যি হ’লেও নিজৰ দেশ (ধীৰাজ কলিতা)

দৃশ্য-১

প্ৰজেক্ট মেনেজাৰে ৰুবুলক নিজৰ কেবিনত মাতিছে |ৰুবুলে ইমেইল যোগে অফিচিয়েলি চাকৰি এৰি দিয়াৰ কথা জনাইছিল |ৰুবুল প্ৰজেক্ট মেনেজাৰৰ প্ৰিয়,তাৰ কাম-কাজ আচাৰ ব্যৱাহাৰে প্ৰজেক্ট মেনেজাৰক মুগ্ধ কৰিছে |চাকৰি এৰি দিয়াৰ কাৰন সোধাত ৰুবুলে চিধা-চিধিকৈ কলে ঘৰুৱা অসুবিধা আছে বুলি |এতিয়া সি হেনো ঘৰৰ ওচৰতে বেলেগ চাকৰি এটা পাইছে |প্ৰজেক্ট মেনেজাৰে প্ৰতিটো সমস্যাৰে সমাধান দি আছে |দৰমাহা,ছুটি বঢ়াই দিয়াৰ কথা কলে |বিশেষ অসুবিধা যদি মাক-দেউতাকক আনি ইয়াতে ৰখাৰ সুবিধা কৰি দিব বুলি প্ৰজেক্ট মেনেজাৰে কোৱাৰ্টাৰ দিয়াৰো আশ্বাস দিলে |নাই,ৰুবুলে কোনোপধ্যেই ৰাজী নহয় |প্ৰজেক্ট মেনেজাৰে শেষত কলে,”ঠিক আছে,তই ছমাহ মান ঘৰত থাকি সমস্যা বোৰ ঠিক কৰি আহ “|প্ৰজেক্ট মেনেজাৰে বিভিন্ন যুক্তিৰে তাক বুজাইছে বৰ্তমান কৰি থকা চাকৰিটো নতুন চাকৰিটোতকৈ কিমানগুনে ভাল আৰু বৰ্তমানৰ চাকৰিটোত ভৱিষ্যত বহুত সুন্দৰ |শেষত খঙ উঠাত ৰুবুলে কৈ দিলে,”নাই ছাৰ মই নতুন চাকৰিটোৱেই কৰিম |যি হলেও নিজৰ দেশ ছাৰ “|

দৃশ্য- ২

পাকিস্তানৰ জেলত বাংলাদেশী দুই কয়্দী |পুৰনি কয়দী |বিদেশী কয়দীৰ আতিথ্যই সুকীয়া |দিনৰ দিনটো খোৱা,শোৱা,খেলা,বাতৰি কাকত পঢ়া,টি.ভি চোৱা ইত্যাদি |হঠাতে সিহতক বাংলাদেশৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ যো-জা চলিছে বুলি কথা ওলালে |সিহতে জানে যে সিহতৰ লেখীয়া কয়দীক কিমান কষ্টত ৰাখে বাংলাদেশৰ কাৰাগাৰত |মাটি কটাৰ পৰা পায়খানা ছাফা কৰালৈ সকলো কামেই কৰিব লগা হয় |এজনে কলে ,”মোৰ ইয়াতেই ভাল |একেই কথা তাতগৈও একে জেলৰ ভিতৰতেই থাকিব লাগিব আনকি খোৱা বোৱাৰ কস্তও বেছি “|লগৰ জনে গহীন হৈ কলে,”তই থাকিলে থাকিবি |মই সুযোগ পালে যামগৈ |যি হলেও নিজৰ দেশ ভাই |”

দৃশ্য-৩

ট্ৰেইনিং এটাত আফগানিস্তানৰ মহিলা এগৰাকী লগ পাইছিলো |অত্যন্ত শিক্ষিতা আৰু ধনী মহিলা তেও |ব্যক্তিগত কাৰনত বিয়া হোৱা নাই |কথা প্ৰসংগৰ মাজতে তেও কৈ গল,”ছোৱালীয়ে বোৰ্খা পিন্ধা,মন গলেও ৰাতি অকলে ওলাব নোৱাৰা,ছোৱালীয়ে নিজৰ পছন্দৰ লৰা বিয়া পাতিব নোৱাৰা ইত্যাদি কথা মোৰ সমূলি ভাল নালাগে “|মইও সুৰতে সুৰ মিলাই কলো, “আপুনি ইমান ভাল চাকৰি কৰে,পৰিয়ালৰ পৰা একো অসুবিধা নাই ছিংগাপুৰ,অষ্ট্ৰেলিয়া আদি উন্নত চহৰত থাকি সেই দেশৰ নাগৰিকত্ব লৈ লওক |স্বাধীন ভাৱে জীৱন কটাওক “|
তেও ওঠত মিচিকিয়া হাহি এটা লৈ কলে,”তেনেকুৱা কৰিব পৰাহেতেন টো কোনো কথাই নাছিল ,পিছে কৰিবহে নোৱাৰো |যিমান হলেও নিজৰ দেশ ভাই ”

দৃশ্য-৪

যোৱা ১৫ বছৰ ধৰি মুকুলৰ পৰিয়াল আমেৰিকাত থাকে |আমেৰিকাৰ দৰে ঠাইত ঘৰ মাটি কিনিছে |পুত্ৰ বোৱাৰী ৰ নিজৰ কোম্পেনী |নাতি-নাতিবোৱাৰীৰো হিংসা লগা চাকৰি |অসমৰ পুৰনি ভিঠাৰ ঘৰটো ভাড়া দি থৈছে |মুকুলৰ অসুখ |ব্যক্তিগত ঘৰুৱা ডাক্তৰ আছে |কিবা মন যোৱাত মুকুল অসম আহিব ওলাল |পৰিয়ালৰ কাৰো বুজনিয়ে তেও নামানে |আকোৰগোজ কেচুৱাটোৰ দৰে তেওৰ ব্যৱহাৰ |লৰা জনে বুজাই আছে,”ইয়াত কি অসুবিধা পাইছে ?তাত গলে আপোনাক কোনে চোৱা চিতা কৰিব |ধুলি খালে আপোনাৰ অসুখটো বাঢ়ি যায় |তাত ইমান লেতেৰা ,গৰম ইত্যাদি ইত্যাদি ” মুকুলৰ এটাই উত্তৰ,”অসুবিধা একো নাই |তহতে নুবুজিবি, যি হ’লেও নিজৰ দেশ ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক