যিখন চহৰ মোৰ আপোন আছিল : পৰাগ পিংকু বৰঠাকুৰ

যিখন চহৰ মোৰ আপোন আছিল
একান্তই ভাল পাই পেলাইছিলোঁ
তোমাক লগ পাইছিলোঁ
তোমাৰ খৰিকাজাঁই যেন হাঁহিত
মতলীয়া হৈছিলোঁ,
দুয়ো চাকৈ-চকোৱাৰ দৰে আছিলোঁ
সেইখন চহৰত তোমাতকৈ আগতে মই
আইক লগ পাইছিলোঁ।
আইৰ জুৰণীয়া আঁচলৰ বা-ত
আপোন-পাহৰা হৈছিলোঁ
নিজকে লুকুৱাই থৈছিলোঁ…
চহৰখনৰ নিয়ন চাকিবোৰে
মই গ’লেই চকু টিপিয়াই আদৰিছিল
আৰু গছৰ পাতবোৰে
খিল-খিলাই হাঁহিছিল,
নীৰৱে চাই আছিল
টেলিফোনৰ খুঁটাবোৰে
ভেকুলী আৰু জিলিৰ মাতে
গীতৰ সভা পাতিছিল
জুৰ-জুৰাই সৰিছিল ভালপোৱাৰ টোপাল,
চকুৰ পানী মচি দিয়া হৈছিল
মুঠতে এখন সুখৰ চহৰ আছিল…
আজিও আছে সেইখন চহৰ
চহৰৰ হাঁহি-কান্দোন উল্লাস- বিষাদ
সেই বিশেষ ঠাইবোৰ…
মাথোঁ তুমি নাই
আইৰ আঁচল আছে
আজি যেন সেই উত্তাপ নাই
সেই আকাশ নাই
তোমাক আৰু মোক সুঁহুৰিয়াই জোকোৱা
সেই বতাহ নাই
খৰিকাজাঁই আছে
সেই বিশেষ সুবাস নাই
আজি যেন একো নাই…!
পিচলৈ এবাৰো ঘূৰি নোচোৱাকৈ
আজি এৰি আহিছোঁ সেই চহৰ
য’ত প্রথম লগ পাইছিলোঁ তোমাক
মোৰ আইক
আৰু বহুতক
আজি যেন সকলো থাকিও একো নাই
মোৰ প্রেমৰ চহৰত ভালপোৱা নাই
আজি একো নাই
একোৱেই নাই
কান্দি যাব পৰাকৈ ভালপোৱা সেই চহৰত আজি
আজি একো নাই
একো নাই…!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments