যুগে যুগে তেজীমলা (পৰাগ পিংকু)

দৰা হৈ বহিলে তামোলৰ পুলিটি

আবিয়ৈ ছোৱালী কোন

জবা ফুল এপাহ হাতত লৈ

তেজীমলা গাভৰু হ’ল ।

দুপাহ খৰিকাজাঁইয়ে দুপৰীয়া এটা মাতে

লাজত তেজীমলাই বুকু ঢাকে

ৰ’দে জলেমল কৰে ঐ চেনাইধন

দেহা চিগো ভাগো কৰে…

ভৰিৰ পৰা মুৰলৈ বিজুলী বৈ যায়

তেজীমলাৰ মৰো যেন লাগে

ঢেকীয়ে খুন্দাই ভাল ।

 

তিনি আলিত বতাহ এজাক বলে

তেজীমলাৰ আই নাই

পিতাকে বণিজ কৰে

উঠন বুকুৰ গামোছা উৰাই

বতাহজাকে জোকাই

কিনো চেলাপেতী জোক ঐ চকুতে

কিনো চেলাপেতী জোক …

তেজীমলাৰ মৰো যেন লাগে

জৰা হৈ পকাই ভাল ।

 

বিয়াৰ ঘৰৰ ডেকা এটাই

ৰ লাগি চাই

নিগনি এটাই এফালৰ পৰা কুটি যায়

চাদৰ-মেখেলা ব্লাউজ চোলা

পুলি কল হেন হাতে ঐ লাহৰী

পুলি কলহেন ভৰি …

হাঁহ হৈ কোন চৰে পুখুৰীত ?

লতা হৈ বগায় যোৱাৰ হেঁপাহ এটা উথলে

তেজীমলা লাও হৈ বগায় ।

 

শাখিনী মাহীয়ে শতৰু শালিলে

পিতাকে এৰিলে ক’ত

গৰখীয়া লৰাই লোভহে জানিলে

মাত শুনি এৰিলে বনত

মাতৰ আপোন কোন?

ভাতৰ আপোন কোন?

লাও হৈ

গাভৰু দেহা এটা জ্বলোৱা

সেই পাহুৱাল কুটুম কোন ?

কত পখিলাই মৌ শুহি খায়

কত ভোমোৰাই মন জুখি চাই

তেজীমলা কেনি হেৰায়

কোনে মাত লগায় !

 

পদুম হৈ ফুলা তেজীমলাৰ

এপাহি দুপাহিকৈ বসন সৰে

হাত পাতি কোনে ধৰে ?

কোনে ধৰে

পিতাই মোৰ হেনো আই নাই

তামোলৰ চোবা দি নুজুখিবি মন

নালাগে বণিজৰ ধন

ঢেকীৰ চাবতে পালোঁ

নিজৰ জোখাৰে এখামোচ মাটি

লুকাবলৈ চকুলো এবুকু পানী

গুছি যা পৰ হৈ

এনেকৈয়ে ফুল হৈ ফুলিম

সৰিম

আকৌ গজিম

যুগে যুগে থাকিম তেজীমলা মই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক