যাযাবৰ হিয়া: লুধীয়ানা (অনুৰাধা দত্ত)

কিছুদিন ধৰি ক’লৈকো যোৱা নাছিলোঁ৷ সেয়ে যেতিয়া বৰ্ণালী বায়ে (সমন্ধীয় বাইদেউ তথা আমাৰ ব্যৱসায়ৰ অংশীদাৰ) লুধীয়ানা যোৱাৰ কথা উলিয়ালে মই একে আষাৰে সন্মত হ’লো৷ উদ্দেশ্য আমাৰ কাপোৰৰ ব্যৱসায়ৰ বাবে শীতৰ কাপোৰ উৎপাদনস্থলীৰ পৰাই সৰহকৈ কিনি অনা৷ সহযাত্ৰী হ’ব দেউতা৷ ঘৰতেই এই সকলো প্লেনিং কৰি যেতিয়া দিল্লী আহি কথাটো ভ্ৰাতাশ্ৰীক কলোঁ যে এই বাৰ শীতৰ বজাৰ কৰোতে মোকো পৰামৰ্শ দাতা হিচাবে লগত লৈ যোৱা হ’ব৷ সি এটা অভিজ্ঞ হাঁহি মাৰি ক’লে- “একে সময়তে কেইজন মানুহৰ হৈ কথা ক’ব পাৰা?“ মই বুজি নাপাই সুধিলোঁ “ কি কথাবোৰ নো সুধিছা? “ সি বুজাই ক’লে যে লুধীয়ানাত পাঞ্জাবী আৰু হিন্দী ভাষাহে চলে৷ তাতে দেউতা আৰু বৰ্ণালী বাইদেউয়ে হিন্দীত হ বুলিবও নাজানে৷ গতিকে গোটেই যাত্ৰাটোত মইয়ে সিহঁত দুয়োৰে হৈ কথা ক’ব লাগিব৷ মানে নিজকে ধৰি মুঠ তিনিজনৰ হৈ কথা ক’ব লাগিব৷ মনতে এবাৰ ঈশ্বৰক সুঁৱৰি যাত্ৰাৰ সময়লৈ অপেক্ষা কৰি থাকিলোঁ৷
নিৰ্দিষ্ট দিনত আমি ওলালোঁ, মনত নতুন ঠাই চোৱাৰ হেঁপাহ আৰু অন্তৰত তিনিজনকৈ মানুহৰ কথা কোৱাৰ সম্ভাৱ্য ভাগৰ৷ ওলাৰ গাড়ীত উঠি তিনিওজন নিউ দিল্লী ষ্টেচন পালোঁগৈ৷ ষ্টেচনতহে গম পালোঁ যে মই তিনিজন নহয় চাৰিজনৰ বাবে কথা কব লাগিব৷ কাৰণ আমাৰ চহৰৰেই আন এজন ব্যৱসায়ীও আমাৰ লগ লাগিল৷ মই মনে মনে ঈশ্বৰক স্মৰন কৰিলো৷ যথা সময়ত শতাব্দী ৰেল খন আহি পোৱাত আমি সদলবলে উঠি নিজ নিজ আসন অধিকাৰ কৰি বহি পৰিলোঁ৷ ৰেলত বহি লৈয়ে বাইদেৱে ধুনীয়া হাঁহি এটি মাৰি ভদ্ৰলোকৰ লগত চিনাকি কৰাই দিলে- “এওঁ তোমাৰ ভাগিন জোঁৱাই৷ “ ভদ্ৰলোকে সম্ভ্ৰমেৰে নমস্কাৰ জনালে৷ নমস্কাৰ এটি ময়ো এই যাত্ৰাত আৰু বা কি কি হ’বলৈ আছে বুলি শুই পৰিলোঁ৷
যাত্ৰাটি দীঘলীয়া আছিল তাতে আকৌ মোৰ ভাগিন জোঁৱাইয়ে গোটেই ৰাস্তাটো কিবা কিবি কৈ আহিল৷ কিবা কিবি মানে ধৰক আমেৰিকাৰ ইলেকচনত ট্ৰাম্প জয়ী হ’ব নে ক্লিণ্টন, শতাব্দীৰ বেহেৰা সকলৰ উনিফৰ্ম কিয় ক’লা ৰঙৰ, বুলেট ট্ৰেইন কিমান জোৰে চলিব, আমিষ খাদ্য ভাল নে নিৰামিষ ইত্যাদি নানা ধৰণৰ কথা৷ পাঁচ ঘণ্টা মানৰ পিছত গৈ লুধীয়ানা ষ্টেচনত নামিলোঁগৈ৷ নামি হে দেখোঁ শ্ৰদ্ধেয় পিতৃদেৱতাই কিবা অদ্ভুত ধৰণে খোজ লৈছে৷ ভাগিন জোঁৱাইয়ে সোধ পোছ কৰি গম পালে যে নোমৰ গুৰিত ফোঁহা হৈ তেখেতৰ অৱস্থা কাহিল৷ সেয়ে তেওঁক হোটেলত থৈ বা আৰু মই জোঁৱাইৰ লগত ওলাই আহিলোঁ৷
চাউল বাজাৰ, চৌৰা বাজাৰ, লুধীয়ানা হজীয়াৰী এছোচিয়েচন আদিৰ ব্যৱসায়ী সকলৰ লগত চা চিনাকি হ’লোঁ৷ দুই এটি কাৰখানাও চালোঁ৷ সৰু চহৰ লুধীয়ানা৷ একপ্ৰকাৰৰ বস্ত্ৰ নগৰী বুলিও ক’ব পাৰি৷ ব্যৱসায়ী সকল অতি ভদ্ৰ, অমায়িক৷ ভাৰতৰ বিভিন্ন ঠাই তথা দাঁতি কাষৰীয়া ৰাষ্ট্ৰ ভূটান নেপাল আদিৰ পৰাও বস্ত্ৰ ব্যৱসায়ী সকল ভাল ঊণ আৰু কপাহী কাপোৰৰ সন্ধানত লুধীয়ানালৈ আহে৷ শীতৰ প্ৰভাৱ ভালকৈ এতিয়াও পৰা নাই যদিও লুধীয়ানাত বস্ত্ৰ ব্যৱসায়ী সকলে ভিৰ কৰিছেহি৷ আমি সন্ধিয়ালৈ দুগৰাকী ভূটীয়া, এগৰাকী বিহাৰী আৰু এগৰাকী ৰাজস্থানী ব্যৱসায়ীৰ লগত চিনাকি হ’লোঁ৷ ভাগিন জোঁৱাইৰ বুকিং আছিল লালা বৃজ লাল আগৰৱাল ধৰ্মশালাত৷ আঠ মান বজাত তেওঁক তাতে থৈ আমি দুয়োজনী হোটেললৈ খোজ ললোঁ৷ এনেই যাত্ৰাৰ ভাগৰ তাতে আকৌ গোটেই সন্ধিয়াটো খোজ কাঢ়ি আৰু তিনিজনৰ হৈ হিন্দী কৈ মই ভাগৰি পৰিছিলোঁ৷ এনেতে দেখিলোঁ এখন দোকানৰ কাষত ৰৈ এসোপা মান মানুহে মাটিৰ গিলাচত কিবা খাই আছে৷ মহিলা কেইগৰাকীমানেও খাই থকা দেখি ওচৰ চাপি যোৱাত হাঁহি মুখীয়া চৰ্দাৰজীয়ে আমাৰ ফালেও দুটি গিলাচ আগুৱাই দিলে দেখি মই বুজিলোঁ সেয়া পাঞ্জাবী লাচ্চি৷ “কিতনে কা“ বুলি সোধাত তেওঁ ক’লে “ ও পহলে পিকে দেখো বেটাজী, পেছে বাদ মে দেনা!“মুখত দিহে বুজিলোঁ লাচ্চি নহয় সেয়া অমৃত!
দুয়োজনীয়ে নিজৰ নিজৰ গিলাচ কেইটাৰ শেষ টোপালটিলৈ শেষ কৰিলোঁ৷ লাচ্চি খোৱাৰ সৌভাগ্য আমাৰ দিল্লীতো হৈছে কিন্তুু সেয়া ইয়াৰ তুলনাত দমকলৰ পানী! লাচ্চিৰ মূল্য গিলাচেপ্ৰতি মাত্ৰ বিশ টকা৷ পৰিশোধ কৰি খোজ কাঢ়িয়েই হোটেল পালোঁহি৷ হোটেল বিক্ৰমাদিত্য৷ সৰু কিন্তু খুব ধুনীয়া হোটেল৷ ভ্ৰাতাশ্ৰীৰ পছন্দ ঠিকেই আছিল৷ লবীত ওলমি থকা প্ৰকাণ্ড চেণ্ডেলিয়েৰ, কোঠাত ডিজাইনাৰ দানলপ বেড, বাথৰুমত বাথটাব, কোমল পোহৰৰ ডিজাইনাৰ লাইট৷ ৰাতিটো আৰামত পাৰ হ’ল৷
পুৱাতে পুনৰ ওলালোঁ৷ ভাগিন জোঁৱাই আঠ বজাতেই হোটেলত উপস্থিত হৈছিলহি৷ কঁপাহী কাপোৰৰ কিনা মেলা আগদিনাই শেষ হৈছিল সেয়ে আমি সিদিনা ঊণৰ কাপোৰৰ কাম কৰিলোঁ৷ কাৰখানা চোৱা ব্যৱসায় সংক্ৰান্তীয় কথা বতৰা পতা আদিৰ মাজতে দিনটো কেনেকৈ পাৰ হ’ল গমেই নাপালোঁ৷ সন্ধিয়া মেগা শতাব্দী ৰেল খনতেই আমাৰ বুকিং আছিল৷ কাম সামৰি ষ্টেচন পাওঁহি মানে ৰেল আহি ষ্টেচন পাইছিল৷ গতিকে নিজ নিজ আসন অধিকাৰ কৰি বহি পৰিলোঁ৷ ভাগিন জোঁৱাইৰ কিবা কাম ওলোৱাত লুধীয়ানাতে থাকি আহিল৷ আহিবৰ সময়ত অৱশ্যে মোক অহাবাৰ ঘৰলৈ গ’লে এবাৰ তেওঁৰ ঘৰলৈ যাবলৈ নিমন্ত্ৰণ কৰিলে৷ ভাগিনীয়ে হেনো দুমাহৰ আগতে ছোৱালী পাইছে৷ ময়ো যাম বুলি কথা দি আহিলোঁ৷ ৰেলত বহিহে বা আৰু দেউতাই ভাল দৰে হাঁহিব পাৰিলে৷ আদহীয়া মানুহ জনে মোক বাৰে বাৰে পেহী পেহী বুলি মাতি থকাত দুয়ো বৰ আমোদ পাইছিল৷ ভাগিন জোঁৱাইৰ সমুখতে হাঁহিলে বেয়া কথা হ’বা গতিকে দুয়ো কোনোমতে হাঁহি সহি সামৰি আছিল৷ এতিয়া মোক অকলে পাই বায়ে ধেমালি কৰি দেউতাক এবাৰ ক’লে বোলে – “এওঁৰ হে দিন আৰু দেই বিয়া বাৰু হোৱাৰ আগতেই নাতিনীয়েকক চাবলৈ পাব! আমাৰনো এনে ভাগ্য কত! “
ইফালে মই একেলেথাৰিয়ে দুদিন চাৰিজনৰ বাবে কথা কৈ কৈ সঁচাকৈয়ে ভাগৰি পৰিছিলোঁ৷ গতিকে হাঁহি ধেমালিলৈ বিশেষ কাণ নিদি ক’লা কোটচোলা পিন্ধা শতাব্দীৰ বেহেৰাই পৰিবশন কৰা চৰবতৰ গিলাচত চুমুক দিলো আৰু মনে মনে ভাবিলোঁ দিল্লী গৈ পাই কিমান সময় কথা নোকোৱাকৈ মুখ খনক জিৰণি দিম! তাতে আকৌ ভ্ৰাতাশ্ৰীয়ে মোৰ ভাগিন জোঁৱাই আৰু নাতিনীজনীৰ কথা শুনিবলৈ বাকী আছেই!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক