যা দেৱী যা -( নিৰুপমা ডেকা)

যা দেৱী যা 
– নিৰুপমা ডেকা

দুৰ্গা পূজাৰ দশমীটো পাৰ হোৱাতহে মনেশ্বৰ হাজৰিকাৰ উশাহটো ঘূৰিল৷ এনে ব্যয় বহুল গুৱাহাটীৰ নিচিনা ঠাইত ভাৰাঘৰ লৈ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ুৱাই চতুৰ্থ শ্ৰেণীৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এজনৰ কি অৱস্থা হ’ব পাৰে সেয়া হয়তো মনেশ্বৰৰ দৰে ভুক্তভোগীহতঁৰ বাহিৰে আনে বুজা কঠিন৷ তাতে আকৌ সি থাকে নিউ গুৱাহাটী বামুণীমৈদামৰ ৰেলৱে’ ক’লনিৰ গাতে লাগি থকা ভাস্কৰ নগৰ অঞ্চলত৷ দুৰ্গা পূজা মানে য’ত হয় এক ব্যয় বহুল আয়োজন৷ অলিয়ে-গলিয়ে মা দুৰ্গাৰ পূজাৰ বিলাস বহুল আয়োজনৰ অঘোষিত প্ৰতিযোগিতা৷ আৰু পূজা সমিতিবোৰৰ সিহঁতবোৰ হ’ল মোটা চান্দা সংগ্ৰহৰ লক্ষ্যস্থান৷ পূজাৰ বহুদিন আগৰ পৰাই প্ৰায় পলাই থকাৰ দৰে আত্মগোপন কৰিব লগা হয় মনেশ্বৰৰ৷ আগফালে দুৱাৰত তলা ওলমাই থয় আৰু পাছফালৰ দুৱাৰেৰে অহা-যোৱা কৰে৷ পূজা, বিহু আদিৰ চান্দাৰ নামত তাৰ নিচিনা মানুহবোৰে বৰ দুৰ্ভোগ ভোগিব লগীয়া হয়৷
ভগৱান বুলিলে তাৰ দৰে ভগৱান ভৰষাত চলা লোক সকলৰ ভয় এটাও থাকে৷ ভগৱানৰ নামত চান্দা আদি নিদিলে যদি কিবা অপায় অমংগল হয়, তথাপি ভগৱানৰ ভয়তকৈও আৰ্থিক অনাটনে জুৰুলা কৰাৰ ভয়ত তাৰ মন অহৰহ কঁপি থাকে এইখিনি সময়ত৷ ইফালে ল’ৰা-ছোৱালী আৰু ঘৈণীয়েকৰ পূজা বুলিলেই প্ৰায় এমাহৰ দৰ্মহাটোৰ প্ৰয়োজন৷ চাৰিদিনৰ পূজাত অন্ততঃ দুযোৰকৈ কাপোৰ, জোতা-মোজা, চেণ্ডেল, আ-অলংকাৰ কাপোৰৰ লগত মিলাই লাগেই৷ নহ’লে আনৰ লগত মিলাত দিগদাৰ হয়৷ আকৌ পূজাৰ কেইদিন বাহিৰত খাবলৈ পকেট গৰম থাকিব লাগে৷ মুঠতে পূজা মানে সন্ত্ৰাসবাদৰ আগজাননী হয় ঘৰখনত৷ বিচৰা মতে নাপালে বিদ্ৰোহী হৈ পৰে চব৷ তাৰ পৰা হাত সৰাৰ বাট নাপাই ধৰফৰাই থাকে মানুহটোৱে৷
আগতে প্ৰায়েই মানুহজনীক কৈছিল পূজাৰ বন্ধত গাঁওখনলৈ যাওঁ বুলি৷ এতিয়া নকয় কাৰণ ঘৈণীয়েক বাসন্তী জাঙুৰ খাই উঠে৷ উৱা, গুৱাহাটীৰ পূজা এৰি কোন বুৰ্বকে গাঁৱলৈ যাব! মূৰ্খ পাইছে নেকি সিহঁতক? গতিকে উপায়ন্তৰ হৈ সি চুপ হৈ থাকে৷ আৰু পূজা দীপাৱলীৰ নামত বছেৰেকৰ সাঁচতীয়া টকাকেইটা খৰচ কৰি সৰ্বশেষত নিজেও মহিষাসুৰৰ ৰূপ লয় তৰ্জন-গৰ্জন কৰি ঘৰখন ওপৰ তল কৰে আৰু নিজকে ঘৰৰ দুৰ্গাজনীৰ হাতত সপি দিয়ে৷
এই বোৰৰ পৰা বাচিবলৈ বুলি বেচেৰা মানুহটোৱে আজি দুবছৰমান আগতে পূজা নাইকিয়া ধৰ্ম এটাকে লৈ লওঁ বুলি থিৰাং কৰি এজন গুৰু ভজি তাতে শৰণাপন্ন হ’ল৷ ভাবিলে এই খৰচী ভগৱানৰ পৰা আঁতৰি নাম ধৰ্মকে সাৰোগত কৰি জীৱনটোত অলপ সকাহ পাব৷ পিছে প্ৰতিফল যে আৰু ভয়ংকৰ হ’ব এতিয়াহে বুজিলে৷ কমিব দূৰৈৰ কথা ধৰ্মৰ নামত খৰচ বাঢ়িলহে৷ পূজাৰ খৰচ সেই ভাগেই থাকিল৷ চহৰৰ পূজাত কোনো ধৰ্মৰ ভেদাভেদ নাই৷ সকলোৰে মনত পূজাৰ নিচা লাগিবই৷ গতিকে নতুনকৈ শৰণাপন্ন হৈ ভকত সেৱা, পাল নাম, নাম-কীৰ্তনৰ বাবে খৰচৰ নতুন পথ এটাহে ওলাল৷
মুঠতে ধৰ্মৰ খৰচী সংক্ৰামক ৰোগটোৱে মানুহটোক জুৰুলা কৰা হ’ল আৰু ইয়াৰ ফলশ্ৰুতিত মনেশ্বৰ হাজৰিকা বোলা এজন ধৰ্মানুৰাগী লোক ধৰ্মদ্ৰোহী হৈ পৰিল৷ যি ধৰ্মৰ বাবে মানুহৰ মানৱীয় ধৰ্ম নাইকিয়া হয়, যি ধৰ্মৰ খৰচৰ বাবে জীৱনৰ বহু কৰণীয় কাম ৰৈ যায়, তেনে ধৰ্মৰে ভগৱান নাপায়৷ গাঁৱৰ নিচলা খেতিয়ক ভায়েকটোক বছৰেকৰ খেতিখন কৰিবলৈ সহায় কৰিব নোৱাৰে, বুঢ়ী মাকজনীৰ সাধাৰণ খৰচটো বহন কৰিব নোৱাৰে অথচ বছৰত হাজাৰ হাজাৰ টকা পূজা-পাৰ্বন আৰু ধৰ্মৰ নামত দান দি উৰাই দিয়ে৷ এইবোৰ বেজাৰে তাক খুলি খুলি খায়৷ আধুনিকতাৰ বতাহত হাতত এণ্ড্ৰইড ফোন, দেহত দামী নামী সুগন্ধি আৰু তুলুঙা চিন্তাৰে জীৱনোচ্ছল তাৰ পৰিয়ালটো দেখি দেখি সিওঁ মদৰ ৰাগীত নিশাবোৰত মহিষাসুৰ হৈ পৰে৷ ল’ৰা-ছোৱালী আৰু তিৰোতাৰ লগতে আধুনিকতাৰ বতাহত উৰা সকলক চৈধ্যপুৰুষ উদ্ধাৰি গালি দি পৰম তৃপ্তি লাভ কৰে৷ আৰু মদৰ নিচাত উত্তাল হৈ দুৰ্গাপূজাৰ নিশা কেইটাত চিঞৰি কয়-
“যা দেৱী যা……… সোণকালে আঁতৰি যা৷ মোৰ দৰে বোৰক মাৰিবলৈহে আহ৷ দুৰ্গতিবোৰ বছৰ দিনলৈ আমাৰ বোৰৰ গাত জাপি দি স্বৰ্গীয় দালানত বিশ্ৰাম ল, যা দেৱী যা, ৰসাতলে যা, অহাবাৰ আহিব নোৱাৰাকৈ কৰ’বাত ডুবি এই দশমীতে হেৰাই যা………………॥”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments