যাযাবৰ (অনুপমা বৰগোহাঁই)

যাযাবৰ

“নাই, নোৱাৰোঁ মই একো লিখিবলৈ। চাল্লা, ডিমাগটো আজিকালি মোৰ একেবাৰে খালী হৈ গ’ল – খালী…” বটলটোৰ শেষকণ পানীয় সন্মুখত থকা গিলাচ তিনিটাত অলপ অলপ কৈ বাকি দি খালী বটলটো জোকাৰি স্বপ্ননীলে ক’লে।
মদ, চিগাৰেট আৰু ভাঙৰ নিচাই এতিয়াও তাৰ মন আৰু মগজুটো ভাৰশূন্য কৰিব পৰা নাই। অবাধ্য কলিজাটোৰ ধপধপনিটো বাঢ়িছেহে তাৰ। কি কৰিব সি? আজিকালি সি হাঁহিব খুজিও হাঁহিব নোৱাৰে – কান্দিবৰ বাবেও কাৰণ বিচাৰি নাপায়। তাৰ দুচকুত সপোনৰ ভৰ অথচ চকুৰ পতা জাপ খোৱাবলৈও ভয়!
পায়েঙৰ কিন্তু নিচা অলপ লাগিছিল। ক’ৰপৰা জানো গোটাইছিল স্বপ্লনীলটোৱে এই ছাঁই মদসোপা। বুকুখনত চোন তাৰ সোপা মাৰি ধৰা যেন লাগিছে। পুৰা গাহৰিৰ মঙহ এটুকুৰা প্লেটখনৰ পৰা লৈ পায়েঙে ক’লে, “চাল্লা এই ধুনীয়া ছোৱালীবোৰে আমাৰ দৰে কম উপার্জন কৰা ল’ৰাৰ লগত বিয়া পাতিবলৈ নিবিচাৰে – আমাৰ আবেগবোৰক লৈ খেলা কৰিবলৈ হে বিচাৰে। প্রেম প্রেম খেলা। হুহ .. দুনিয়াৰ চব ধুনীয়া ছোৱালীৰ মুখত বগৰীৰ গুটিৰ দৰে শালমইনা উঠক – সিহঁতৰ গেলা কলিজাখনৰ দৰে মুখখনো গেলি যাওক।”
“এইজনী কেই নম্বৰ অ পায়েং ?” – স্বপ্ননীলে ইষৎ দুষ্ট হাঁহি এটা মাৰি সুধিলে।
“নাই অ’। এইবাৰ এইজনীক মই বৰ ভাল বুলিয়েই ভাবিছিলোঁ – সব কথা কৈছিলোঁ তাইক মোৰ। আজিহে গম পালোঁ তাইৰ আগতেই বিয়া ঠিক হৈ আছে – টকা থকা ইঞ্জিনিয়াৰ এটাৰ লগত। মোক হেনো তাই ভাল বন্ধু বুলিহে ভাবিছিল। “ভাল বন্ধু” ..ধুৰ ..!!”
“ছোৱালীবোৰৰ “ভাল বন্ধু” হোৱাটোও বৰ বিপদজনক।” – কথাষাৰ কৈয়েই অৰ্ণৱে তাৰ গিলাচটোত থকা পানীয়খিনিত দীঘলীয়া শোহা এটা মাৰিলে।
বহি থকা চকীখন কিছু দূৰলৈ ঠেলি স্বপ্লনীলে অন্যমনস্ক ভাৱে মেজখনত ভৰি এটা তুলি দিলে। এইখন মেজ তাৰ অতি মৰমৰ। মেজখনে বিভিন্ন সময়ত তাৰ বিভিন্ন প্রয়োজন পূৰণ কৰে। কেতিয়াবা পঢ়াৰ মেজ – কেতিয়াবা খোৱাৰ মেজ আৰু কেতিয়াবা মন ভাল লাগিলে চিঞৰি চিঞৰি গোৱা সুৰবিহীন গানবোৰত তাল মিলাবলৈ এই মেজখনে তবলাৰ কামো কৰে। মাকৰ লগত মত বিৰোধ হ’লে – সমাজৰ কিবা কথাত খং উঠিলে এই মেজখনতেই তাৰ দুটামান মাৰ-ভুকু লগাই মনটোত শাঁত পেলায়। আজি ডাঙৰ কাম এটা শেষ হোৱাৰ আনন্দত সি পায়েং আৰু অৰ্ণৱক মাতিছে – ভাত এসাঁজ খাবলৈ। টি ভি চিৰিয়েলখনৰ নাট্য ৰূপান্তৰৰ কামটো যেনেতেনে শেষ হ’ল। কামটো তাৰ মনৰ পচন্দ মতে শেষ নহ’ল যদিও হাতলৈ দুটা পইচা অহাত সি সুখী। আৰু সেই সুখ ভগাই ল’বলৈকে তাৰ বন্ধুকেইটাক মাতিছিল। কিন্তু ক’তা, আনন্দৰ সলনি চোন অনামী দুখৰ ছাঁয়া এটাইহে সিহঁতক পিছে পিছে খেদি ফুৰিছে!
নিশা গভীৰ হৈ যোৱাৰ লগে লগে অনিল পায়েং আৰু অৰ্ণৱ বৰা নামৰ সম্ভাৱনাৰে ভৰা যুৱক দুজনৰ হা-হুমুনিয়াহ আৰু জীৱনৰ প্রতি থকা অকাৰণ ক্ষোভবোৰ বাঢ়ি গৈছে- সুৰাৰ ৰাগীও বাঢ়ি গৈছে। স্বপ্লনীলে আজি স্বপ্ন ভংগৰ গান শুনিবলৈ বিচৰা নাছিল। নতুনকৈ জীয়াই থাকিবলৈ, সপোন দেখিবলৈ বিচাৰিছে সি – কিন্তু সপোনবোৰ সদায় আধা দেখোঁতেই সাৰ পাব লগা হয় তাৰ। সেয়ে তাৰ আজিকালি চকুৰ পতা জাপ খোৱাবলৈও ভয় লাগে।
০০০০০
মাকৰ লগত তাৰ বয়সৰ পাৰ্থক্য কিমান বছৰৰ বাৰু… ১৭বছৰ?? নাই ১৬ বছৰৰ হ’ব। ১৪ বছৰ বয়সতে বিয়া হৈছিল মাকৰ। নৈষ্ঠিক বামুণৰ ঘৰৰ ছোৱালী। গাভৰু হোৱাৰ আগতেই তাৰ মাকক বিয়া নিদিলে যদিও গাভৰু হোৱাৰ পাছতে বিয়া দিবলৈ হুলস্থূল লগাই দিছিল হেনো – ঘৰৰ মানুহে। মাকৰ বিয়াৰ দুবছৰৰ পিছতে জন্ম হৈছিল সি। গতিকে তাৰ আৰু মাকৰ বয়সৰ পাৰ্থক্য ১৬ বছৰহে হ’ব। তথাপি তাৰ লগত মাকৰ মতৰ পাৰ্থক্য যে দুটা যুগৰ পুৰণি ধৰণৰ। দেউতাকেই তাৰ সকলোতকৈ ভাল বন্ধু আছিল। সৰু ভনীয়েকজনীৰ জন্মৰ দিনাই দেউতাকৰ মৃত্যু হৈছিল! কিমাননো বয়স হৈছিল তেতিয়া তাৰ? মাত্র ১২ বছৰ!! গোলাঘাটৰ পৰা আহি আছিল দেউতাক। মাকক হঠাৎ হস্পিটেললৈ নিয়াৰ কথা শুনি হয়তো চিন্তিত হৈ বেছি জোৰেৰে গাড়ী চলাইছিল। আৰু সেয়ে গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই ৰাস্তাৰ গৰাৰ পৰা খাৱৈত বাগৰি পৰিল আৰু দেউতাকে তাতেই চিৰ বিদায় ল’লে – তাৰ কণমানি ভনীয়েকজনীক নেদেখাকৈ – সিহঁতক মাত নলগোৱাকৈ চিৰদিনৰ বাবে গুচি গ’ল তাৰ মৰমৰ দেউতাক!
উস্ কি যে দিন আছিল সেইটো!! দেউতাকক হেৰুওৱাৰ বাবে আইতাক আৰু মাকে হিয়া ভাঙি কান্দিছিল। “ভগবান” বোলা অদৃশ্যজনক হেঁপাহ পলুৱাই গালি দিছিল। তাৰ কিন্তু সিদিনা মাক আৰু আইতাকৰ যন্ত্রণাকাতৰ মুখ কেইখনতকৈ তেওঁলোকে কণমানি ভনীয়েক জনীৰ প্রতি কৰা নিৰ্দয়তাহে বেছি স্পষ্টকৈ মনত আছে। মাক, আইতাক কোনেও তাইক একোলা দাঙি মৰম কৰিব বিচৰা নাছিল – সমবেদনা জনাবলৈ ঘৰলৈ অহা আপোন মানুহবোৰক আইতাকে চিঞৰি চিঞৰি কৈছিল,“এই কুলক্ষণীজনীয়ে জন্ম হৈয়েই দেউতাকৰ মূৰটো খালে। ভগবানে এইজনীকে মাৰি নিনিলে কিয়? অহ..মোৰ এটাই ল’ৰা – তাকো কণা-বিধাতাই লৈ গ’ল। এইজনীক লৈ যোৱা হ’লেই ভাল আছিল! অহ ..আহ!”
টেঁৱা টেঁৱা কৈ কান্দি নিজৰ দুৰ্ভগীয়া অৱস্থিতিৰ ঘোষণা দি তাই ভাগৰি পৰিছিল। … আলফুলে দাঙি ধৰিছিল সি কণমাণি ভনীয়েকক। ইস্ ফুলৰ দৰে কোমল এই পিটকলি ছোৱালীজনীয়েনো দেউতাকৰ মূৰ খাব পাৰেনে? ..কাকো চুই চাবলৈ দিয়া নাছিল সি তাইক। তাৰ বাকী দুজনী ভনীয়েক ঘৰটোৰ কোনোবা এটা চুকত বহি বুজি নোপোৱা ঘটনা প্রবাহক লক্ষ্য কৰি স্তব্ধ হৈ ৰৈছিল।
০০০০
হাতত লৈ থকা চিগাৰেটডাল জ্বলি জ্বলি হাতখন পুৰিবলৈ লওঁতেহে স্বপ্লনীল বৰ্তমানৰ জগতলৈ ঘূৰি আহিল।  তাৰ ঘৰত যে দুটা বন্ধু বহি আছে আৰু সিহঁতক নতুন বছৰৰ আগমন আৰু পুৰণি কাম এটা সফলতাৰে সমাপ্তি হোৱাৰ আনন্দত সিয়েই খাবৰ বাবে মাতিছিল – সেই কথা এতিয়াহে তাৰ অনুভৱ হ’ল। আজিও সি দুখৰ নিমখীয়া বৰষুণত তিতি আছে। আৰু তাৰ এই বন্ধু কেইটা! সিহঁতে জানো জানে টকা, প্ৰেম, সফলতা –সকলো পোৱাৰ পিছতো যে মানুহ সুখী হ’ব নোৱাৰে!! পায়েঙে এজনী সঁচা প্রেয়সীৰ প্রেমৰ অভাৱত দুখী হৈছে – অৰ্ণৱে টকাৰ অভাৱত দুখী হৈছে। আৰু সি? সি কিহৰ অভাৱত ইমান দুখী সদায়!! তাক ভালপোৱা প্রেয়সীৰ অভাৱ নাই। টকা পইচাৰো বিশেষ অভাৱ নাই – সফলতাই গগণ চোৱা নাই যদিও য’তেই হাত দিয়ে তাতেই কৃতকাৰ্য হয়। তথাপিও তাৰ বুকুৰ ভিতৰত হোঁ হোঁ কৰি অনবৰতে ধুমুহা এজাক বলি থাকে … বৰষুণ ভালপোৱা সি যৌৱনত ভৰি দিয়াৰ পৰাই বৰষুণৰ পৰা পলাই থাকিব ল’লে। কিন্তু পাৰিছেনে বাৰু! সি যে অনবৰতে দুখৰ নিমখীয়া বৰষুণত তিতি থাকে।
“বাৰ বাজি গ’ল। ভাতকেইটা খাই লওঁ আহ।” স্বপ্ননীলে তাৰ বন্ধু দুটাক মাত লগালে। অৰ্ণৱে নতুন সুৰাৰ বটল এটা খুলি লৈছিল হে। সি মাত লগালে,“ ক’তা নীল, তইচোন খোৱাই নাই মদ। ৰ’ এই বটলটো শেষ কৰি লওঁ –তাৰ পিছত খাম। পেহলে পিনা – উচকে বাদ খানা।” জীৱনত এইকণেই আনন্দ সিহঁতৰ। সুৰাৰ নিচা আৰু দুখৰ নিচাক সনা পিটিকা কৰি জীয়াই লয় কেইটামান আপুৰুগীয়া মুহূৰ্ত।
“নাই অ’। কাইলৈ ৰাতিপুৱাই বাইদেউ এজনীক লগ ধৰিম বুলি কথা দি থৈছোঁ। বহুত দূৰৰ পৰা আহিছে। কাইলৈ ৰাতিপুৱাই তেওঁৰ ফ্লাইট আছে ঘূৰি যোৱাৰ। আজি বেছি নিচা হ’লে ৰাতিপুৱা সাৰ নাপাম।”
“বাদ দে সেইবোৰ কথা – কাইলৈ লগ নাপালে বেলেগ এদিন লগ কৰিবি। জীৱনটো বৰ দীঘল … ”
অৰ্ণৱৰ কথা শেষ নহওঁতেই পায়েঙে মাত লগালে,“কোনে ক’লে জীৱনটো বৰ দীঘল বুলি? জীৱন তেনেই ক্ষন্তেকীয়া বন্ধু – সেই সিদিনা আইৰ কোলাত উঠি সাধু শুনাৰ কথা মনত আছেই। সময়ত বিয়াখন হৈ যোৱা হ’লে এতিয়া মোৰ ল’ৰাক কোলাত লৈ সাধু শুনাই থাকিলোহেঁতেন। সময় এক দুৰন্ত পক্ষী!”
সঁচাকৈয়ে সময় এক দুৰন্ত পক্ষী – স্বপ্ননীলে ভাবিলে। ফুলৰ পাহিৰ দৰে কোমল, লেহুকা কণমানি ভনীয়েকজনীও গাভৰু হৈছিল তাৰ অলক্ষিতে। ডাঙৰ ভনীয়েকজনীৰ চোন বিয়াৰ বয়সেই পাৰ হ’বৰ হ’ল! তাই এতিয়া চাকৰি বিচাৰি আছে। চাকৰি কৰা ছোৱালীৰ হেনো বিয়াৰ বজাৰত বেছি দাম। – এয়া মাকৰ কথা। মাজু ভনীয়েকৰ কাৰণে ল’ৰা ওলাইছে। কিন্তু ডাঙৰজনীক বিয়া নিদিয়াকৈ মাজুজনীক বিয়া নিদিয়ে মাকে। দেখাই-শুনায়ো বৰ ভাল নহয় সিহঁত দুজনী। মানুহৰ লগত সহজে মিলিবও নোৱাৰে। কিন্তু সৰু ভনীয়েকজনী সিহঁতকৈ বেলেগ আছিল। সৃষ্টিকৰ্তাই ডাঙৰ ভনীয়েক দুজনীৰ ৰূপবোৰো যেন কাঢ়ি নি সৰু ভনীয়েকজনীক দিছিল। কাৰণ তেওঁ জানিছিল- জন্মৰে পৰা সংসাৰৰ দুখৰ বন্যাত ভাহি যাব খোজা ছোৱালীজনীক অকল ৰূপ আৰু গুণেহে খামোচ মাৰি ধৰি ৰাখিব পাৰিব। সপোনসনা নাম দিছিল সি তাইক। দিন যোৱাৰ লগে লগে মাকৰ মৰহি যোৱা মমতা অলপ অলপকৈ সজীৱ হৈ আহিছিল। কিন্তু আইতাকে কোনো দিনেই সহজ ভাবে ল’ব নোৱাৰিলে তাইক। ঘৰৰ কোনো শুভ কামতেই ভাগ ল’বলৈ নিদিয়ে। কথাই প্রতি কেটেৰ-জেঙেৰ কৰে। মৃত্যুৰ সময়লৈকে আইতাকে তাইক দেউতাকৰ মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰিয়েই গ’ল। সঁচা কথা ক’বলৈ গ’লে অকল তাৰ মৰম-চেনেহতে তাই জীয়াই আছিল। সি পঢ়িবৰ বাবে হোষ্টেললৈ যোৱাৰ সময়খিনি এক বুজাব নোৱাৰা দুঃসময় তাইৰ বাবে আৰু তাৰ বাবে এক বুজাব নোৱাৰা যন্ত্রণা। পিতৃত্বৰ অনুভৱ সি তাইৰ মাজেদিয়েই কৰিছিল।
০০০
সকলো কথাই কৈছিল সি অভিব্যক্তিক। সকলোৱে অৱহেলা কৰা সৰু ভনীয়েকক সি নিজৰ জীয়েকৰ দৰে মৰম কৰাৰ কথা কৈছিল। মাকৰ সঁচা মৰম নোপোৱা ছোৱালীজনীক অভিব্যক্তিয়ে মাকৰ মৰমেৰে বুৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল – সি নিবিচৰাকৈয়ে। সেইজনী  অভিব্যক্তিয়ে তাৰ ঘৰলৈ গৈ যি অপমান আৰু দুখ পালে তাৰ অভিশাপ আজিও সি বহন কৰিবলগীয়া হৈ আছে। মাজে মাজে বৰ খং উঠে অভিব্যক্তিলৈ। কিয় বুজি নাপালে তাই তাক। মাকৰ প্রায় সকলো কথাই সি তাইক কৈছিল। মাক বেছি পঢ়া-শুনা কৰা মানুহ নহয় –সেয়ে ৰক্ষণশীল মনোভাৱ এৰিব পৰা নাই। জাত-পাত নিমিলা – ল’ৰাৰ দৰে সাজ সজ্জ্বা কৰি, ল’ৰাৰ লগত ঘূৰি ফুৰা ছোৱালী এজনীক বোৱাৰী কৰি এইখন ঘৰলৈ অনাতকৈ সকলোকে বিহ খুৱাই মাৰি পেলাম বুলি কৈছিল মাকে। স্বপ্ননীলকো অভিব্যক্তিৰ সন্মুখতে নিকৃষ্ট গালিৰে থকা-সৰকা কৰি পেলাইছিল মাকে। তথাপিও মাকৰ এষাৰ কথাৰো প্রতিবাদ কৰা নাছিল সি। প্রতিবাদ কৰিছিল ভনীয়েক সপোনসনাই। আৰু মাকে একেপাত চৰতে তাইৰ মুখখন বন্ধ কৰি দিয়াই নহয় – দুৰ্বল ছোৱালীজনীৰ নাকৰ পৰা তেজৰ নদী বোৱাই দিছিল। তেজ আৰু তেজ … অভিব্যক্তিৰ মূৰ ঘূৰাই গৈছিল।
ঘোট ঘোটকৈ গিলাছটোৰ পৰা মদ গিলিবলৈ ধৰিলে সি। সেই দিনটোৰ কথা পাহৰি থাকিব বিচাৰে সি। এগিলাছ, দুগিলাছ…এবটল দুবটল নহয় পৃথিৱীৰ সমস্ত সুৰা আৰু ৰাগীয়াল বস্তুৱেও তাৰ এই দুখৰ ৰাগীৰ লগত ফেৰ মাৰিব নোৱাৰিব।
অভিব্যক্তি গুচি গ’ল তাৰ জীৱনৰ পৰা – ভনীয়েক সপোনসনাও গুচি গ’ল ….
০০
মাকে ভাবি পোৱা নাছিল – ইমান জোৰকৈতো ছোৱালীজনীক মাৰা নাছিল তেওঁ। কেনেকৈ এয়া হ’ল!! উস্ এই ছোৱালীজনীয়ে জন্ম হৈয়ে তেওঁক যি যন্ত্রণা দিলে মৃত্যুৰ পিছতো লগ নেৰিলে। অভিব্যক্তিৰ মতে স্বপ্লনীলৰ মাক এগৰাকী হত্যাকাৰী। এগৰাকী হত্যাকাৰীৰ পুতেকৰ লগত তাই বিয়া হ’ব নোৱাৰে। নিজৰ সন্তানক হত্যা কৰা এগৰাকী পাষণ্ডী নাৰী তাৰ মাক! তাইৰ চকুৰ সন্মুখতে তেওঁ মাৰিছিল ছোৱালীজনীক। তাইৰ নাকৰ পৰা, মুখৰ পৰা ওলোৱা তেজেৰে নৈ বৈ গৈছিল আলহী বহা কোঠাটো! মূৰ্চা গৈছিল ছোৱালীজনী। মাকে কিন্তু ঘূৰি চোৱা নাছিল জীয়েকক। ক’ব নোৱাৰা হৈ পৰি যোৱা সপোনসনাক অভিব্যক্তি আৰু সি ধৰি বিচনাত শুৱাই দিওঁতেহে মাকৰ সম্বিত আহিছিল। ডাঙৰ জীয়েক দুজনীক চিঞৰি চিঞৰি মাতিছিল মাকে।
“তাইৰ নাকেৰে এনেকৈ মাজে মাজে তেজ ওলায়েই … মই একো কৰা নাই।” মাকে অভিব্যক্তিৰ তীক্ষ্ন চাৱনি সহ্য কৰিব নোৱাৰি আঁতৰি গৈ পাকঘৰত সোমাই হুকহুকাই কান্দিছিল। সমাজৰ কিছুমান অন্ধসংস্কাৰে সৰুতেই কুটি কুটি খাই হিয়াখন খহাই পেলোৱা এগৰাকী দুৰ্ভগীয়া নাৰী তেওঁ। মাতৃৰ মমতা আৰু সমাজৰ ৰীতি-নীতিৰ টনা আজোৰাত তেওঁ ৰুক্ষ হৈ পৰিছে। ইতিমধ্যে  ডাঙৰ ভনীয়েক দুজনীয়ে অভিব্যক্তিক পতিয়ন নিয়াইছিল যে মাজে মাজে সৰু ভনীয়েকৰ এনে হয়। আজি কিছুদিনৰ পৰা তাইক মূৰ্চা যোৱা ৰোগ এটায়ো লগ লৈছে। মাকে এই কথাটো ককায়েকৰ পৰা লুকুৱাই থ’ব কৈছিল। নহ’লে মিছাতে বেছি চিন্তা কৰিব। যিহে ল’ৰা; ভনীয়েকৰ এইবোৰ খবৰ পালে শেষৰ পৰীক্ষাটো নিদিয়াকৈয়ে গুচি আহিব। টকা–পইচা, পঢ়া-শুনা, সংস্থাপন আদি একোৰে চিন্তা নকৰে ল’ৰাটোৱে। মগজটো ভাল কাৰণেহে ইমান ভাল কলেজ এখনত পঢ়িবলৈ পাইছে।
অলপো সময় নষ্ট নকৰি স্বপ্ননীলে সপোনসনাক হস্পিতেললৈ লৈ আনিছিল। মাক সিহঁতৰ লগত আহিব খুজিছিল যদিও সি মানা কৰিলে। ডাঙৰ ভনীয়েকজনী আৰু অভিব্যক্তিক লৈ সি ওচৰৰ হস্পিতেলখনলৈ আহিল। ডাক্টৰে তাইক গুৱাহাটীলৈ লৈ যাবলৈ ক’লে। তাৰপিছত এক অন্য অধ্যায় …. সি গম পাইছিল ভনীয়েক সপোনসনাৰ কুমাৰীত্বক কোনোবাই চুৰমাৰ কৰি পেলাইছিল!! সি পাগল হৈ পৰিছিল। বহুবোৰ ৰহস্য সি উদ্ঘাটন কৰিছিল। সমাজত থকা মানুহৰূপী কিছুমান পশুক মাৰি পেলাবৰ বাবে সি উদ্যত হৈছিল। মাকলৈ তাৰ প্ৰচণ্ড খং আৰু অভিমান হৈছিল। কিয় বাৰু মাকে তাৰপৰা কথাবোৰ লুকুৱাই থৈছিল – কিয়? প্রশ্নটো মনলৈ আহিলেই মেজখনত এটা ভুকু মাৰিবলৈ উদ্যত হয় সি।
০০০
সেই ৰাতি আৰু আজিৰ এই ৰাতি – কিবা বাৰু সাদৃশ্য আছে নেকি ?
অভিব্যক্তিয়ে তাক লগ ধৰিবলৈ বিচাৰিছিল। শেষবাৰৰ বাবে। গোটেই নিশা সি মদ খাইছিল আৰু বেহুচ হৈ ৰাতিপুৱাৰ সময়ত টোপনিত ঢলি পৰিছিল। সি যেতিয়া সাৰ পাইছিল তেতিয়ালৈ অভিব্যক্তিয়ে তাক এৰি গুচি গৈছিল। এবাৰো ফোন এটা নকৰিলে তাই তাক। এটা মাত্র মেচেছ দিছিল ফোনত “তুমি কিয় নাহিলা, নীল?? তুমি অহা হ’লে মই হয়তো থাকি গ’লোহেতেন! ঠিক আছে আৰু কেতিয়াও নিবিচাৰিবা মোক। সময় আৰু সুযোগ এবাৰেই মাত্র আহে –মনত ৰাখিবা।” সঁচা কথা, সুযোগ আৰু সময় এবাৰেই আহিছিল, তাকো সি হেৰুৱালে। ভনীয়েকৰ চিকিৎসাৰ বাবে ভিন ভিন ঠাই আৰু হস্পিতেলত বগাই থাকোঁতে কেম্পাচ ইণ্টাৰভিউত পোৱা চাকৰিটোত যোগদান কৰিব নোৱাৰিলে। জীৱনৰ প্রতি কিবা এটা ক্ষোভ-হতাশাই তাক বহুদিনৰ বাবে কোঙা কৰি পেলাইছিল। অভিব্যক্তিৰ লগত হোৱা ভুল বুজা-বুজি, মাকৰ লগত হোৱা যুক্তি যুদ্ধ আদিয়ে তাক ভাগৰুৱা কৰি পেলাইছিল।
মৰমৰ ভনীয়েকজনীক হেৰুৱাই সি একপ্রকাৰ পগলাৰ দৰে হৈ পৰিছিল। জীৱন-মৃত্যু আদিৰ বিষয়ে জানিবলৈ নানা দৰ্শনৰ কিতাপ পঢ়িছিল। ইঞ্জিনিয়াৰিং বিষয়ৰ কিতাপবোৰ দলিয়াই দৰ্শন শাস্ত্রৰ কিতাপেৰে মেজ ভৰাই দিছিল। ভাল লাগিছিল তাৰ। লিখা-মেলা কৰিবলৈ লৈছিল। ভাল লাগিছিল – ডাঙৰ ডাঙৰ কবি সাহিত্যিকৰ সান্নিধ্য আৰু স্বীকৃতি পাই। তথাপিও মনটোৱে শান্তি বিচাৰি পোৱা নাছিল। ধুনীয়া ধুনীয়া বহুতো ছোৱালী কাষ চাপি আহিছিল তাৰ বন্ধুত্ব, তাৰ সান্নিধ্য বিচাৰি। বেছি সংখ্যক ধুনীয়া ছোৱালীয়ে হয়তো তাক প্রেমিক হিচাপেই বিচাৰিছিল। সি কিন্তু কাৰো মাজত প্রেম বিচাৰি পোৱা নাছিল। মাকৰো অসন্তুষ্টি বাঢ়ি গৈ আছিল। গুৱাহাটীত থকা তাৰ ভাড়াঘৰটোলৈ প্রায়ে মাক আৰু ভনীয়েক দুজনী আহি গৈ থাকে। তাৰ মনৰ শূন্যতা কিন্তু কোনেও ভৰাব নোৱাৰে; চুই চাবটো নোৱাৰেই !!
আজিৰ পৰা প্রায় এবছৰৰ আগতে নতুন মানুহ এগৰাকীৰ লগত চিনাকি হৈছে সি। সুন্দৰ কবিতা লিখে মানুহগৰাকীয়ে। “বাইদেউ” বুলি সম্বোধন কৰা মানুহগৰাকীক কিন্তু সি কেতিয়াও দেখা নাই। তথাপিও তেওঁৰ লেখা, কবিতাবোৰৰ মাজত সি নিজকে বিচাৰি পায়।
ধুমুহাই বাহ ভঙাৰ পাছত
জুই লগা আকাশত
উৰিছে অকলশৰে অচিন চৰাই….
বাতৰি কাকতখনত কবিতাটো পঢ়িয়েই তলত দিয়া কবিগৰাকীৰ নম্বৰটোত ফোন কৰিবলৈ তত হেৰুৱাইছিল সি। মিঠা এটা শান্ত মাতে তাৰ মনটো বহুখিনি শান্ত কৰি দিছিল। লাহে লাহে চিনাকি আৰু পৰিচয় বাঢ়ি গৈছিল। সি অলপ অলপকৈ নিজক উদঙাই দিছিল – সুখী সেই নাৰীগৰাকীৰ ওচৰত। মাকৰ মমতা, অভিব্যক্তিৰ দৰে দৃঢ়তা, সপোনসনাৰ দৰে শান্তিৰ নীৰৱতা – সকলো সেই একেগৰাকী নাৰীৰ মাজতেই আছে।  জীয়াই থাকিবলৈ নতুনকৈ প্রেৰণা পাইছিল সি। কিন্তু আচৰিত তাৰ মন! আজিকালি সি অনবৰতে বিচাৰে তাক জীয়াই থাকিবলৈ প্রেৰণা দিয়া সেই নাৰীগৰাকী যেন দুখৰ বৰষুণত তিতি জুৰুলি-জুপুৰি হওঁক। সি যেন নিজ হাতে তেওঁৰ দুখবোৰ মচি দিব আৰু দুখৰ বৰষুণত তিয়াই লিখা তেওঁৰ কবিতাবোৰ পঢ়ি সি নিজেই জীপাল হ’ব! কিয় ইমান স্বাৰ্থপৰ তাৰ মন! নামহীন এক বিষাদ আৰু অস্থিৰতাই তাক উদ্ভ্ৰান্ত কৰি তুলিলে। নাই, সি স্বাৰ্থপৰ হ’ব নোৱাৰে। দেউতাকে তাক সৰুতে কৈছিল, “তুমি সৎ, সাহসী আৰু নিঃস্বাৰ্থ ব্যক্তি হ’ব লাগিব। মমৰ দৰে জ্বলি, নিজে গলি গৈয়ো যদি আনক পোহৰাব পাৰা, তেনে জীৱনটো অৰ্থপূৰ্ণ হ’ব।”
ইমানবোৰ মদ, চিগাৰেট আৰু ভাঙেও তাক ভাৰশূন্য কৰিব নোৱাৰিলে। ভাত খাই কিতাপেৰে ভৰি থকা তাৰ বিচনাখনৰ ওপৰতে চিৎ ভোলোঙা খাই তাৰ দুই বন্ধু শুই পৰিল। চেলফোনত হেডফোনটো লগাই সি তাৰ প্রিয় গায়ক বব মাৰ্লেৰ গান এটা শুনিবলৈ লৈ দেখিলে পুৱা ৬ বাজি গ’ল। লৰালৰিকৈ সি ফোনত নম্বৰ এটা লগালে, “বাইদেউ, চ’ৰি মই আজি আপোনাক দেখা কৰিবলৈ যাব নোৱাৰিম। কালি ৰাতি মোৰ বন্ধুৰ আড্ডাত বহু ৰাতি হ’ল। এতিয়া গাটো ভাল লগা নাই – ওলাই নাযাওঁ আৰু। বেয়া নাপাব দেই!!”
ফোনটো থৈ চকীৰ পৰা উঠি টোপনিত ঢলি পৰা বন্ধু দুটাৰ গাত তাৰ একমাত্র কম্বলখন ভালদৰে জাপি দিলে সি। পাকঘৰৰ কোণত থকা সৰু বেচিনটোৰ ওচৰলৈ গৈ সি হল হল কৈ বমি কৰিলে। পেটৰ ভিতৰৰ থকা সমস্ত দূষিত বস্তুবোৰ ওলাই যোৱাৰ লগে লগে মনৰ ভিতৰত জমা হোৱা দুখবোৰো যেন ওলাই গ’ল! চকুত অলপ পানী মাৰি সি বাহিৰত অলপ খোজকাঢ়িবৰ বাবে উদ্যত হল। দুৱাৰখন খুলি দিয়াৰ লগে লগে ৰাঙলী বেলিটোৱে শীতৰ কুঁৱলী ঠেলি তাক সম্ভাষণ জনালে। বেলিটোক তাৰ কবিতা ৰচা বাইদেউজনীৰ কপালত তিৰবিৰাই থকা ৰঙা ফোঁটটোৰ দৰে লাগিল। ৰঙা বেলিয়ে দূৰৰ পৰাই নিজৰ তাপ আৰু পোহৰেৰে ধৰণীক জীৱন দি আহিছে। কিন্তু সেই একেটা বেলিয়েই এটা নিৰ্দিষ্ট সীমা অতিক্রম কৰি আগবাঢ়ি গ’লে সকলোকে জ্বলাই ভষ্ম কৰি পেলাব। আকাশত এখন উৰাজাহাজৰ গুমগুমনি শুনি স্বপ্ননীলে ওপৰলৈ চাই ডাঙৰ কৈ কলে,“ বাইদেউ আপুনি য’তে আছে ভালে থাকক –আপোনাৰ লেখনিৰ মাধ্যমেৰে মই আপোনাৰ মৰম আৰু প্ৰেৰণা ল’ম। মই আকৌ এটা নতুন সপোন দেখিছোঁ বাইদেউ! আজি মোৰ এই সপোনটো আৰু বাকী থকা জীৱন দুয়োটাই সুন্দৰকৈ সম্পূৰ্ণ হ’ব বুলি বিশ্বাস হৈছে।”
ওপৰলৈ চাই খোজকঢ়াৰ বাবে শিলগুটি এটাত উজুটি খাই ভৰিত সামান্য দুখ পালে সি। কিন্তু সি থমকি নৰ’ল। বৰঞ্চ তাৰ মনত পৰিল এদিন বাইদেউজনীয়ে কোৱা ড° ডাইচাকু ইকেডাৰ কবিতা এফাঁকিলৈ :
“Where there is challenge, there is progress.
Where there is challenge, there is hope.
Where there is challenge, there is joy.
Where there is challenge, there is happiness.
Where there is challenge, there is victory.”
########
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments