যুদ্ধ — অংগনা ভট্টাচাৰ্য্য

সুসজ্জিত প্ৰকাণ্ড কোঠাটোৰ ফুলেৰে পৰিবেষ্টিত বিছনাখনত এটা প্ৰস্তৰ মূৰ্তিৰ দৰে স্তুতি বহি ৰয়। নীলা ৰঙৰ সাজযোৰে তাইক অপূৰ্ব ৰূপত তুলি ধৰে। তাই পিন্ধি থকা সোণৰ গহনাৰ চিকমিকনিয়ে কোঠাটোকো যেন প্ৰাণৱন্ত কৰি তোলে। এই সনাতন সৌন্দৰ্য্যত বুৰ গৈ কিছু পৰ পিছতেই হয়তো সৌজন্যই তাইক আকোঁৱালি ল’ব। বুকুৰ মাজত সুমুৱাই লৈ আদৰ কৰিব। আৰু হয়তো প্ৰথমটো নিশাতেই তাইক তেওঁৰ পত্নীৰ স্বীকৃতি দিব। এনেতে দুটোপাল চকুলোৱে তাইৰ প্ৰসাধনহীন গাল দুখন তিয়াই তোলে। তাই হাত এখনেৰে দুচকুৰ অশ্ৰু মচিবলৈ লওঁতেই খাৰুৰ ভাললগা শব্দ এটাই কোঠাটোৰ নীৰৱতা ভাঙে। তাই নিজকে চম্ভালিব খোজে।

এয়া উচিত নহয়। এয়া অন্যায়। আজি তাইৰ আঠমঙলা। জন্ম ঘৰখনৰ পৰা নতুন ঘৰখনলৈ নতুন মানুহজনৰ সৈতে গোটেই জীৱনটো কটাবলৈ আহিছে তাই। বৈদিক নীতি-নিয়ম আৰু সামাজিকভাৱে তাই সৌজন্যৰ পত্নী। তেনেস্থলত এই মুহূৰ্তত তাই নীহাৰৰ কথা ভাবি চকুপানী টোকা উচিত নহয়। যি হ’ল, সেয়া তাইৰ দুৰ্ভাগ্য। কিন্তু তাইৰ দুৰ্ভাগ্যৰ ভাৰ সৌজন্যৰ ওপৰত জাপি দিয়াটো কোনোপধ্যেই যুগুত নহ’ব। ইমান অন্যায় তাই কৰিব নোঁৱাৰে। বুকুত শিল লৈ হ’লেও তাই পত্নীধৰ্ম পালন কৰিব। নীহাৰ ভালে থাকিব। জানে তাই। তাইৰ অবিহনেও জীয়াই থাকিবলৈ শিকিব সি। কাৰণ সি এজন যোদ্ধা জীৱনৰ। শৈশৱৰ পৰাই যুঁজিছে সি জীৱনৰ সৈতে। এইবাৰো যুঁজিব। আৰু ঘৰখনৰ ডাঙৰ ল’ৰাৰ দায়িত্ব পালন কৰিবলৈ নিজকে কুশলে ৰাখিব সি।

বাৰ বাজিবলৈ দহ মিনিটমান থাকোঁতেই সৌজন্য কোঠালৈ সোমাই আহে। তাই নিজৰ মাজতেই ইমান বুৰ গৈ আছিল যে ইমান পৰে যে সৌজন্য কোঠালৈ অহা নাই, তাই মনেই কৰা নাছিল।

” দেৰিয়েই হ’ল। তুমি চাগে বেয়া পাইছা। ইশু শোৱা নাছিল। টিভি চাই চাই মোৰ কোলাত টোপনি যোৱাটো তাৰ অভ্যাস হৈ গৈছে। তাৰপিছতহে মাকে তাক সিহঁতৰ কোঠালৈ লৈ যায়। আজিও তাক শুৱাইহে আহিলো মই। নহ’লে সি দিগদাৰ কৰিব। বুজা হোৱা নাই যে।”

সৌজন্যৰ কথাখিনি ভালেই পালে তাই। নিজকে সুস্থিৰ কৰিবলৈ তাইকো এইখিনি নিৰ্জনতাৰ প্ৰয়োজন আছিল। তাই মিচিকিয়াই হাঁহে। কোনো আড়ষ্টতা নেদেখুৱাকৈ লাহেকৈ তেওঁ তাইৰ কাষতেই বহে। বৰ ধুনীয়াকৈ বন্ধুৰ দৰে কথা পাতে তাইৰ সৈতে।

: চোৱা স্তুতি। এইখন তোমাৰ ঘৰ। তোমাৰ মতে ঘৰখন চলাব লাগিব। ঘৰখনৰ দায়িত্ব তুমিয়েই ল’ব লাগিব। বেলেগনো আছে কোন? দেউতাৰ বয়স হৈছে। বৌৰ কথা জানাই। দাদাৰ মৃত্যুৰ পিছত তেওঁ যেন নিজকে হেৰুৱাই পেলাইছে। কেৱল ইশুক লৈয়েই তেওঁ জীয়াই আছে। বৰ আনমনা হৈ থাকে তেওঁ। গতিকে তুমিয়েই সকলোবোৰ চম্ভালিব লাগিব।

: মই আপোনাৰ প্ৰতিটো কথাতেই সহযোগ কৰিম।

: জানো মই তুমি যে এনেকৈয়ে ক’বা।

প্ৰায় এঘণ্টামান বিভিন্ন কথা পতাৰ পিছত হঠাতে সৌজন্যই মোৰ সোঁহাতখন নিজৰ হাতৰ মাজত সোমাই লয়। মই সামান্য অসহজবোধ কৰোঁ। তেওঁ মোৰ মুখখন তুলি ধৰি কয়,

“ ভয় খাইছা নেকি? একো নকৰোঁ অ’। আজি তোমাৰ বহুত ভাগৰ লাগিছে। মোৰো। শুই যোৱা সোণজনী মোৰ। মৰম কৰিবলৈ গোটেই জীৱনটো পৰি আছে। কেৱল তাৰবাবেই আমি বিয়া হোৱা নাইতো। আজি ভালকৈ জিৰাই লোৱা।”

তাইৰ কপালত লাহেকৈ চুমা এটা খাই সৌজন্যই তাইক শুৱাই দিয়ে। প্ৰয়োজন হ’লে ৰাতি মাত লগাবলৈ কৈ তেওঁ নিজেও শুই পৰে। তাইৰ মনটো ফৰকাল হয়। অনেক যাতনা ভুগি অনিচ্ছাসত্ত্বেও বিয়াত বহিলেও স্বামী হিচাপে যে এজন ভাল মানুহ পালে তাকেই ভাবি মনটো কিছু শান্ত হয়। প্ৰশান্তিৰে উশাহ লয় তাই।

বৰ সুন্দৰকৈ স্তুতিৰ দিনবোৰ বাগৰে। সঁচাকৈয়ে ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰতেই পৰে। ইশুৱে ঘৰখন পোহৰাই ৰাখে। খুৰাকক বৰ ভাল পায় সি। ইশু সাতমহীয়া হওঁতেই দেউতাকৰ হেনো মৃত্যু হয়। এই আকস্মিক মৃত্যুৰ কাৰণ কি আজি পাঁচবছৰে কোনেও উদ্ধাৰ কৰিব পৰা নাই। এই সকলোবোৰ কথাই বৌক আৱৰি থাকে। সেইকাৰণেই চাগে মানুহগৰাকী অত্যন্ত খেয়ালী মনোভাৱৰ। নিজৰ মাজতেই ব্যস্ত থাকে তেওঁ। অৱশ্যে স্তুতিয়ে তেওঁৰ পৰা কোনো অসুবিধা পোৱা নাই। শান্ত-সমাহিত মানুহজনীক কিন্তু দেউতাকে বৰ এটা পচন্দ নকৰে যেন লাগে স্তুতিৰ।

সৌজন্যই ইশুক শুৱাই থৈ অহালৈকে স্তুতিয়ে তাইৰ প্ৰিয় উপন্যাস এখন মেলি লয়। যি নহওক, ঘৰখনত যে তাই অন্তত পঢ়াৰ এটা পৰিবেশ পাইছে! হাই-কাজিয়া নলগা সুপৰিশীলিত পৰিয়াল এটা। সকলো নিজৰ কামত ব্যস্ত। এইকেইদিন দিনটো তাই শহুৰেকৰ সৈতে অকলেই আছে। সৌজন্য কলেজলৈ যায়। বৌৱেকেও প্ৰাইভেট কলেজ এখনত কাম কৰে। ইশু স্কুললৈ যায়। বিয়াৰ বাবে তাই এমাহৰ ছুটি লৈছে। ছুটি শেষ হ’লেই তায়ো স্কুললৈ অহা-যোৱা কৰিব। স্কুলত জইন কৰিবলৈ আৰু মাত্ৰ পোন্ধৰ দিন আছে। শহুৰেকে স্কুলত জইন কৰাৰ আগতেই এবাৰ ঘৰত থাকি আহিবলৈ কৈছে তাইক। মনে-মনে তাই ভালেই পালে। সৌজন্য আহিলেই তাই কথাটো উলিয়াব আজি।

কিছুপৰ পিছত সৌজন্য কোঠালৈ সোমাই আহে। তাই দুদিনমান পিছতেই ঘৰলৈ যোৱাৰ কথা কয়। কিন্তু আচৰিতভাৱে সৌজন্য গহীন হৈ থাকে।

: আপুনি যদি বেয়া পায়, মই নাযাওঁ তেন্তে ঘৰলৈ।
: বেয়া কিয় পাম স্তুতি? কিন্তু ঘৰলৈ যোৱাৰ আগতে তুমি মোৰ বিষয়ে দুটামান কথা জানিব লাগিব। আচলতে মই বুজিব পাৰিছো স্তুতি, তুমি বৰ আজলী। সৰল মনৰ ছোৱালী। তুমি নিজেই সুধিবা বুলি ভাবি আছিলো মই। কিন্তু তুমি দেখোন এতিয়ালৈকে মোৰ প্ৰতি কোনো অভিযোগ অনা নাই?

সৌজন্যই কি ক’ব বিচাৰিছে স্তুতিয়ে পলকতে বুজি পালে। এসপ্তাহ হৈ গ’ল। অথচ আজিলৈকে সিহঁত একাত্ম হোৱা নাই। একেলগে শুইছে। সৌজন্যই মৰমো কৰিছে তাইক। কিন্তু সেই মৰমে পতি-পত্নীৰ আত্মীয়তাক স্পৰ্শ কৰিব পৰা নাই। স্তুতি আহত হোৱা নাই তথাপি। কাৰণ নীহাৰৰ পৰা আঁতৰি আহিবলৈ তাইক অলপ সময়ৰ প্ৰয়োজন হ’ব। যি হৈছে ভালৰ কাৰণে হৈছে বুলি এই বিষয়টোৰ প্ৰতি কাণষাৰ কৰা নাই তাই। কিন্তু কথাটো সঁচাকৈয়ে মন কৰিবলগীয়া হৈছে। সাতটা ৰাতি পাৰ হৈ গ’ল। কিন্তু সৌজন্যই কিয় তাইক স্বামীৰ অধিকাৰেৰে সামৰি লোৱা নাই? কি কৰা উচিত তাই? তেওঁক কিবা সোধা উচিত নেকি? নে নীহাৰৰ কথাটো কৈ দিয়া উচিত?

নাঃ। নীহাৰৰ কথাটো নুলিয়ায় তাই। মিছাতে সেই কথাটো খুচৰি উলিওৱাৰ কোনো যুক্তি নাই।

” আচলতে কি জানা স্তুতি? মই খোলাখুলিকৈয়ে কওঁ এটা কথা। যিহেতু তুমিও উচ্চ শিক্ষিতা আধুনিক মনৰ ছোৱালী।”

সৌজন্যৰ মাতত চমক খাই উঠে তাই। নিজৰ মনটোক চম্ভালি তাই উত্তৰ দিয়ে,

: আপোনাৰ ক’বলগীয়াখিনি নিশ্চিন্তে কওক। মই শুনি আছো।

: শুনা স্তুতি। পৰিপক্ব মনৰ ছোৱালী তুমি। আশা কৰোঁ মোৰ কথাখিনি বুজিবা। প্ৰেম সকলোৰে জীৱনলৈ আহে। এয়া অতি স্বাভাৱিক কথা। মোৰ জীৱনলৈও প্ৰেম আহিছিল। শৈশৱৰে বন্ধু আছিলো আমি। একেলগে একে শ্ৰেণীতে পঢ়া। কেতিয়াকৈ আমাৰ মাজত প্ৰেম হ’ল আমি গমেই নাপালোঁ। গভীৰ প্ৰেমত নিমজ্জিত হৈ থাকোঁতেই ইফালে কৃতিৰ ঘৰত তাইৰ বিয়াৰ কথা-বতৰা চলে। তেতিয়া আমি বিএ পাছ কৰি উঠিছোহে মাত্ৰ। হঠাতেই এদিন ভাল চাকৰি কৰা ল’ৰাৰ খবৰ পাই কৃতিৰ বিয়া ঠিক কৰে। আমি দুয়ো বহুত কাকূতি কৰাৰ পিছতো আমাৰ কাকূতি নৰজে। কাৰণ তেতিয়া মই মাত্ৰ এজন ছাত্ৰহে। অনিচ্ছাসত্ত্বেও তাই বিয়া হৈ যায়। মই ভাঙি পৰো। তথাপি মন ভাল কৰিবলৈকে বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গুচি যাওঁ। ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু বিয়াৰ মাত্ৰ ডেৰ বছৰ পিছতেই তাই বিধৱা হয়। তাইৰ কোলাত তেতিয়া এটা নৱজাতক। এই কথা জানিব পাৰি মই পাগলৰ দৰে হৈ পৰো। লাহে লাহে মই পুনৰ তাইৰ প্ৰতি দুৰ্বল হওঁ। পঢ়া-শুনা শেষ কৰি ইমান বছৰ পিছত চাকৰি কৰি তাইকেই বিয়া পাতিম বুলি ঘৰত প্ৰস্তাৱ দিওঁ। কিন্তু দেউতাই দুৰ্ঘোৰ আপত্তি কৰে। ঘৰৰ কথা পেলাব নোঁৱাৰি মই তোমাৰ সৈতে বিয়াত বহিছো। কিন্তু নিজকে সুস্থিৰ কৰিবলৈ মই অলপ সময় বিচাৰিছো তোমাৰ পৰা। কাৰণ এতিয়াও মনে-প্ৰাণে তাইকেই ভাল পাওঁ মই। ইয়াত তোমাৰ কোনো দোষ নাই। কিন্তু ময়ো নিৰূপায়। মোক বুজিবলৈ চেষ্টা কৰা স্তুতি। মোক আমাৰ সম্পৰ্কটোৰ সৈতে সহজ হ’বলৈ অলপ সময় দিয়া প্লিজ।

স্তুতি ধুপুচকৈ বিছনাখনত বহি পৰে। তাৰমানে সৌজন্যৰ হৃদয়তো বেদনাৰ নৈ এখনি বৈ আছে। অভিমান কৰাৰ প্ৰশ্নই নুঠে। কাৰণ তাইতকৈ বেছি কোনে বুজিব নোপোৱাৰ যাতনা? বৰং সুখীহে হয় তাই সৌজন্যৰ সততাৰ বাবে। সহজভাৱে মানি লয় তাই সৌজন্যৰ অনুৰোধ।

দুদিন পিছত মাকৰ ঘৰলৈ আহে তাই। তাইৰ সুখ-সম্পদ দেখি ঘৰখন আনন্দিত হয়। দেউতাকে নিজৰ সিদ্ধান্তৰ বাবে নিজকে ধন্যবাদ জনায়। কিন্তু দুদিনমান পিছতেই সৌজন্যই ফোন কৰি জনায় যে বাথৰুমত পৰি দেউতাকৰ বাওঁখন ভৰিৰ এডাল হাড় ভাঙিছে। স্বাভাবিকতেই তাই উভতি যাবলৈ খৰধৰ কৰে।

” তুমি নাহিলেও হয় নেকি? বৌ আছেই নহয়। ঘৰৰ কাম কৰা মানুহো আছে। একেলগে আহিবা তুমি।”

সৌজন্যই কয়।

তাই সৌজন্যৰ কথা নামানি দেউতাকৰ সৈতে যাবলৈ ওলায়। কিন্তু তাই যাবলৈ সাজু হোৱাৰ সময়তেই বৌৱেকৰ ফোন আহে,

” তুমি আহিব নালাগে স্তুতি। মই সকলো চম্ভালি ল’ম। দুদিনমান থাকি লোৱা একেলগে।”

বৌৱেকৰ কথা শুনি তাই একপ্ৰকাৰ আচৰিত হয়। কাৰণ ঘৰত থকা দিনকেইটাত তেওঁ তাইক ভালকৈ মাতবোল কৰা তাইৰ মনত নপৰে। অৱশ্যে কোনোদিনে তাইক বেয়া ব্যৱহাৰো কৰি পোৱা নাই। কিন্তু এটা কথা তাই ইমানদিনে লক্ষ্য কৰিছে যে বৌৱেকৰ কাৰোবাৰ প্ৰতি সাংঘাতিক বিষাদগাৰ আছে। নিজৰ মাজতেই ব্যস্ত থকা মানুহজনী তাইৰ পৰা কিয় জানো আঁতৰি থাকিবলৈ ভাল পায়! বৌৱেকৰ কথা মানি তাই সিদিনা যোৱাটো বন্ধ কৰে। কিন্তু তাৰ দুদিন পিছতেই তাই পুনৰবাৰ যাবলৈ সাজু হয়। এইবাৰ ঘৰলৈ উভতি যাবলৈ তাই কাৰো অনুমতি নিবিচাৰে। কাকো একো নজনায়। কাৰণ জানিলেই চাগে সিহঁতে যোৱাত আপত্তি কৰিব। তাইৰো যাবলৈ বিশেষ মন এটা নাছিল। কিন্তু শহুৰেকৰ এই বিপদতো তাই নাথাকিলে কথাটো বেয়া হ’ব বুলি ভাবিয়েই যাবলৈ ওলায়।

” বৌৰ কথা অমান্য কৰি তুমি গুচি আহিব নালাগিছিল। বৌৱে বেয়া পাইছে তোমাক। আৰু সেইবাবে ময়ো বেয়া পাইছো।”

নিজৰ ঘৰখনলৈ উভতি আহি শহুৰেকৰ খবৰ-বাতৰি লৈ এটা সময়ত শোৱনি কোঠাত সোমায়েই সৌজন্যৰ এনে কথা শুনিবলগীয়া হোৱাই স্তুতি আচৰিত হয়। তাই ভাবিছিল, সৌজন্যই চাগে তাইক ধন্যবাদেৰে উপচাই পেলাব। নতুন ঘৰখনৰ কথা ভাবি তেওঁৰ কথাকো অমান্য কৰি ততাতৈয়াকৈ উভতি অহাৰ বাবে হয়তো তাইক মৰম কৰিব। কিন্তু তেওঁৰ কথাখিনিয়ে তাইক অস্বস্তিত পেলালে। কি ইমান ডাঙৰ ভুল কৰিলে তাই? ৱম্

” আপুনি ইমান খং কৰিছে কিয়? মই ভাবিছিলো আপুনি ভালহে পাব।”

” খং কৰিবলগীয়া কামেই কৰিছা তুমি। মই মানা কৰিছো। বৌৱে মানা কৰিছা। তথাপিও তুমি নুশুনিলা। বেয়া পালো তোমাক স্তুতি।”

”মই আচৰিত হৈছো। আপোনালোকে কিয়…”

” আৰু কথা নবঢ়াবা। মুঠতে এটা কথা মনত ৰাখিবা বৌৰ জীৱনটো বৰ দুখলগা। তেওঁক কোনোবাই অশান্তি দিলে মই বৰ বেয়া পাওঁ। পুনৰ সেই ভুলটো নকৰিবা। কথা ইমানেই।”

স্তম্ভিত হৈ পৰে স্তুতি। হতবাক হৈ পৰে তাই। ন-কইনা এজনীক সামান্য কথা এটাৰ বাবে কেনেকৈ ইমান অসহজ ব্যৱহাৰ কৰিব পাৰিলে উচ্চ শিক্ষিত তাইৰ স্বামীয়ে?

নিৰ্দিষ্ট ছুটি শেষ হোৱাৰ পিছত স্তুতিয়ে স্কুলত পুনৰ যোগদান কৰে। ঘৰৰ পৰা স্কুললৈ প্ৰায় পাঁচ কিলোমিটাৰৰ দূৰত্ব। স্কুলত জইন কৰি তাইৰ মনটো মুকলি লাগে। সৌজন্যৰ ব্যৱহাৰে লাহে লাহে তাইক আচৰিত কৰি তোলা হয়। তাই অনুভৱ কৰে, বৌৱেকৰ প্ৰতি তেওঁৰ প্ৰয়োজনাধিক কিছু দায়িত্ববোধ আছে। আৰু বৌৱেক দুখত থাকিলেও সকলোৰে লগত তেওঁৰ স্বাভাৱিক মিলামিছা আছে, কিন্তু তাইকহে ভালকৈ মাত-বোল নকৰে। তাইৰ পৰা আঁতৰি থাকে। তেওঁৰ এই ব্যৱহাৰ তাই ইমানদিনে বুজিব নোঁৱাৰে। মানুহজনী মাত্ৰ এক ৰহস্য হৈ তাইৰ আশে-পাশে ঘূৰি থাকে।

সময় বাগৰে। বিয়াৰ চাৰিমাহ পিছতো স্তুতি আৰু সৌজন্যৰ মাজত সহজ সম্পৰ্ক এটা গঢ় লৈ নুঠে। লাহে লাহে স্তুতিৰ মনলৈ নাহো বুলিও কিছুমান কথা আহিবলৈ ধৰে। বিৰক্তিকৰ পৰিবেশ এটাই প্ৰতি মুহূৰ্ত তাইক আৱৰি ধৰে। সৌজন্যই বন্ধুত্বসুলভ সম্পৰ্ক এটা ৰাখে যদিও তেওঁৰ প্ৰতি তাইৰ মনত হেজাৰটা অভিমানে বাহ লয়। বেমাৰী আৰু বৃদ্ধ শহুৰেক বিছনাত পৰি থাকে। বৌৱেকৰ লগতো তাইৰ সম্পৰ্কটোৰ আন্তৰিকতা নাই। ইশুৰ লগত খেলা-ধূলা কৰি তাইৰ ভাল লাগে। কিন্তু বৌৱেকে তাই তাৰ সৈতে থকাটো বিশেষ পচন্দ নকৰা যেন লাগে তাইৰ। লাহে লাহে তাই ঘৰখনত অকলশৰীয়া হৈ পৰে। দিনটোৰ বেছি ভাগ সময় বিষণ্ণমনে থকা বৌৱেকে যেতিয়া ভাতৰ মেজত হাঁহি হাঁহি সৌজন্যৰ সৈতে ভাত খায়, স্তুতিৰ বেয়া লাগে। সিহঁতক আগবঢ়াই দি তাই খাবলৈ বহে মানে সৌজন্যৰ খুৱাই হয়। অহেতুক অভিমান এটাই তাইক মেৰিয়াই ধৰে। নীহাৰলৈ মনত পৰে তাইৰ। পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ল’ৰাটোৱে চৰকাৰী চাকৰি নাপাই প্ৰাইভেট কলেজ এখনত সোমাইছে। এটা কোচ্চিং চেণ্টাৰো খুলিছে। উপাৰ্জন ভাল তাৰ। কিন্তু মানুহক ক’ব পৰাকৈ ভাল চাকৰি এটা নাই। ইফালে সৰুতেই দেউতাকক হেৰুওৱা ল’ৰাটোৰ তলত দুজনীকৈ ভনীয়েক। মাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী যদিও ঘৰখনৰ সমস্ত দায়িত্ব তাৰ ওপৰত। স্তুতি আৰু তাৰ বিয়াখন নোহোৱাৰ একমাত্ৰ কাৰণ তাইৰ দেউতাক। দেউতাকৰ মতে কলেজ এখনৰ অধ্যক্ষৰ একমাত্ৰ কন্যাৰ সৈতে নিবনুৱা যুৱক এজনৰ বিবাহ অসম্ভৱ। কথাবোৰ মনলৈ আনি স্তুতিয়ে হুকহুকাই কান্দি দিয়ে। শেষবাৰ লগ পাওঁতে নীহাৰৰ শুকান মুখখন মনত পৰি কান্দি উঠে তাই। তাইৰ বাবেই কিমান যে অপমান সহিছে সি!

সেই ল’ৰাটো। তাইৰ বাবে প্ৰাণ দিব পৰা ল’ৰাটো। তাই তাৰ সৈতে পলাই যাব বিচাৰোতে তাইক তেনে এক ভুল কাম নকৰিবলৈ বুজনি দিয়া ল’ৰাটো। উফ্। কেনে আছে নীহাৰ? তাইলৈ মনত কৰে নে সি? তাইৰ এই কথাবোৰ জানিলে সি কিমান যে দুখ কৰিব! কিমান যে কষ্ট পাব সি?

” বৌৱে ভাত খোৱা নাই। তুমি একাপ চাহটো কৰি দিব পাৰা। তেওঁক একো এটা নিদিয়াকৈ খাবলৈ বহিছা তুমি?”

” বৌৱে মাহৰ দাইল নাখায়। তথাপিও ৰান্ধিছা তুমি?”

” বৌৱে তোমাক দুদিনমানৰ বাবে ঘৰলৈ যাবলৈ কৈছে। তুমি বোলে যাবলৈ মন কৰা নাই।”

লাহে লাহে সৌজন্যৰ কথা-বতৰাই স্তুতিক পাগল কৰি তোলে। কেৱল বৌ বৌ বৌ। বৌৱে নাখালে তুমিও নাখাবা। বৌৱে নগ’লে তুমিও নাযাবা। তাই অতিষ্ঠ হৈ পৰে। সৌজন্যক কিবা সুধিলে তাইকহে আকৌ ওলোটাকৈ কয়,

” বৌৰ জীৱনত আছে কি? সকলো জানিও তুমি এই প্ৰশ্ন কৰিছা? “

থমকি ৰয় স্তুতি। একো উৱাদিহ বিচাৰি নাপায়।

সিদিনা বৌৱেকৰ কলেজৰ বাৰ্ষিক অধিবেশন। তেওঁৰ ঘৰলৈ আহোঁতে ৰাতি হ’ব। সাতটামান বজাত সৌজন্যই গাড়ীৰে তেওঁক লৈ অহা কথা। স্কুলৰ পৰা আহি তাই ইশুক খুৱাই-বুৱাই নিজৰ লগত ৰাখে। আবেলি পৰত ইশোৱে শুই উঠি খুৰীয়েকৰ লগত খেলা হয়। তেতিয়ালৈ সৌজন্য ঘৰলৈ নাহে। হয়তো বজাৰ-সমাৰ কৰি একেলগে বৌৱেকক লগত লৈ আহিব। শহুৰেকক আবেলিৰ চাহ খাবলৈ দি দুয়ো খেলি থাকে। খেলাৰ মাজতে ইশোৱে তাইৰ ফোনটো দৌৰ মাৰি সিহঁতৰ ৰুমত লুকুৱাই থয়। তাই বাৰে বাৰে সোধাৰ পিছতো সি ফোনটো ক’ত থৈছে নকয়। এঘণ্টামান পিছত তাক টিভিত কাৰ্টুন চাবলৈ দি তাই বৌৱেকৰ ৰুমত তাইৰ ফোনটো বিচাৰিবলৈ যায়। কিছুপৰ বিচাৰি ফোনটো নাপাই তাই বৌৱেকৰ বিছনাৰ মেট্ৰেচৰ তলত থ’ব পাৰে বুলি ভাবি মেট্ৰেচখন আঁতৰাই চায়। হঠাতে মেট্ৰেচৰ তলত বস্তু এটা দেখা পাই তাই দুখোজ পিছুৱাই আহে। বিবাহিতা নাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী কেইপদ আৰু টেবলেটৰ ষ্ট্ৰিপটো হাতত তুলি লয় তাই। ষষ্ঠ ইন্দ্ৰিয়ই কিবা এটা সংকেত দিয়ে যদিও তাই বিছনাতেই বহি পৰে।

” তুমি ইয়াত কিয়?”

বৌৱেকৰ মাতত সম্বিত আহে স্তুতিৰ। ধৰা পৰা চোৰৰ দৰে তাই বস্তুখিনি লুকুৱাবলৈ বিচাৰে।

” ইশু তোমাৰ ৰুমত আছে নেকি? তুমি এনেকৈ ইয়াত বহি আছা যে? হাতত সেইবোৰ কি লৈ আছা?”

” একো নাই বৌ”

“কিয় একো নাথাকিব? চাওঁ কি আছে হাতত” বুলি কৈ বৌৱেকে তাইৰ হাতৰ বস্তুবোৰ চাব খোজে। তাই বাধা দিবলৈ পাহৰি যায়। বস্তুবোৰ দেখি তেওঁ নিজেই লজ্জিত হৈ পৰে। হতভম্ব হৈ পৰে তেওঁ। এনেতে স্তুতিৰ কম্পিত হাতৰ পৰা বস্তুখিনি সৰি পৰে। দৌৰ মাৰি তাই কোঠাৰ পৰা ওলাই আহে।

নিজৰ কোঠালৈ আহি মজিয়াত বহি পৰে তাই। সৌজন্য কোঠাত নাই। কিজানি দেউতাকৰ খবৰ ল’বলৈ গৈছে। কি হৈ গ’ল আজি হঠাতে? তাই অপৰাধ কৰিলে নেকি কিবা? কিন্তু সেই বস্তুখিনি?

তাই বৰ ভয় খালে। বৰ লাজো পালে। এনেতে হুৰমূৰকৈ সোমাই আহে সৌজন্য।

: তুমি বৌৰ কোঠাত পুলিচগিৰি কৰিবলৈ গৈছিলা?
: কি? কি ক’লে আপুনি?
: যি সুধিছো তাৰ উত্তৰ দিয়া। কি দৰকাৰ আছিল তোমাৰ তেওঁৰ কোঠাত সোমাবলৈ?
: ইশোৱে ফোনটো লুকুৱাই থৈছিল। তাকেই বিচাৰিবলৈ যাওঁতে দুটামান ব্যক্তিগত বস্তু পালো তেওঁৰ।
: তাতে কি হ’ল? তেওঁৰ কোঠাত গৰ্ভ নিৰোধক বড়ি থাকিব নোঁৱাৰে নেকি?
: কি কৈছে আপুনি? আপুনি কেনেকৈ জানিলে যে তাত কি পাইছিলো মই?
: বৌৱে ক’লে। আৰু মই নিজেও দেখিলো।
: বৌৰ সৈতে ইমানেই ফ্ৰী আপুনি?
: আমি কেঁচুৱা নহয়তো। জানিবলগাখিনি জানো।
: এগৰাকী বিধৱা মহিলাৰ কোঠাত এইবোৰ বস্তু পোৱাৰ অৰ্থ কি জানেনে আপুনি?
: তুমি সেইবোৰ খুচৰিবলৈ কিয় গৈছিলা?
: বৌৰ কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক আছে।
: স্তুতি!
: আপুনি নিজেই ভাবি নাচায় কিয় কথাটো?
: আৰু এটা শব্দও উচ্চাৰণ নকৰিবা। কথা বেয়া হৈ যাব।
: আপুনি মোক ধমকি দিলে কি হ’ব? বৌক নোসোধেগৈ কিয়?
: স্তুতি বন্ধ কৰিবলৈ কৈছো বন্ধ কৰা।
: কিয় বন্ধ কৰিম কওক? বিয়া হৈ কেৱল মুখ বন্ধ কৰিবলৈকে শিকিছো। কি পাইছো মই আপোনাৰ পৰা? আজিলৈকে পত্নীৰ স্বীকৃতিয়েই নিদিলে।
: সেইটো অন্য বিষয়।
: সকলো সহিলো বুলি ব্যভিচাৰবোৰ কেনেকৈ সহিম। তেওঁৰ মনত যদি কোনোবা আছে বিয়া পাতি দিয়ক। আজিকালি সহজ কথা সেইবোৰ। সেইবুলি…

হঠাতেই বৌৱেক কোঠালৈ সোমাই আহে। স্তুতিয়ে কথাখিনি আগবঢ়াব নোঁৱাৰে।

” তোমাৰ মুখলৈ যিহকে আহে তাকেই নবকিবা। মোৰ কাৰো সৈতে অবৈধ সম্পৰ্ক নাই। স্তুতিক কথা কবলৈ শিকাবা সৌজন্য।”

বৌৱেকৰ কথা শুনি সৌজন্যই আহত সাপৰ দৰে স্তুতিলৈ চায়।

”বৌক চ’ৰী কোৱা।”

সৌজন্যৰ আদেশ নামানে স্তুতিয়ে। তথাপি ভদ্ৰতা ৰাখি কয়,

” ফোনটো বিচাৰি যাওঁতে ভুলতে হাতলৈ আহিল। আপোনাৰ কোঠালৈ মই যাব নালাগিছিল।”

তাইলৈ নোচোৱাকৈ বৌৱেকে কয়,

” সেইবোৰ তোমাৰ বাবে অপ্ৰয়োজনীয় বস্তু। গতিকে তাৰ ব্যৱহাৰ তুমি নাজানা। আচলতে বস্তুবোৰ বহু পুৰণি। বহু বছৰ পুৰণি”

স্তুতিৰ ধৈৰ্য্যৰ সীমা পাৰ হয়। পিছৰ বাক্যবোৰ তাইৰ কাণত নোসোমায়।

” মোৰ বাবে অপ্ৰয়োজনীয় বুলি আপুনি কেনেকৈ জানিলে?”
” মই সকলো জানো।”
”মইতো কেতিয়াও আপোনাক এই বিষয়ে কোৱা নাই। “
” তুমি কিয় ক’ব লাগে? সৌজন্যই কৈছে।”

স্তুতিয়ে সৌজন্যলৈ চায়। তেওঁৰ দৃষ্টিত কোনো অপৰাধবোধ নেদেখে তাই। তাই যেন বহুদিনৰ নিমিলা অংক এটাৰ সমিধান পাই যায়। কম্পিত ওঁঠেৰে তাই বৌৱেকক সোধে,

” সৌজন্যই ভাল পোৱা ছোৱালীগৰাকীক আপুনি জানেনে?”

” মই নাজানো।”

” কিয় নাজানিব? নাজানিবলগীয়া প্ৰতিটো কথায়েই জানে, অথচ সেইটো কথা নাজানে?”

” সৌজন্য, স্তুতিক মোৰ সৈতে ভাল ব্যৱহাৰ কৰিবলৈ কোৱা।”

” আপুনি মোক চিধাচিধিকৈ একো নকয় কিয়? সৌজন্যৰ প্ৰেমিকাগৰাকী আপুনিয়েই নহয়নে? “

” স্তুতি? কি কৈছা তুমি?”

” তেন্তে আপোনাৰ প্ৰেয়সীৰ নাম কি? মই তেওঁক লগ কৰিবলৈ বিচাৰো।”

” তোমাৰ হৈছে কি?”

” মোক আৰু লুকুৱাবলৈ চেষ্টা নকৰিব। চিধাচিধিকৈ কওক ইশু কাৰ সন্তান?”

সৌজন্য আৰু বৌৱেকে তাইৰ প্ৰশ্নত স্তম্ভিত হৈ পৰে। দুয়ো দুয়োৰে মুখলৈ চায়। সৌজন্যই ধমকিৰ সুৰত তাইক কয়,

” কি সুধিছা এইবোৰ? পাগল হৈছা নেকি?”

” মই অশিক্ষিত ছোৱালী নহয়। যোৱা চাৰিমাহে আপোনালোকে মোক বুৰ্বক সজালে। চকুৰ আগত সকলোবোৰ ট-টকৈ জিলিকি আছিল। অথচ আপোনাক বিশ্বাস কৰি সেইবোৰ মোৰ মনত সোমাবলৈ দিয়া নাছিলো। যিহেতু আপোনালোকে মোৰ জীৱনটো জানিবুজিয়েই বৰবাদ কৰিলে, মোৰো জনাৰ অধিকাৰ আছে সকলোবোৰ। খোলাখুলিকৈ কওক কথাবোৰ। মোৰ শুনাৰ সাহস আছে।”

এটা-এটাকৈ খোল খাইছিল ৰহস্যৰ পৃষ্ঠা। নিৰূপায় হৈ সৌজন্যই স্বীকাৰ কৰিছিল অপৰাধৰ প্ৰতিটো ক’লা পৃষ্ঠা,

” আমি তোমাৰ ওচৰত অপৰাধী স্তুতি। তোমাৰ কোনো দোষ নাই। কিন্তু আমাৰো কোনো উপায় নাছিল। কৃতি মোৰ প্ৰেয়সী। দুৰ্ভাগ্যক্ৰমে তাই মোৰ দাদাৰ সৈতে বিয়াত বহিছিল। কিন্তু দাদাৰ মৃত্যুৰ পিছত আমাৰ সম্পৰ্কটোৱে আকৌ প্ৰাণ পাই উঠে। মোক ক্ষমা কৰিবা স্তুতি। মই নোঁৱাৰিম।”

” ইশু কাৰ সন্তান? উত্তৰটোলৈ বাট চাই আছো মই।”

” মই ক’ব নোঁৱাৰিম। কাৰণ দাদা জীয়াই থাকোঁতেও….”

স্তুতিয়ে চেতনা হেৰুৱাই মজিয়াত বাগৰি পৰে।

কেঁচা ৰ’দৰ জিলিঙনিয়ে স্তুতিৰ চকু মেল খুৱায়। অৱসাদ আৰু ক্লান্তিয়ে তাইক চকুহালি মেলিব নিদিয়ে। তথাপি জোৰ কৰি উঠি বহে তাই। হয়তো ৰাতি সৌজন্যই তাইক বিছনাত শুৱাই থৈছিল। চিধাই বাথৰুমত সোমাই গাটো ধুই আহে তাই। গা ধুই আহিয়েই তাই নীহাৰলৈ ফোন লগায়। সকলোবোৰ শুনি সি তাইক প্ৰশ্ন কৰে,

” কি কৰিম বুলি ভাবিছা এতিয়া তুমি?”

” একো ভবা নাই। কিন্তু ইয়াৰ পৰা ওলাই যাব লাগিব। হয়তো ঘৰৰ মানুহেও আপত্তি কৰিব পাৰে। তুমি আইনী কামখিনিত সহায় কৰিবানে মোক নীহাৰ? তাৰ বাদে তোমাৰ পৰা অন্য একো নিবিচাৰো মই।”

” মোৰ প্ৰেম দুদিনীয়া নাছিল স্তুতি। তোমাৰ ঘৰখনৰ দৰে মান-সন্মান, উচ্চ আভিজাত্য নাই যদিও হৃদয়ৰ সংগীক যিকোনো পৰিস্থিতিতেই গ্ৰহণ কৰিব পৰা মানসিক সাহস আছে মোৰ। ভয় নকৰিবা তুমি। মই আছো তোমাৰ সৈতে। কোনো নাথাকিলেও মই থাকিম তোমাৰ সৈতে। আজীৱন।”

ফোনটো থৈ স্তুতিয়ে চকুপানীখিনি মোহাৰি লয়। তাই ইমান দুৰ্বল হ’লে নচলিব। যুদ্ধ এখনৰ প্ৰস্তুতি চলাব লাগিব তাই। আজিয়েই তাই ঘৰলৈ উভতিব। সকলো কথা খুলি-ভাঙি ক’ব। যদি তেওঁলোকে তাইক সমৰ্থন নকৰে ঘৰ এটা ভাড়ালৈ লৈ থাকিব। বিচ্ছেদৰ কামখিনি সম্পূৰ্ণ হ’লে তাই নীহাৰৰ সৈতে সংসাৰ মেলিব। এই সকলোখিনি কৰিবলৈ যাওঁতে এখন যুদ্ধৰ মুখামুখি হ’ব লাগিব তাই। হ’ব। সাহসেৰে অতিক্ৰম কৰিব তাই এইখন যুদ্ধৰ প্ৰতিটো চিৰি।
দেখুৱাই দিব সমাজক, নাৰী পুতলা নহয়। খেলৰ সামগ্ৰী নহয়। কি হ’লহেঁতেন যদি দেউতাকে নীহাৰৰ সৈতে তাইৰ বিয়াখন পাতি দিলেহেঁতেন? এটা ভাল চাকৰিৰ বাদে কি নাই তাৰ? আৰু সৌজন্য? উচ্চ পদৱী এটাত চাকৰি কৰিলেই যেনিবা তেওঁ, একমাত্ৰ চাকৰিয়ে মানুহক শান্তি দিব পাৰে নেকি? সকলো জানিও সকলো বুজিও অভিভাৱকসকলে ভুল কৰে। বহুতেই মিছা আভিজাত্যৰ নামত ছোৱালীৰ জীৱনবোৰ নৰক সদৃশ কৰি তোলে। দুপইচা কম হ’লেও সুখৰ ভাত খাব পাৰি, কিন্তু প্ৰেম-বিশ্বাস-আস্থা অবিহনে কেৱল টকাৰেই জীৱন পাৰ কৰিব নোঁৱাৰি। সমাজসৃষ্ট এই ভ্ৰান্তিবোৰৰ কেতিয়া অন্ত পৰিব তাই নাজানে। কিন্তু এই ভ্ৰান্তিৰ বিৰুদ্ধে তাই এখন যুদ্ধৰ সন্মুখীন হ’বই। সৌজন্যৰ দৰে এজন কাপুৰুষৰ পত্নী হৈ তাই কোনো কাৰণতেই জীৱনটো ধ্বংস নকৰে। যিয়ে প্ৰেম কৰিব জানে। ব্যভিচাৰ কৰিব জানে। কিন্তু নিজৰ প্ৰেমক সামাজিক স্বীকৃতি দিবলৈ সাহস নকৰে। তাই সেই সাহস কৰিব। যিহেতু নীহাৰে তাইক সংগ দিব বুলি কথা দিছে, তায়ো নীহাৰক আমৃত্যু সংগ দিব। তাৰ উচ্চ শিক্ষা আছে। কৰ্মঠ দুখন হাত আছে। বিবাহ বিচ্ছেদিতা প্ৰেয়সীক পত্নীৰ স্বীকৃতি দিয়াৰ সৎ সাহস আছে। আৰু কি লাগে তাইক?

তাইৰ দেউতাকৰ দৰে মানুহবোৰৰ চকু তায়েই মেল খুৱাব। সৌজন্যহঁতৰ দৰে মানুহবোৰক তায়েই লাজ দিব। সিহঁতৰ মুখা তায়েই খুলিব। যুদ্ধখন কঠিন হ’ব। জানে তাই এই কথা। তথাপিতো সাহসেৰে যুঁজিব তাই। আগুৱাব তাই।

এৰা, যুদ্ধখনত তায়েই জয়ী হ’ব।

এটোপা পানীও মুখত নিদিয়াকৈ বেগটো চোচৰাই তাই তললৈ নামি আহে। বৌৱেক বা সৌজন্য কোনেও তাইক মাত দিবলৈ সাহস নকৰে। ঘৰৰ গে’টখন খুলি ওলাই আহে মানে এখন অ’টো আহি তাইৰ কাষতে ৰয়। অ’টোৰ পৰা নামি অহা মানুহজনে তাইৰ হাতৰ পৰা বেগটো লৈ অ’টোখনত ভৰাই দিয়ে। তাই তেওঁৰ দুচকুলৈ চায়। জীৱন যুদ্ধত এজন মহাযোদ্ধাৰ দৰে যুঁজিব পৰা মানুহজনৰ দুচকুত বহু বছৰ পুৰণি সেই আকুলতা দেখি তাই বিজয়িনীৰ হাঁহি মাৰে। দুচকুৰ পৰা ধাৰাসাৰে বৈ অহা চকুলো মচি তাই তেওঁৰ বহু প্ৰতিক্ষীত দুহাতত নিজৰ হাতখন ৰাখে। আনখনে হাতেৰে চিন-নিচিনকৈ বৈ থকা শিৰৰ ৰঙা ৰেখাডাল নিস্পৃহভাৱে মোহাৰি পেলায়। দুখন হাতে এখন হাতক মেৰিয়াই লয়। দুটা জীৱনে পোহৰ অভিমুখে একেলগে অগ্ৰসৰ হয়, য’ত ৰ’দ জেতুকাৰ ফুল হৈ দুহাতত উমলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক