যাযাবৰৰ দিনলিপি (ৰক্তিম গোস্বামী)

১) টোপনি, সাঁপডাল আৰু বেলিটো

ৰাতিৰ আকাশলৈ চাই উল্কাবোৰ গণি থাকোতে সাঁপডাল কেতিয়া সন্তৰ্পণে বগাই আঠু পাইছিল মই গমেই পোৱা নাছিলো। মগজুৰ ভিতৰৰ সৌৰজগত খনৰ জটিলতা কিমান সেইটো অনুভৱৰ জুলুঙা খুঁচৰিলেহে বুজা যায়। সাঁপডালক মাৰিলেনে খেদি পঠালে ক’ব নোৱাৰিম কিন্তু তাৰ দেহৰ চেঁচা ভাবটো মোৰ ভৰি খনত, মোৰ দেহত সদায় থাকি যাব।
কিতাপৰ আখৰবোৰে মগজুত কিলবিলাই থকাৰ দৰে কেতিয়াও নেদেখা মানুহ কিছুমানে ৰাতি মোৰ শোৱনি কোঠাত আহি পিটপিটাই ফুৰে। মোৰ টোপনিৰ পাতল বগা চাদৰখন সিহঁতে টুকুৰা-টুকুৰ কৰি কোনোবাই তাত ৰঙা ৰং দিয়ে, কোনোবাই তাক বন্দুকৰ আকাৰ দি উদাত্ত হৈ নাচে, কোনোবাই তাত আকৌ গীত লিখি চিঞৰি চিঞৰি গায়। পোহৰ হোৱাৰ আগতেই চিঞৰি ভাল পোৱা কাউৰীটোৰ মাতত সিহঁত জাক হঠাৎ অদৃশ্য হয়।

সদায় নহয়, কেতিয়াবা কেতিয়াবা আমনি কৰে, বেছিকৈ আমনি কৰে। গতানুগতিক দিনবোৰৰ মাজত এটা ভেকুৱামৰ সৃষ্টি হয়। এইটো আজিৰ বেমাৰ নহয়। এটা বিশাল উদং বৃত্তৰ লগত যুঁজি যুঁজি পাৰকৰা একুৰি-ডেৰকুৰি বছৰৰ আগৰ সময় বোৰক স্মৃতিৰ ক’লা কোঠাত লুকুৱাই থ’ব বিচাৰিলেও সিহঁতবোৰে কৰা মন আৰু মগজুমুখী আকস্মিক আক্রমণ বোৰৰ পৰা বাচিব নোৱাৰি । দিনটোত চকুৰ আগেদি পাৰ হৈ যোৱা অযুত দৃশ্যৰ কোনটোৰ আঁৰ লৈ সিহঁতবোৰ লুকাই আছে ধৰিব নোৱাৰি।
লৰ্কাৰ ‘অঘৰী প্রেমিক’টোক, ম’ৰিচনৰ প্রাৰ্থনাৰ মাজৰ উদ্বাউলতাখিনিক, ৰাভাৰ গীতৰ অনুভৱৰ তীব্রতাখিনিক বহুদিনৰ পৰা যতনাই থৈছো। সৰুতে চহৰৰ কোণত দেখা মানুহৰ শেতা জুমটো এতিয়াও তাতে আছে। সিহতে মানুহৰ কেঁচা আবেগবোৰ খাই জীয়াই থাকে। সিহঁতৰ লগত সদায় থকা মেকুৰীটো নাই।
সৰুতে ভাবিছিলো পথাৰখনৰ শেষত বেলিটোৰ ঘৰ। অফিচ ছুটিৰ পাছত মানুহবোৰ ঘৰলৈ উভতি অহাৰ দৰে বেলিটোও পথাৰৰ সিপাৰৰ নিজৰ ঘৰলৈ যায়, ভাগৰত ৰঙা পৰি। পথাৰখন নথকা হ’লে বেলিটো ক’লৈ গ’লহেতেন? মানুহৰ চিন্তা সলনি হয়। বহুত সলনি হয়।

মানুহো সলনি হয়…

২)মোৰ অসুখ হৈছে

..মোৰ অসুখ হৈছে।
ম’জ্জাৰ্টৰ চিম্ফণিবোৰে মোৰ দেহটো বিষাক্ত কৰি তুলিছে। লেননক বুকুত খুঁচি দিয়া নিমৰ্ম গুলি কেইটা মোৰ কাণৰ কাষেদি সোঁ-সোঁৱাই বাৰম্বাৰ অহা-যোৱা কৰি আছে। ভয় লগা সেই বতাহৰ শব্দ।
গ’ল কৰিবলৈ পঠোৱা স্কোৱাৰক গ’ল কৰা কাৰণে মাৰিলে। চে-ক মাৰিলে মুকলি আকাশ বিচৰাৰ বাবে। লৰ্কাক চোচোৰাই নিয়া বালিময় খঁহটা পথটোৰ দাতিতে মোৰ শেতেলী। চেঁচা অনুভব। দক্ষিণ আফ্রিকাৰ কৃষ্ণাংগ ডেকা ষ্টিভ বিক’ আৰু আমাৰ ওপজা মাটি ভালপোৱাবোৰ মাটিৰ তলত জাহ গ’ল তপ্ত সুৰুজহৈ, একোটা তেজাল ঘোঁৰা লৈ । ৰাজগড়ত ঢলি পৰিল ‘আগান’ৰ গান।
ষ্টেলিনে প্রগতি আনিলে ৮ লাখ মানুহ মাৰি। শান্তি লাগে, জীৱন লাগে বুলি কোৱা ১,৫৮,০০০ নিজৰে সৈনিকক গৌৰবেৰে গুলিয়ালে। ‘ইহুদী মাৰ্ক্স’ৰ সৰ্বহাৰাৰ মুক্তিৰ কথা বুজিলে হিটলাৰে। বিশ্ব কঁপাই মুক্তি দিলে ‘৬ মিলিয়ন’ ইহুদীক। ডালাই লামা, শংকৰ-মাধবে উৰুৱা পাৰচৰাইৰ জাক শাক্ত হ’ল।
পপীয়া তৰাবোৰ বিশাল আকাশৰ বুকুৰ পৰা এনেই খহি নপৰে। পৃথিবীৰ দুখত আত্মহত্যা কৰে সিহঁতে দিনে নিশাই।
টল’ষ্টয়, গৌতম বুদ্ধক ভুলতে দেখিলেও চকু মুদিবা। চলে-বলে-কৌশলে প্রজা হৈ ৰজা হোৱাৰ দিনত ৰজা হৈ প্রজা হোৱা মানুহৰ কথা শুনি সময় খৰছ নকৰিবা। “অপ্রাসংগিক মানুহ” এইবোৰ।
মানুহৰ ভাল বিচৰা মানুহবোৰক মনুহে নিজেই মাৰে। দুদিন পিছত নিজৰ দুৰ্দশাত নিজেই কান্দে। ধ্বংসৰ বৃত্ত, এক পৰিচক্র -“চাৰ্কল অফ্ দেচট্রাকচন “। সকলোৰ সময়, স্থিতি, স্থান, আবেগ এজাক ধুমুহাৰ দূৰত্বত।
মই চিৰকাল খুলি থোৱা হৃদয়ৰ কোঠালিটোলৈ মৃতকৰ লানি নিচিগা সোঁত।
পিছফালৰ দেৱাল বগাই সংগোপনে আহি ঠকা অমানুহৰ জাকটোৰ পোহৰত চকু চাট মাৰি ধৰিছে।
মোৰ শৰীৰটো আৰু চেঁচা হোৱাৰ আগতে খালটোত জেং দিব লাগিব। মাছবোৰ ধৰিব লাগিব।
অসুখ ভাল হ’ব….

৩)‎”মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক”

..এনেকৈয়ে গৈ থাকিব, চলি থাকিব। চন্দ্র, সূ্ৰ্যৰতো আৰু ভাল দিন, বেয়া দিন বুলি নাথাকে। গ্রহণ লাগিব, কিন্তু গতিৰ লৰচৰ নহয়। নিৰন্তৰ গতি। ছাঁ-পোহৰৰ খেল শেষ, সকলো শেষ।
সূৰ্যৰ বুকু ফালি ওলাই অহা বৰষুণ জাকত যদি কোনোবাই গা-ধুম বুলি গুপুতে পাং পাতিছে তেনেহ’লে ক’লো –
“এতিয়াও সময় আছে জুইত জাঁহ যোৱাৰ আনন্দ ল’ব শিকা, কোনেও তলাব নোৱাৰিব তোমাক।”
ছাঁ টো কোচ খাইছে। খোজ কঢ়া ভৰি দুখন ক্রমাত ক্ষয় গৈ আছে। পথাৰৰ আলি দেখিলে সিহঁতে গম পাব মই এই বাটেৰেই গৈছিলো। মোৰ ভৰিৰ চাপত কি ফুলিব নাজানো, কিন্তু আমোলমোলাই আছে আৰু সদায় থাকিব সেই মাটিৰ ৰ্দুদান্ত অহংকাৰ, মোৰ দুভৰিত।
চিনাকী চেঁচা বতাহ জাকে আমনি কৰি আছে । মোৰ কলিজাৰ একোণত হেনো এটা বৰফৰ মন্দিৰ সাজিব। নাষ্টিক ভগবানজনক বিচাৰি আছে বহুদিনৰ পৰা। বিচাৰি পালে মোক নুসুধাকে মোৰ কলিজাত বাহৰ পাতিব। শামুকটোৰো নিজা গতি আছে, লক্ষ্য আছে, মৰম আছে। মোৰ মৰম লাগে বাৰিষাত শামুকৰ পোৱালীবোৰ দেখিলে।
আইতা মোৰ জীৱনৰ প্রথম মৰা মানুহ। মাটিৰ মানুহ মাটিৰ লগত কেনেকৈ মিলি যায় প্রথম আইতায়ে দেখুৱাই দিছিল। কুমলীয়া বয়সত পোৱা ‘মাটি-মানুহ’ৰ মিশ্রিত গোন্ধটোক তেজত লৈ গৈ থাকিম যেতিয়ালৈ শগুণটোৱে মোৰ কপালত আহি খোট নামাৰেহি ।
সংগ্রামৰ উৎস চিন্তা । শ্রেণী সংগ্রামৰ উৎস পেট। আউল লগা চিন্তা, আউল লগা মানুহ। বহুত মৰিল। বহুত মৰি আছে। বহুত মৰিব। ‘মন’বোৰ চিকুনাই লব নাজানিলে এনেকেই চলিব। কালি দেখা “ভাল-কাইজিয়া” খন সদায় লাগক। মৰম বাঢ়ক এনেকৈয়ে।
জীৱনক বুজাৰ সময়তে জীৱনৰ জয় গান গাই গুচি গ’ল- জ্যোতি আগৰৱালা, অমূল্য কাকতি, জয়ন্ত হাজৰিকাহঁত।

মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সঁজীব কৰক।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments