যি নাম দি মাতা (লঘু ৰচনা) ( বি জে ৰঞ্জন )

অলপতে সম্পৰ্কীয় আইতা এজনীক লগ পালোঁ। আইতাই বিয়া এখন খাই ঘৰলৈ উভতি আহি আছিল। মোক দেখি তেওঁ কাষ চাপি আহি গৰমে-গৰমে বিয়াৰ অভিজ্ঞতা এটা বৰ্ণাবলৈ ধৰিলে-“চাচোন বাপু, এজনী ন-কইনা, গাৰ পৰা এতিয়াও মাহ-হালধিৰ গোন্ধকে যোৱা নাই, গিৰিয়েকটোক বাৰু তাই তই-তয়া কৈ মাতিব লাগে নে? দেখিছনে কি ঘটনা? তই-তয়া কৰি মাতিছেতো মাতিছেই, তাতে দুবাৰমান মোৰ মুখৰ আগতে নিজৰ মৰদটোৰ নাম কাঢ়ি মাতাও শুনিলো। ছিঃ কটা, এনে যে লাজ পালো, কি ক’ম আৰু তোক!”

আইতাক ক’লোঁ- “তেওঁলোকৰ মাজত চাগৈ ভাল বুজাপৰা আছে, তদুপৰি মৰম-তৰম বেছি কাৰণেও চাগৈ ইটোৱে সিটোক তই-তই বুলি আৰু নাম কাঢ়ি মাতিছে।”

আইতাই যিটো কোবেৰে মুখখন পূবৰ পৰা উত্তৰলৈ নব্বৈ ডিগ্ৰী কোণত ঘূৰাই দিলে বুজিলোঁ উত্তৰটো আইতাৰ মুঠেও মনঃপুত নহ’ল বুলি।

সেই তাহানিতে মানে আমি নোপোজা দিনত তিৰোতাবোৰে নিজৰ মতা মানুহবোৰক যৌৱন কালত কেনেকৈ মাতিছিল আইতাক সুধিবৰ বৰ মন গ’ল, কিন্তু সেই সময়তে আন এজন আমাৰ ওচৰ চাপি আহিল। কথাটো আৰু সোধা নহ’ল, মনতে ৰৈ গ’ল।

তেৰ বছৰীয়া মাইনাৰ জন্মদিন খাবলৈ শৰ্মাদাৰ ঘৰলৈ গৈ গম পালোঁ বৌ আৰু দাদাৰ ইটোৱে সিটোক মাতা নাম হৈছে মাইনাৰ-মাক আৰু মাইনাৰ-দেউতাক।

বৌক সুধিলো- “মাইনা জন্ম হোৱাৰ আগেয়ে কোনে কাক কি বুলি মাতিছিল?”

বৌৱে ক্ষন্তেক ভাৱিয়ো উলিয়াব নোৱাৰি দুখৰ সুৰত কৈছিল- “কি বুলি বা মাতিছিলোঁ তেতিয়া? জানো, মনতে নপৰে দেখোন। একো বুলি মতা নাছিলোঁ নেকি? হেৰা-হেৰি বুলিয়ে মাতিছিলোঁ কিজানি।”

পতি-পত্নীয়ে পৰস্পৰক কি নামেৰে মাতে সেই বিষয়ে কিছু পৰ্যবেক্ষণ কৰিছিলোঁ। সেয়া বংশৰে ওচৰ সম্বন্ধীয় বা নিজৰ চিনাকি মানুহবোৰৰ ভিতৰতে সীমিত হোৱা বাবে কোনজন কেনেধৰণৰ সম্পৰ্কীয় বা চিনাকিৰ হয় ধৰা নপৰিবলৈ ভয়তে অলপ টেৰাকৈ উল্লেখ কৰিছোঁ। কাৰণ এনেবোৰ কথা ৰাজহুৱা কৰিছোঁ বুলি গম পাবলৈ হ’লে হৈছে আৰু, ধাৰা-চাপৰ পৰি মোৰ পিঠি বহল হোৱাৰ সম্ভাৱনাই প্ৰবল।

অইন এজনৰ কথা। তেখেতৰ শ্ৰীমতীৰ নাম অনুপমা। মানুহজনে চাকৰিৰ বাবে ঘৰৰ পৰা বহু দূৰৈত থাকে। মাজে সময়ে মানুহজনীলৈ চিঠি লিখি ডাকত পঠিয়ায়। চিঠিৰ আৰম্ভ কৰে এনেকৈ- মৰমৰ অনুপমা, মৰম ল’বা..(তাৰ পিছত নিতান্তই সাংসাৰিক কথাৰ লানি)। হাইস্কুলত পঢ়া পুতেক জীয়েকহঁতে কেতিয়াবা দেউতাকে পঠিওৱা চিঠি খোলে। মুকলিকৈ পঢ়িবলৈ লৈ সদায় সিহঁতে প্ৰথমতে বোলে লাজতে জিভাত কামোৰ মাৰি ধৰে, মনতে ভাবে- ইস্, দেউতাই মাক নামেৰে মাতা কেতিয়াও শুনাই নাই- সদায় ঔৰা-ঔৰা কৰি থাকে, কিন্তু চিঠিত চোৱা- কি মৰম! মৰমৰ অনুপমা.., ৱাহ্।

গাঁওৰ মুকুন্দ দাদাই ৰেখা-বৌক ৰেখা বুলি মতা শুনিলে জ্ঞাতিৰ বুঢ়ী আবু কেইজনীয়ে বোলে তিহবিহাই উঠিছিল- “লাজ নহোৱাটোৱে কেনেকৈ ঘৈণীয়েকৰ নাম লৈ নোপোৱাই-পোৱাৰ দৰে মৰিব ধৰিছে, এাহ্ এনেহে বৰ চেনেহ। নাক-কটা যোৱাটো!”

আমি সৰু থকাৰ কথা। সম্পৰ্কীয় মোমাই এজনৰ বিয়াৰ পিছত ন-কইনা হৈ অহা মামীয়ে যেতিয়া পাব্লিকলি’ মামাক ৰূপ-ৰূপ (মামীয়ে দিয়া মামাৰ নতুন নাম) বুলি মতা শুনা গৈছিল, ঘৰে বাহিৰে কথাটোৱে বিৰাট কমেডিৰ ৰূপ লৈ লৈছিল। গিৰিয়েকক নাম কাঢ়ি মতা, তাকো নিজে দিয়া ৰোমান্টিক নামেৰে, কমটি জাগৰণকাৰী ব্যাপাৰ নাছিল সেই সময়তে। এই লৈ পৰিয়ালৰ মানুহবোৰৰ মাজত হোৱা প্ৰতিক্ৰিয়াবোৰ চাবলগীয়া আছিল।

আমাৰ দেউতাই মাক সদাই ঔৰা-ঔৰা বুলি মতা শুনি শুনি আমাৰ পোৱালিটোৱে সৰুতে আইতাকক ওলা-আইতা (ঔৰা-আইতা)বুলি মাতিবলৈ শিকিছিল। এতিয়া তাৰ পাল্লাত পৰি তিনিটামান ভাগিন-ভতিজাই মাক ওলা-আইতা বুলি মতা কৰিছে। নামটো শুনি মায়ে খুউব ৰস পায়, গতিকে সিহঁতেও মাৰ নামটো তেনেকৈয়ে পাৰমানেন্ট-ৰেজিষ্ট্ৰেচন কৰি লৈছে।

কি মন গ’ল হঠাৎ এবাৰ, কলেজত পঢ়ি থাকোতে আমি কেইজনমান বন্ধুৱে গিৰিয়েক-ঘৈণীয়েকবোৰে পৰস্পৰক কি বুলি মাতে জানিবলৈ মন যোৱাত জৰীপ এটা আৰম্ভ কৰি দিলোঁ। সময়ত ফলাফল ওলাল, চাৰ্ভেৰ সাৰাংশ মতে কাৰবাৰটো এনে ধৰণৰ আছিল- শতকৰা আশী ভাগেই ইটোৱে সিটোক জান, জান্টু, জানমণি, কলিজা আদি সচৰাচৰ চল্তি নামেৰে মাতে। দহ ভাগে নিজা নামকৰণ মতে মাতে, যেনে- ৰাজু, চুকু, মুকু, ৰাজা, বুকু, ধনটো বা যিকোনো ধৰণৰ। বাকী দহভাগৰ প্ৰতিক্ৰিয়া ভালধৰণে ব্যক্ত নহয় বা বেকত কৰিবলৈ অনিচ্ছুক কাৰণে জানিবলৈ অসমৰ্থ।

“যি-নাম-দি-মাতা” এই ৰোমান্টিক জৰীপৰ কিন্তু এক কৰুণ ছবিয়ে বিয়াক লৈ অকাৰণতে অত্যাধিক উৎসুক হোৱা আমি চেঙেলীয়াকেইটাক “ব্যক্তিগত-মৰমৰ-নামকৰণ” প্ৰথাটোৰ চৰিত্ৰই চৰম বিপাঙত পেলাইছিল। কাৰণ, এই প্ৰথা অনুসৰি নৱ্য-নামকৰণ হোৱা বেছিভাগ জানমণি, জান্টু, জীউটু আদিৰে বিয়াৰ পৰা দহ-বাৰ বছৰমানৰ ভিতৰতে অস্বস্তিকৰ ভাৱে বনৰীয়া, ঘৰচীয়া জন্তু জানোৱাৰৰ নাম লৈ অবনমিত হৈ অকথ্যৰ খালত পৰি হাবু-ডাবু খাইছিল (যাৰ জিন্দা প্ৰমাণ তথ্য সহকাৰে আমাৰ চকুৰ সমুখতে জলজল পটপট কৰি জিলিকি আছিল)।

মনত পৰি গ’ল বুঢ়ীয়ে বুঢ়াক যে কবিতাত কৈছিল-“শুনিছনে হেৰ’ লাপুং বুঢ়া, মিছা নকওঁ এক কঢ়া…।”

আগৰ দিনত বেচিভাগ বুঢ়ীয়ে বুঢ়াবোৰক তই বুলি মাতিছিল হেনো। সেয়াই নে? কেতিয়াবা বোলে দমো দিছিল-“ঐ মৰণে নপোৱা বিলাহী-মূৱা বুঢ়া, সদায় মোৰ বিড়িকেইডাল কেলেই চোৰ কৰি খাৱ? খবৰদাৰ, চাবি কিন্তু কৈ দিছোঁ কথা ভাল নহ’ব।”

কেতিয়াবা আকৌ মৰমেৰে কৈছিল-“অ’ সোণামূৱা বুঢ়া, মোৰ বিড়ি শেষ হ’ল অ’, চাওঁ, তোৰ পৰা ধাৰলৈ এডাল দেচোন।”

সময়ৰ দুৰ্দান্ত গতিত সেয়াই আজিৰ অতি-আধুনিক সময়ত ৰূপান্তৰিত হৈছে এনে ধৰণেৰে-“পপচ্, পেগ এটা বনাচোন, আইচ দিবি কিন্তু হা।”

মুঠ কথা কি সিমান ভালকৈ ময়ো নাজানো, তথাপি ভাবিছোঁ যি নাম দি মাতা বা যেনেকৈয়ে নামাতা- মৰম, চেনেহৰ মিঠৈ সনা থাকিলে কিজানি সেয়াই মিঠা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments