যি কথা তেজাই নাজানিলে ( নিশাংক মিলন )

Ji kotha Tejai Najanile

যি কথা তেজাই নাজানিলে

তাৰ বাবেই দোঁ খাই পৰে আক্ষেপৰ ওঁঠ,
যি কথা তেজাই নাজানিলে
সেই কথাই এতিয়া বাৰীকোঁৱৰৰ প্ৰতিটো সাধুত;

চুলি মেলি তেজাৰ হাঁহি
উজাৰ খাই পৰে আইতাৰ বহল চোতালত,
মাটিত আকি ভাটিবেলাৰ নেঁওতা
তেতিয়া কুঁহিপাতৰ কোমল খিনি তাইৰ হাতত
কুটকুট কুটকুট এঠেঙীয়া এটা যেন শালিকা
আৰু দলিয়াই দিয়া ঘিলাটো
বাগৰি বাগৰি চিধাই মোৰ বুকুত,
কোনোবাদিনা হুদু-মুদুৰ টেকেলি ভাঙে
তেজাৰ হাত দুখন সিদিনা চিলনীয়ে নিয়ে,
ইফালে বেলি আৰু বতাহৰ ঘোৰ কাজিয়া
তৰ্জনী আঙুলিৰে তৰ্জনী আঙুলিৰ কাট্টি
আৰু দুদিনৰ নামাতা নামাতি,
তথাপি সৰা দাঁতটো মোৰ নিগনিক দি
তেজাৰ হাত দুখন ময়েই মোকলাই আনিলো
তাতেই কি যে হাঁহি…..

কোনোবা এদিন পুৱাই এজাৰ ফুলিল
ক’ৰ জানো ডালিম এটা পকি মাটিতে সৰিল,
জৰাকাজিৰ গোন্ধ এটা লৈ সিদিনাৰ পৰা
শালিকা জনী ব’ব নোৱাৰা নদী হ’ল,
চাব নোৱাৰা আৰ্চি হ’ল;
সপোনে সপোনে তেতিয়া
ইমান ইমান পানী,
মাটিৰে যামনে ?
পানীৰে যামনে?
ইখন হাতৰো অলৌগুটি
সিখন হাতৰো তলৌগুটি
কচুপাতৰ লাই হালে জালে,
দুবৰি এহালে উৰুলি এটাত জোবোৰা মাৰি
তাইৰ কপাল চুৱে,;

এদিন বগৰী পাৰি থাকোতে
তেজাক বেলিটোৱে দেখিলে
আৰু তলৰ পৰা দেখিলো মই,
সাৰ নোপোৱা ঘুমতিবোৰ ভাঙি
তেজা ডাঙৰ হ’ল
আৰু ৰজাৰ হুকুম লৈ এদিম ছেদিম বাই
পাৰ চৰাইটোৱে ঢুকি নোপোৱা নদীখন পাৰ হ’ল,
সিদিনা আকৌ
ডালিমৰ ডালত ম‍ইনাজনীৰ ঠেহ,
মাতো নামাতো মাত থোকাথুকি হিয়াত
দৌৰি গৈ ময়েই মাতিলো ফুলকোঁৱৰক,
ঢাৰি পাৰি বহা চোতালৰ তৰাবোৰে সুধিলে
সোণালী পোক সেঁওতাত ধৰি ৰাণী সজাবা কাক ??

সপোনে সপোনে সিদিনাও
বগাই আছিল ইমান ইমান পানী,
চম্পাৱতী, চম্পাৱতী
ঢৌ ফালি এদাল হালধীয়া অজগৰ
ক্ৰমশঃ মেৰিয়াইছে মোক,
ধানো খাই চাউলো খাই
ক’ৰেনো হুতা চৰাই

এতিয়াতো এজাৰো নিজাৰ পৰিল
ঘনচিৰিকাই কটা তামোল লৈ
শিয়ালি পালেগৈ ৰতনপুৰ
আৰু ম‍ই…
ম‍ই হ’লোহি আঙঠাই পোৰা,
নিগনিয়ে কুটি টুকুৰা টুকুৰি কৰা
তেজীমলাৰ সেই পাটকাপোৰ যোৰা

কোনেও নোকোৱা সাধু এটা ক’বলৈ
সিদিনাৰ পৰাই ম‍ই
বিছাৰি ফুৰিছো বুঢ়ী আইক,
এই কথা তেজাই নাজানে !!

*******************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments