপত্তি কৰা নাছিল সি।
চাৰিবছৰ পাৰ হোৱাৰ পাছত লাহে লাহে সিহঁতক খেদি ফুৰিবলৈ আৰম্ভ কৰিছিল আত্মীয়,ওচৰ-চুবুৰীয়াৰ অলেখ প্ৰশ্নই। মানুহৰ আগত ওলাবলৈকে ভয় লগা হ’ল তাইৰ।
‘তোৰ আকৌ চাকৰি-কেৰিয়াৰৰ হে বেছি চিন্তা নহয়। সকলো তোৰেই দোষ! চাবি, পাছত দিগদাৰ হ’ব..চাকৰি-পইচা পিছতো আহি থাকিব’- মাকে খং কৰে তাইক।

ননদ এগৰাকীয়ে ভাল গাইন’ক’লোজিষ্ট এগৰাকীৰ খবৰ দিছিল এদিন তাইক। দুয়ো গ’ল। টেষ্ট কিছুমান কৰিবলৈ দিলে। ৰিপোৰ্ট বোৰ ঠিক, সকলো ঠিকেই আছে।
কেইটিমান টেবলেট ৰেগুলাৰ খাবলৈ ক’লে তাইক ডক্টৰে-‘আপোনালোকে ‘ট্ৰাই’ কৰকচোন কিছুদিন। ডোন্ট ৱ’ৰী..টেনছন নল’ব বেছি। মই কেইমাহমান ষ্টাডী কৰি লওঁ আপোনলোকৰ কে’চটো…’।
‘ট্ৰাই’- প্ৰতিটো নিশা এই ‘চেষ্টা’টোৰ কাৰণে নিজকে প্ৰস্তুত কৰে তাই। দুটি যেন যন্ত্ৰ সিহঁত দুটা। ঠিক ছাবি দিয়া পুতলাৰ দৰে। কোনোবাই যেন ছাবি পকাই এৰি দিয়ে। সিহঁতে ডক্তৰে কোৱাৰ দৰে ‘ট্ৰাই’ কৰে…অৱসাদগ্ৰস্ত হৈ পৰে এটা সময়ত…।
oo
কিটটোত স্পষ্ট হৈ উঠিছে বেঙুনীয়া ৰঙৰ ৰেখা এডাল। সমান্তৰালভাৱে আৰু এডাল বেঙুনীয়া ৰেখাৰ আৱিৰ্ভাৱে কৈ উঠিব- টেষ্ট প’জিটিভ..তাই প্ৰেগনেন্ট! তাই ভগৱান বিশ্বাস নকৰে। কিন্তু আজি কৈ উঠিল-‘গড, প্লিজ..মানুহৰ প্ৰশ্নবোৰৰ উত্তৰ এটাৰ সন্ধান দিবলেয়েই প’জিটিভ ৰিজাল্ট এটি দিয়া।…আৰু পুনৰ আন এটা মাহ ‘ট্ৰাই’ কৰিব নোখোজো মই, য’ত নাথাকে অকণো আৱেগ, নাথাকে অনুভূতি!’ সেই মুহুৰ্তত মাতৃত্বৰ প্ৰথম খোজৰ মিঠা অনুভূতিয়েও হয়তো তাইক আৱেগিক কৰি তুলিব নোৱাৰিলে।
আন এডাল বেঙুনীয়া ৰেখা চাবলৈ তাই ব্যাকুল হৈ উঠিল। হয়তো আৰু এক মিনিট!!

(গল্পটিত আন এটি গল্পৰ আংশিক ছাঁ পৰিছে)4.jantrik-diganta bhatta

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments