যিসকলে হাঁহিবলৈ ভাল পায় আৰু হাঁহিব জানে (-সৌমিত্ৰ যোগী)

মানুহৰ জীৱনৰ অন্তহীন ৰহস্যবোৰৰ ভিতৰত সপোনো এক বিচিত্ৰ ৰহস্য৷ কাৰ্ল গুস্তাভ য়ুঙৰ দৰে মনোবিজ্ঞানীয়ে সপোনক লৈ ভালেমান ব্যাখ্যা আগবঢ়াইছে যদিও মই সেইবোৰ পঢ়া নাই৷ ইয়াৰ কাৰণ হৈছে, কিছুমান কথা জনাৰ পাছত ৰহস্যটো নাইকিয়া হৈ যায়, আৰু ৰহস্য নাথাকিলে মাদকতা হেৰাই যায়৷ মই জনা সপোন এটা মন কৰিব – মানুহজনে সপোনত দেখি আছে যে ধানৰ কঠীয়া থোৱা এটা টোমত একটোম হীৰা আছে৷ ভিতৰত থকা হীৰাৰ পোহৰ সৰকি আহি চকু চাৎ মাৰি ধৰিছে৷ তেওঁৰ হীৰাৰ টোমটো লৈ আহিবলৈ মন গ’ল৷ তেওঁ দাঙিবলৈ চালে, দাং নাখায়৷ লৰাবলৈ চালে, লৰচৰ নহয়৷ বহুসময় চেষ্টা কৰিও বিফল হোৱাৰ অন্তত তেওঁ সিদ্ধান্ত ল’লে যে গোটেই টোমটো কঢ়িয়াই নিব নোৱাৰিলোঁ কি হ’ল, তাৰ পৰা যিখিনি সম্ভৱ উলিয়াই নিলেই হ’ল৷ উলিয়াবলৈ দুৱাৰ বিচাৰি থাকোঁতেই হঠাৎ এটা চাবী তেওঁৰ হাতত লাগিল৷ চাবীটো দেখিবলৈ আমাৰ তৰ্জনী আঙুলিটোৰ দৰে৷ সপোন এনেকুৱাই – কিছুমান কথা বৰ অদ্ভুত ধৰণৰ৷ চাবীটোৰে তেওঁ টোমৰ তলাটো খুলিবলৈ ঘূৰায়হে ঘূৰায়, মুঠেই খোল নাখায়৷ তেওঁ সেইটো চোৰক ঠগিবলৈ কৰা মিছা-তলা বুলি বুজি পালে৷ তাৰ পাছত তেওঁ গোটেই টোমটো পিটিকি পিটিকি তলাৰ সন্ধান কৰিবলৈ ধৰিলে৷ এবাৰ অলপ ঢিলা ঠাই এডোখৰ পাই সেইখিনিতে তলাটো আছে বুলি জোৰকৈ টিপি দিলে – ঠিক টোমটো খোল খাবলৈ লওঁতেই পেটত কষ্ট পাই তেওঁ সাৰ পাই গ’ল৷ সদায় তেনেকুৱাই হয়, সফল হোৱাৰ ঠিক সেই মুহূৰ্ততে মানুহে সাৰ পাই যায় – সপোন আৰু দিঠকৰ মাজৰ অৱস্থা এটাত থাকিয়ে তেওঁ তেনেকৈ ভাবিলে৷ পিছে এক পলকৰ ভিতৰতে তেওঁৰ চেতনা আহিল আৰু বুজি পালে যে আচলতে ইমান সময়ে সপোনত খেপিয়াই থকা অলৰ-অচৰ হীৰাৰ টোমটো তেওঁৰ প্ৰকাণ্ড পেটটো, আৰু প্ৰথমতে খুলিবলৈ চেষ্টা কৰা মিছা-তলাটো হৈছে তেওঁৰ নিজৰে নাভীটো, চাবীটো তেওঁৰ নিজৰে তৰ্জনী আঙুলিটো৷
ময়ো এটা সপোন দেখিছিলোঁ৷ মোৰ সপোনৰ বিষয়টো অৱশ্যে অলপ বেলেগ৷ তাকে ক’বলৈ গৈহে ওপৰৰ কথাখিনি ক’ব লগা হ’ল৷ যি কি নহওক, গ্ৰীষ্মকালৰ এটা স্মৰণীয় শুক্লপক্ষৰ সুন্দৰ নিশাৰ কথা৷ বাহিৰত দেহ-মন জুৰ পেলাই দিব পৰা বতাহৰ চঞ্চল নৃত্য৷ মই শুই আছোঁ যদিও টোপনি অহা নাই৷ দেশ-জাতি আৰু মাটিৰ চিন্তাত মই ভাৰাক্ৰান্ত, উদ্বিগ্ন আৰু বিপৰ্যস্ত৷ এটা সময়ত চকু দুটা জাপ খালে আৰু মই এটা সপোন দেখিবলৈ ধৰিলোঁ – ঋষি বিশ্বামিত্ৰ আহি মোক ক’লে যে “মোৰ বাহিৰ ফুৰিবলৈ লাগিছে, তুমি এই বস্তুটো অকণ ধৰি দিয়াচোন৷ “ কৈয়ে তেওঁ মোৰ হাতত এটা সাপৰ মণি দিলে৷ “চাবা যাতে মণিটো হাতত থকা অৱস্থাত তুমি যিকোনো বস্তু স্পৰ্শ নকৰা আৰু যিকোনো বেয়া ঠাইলৈ নোযোৱা৷ মণিটোত চুৱা লাগিলেই ইয়াৰ সকলো গুণ নষ্ট হৈ যাব৷ “ কথাষাৰ কৈয়ে তেওঁ নদীৰ পাৰলৈ বুলি ৰাওনা হ’ল৷ সেই সময়ত প্ৰিয়ংকা ভাৰতীৰ য’তে চিন্তা ত’তে শৌচালয় আশীৰ্বাদটো অহা নাই৷ তেতিয়া চলি আছিল য’তে লাগে ত’তে শৌচালয়৷
লাহে লাহে সময় বাগৰিল, দিন বাগৰিল – সপ্তাহটো মাহ হ’বৰ উপক্ৰম হ’ল৷ কিন্তুু ঋষিবৰ আৰু ঘূৰি নাহিল৷ মই মণিটোক লৈ বৰ চিন্তাত পৰিলোঁ৷ য’তে-ত’তে থ’বও নোৱাৰি, যাকে-তাকে দিবও নোৱাৰি৷ তাতে আকৌ ঋষি বিশ্বামিত্ৰ যিহে খঙাল মানুহ, ধাচকে অভিশাপ দি দিব – চেচ৷ বৰবাদ হৈ যাম৷
তেনেতে এদিন তেওঁ ফোন কৰিলে৷ মই ভাবিলোঁ, ঋষি বিশ্বামিত্ৰৰ দিনত আকৌ মোবাইল ফোন ক’ৰ পৰা আহিল৷ হৰধনু ভংগ কৰিবলৈ ৰামহঁতক লৈ আহোঁতেতো তেওঁৰ হাতত ফোন দেখা নাছিলোঁ৷ তথাপি মই পতিয়ন গ’লোঁ যে হৰপুত্ৰ গণেশ দেৱতাই যদি প্লাষ্টিক ছাৰ্জাৰী কৰাই ল’ব পাৰিছিল, ঋষি বিশ্বামিত্ৰৰ মোবাইল ফোন এটাও নাথাকিবনে?
তেওঁ ফোনত মোক ক’লে যে “মই উভতি নোযোৱালৈকে তুমি মণিটো লগত ৰাখিবা৷ মই জানো তুমি ব’ৰ হৈছা৷ এটা কাম কৰিবাচোন, ব’ৰদমটো নোহোৱা হৈ যাব৷ মণিটো এবাৰ মূৰত লৈ চাবাচোন৷ কিন্তুু সাৱধান, বেছি সময় নাৰাখিবা৷ “ কৈয়ে তেওঁ ফোনৰ লাইনটো কাটি দিলে৷ ময়ো ৰৈ থাকিব নোৱাৰি তেওঁ কোৱা মতেই কৰি চালোঁ৷ লগে লগে কপালত এটা চকু গজিল, মহাযোগী মহাদেৱৰ তৃতীয় চকুটোৰ দৰে৷ আৰু কি আচৰিত, সঁচাই অদ্ভুত অদ্ভুত কিছুমান নতুন নতুন কাণ্ড-কাৰখানা দেখিবলৈ ধৰিলোঁ৷ হয়তো আন কোনেও নেদেখা অনেক কথা৷ অলপ পাছত মণিটো মূৰৰ পৰা আঁতৰাই দিলোঁ৷ এটা সময়ত আকৌ মূৰত দিওঁ, আকৌ আঁতৰাই থওঁ৷ এনেকৈ কৰি থাকোঁতে এটা সময়ত সাৰ পাই গ’লোঁ৷ সাৰ পাই উঠি খেলিমেলি লাগি গ’ল৷ সপোন নে দিঠক? মইতো সঁচা কথাবোৰকে দেখিছোঁ৷ অলপ বেলেগকৈ৷ আনৰ কাৰণে হয়তো অলপ নতুন, অলপ কাল্পনিক যেন লাগিব৷ অলপ সপোন যেনো লাগিব পাৰে৷ কিন্তুু ই যে নিজ চকুৰে দেখা এখন বেলেগ পৃথিৱী৷ আন এখন মহাজগত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments