যুগে যুগে মৎস্য অৱতাৰ : ভগৎ লাল দত্ত

যুগে যুগে মৎস্য অৱতাৰ

ভগৎ লাল দত্ত

আমাৰ পিকে যে মানে পুতুকণ আকৌ! তেতিয়া চাৰি বছৰ। তৃতীয় সংস্কৃতিৰ সন্তান। সি মাছৰ তৰকাৰী খাই ভাল পায়। অৱশ্যে তাৰ নিজৰ ৰেচিপি আছে। দেওবাৰে ৰাতিপুৱা দেউতাকৰ লগত নহলে মাকৰ লগত মাছৰ দোকানলৈ যাবই যাব। আৰু গোটা ৰৌ বা ভকুৱা এটা কিনিবই লাগিব তাকো ‘চোটা নেহি! ৱহ বড়াৱালা চাহিয়ে!!’ লগতে ফ্ৰাই কৰিবৰ কাৰণে ‘মাইনা মাইনা মাছ’ বেলেগ। আহোঁতে ৰাষ্টাতো গাই আহিব তাৰ ৰেচিপি, “জাতিলাও, ‘বিলাহী’, নিমখ, তেল, মছলা, পানী আৰু ধনিয়া”। জাতিলাওটো ‘চোটা, চোটা’ কাটিব লাগে সেই ‘চিৰিক চিৰিক কৰাখন’ (ৰোকনীৰ নিচিনা চালাড চুঁচাখন)ত। ঘৰত আহি পাই সি পৰ্যবেক্ষক। মাজে মাজে হাতো দিয়ে, এনেকে নহয় এনকেহে! “দে’তা, দে’তা, মাকো না কুছ ভি পাতা নেহী! সব গৰবৰ কৰি আছে”। দুপৰীয়া সেইদিনা পাৰিলে মাক-দেউতাকৰ লগত ভাতৰ পাতত কম্পিটিছন লগায়। “আজ খানা বহুত টেষ্টি থা..”। বন্ধত অসমলৈ যাওঁতে আইতাকৰ আগত ফাণ্ডা মাৰিছে, “আইতা, হামাৰা হাইদৰাবাদ মেঁ ……” !

খলিহামাৰি জানৰ কাষৰ ৰোৱতীডৰা দুই এদিনতে বোকা দিবৰ হ’ব। “পিতাই, তই খলহাটো ক’ত পাতিছিলি?” আইটিয়ে পিতাইৰ হাতত থকা কোমল চাউলৰ বাতিটোত গুৰ অকণ দি সুধিলে। কঠিয়াতলীডৰা পাৰহৈ হোলাটোত আগদিনা সন্ধিয়া, এৰাল দিয়া হালোৱাহাল নিবলৈ আহোঁতে, পিতাইয়ে খলহাটো পাতি থৈ গৈছিল। “জলপানমুঠি খাই লওঁ ৰহ। দুয়োটাই একেলগে যাম” পিতাইয়ে ক’লে। ….

“আইটিঔ, আহচোন, মই অকলে ডাঙিব নোৱাৰিছোঁ!” ভেঁটাটোৰ কাষত পানীত নামি থকাৰ পৰা পিতাইয়ে আইটিক মাতিলে। পিতা-পুত্ৰী দুয়ো মিলি কেঁকোজেঁকোকৈ কোনোমতে বগা হৈ খলখলাই থকা খলহাটো বামলৈ তুলিলে। গোটেইখন কুঁহিমাছ। লগত অনা মোনাটোত ধৰে মানে বাছি বাছি ডাঙৰ ডাঙৰ কেইটা ভৰাই, বাকীখিনি মাছ হোলাটোত এৰিদি আইটি ঘৰমূৱা হ’ল। ‘পূৰঠ কাজিনেমু কেইবাটাও চিঙিথোৱা আছে। দুটামান মাছ টেঙাফুটোৱাব লাগিব। পিতাইৰ লগতে কাইটিহঁতেও সেইবিধ বৰ ভাল পায়।’ আইটিয়ে বাটত ভাবি আহিল।

২নং দৈনিক বজাৰ। ধেমাজি। পাভ মাছ।
“- কেনেকে দিছা?
– লৈ যাওঁক বাইদেউ। ১৬ টকা কেজি। কঢ়াৰ মাছ[১]।
– (দুটা মান মাছ পিটিকি কাণ ডাঙি চাই) দিয়া বাৰু আধা কিলো।
– অ’ মা ! এক কিলো ল না । গুৱাহাটীত ৬০ টকা কিলো। কলনি বজাৰত[২]।
– খাব পাৰিবি?
– পাৰিম, পাৰিম। তাত ওলোৱা কেইটা টেটেৰা টেটেৰা। এইকেইটা নোদোকা নোদোক।
– হেৰা ভাইটি, দিয়া এক কিলোকে।”
পঞ্চম নে ষষ্ঠ শ্ৰেণীৰ  কিবা বন্ধৰ কোনোবা  এটা দিন। বাৰীৰ ফুলকবি আৰু কণবিলাহীৰ তৰকাৰীl গোটে গোটে পাভমাছ একোটা। কাঁহীৰ কাষতো ৰঙচুৱাকৈ ভজা একোটা। ভাজিৰটো আধা খাওঁতেই আমুৱাই গ’ল। তৰকাৰীৰটো চোৱাই নহ’ল। মায়ে মিচিকিয়াই হাঁহিলে। কাষত বহি খাই থকা ভাইটিয়ে ‘মায়ে তাক ডাঙৰ মাছটো দিছিল নেকি’ সেইটোৰ গৱেষণা এৰি পাতৰ পৰা চিধাই ঘৰৰ পিছফাললৈ দৌৰিলে। ‘মা, পানী !!’ বাহিৰফুৰা ঘৰৰ পৰা তাৰ চিঞঁৰটো ভাঁহি আহিল।

“ঐ ভাস্কৰ, ৰ চোন ৰ।” কোনোবা এটা সপ্তাহান্তিকৰ গধুলি প্ৰাধিকৰণৰ ভক্তি-শক্তি উদ্যানৰ সমীপত পিকেক ঝুলনাত উঠাই, ভেলপুৰি, চাট-মছলা খাই পিম্পৰি[৩]ৰ ফাললৈ আহি থাকোতে মুকলি পথাৰ এখনৰ ওচৰত মাছ বেছি থকা মানুহ এজন দেখি গাড়ীখন ৰখাবলৈ মাত লগালো। সুন্দৰ ৰৌ মাছ, কাটি বিক্ৰি কৰিছে। চকুত লগা চাইজ। ললো এচকল। যিমান পাৰে পাতলকৈ কাটোতেও ২ কিলো হ’ল। বিভূ, বিদ্যুত, ভাস্কৰহঁতৰ চকু উজলি উঠিল। নিশাৰ সাঁজত বঁতা সৰিয়হৰ লগত মাছৰ পেটী। তেতিয়া ২বছৰ মান বয়সৰ পিকেই খাই উঠি ক’লে, “পেট টিলা-টিলা হো গয়া”!

পেৰিছ। ভোগালী চহৰ। কামৰ সময়ত কাম, ভোগৰ সময়ত ভোগ। সপ্তাহান্তিকত উত্তৰ পেৰিছ ৰেল আস্থানৰ[৪] ফালে এপাক মাৰিব পাৰিলে বেয়া নহয়। লক্ষ্য মাছ। ‘দাদা, নমস্কার’ শুনি থতমত খাই গ’লো। ওপৰলৈ চাই দেখো চাইনবৰ্ডত “বাংলা বজার”। সোমাই গলো, পকা কঁঠাল কেইটামানে স্বাগতম জনালে। ইন্টাৰেষ্ট নাই সেইকেইটাত। আৰু ভিতৰৰ ফালে বেলেগ একোঠালি আছে। ইউৰেকা! কাৱৈ, বাট, পুঠি কেইটামানে ‘নমস্কার’ দিলে। তাৰ পিছত আৰু ৰক্ষা নাই ৰৌ, ভকুৱাক আওকান কৰি আঁৰি এটা উঠাই দিলো। সেউজীয়া জলকীয়া, সেউজীয়া জাতিলাও, বিলাহী, ধনিয়া একো নেৰিলো। ভাবিলো, আজি গধুলি “টিলা-টিলা” হৈ যোৱাকে দগৰা দিব লাগিব। মুখেৰে লেলাৱটি বৈ অহাটো অনুভৱ কৰিলো।

——————–
——————–
[১] কঢ়া নদী। ধেমাজিৰ দক্ষিণ-পশ্চিম অঞ্চলৰ বুটিকোৰ, ঘিলামৰা, ঢকুৱাখনা হৈ চাৰিকড়িয়া (য়ু ন’ দ্য গ্ৰেট ম’হঘুলি) নদীৰ লগত মিলিছেগৈ।
[২] বামুণিমৈদাম ৰেলৱে কলনি বজাৰ। অনুৰাধা বাছ ষ্টপ।
[৩] পুনে মহানগৰৰ লগত লাগি থকা যুগ্ম ঔদ্যোগিক মহানগৰ পিম্পৰি-চিন্সৱড।
[৪] (http://en.wikipedia.org/wiki/Gare_du_Nord ) ইয়াৰ ওচৰত সেইখন মিনি ভাৰতীয় উপমহাদেশ। ভাৰতীয় খাদ্য বুলিলে লুভীয়া পেৰিচিয়ান ৰবই নোৱাৰে হেনো ! (মনালিছা থকা লুভ সংগ্ৰহালয়ৰ লোভৰ লগত সম্পৰ্ক নাই অৱশ্যে।) তাৰে সুবিধা লৈ গণ্ডাই গণ্ডাই ভাৰতীয় স্পেছিয়েলিটিৰ খোৱা দোকান। কিন্তু মালিক হয় পাকিস্তানী, বাংলাদেশী অথবা শ্ৰীলংকান। এতিয়ালৈকে এজনো ভাৰতীয় (১৯৪৭ৰ পিছত যাক ভাৰত বোলে)মূলৰ দোকানী লগপোৱা নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক