যুগসন্ধি- (দীপাঞ্জলি দাস পাঠক)

সাম্প্ৰতিক সময়চোৱা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক উত্তৰণৰ সময়। তথ্য প্ৰযুক্তিৰ বিবিধ মাধ্যমে সম্প্ৰতি সমাজৰ সৰ্ব স্তৰকে সামৰি লৈছে । এককথাত এইটো ব্যাপক জন সংযোগৰ যুগ । তীব্ৰ বেগী যোগাযোগৰ যুগ । মোবাইল / ইণ্টাৰনেটৰ যুগ । দিন হাজিৰা কৰা শ্ৰমিকজনৰ পৰা কণ কণ স্কুলীয়া শিশুৰ হাতে হাতে মোবাইল । কোনো যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ থাকিব বিচৰা নাই । সমান্তৰাল ভাৱে কতৃত্বশীল বিভাগবোৰেও সুলভ আৰু সস্তীয়া কৰি দিছে যোগাযোগৰ মাধ্যমসমূহ । তাৰোপৰি বৃহৎ সংখ্যক গ্ৰাহকে আজিকালি ব্যৱহাৰ কৰিছে ইন্টাৰনেট সেৱা । নজনা পৃথিৱীখনৰ অনেক হাতে ঢুকি নোপোৱা ৰহস্য আমাৰ চকুৰ সন্মুখত উন্মোচিত হৈছে – মাত্ৰ এটা ক্লিকতে ।

কিন্তু এইসকলোবোৰ বিকাশৰ বৃহদাকাৰ ফলটো হজম কৰিব পৰাকৈ আমি মানসিক ভাৱে পৰিপক্ক হৈছো নে ? হাতে হাতে মোবাইল – ইন্টাৰনেটৰ সুবিধা লৈ ফুৰা এই বৃহৎ সংখ্যক ব্যক্তিৰ মানসিক আৰু সামাজিক বিকাশ সম পৰ্যায়ৰ নে ? কথাবোৰ ভাবিবলগীয়া । কিন্তু কোনে ভাবিব ?
বিজ্ঞান – প্ৰযুক্তিয়ে কাকো এলাগী কৰি ৰখা নাই । সকলোকে সমানে সাৱটি লৈছে । কিন্তু সকলো বস্তুৰে দুটা পিঠি থকাৰ দৰে এই অত্যাৱশ্যকীয় সেৱা সমূহৰো দুটা ফাল আছে । কিন্তু মানসিক পৰিপক্কতাৰ অভাৱত কিম্বা সঠিক সংস্কাৰৰ অভাৱত এচামে ইয়াৰ অন্ধকাৰ ফালটোহে উপভোগ কৰিছে । আকোৱালি লৈছে । ইন্টাৰনেটত জ্ঞান বিজ্ঞানৰ অন্বেষণ কৰাৰ পৰিবৰ্তে অশ্লীল পৃষ্ঠা পঢ়িছে , চাইছে । নাৰীৰ শৰীৰৰ বাণিজ্যিক ব্যৱহাৰ আৰু উত্তেজক উপস্থাপন চাই চাই বিকৃত মানসিকতাৰ চিকাৰ হৈছে । বোলছবিৰ পৰা পৰ্ণ চাইটলৈকে সকলোতে নাৰীক পণ্য আৰু উপভোগ্য কৰি তোলাৰ প্ৰতিযোগিতামূলক প্ৰচেষ্টা । গতিকে অবাঞ্চিত ভাৱে দিনক দিনে বাঢ়ি গৈছে নাৰীক কেৱল এটি শৰীৰ ৰূপে চোৱা শ্ৰেণীটোৰ সংখ্যা । সৃষ্টি হৈছে এটা নষ্ট প্ৰজন্মৰ যিয়ে এতিয়া সকলো নাৰীকে সস্তীয়া আৰু সুলভ বুলি ধৰিবলৈ লৈছে । ইয়াৰ পৰিণাম কিমান ভয়াবহ হ’ব পাৰে সেয়া সম্প্ৰতি সকলোৰে চকুৰ সন্মুখত । যিদৰে শিশুসকলক ডাঙৰৰ সকলো আহাৰ দিব নোৱাৰি আৰু দিলে বদ হজম হোৱাটো খাটাং একেদৰেই সমাজৰ এই মানসিক বিকাশহীন শ্ৰেণীটোও সম্প্ৰতি বদ্ হজমত ভূগিছে – প্ৰযুক্তিৰ বদ্ হজম ।
আমাৰ ল’ৰালিৰ দিনবোৰলৈ যদি উভতি চাওঁ আমি দেখোঁ এখন শৃঙ্খলাবদ্ধ সমাজ , পাৰস্পৰিক বিশ্বাস আৰু দায়বদ্ধতাৰে পৰিচালিত এখন সমাজ , সামাজিক নিৰাপত্তাপূৰ্ণ সমাজ য’ত আমি কাহানিও মানুহৰ ভয়ত ৰাতিৰ এন্ধাৰত ওলাব নোৱাৰা কথাটো সপোনতো মনলৈ অহা নাছিল । ( ভূতৰ ভয়হে ভয় বুজিছিলো সেই সময়ত ☺ ) আনকি গুৱাহাটীৰ দৰে মহানগৰীতো ৯০ ৰ দশকৰ কটন কলেজত পঢ়া দিনবোৰত কস্মিন কালেও কোনো বাটে পথে কোনোধৰণৰ নিৰাপত্তাহীনতাত ভূগা মনত নপৰে । আমি প্ৰয়োজনত সন্ধিয়াও ওলাই গৈছিলো হোষ্টেল চুপাৰিটেণ্ডেনৰ অনুমতি সাপেক্ষে অথচ কোনো শংকা নাছিল কাৰো মনত যে আমি সুকলমে উভতি নাহিবও পাৰো । সেই সময়ত মোবাইল বোলা বস্তুটো কল্পনাৰো অগোচৰ আছিল । মাথোঁ আত্ম বিশ্বাস আছিল আৰু আস্থাৰ পৰিবেশ আছিল । যোগাযোগ ব্যৱস্থাৰ অভাৱত পৰস্পৰ নিৰ্ভৰশীল আৰু সহায়কাৰী এখন সমাজ আছিল যাক ভৰসা কৰি আমি ঘৰৰ পৰা সুদূৰতো নিৰ্ভয়ে থাকিছিলো ।
মন গলেই গুচি গৈছিলোঁ লুইতৰ পাৰলৈ সূৰ্য্যাস্ত চাবলৈ ৰূমমেট আৰু মই । দুগৰাকী গাভৰুৱে বহি থাকিছিলো প্ৰকৃতিৰ অপৰূপ ৰূপ চাই । মন গলেই গৈছিলো বশিষ্ঠাশ্ৰমলৈ । সন্ধ্যা ললিতা কান্তাৰ বুকুৰ শিলনিত বহি নিৰ্জনতাৰ কোলাহল অনুভৱ কৰি ৰৈ থাকিছিলো বহুপৰ । ক’তা , কোনো দিনে কোনো অশ্লীল ইংগিত কিম্বা অবাইচ মাতে বুকু কঁপাই তোলাটো নাছিল । পুনৰবাৰ নাযাওঁ বুলিটো মনে মনে পস্তাৱ লগীয়াও হোৱা নাছিল । এটা সৰু ঘটনা মনত পৰিছে – এবাৰ এনেদৰে কাছাৰী ঘাটৰ বালিত বহি আছিলোঁ ৰূমমেট সাৰদী সন্ধ্যা বৰুৱাৰ সৈতে । কিছুপৰ পিছত এগৰাকী ব্যক্তিয়ে আহি সুধিলে আমি কিয় তাত বহি আছোঁ । আমি কলো যে আমি সূৰ্য্যাস্ত চাবলৈ আহিছোঁ । তেওঁ তেতিয়া কলে যে ঠিক আছে বহা , বেলি ডুবিলে যাবাগৈ । তেওঁ লগতে জনালে যে তেওঁক উপায়ুক্ত অফিচৰ কোনোবা এজন ADC চাৰে দেখি পঠাইছে – জানিবলৈ আমাৰ কিবা অসুবিধা হৈছে নেকি । এইখনেই আছিল সৌ সিদিনাৰ আমাৰ নিৰাপত্তাৰ সমাজ , দায়বদ্ধতাৰ সমাজ , বিশ্বাসৰ সমাজ ।
বৰ বেছিদিন পুৰণি হোৱা নাই এইসমাজখন । অথচ পৰিবৰ্তনৰ ধুমুহাই যেন মোটামুটি বিধ্বস্ত কৰি পেলাইছে সুসভ্য সমাজখনৰ পৰিকাঠামো । এতিয়া আমি বহুত সা – সুবিধা পাইছো । বিজ্ঞান প্ৰযুক্তিয়ে পৃথিৱীখনকে নিচেই এচিকুট কৰি হাতৰ মুঠিত দিছে । অথচ আমি গঢ়াৰ সাধনা কৰা নাই , ভগাৰ অনুশীলন কৰিছোঁ । কাৰণ আমি ভালকৈ শিকিব পৰা নাই এই জটিল Technology বোলা যন্ত্ৰটোৰ সদব্যৱহাৰ । ভাল বেয়া , পোহৰ এন্ধাৰ , শ্লীল অশ্লীল সকলো কথাই আমাৰ চকুৰ আগত উন্মোচিত হৈছে । আমি দেখিছো অথচ ভালদৰে চাবলৈ অপৰাগ । কাৰণ সকলোৰে জ্ঞান চক্ষু সমানেই মেল খোৱা নাই । এতিয়াও বহুদূৰ পিছ পৰি আছে এই জ্ঞানান্ধ চামটো ।
সময় এদিন আহিব নিশ্চয় যেতিয়া এই মানসিক ভাৱে অপৰিপক্ক চামটোৰো চকু মুকলি হ’ব । কিন্তু বৰ্তমান সময়চোৱা য’ত আমি সৰ্বস্ব ভূগি আছোঁ এইখিনিকেই কোৱা হয় ” সন্ধিক্ষণ ” ( transition point ) । সিপাৰ পাবলৈ আৰু কিছু দেৰি আছে । আমাৰ হয়তো আৰু বহু যুদ্ধ বাকী আছে বহু অপশক্তিৰ বিৰুদ্ধে । এই সময়টোখিনিয়ে আটাইতকৈ জটিল আৰু কঠিন সময় ।
পৃথিৱীৰ অন্যান্য উন্নত দেশৰ বুৰঞ্জী পঢ়িলেই বুজিব পাৰি যে যুগসন্ধিৰ বহুতো কঠিন যুদ্ধ পাৰ হৈহে তেওঁলোকেও আজি সুসভ্য জাতি আৰু সমাজ ৰূপে বিশ্বত চিনাকি দিছে । আনহে নালাগে আমাক দুশ বছৰ শাসন কৰি যোৱা ইংৰাজ সমাজতে ভিক্টোৰিয়া যুগত মহিলাসকলৰ যি অবৰ্ণনীয় দূৰৱস্থা আছিল সেয়া পঢ়িলে ভাৱ হ’য় পৃথিৱীৰ এই অন্যতম সভ্য জাতিটোৱে কিমান সামাজিক জটিলতাক পাৰ কৰি আজিৰ এইক্ষণত উপনীত হৈছে । আমাৰো যুগ নিশ্চয় আহিব । তেতিয়ালৈকে অপশক্তিৰ বিৰুদ্ধে আমাৰ ধনাত্মক মানসিক আৰু সামাজিক যুদ্ধখন আমি চলাই যাম ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক