যেন “তাৰে জামিন পৰ’’- জুপিতৰা ফুকন

আপোনাৰ বাৰু ৰাতি কিদৰে পুৱায়? ঘড়ীৰ এলাৰ্মৰ শব্দত নে ৰাতি পুৱাই আপোনাৰ কোঠাটোৰ দাঁতিতে থকা শেৱালি বা বটলব্ৰাছ জোপাত বাঁহ সাজি থকা অকণি অকণি চৰাইকেইটাৰ কিচিৰ মিচিৰ মাতত নে আপুনি সাৰ পাই কাৰোবাৰ মৰম আৰু দ্বায়িত্ব মিহলি এষাৰ মাতত৷ এবাৰ ভাবি চাওকচোন কিদৰে পুৱাই আপোনাৰ ৰাতি৷ কথাটোত বৰ বিশেষ গুৰুত্ব দিয়া নাযায় যদিও ৰাতিপুৱা আপোনাক চিকুণ টোপনিৰ পৰা জগাই দিবলৈ আপোনাৰ কৰ্ণকুহৰত ক’ৰবাৰ পৰা উফৰি জাফৰি আহি থিতাপি লোৱা শব্দকেইটাৰ উৎস, ধ্বনি, লয় আৰু ছন্দৰ মধুৰতা বা কৰ্কশতাত বহু পৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ দিনটোৰ অনাগত সময়খিনিত বৰ্তি থাকিবলগীয়া আপোনাৰ মানসিক স্থিতি৷

আপোনাৰ দৰে ময়ো সাৰ পাওঁ সদায় পুৱা৷ মোৰ জীৱন পৰিক্ৰমাৰ বিগত পাঁচটা বছৰৰ প্ৰতিটো ৰাতিপুৱা আচ্ছন্ন কৰি ৰাখে এজাক নানা ৰঙী ফুলৰ (বন্ধত নিজৰ ঘৰত থকা দিনকেইটাৰ বাহিৰে) আনন্দময় কোলাহলে৷ কেতিয়াবা এই ফুলবোৰ মোৰ বাবে হৈ পৰে এজাক ৰঙীন পখিলা নতুবা কেতিয়াবা বননিত মেলি দিয়া এসোপা ৰঙা হালধীয়া পকা তুলতুলীয়া বিলাহী নহলেবা জাক পাতি চৰি থকা এপথাৰ চৰাই৷ হয়, মই এনেদৰেই বৰ্ণনা কৰিম মোৰ ৰাতিবোৰ পুৱাই দিয়া শব্দৰ উৎসক৷

চাকৰি সূত্ৰে মই অসম অৰুণাচল সীমান্তৱৰ্তী এখন সৰু মফচলীয় চহৰৰ বাসিন্দা৷ প্ৰাণৱন্ত চহৰখনৰ চাৰিউদিশে কেৱল সেউজীয়াৰ আভৰণ৷ সৰু যদিও এখন মহাবিদ্যালয়, আঠ নখন মান বিভিন্ন মাধ্যমৰ বিদ্যালয়ে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখন জীপাল কৰি ৰাখিছে৷ যোৱা পাঁচ বছৰে যিটো ঘৰত মই ভাড়াতীয়া হিচাপে বাস কৰি আছোঁ তাৰ চৌহদৰ গাতে লাগি আছে এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ আৱাসিক বিদ্যালয়৷

ভাড়াতীয়া জীৱনৰ প্ৰথম ৰাতিটো উগুল থুগুল মন এটাৰে আধা শুই আধা জাগি পাৰ কৰিলোঁ৷ পুৱা কিচিৰ মিচিৰ শব্দ কিছুমানত সাৰ পালোঁ৷ মোৰ শিতানৰ ফালৰ পৰাই আহিছে শব্দবোৰ৷ শব্দবোৰ অনুসৰণ কৰি শিতানৰ খিৰিকীখন খুলি দিলোঁ৷ দেখিলো ৰাতি আন্ধাৰত দেখা ঘৰৰ দীঘলীয়া শাৰীটো এখন বিদ্যালয় আৰু তাৰ লগতে লাগি থকা বিদ্যালয়খনৰ হোষ্টেলটো৷ সেই হোষ্টেলটোৰ আবাসীসকলে ৰাতিপুৱা ৰুটিন অনুসৰি জোৰে জোৰে কিতাপ পঢ়াৰ কোৰাছে মোৰ টোপনি ভাঙিলে৷ আৰু সেই দিনটোৰপৰাই বৰ্তমানলৈকে মোৰ ৰাতিবোৰ পুৱাইছে হোষ্টেলটোৰ পৰা ভাঁহি অহা ছাত্ৰ ছাত্ৰী সকলৰ সমস্বৰত৷ যোৱা পাঁচ বছৰে বিদ্যালয়খনৰ বহু সলনি হ’ল৷ নতুন পকী বিল্ডিং হ’ল৷ প্লে হাউছৰ পৰা আৰম্ভ কৰা বিদ্যালয়খনত মাধ্যমিক শ্ৰেণী হ’ল৷ শিক্ষক সলনি হ’ল৷ শিক্ষাৰ্থী সলনি হ’ল৷ কিন্তু সলনি নহ’ল ৰাতিপুৱাৰ সেই সমস্বৰৰ৷ একেই ছন্দ একেই লয়ত ভাঁহি অহা এ বি চি দি নতুবা টুইংকল টুইংকল লিটল ষ্টাৰত আজিও মোৰ ৰাতিবোৰ পুৱায়৷

মৰিবলৈও সময় নোপোৱাকৈ ব্যস্ত থাকোঁ ৰাতিপুৱাটো৷ গাড়ীত বহি চাকৰিলৈ গৈ থকা সময়কণৰ বাদে গোটেই দিনটো অতি ব্যস্ততাৰে পাৰ হয়৷ যিমানেই ব্যস্ততা নাথাকক লাগিলে পুৱা আৰু আবেলি ক্ষন্তেক ৰৈ বিদ্যালয়খনৰ ফালে এপলক চোৱাৰ অভ্যাসটো মোৰ ৰৈ গ’ল৷ মোৰ দৰে হোষ্টেলটোৰ ল’ৰা ছোৱালীবোৰো অতি ব্যস্ত হৈ পৰে ৰাতিপুৱাটোত৷ সিহঁতে উঠি মুখখন ধুয়েই কিতাপ লব লাগে৷ কিতাপৰ বেগ ঠিক কৰিব লাগে গা ধুব লাগে৷ ব্ৰেকফাষ্ট কৰিব লাগে৷ আৰু ইউনিফৰ্ম পিন্ধি সময়ত বিদ্যালয়ত উপস্থিত হব লাগে৷ চাবলৈ গলে এয়া নিতান্তই সাধাৰণ কথা৷ হোষ্টেলত থকা প্ৰতিজন আবাসীৰেই এয়া নিত্য নৈমিত্তিক কাম৷ কিন্তু মোৰ বাবে এই বিদ্যালয়খনৰ হোষ্টেলটোত থকা লৰা ছোৱালীবোৰৰ এই নিত্য কৰ্মখিনিয়েই অসাধাৰণ যেন হৈ পৰিছে৷ কাৰণ প্ৰথম দুদিনমান যোৱাৰ পাছত দেখিলো এটা কণমানি ল’ৰা বয়স চাৰি, চাৰে চাৰি বছৰমান হব দৌৰি আহি হোষ্টেলৰ বাৰাণ্ডাৰ বাঁহৰ চাপৰ জেওৰাখনত পেণ্ট এটা মেলি দিছেহি৷ পুনৰ দৌৰি গৈ পিঠিত বেগটো হেপো টেপোকৈ ওলোমাই বিদ্যালয়লৈ দৌৰি যোৱাৰ দৰে গৈ ক্লাচৰুমত বেগটো থৈ ওলাই আহি বাৰাণ্ডাখনতে খুটা এটাত আউজি অলপ ৰৈছে৷ বৰ ভাগৰ লাগিছিল চাগে তাৰ৷ তাৰ দৃষ্টি নিবদ্ধ সমুখেৰে দেউতাকৰ হাতত ধৰি আগবাঢ়ি আহি থকা তাৰ সহপাঠী এজনৰ ওপৰত৷ দেউতাকজনৰ সোঁ কান্ধত পুত্ৰৰ স্কুলৰ বেগটো আৰু বাওঁহাতৰ মুঠিত লৰাটোৰ সোঁ হাতৰ আঙুলিকেইটা৷ দেউতাকে শ্ৰেণীকোঠাৰ সন্মুখলৈকে ল’ৰাটোক আগবঢ়াই দি গালে মুখে হাত বুলাই উভতি গৈছে৷ এই সমস্ত সময়খিনি বাপেক পুতেকহালক হোষ্টেলৰ আৱাসী ছাত্ৰজনে নিৰীক্ষণ কৰি আছিল৷ হয়তো সি ভাবিছে তাৰ সহপাঠীজনৰ ঠাইত যদি সি হ’লহেঁতেন আৰু দেউতাকজন যদি তাৰ দেউতাক হ’লহেঁতেন! কিন্তু সিয়ো জানে এয়া মাথোঁ এক অলীক কল্পনা৷ কাৰণ হোষ্টেলত থকা ল’ৰা – ছোৱালীবোৰে সদায় অকলেই স্কুললৈ আহিব লাগিব আৰু অকলেই উভতিব লাগিব৷ কেতিয়াবা হয়তো থাকিব লগত হোষ্টেলৰে কোনোবা আবাসী৷

স্কুলৰ শেষ ঘণ্টাটো বাজি উঠাৰ কিছু সময়ৰ আগৰেপৰাই শিক্ষকৰ বাধা নামানি লৰা ছোৱালীবোৰে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি বাৰাণ্ডাৰ পৰাই সমুখলৈ ডিঙি মেলি মেলি চাই ৰয়৷ কিজানিবা তাক বা তাইক নিবলৈ অহা মাক বা দেউতাকক গেটৰ সিপাৰে দেখা পায়েই৷ কিন্তু আবাসী শিক্ষাৰ্থীসকলৰ মাজত সেই উৎসুকতা নাথাকে৷ স্কুলৰ ছুটিৰ শেষত মুক্ত দুহাতেৰে মাক দেউতাকৰ লগত কলকলাই জঁপিয়াই জঁপিয়াই গৈ থকা ল’ৰা ছোৱালীবোৰৰ মাজে মাজে কান্ধত বেগ আৰু হাতত পানীৰ বটলটো ওলোমাই অবসন্ন দেহাৰে ভৰি চোঁচৰাই হোষ্টেললৈ আগবাঢ়ে আবাসী ছাত্ৰ-ছাত্ৰীসকল৷ অভিভাৱকৰ সৈতে ঘৰমুখী ল’ৰা ছোৱালীবোৰৰ চাগে বাটত কিমান আব্দাৰ, পছন্দৰ চকলেট বা চিপচটোৰ বাবে৷ ঘৰলৈ গৈয়ো চাগে সেই একেই আব্দাৰ ভাতৰ কাঁহীত ভালপোৱা বস্তুবোৰৰ বাবে৷ কিন্তু হোষ্টেলত থকা লৰা ছোৱালীবোৰৰ তেনে কোনো আব্দাৰ নাথাকে, পছন্দ নাথাকে৷ হোষ্টেলৰ খাদ্য তালিকা অনুসৰি যি দিয়ে তাকেই খাবলৈ বাধ্য সিহঁত৷ আৰু হোষ্টেলৰ খাদ্য কেনেকুৱা সেয়া মোৰ দহ বছৰীয়া হোষ্টেলৰ অভিজ্ঞতাই বাৰুকৈয়ে শিকাই থৈছে৷ বৰ দুখ পাওঁ ভাবিলে৷ এতিয়াও মই মোৰ অপছন্দ পাছলিবোৰ কোনো কাৰণতে নাখাওঁ৷ ঘৰত ভাত খাওঁতে দাইলত দাইলৰ বাহিৰে বেলেগ কিবা পালেই দাইল নাখাওঁ৷ কিন্তু এই কণমানি লৰা ছোৱালীবোৰে হোষ্টেলত যি দিয়ে তাকেইটো বিনাবাক্যে খাব লাগে৷ ভাল পাওকে বা নাপাওঁকেই লাগিলে৷ ঘৰৰ পৰা দি পঠিওৱা ভাল পোৱা বস্তুবোৰেনো কিমান দিন জুৰিব৷

ভাবিলে আচৰিত হওঁ৷ কেনেকৈ আছে এই কণ কণ লৰা ছোৱালীবোৰ মাক দেউতাকক এৰি৷ মাক দেউতাক সকলো বা কিদৰে আছে নিজ সন্তানক আঁতৰাই ৰাখি৷ কিন্তু সময়ৰ আহ্বানত তেওঁলোক বাধ্য৷ কিমান দিন থাকিল বাৰু এই লৰা ছোৱালীবোৰ নিজৰ ঘৰখনত! মাক দেউতাকৰ হেঁপাহৰ আঁচলত! নিৰাপত্তাৰ আবুৰত! মাকৰ গৰ্ভত থকা সময়খিনি বাদ দিলে মাথোঁ পাঁচ বা ছবছৰ৷ হয়৷ এই হোষ্টেলটোলৈ প্ৰথমে থাকিবলৈ অহা লৰা ছোৱালীবোৰৰ বয়স প্ৰায়বোৰৰে পাঁচৰ পৰা ছবছৰৰ ভিতৰত৷ বিদ্যালয় মানে কি, হোষ্টেল মানে কি, পঢ়ানো কি, এইবোৰৰ অৰ্থ জনাৰ বহু পূৰ্বেই সিহঁত ঘৰ নামৰ ঘৰটোৰ পৰা হোষ্টেল নামৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰে৷ জীৱনৰ সবাতোকৈ মোহনীয় সময়খিনি, পৰিয়ালৰ আটাইৰে মৰম আৰু যত্নৰ মাজত মুকলি বিহংগৰ দৰে উৰি ফুৰিবলগীয়া সময়খিনি, অভিমান আব্দাৰৰ হেন্দোলনীত পাৰ কৰিবলগীয়া সময়খিনিতে সিহঁতৰ কণমানি জীৱটো আবদ্ধ হৈ পৰে হোষ্টেলৰ কটকটীয়া নিয়মৰ গণ্ডীত৷ কিমান কষ্ট পায় সিহঁতে! মাক দেউতাকৰ বুকুৰ নিৰাপত্তাৰ পৰা হঠাতে ওলাই আহি কেনেকৈ পাৰ কৰে হোষ্টেলৰ প্ৰথম নিশা! কেনেকৈ চম্ভালি লয় নিজক! পিছদিনা পুৱা চকু মেলি কাষত মাকক নেদেখি কেনেকুৱা লাগে সিহঁতৰ! কোনেওতো ডাঙি নলয়হি বিছনাৰপৰা৷ ব্ৰাছডালত টুথপেষ্টখিনি ভালকৈ লগাব পাৰেনে! মুখখনেই বা ভালকৈ ধুব পাৰেনে! কাপোৰ কানি, কিতাপ পত্ৰবোৰ সামৰি-সুতৰি লব পাৰেনে! ঠাণ্ডাৰ দিনকেইটাত ৰাতিপুৱা মই শুই উঠাৰ আগতে সিহঁত উঠি কিতাপ পঢ়ে৷ গৰম কাপোৰকেইটা গা ঢাকি পিন্ধিব পাৰেনে সিহঁতে! সিহঁতক এই দৈনন্দিন কামবোৰত সহায় কৰিবলৈ সিহঁতৰ যত্ন লবলৈ সহায়কাৰী নিশ্চয় আছে৷ কিন্তু যিমানেই যি নহওক যত্নৰ স্পৰ্শৰো পাৰ্থক্য থাকে৷

প্ৰথমতে খুব খং উঠিছিল এই ল’ৰা ছোৱালীবোৰৰ পিতৃ মাতৃৰ ওপৰত৷ ভাবিছিলোঁ কিয় ৰাখিছে এই কণমানিহঁতক হোষ্টেলত৷ এদিন গম পালোঁ হোষ্টেলটোৰ লৰা ছোৱালীবোৰৰ প্ৰায়ভাগৰে ঘৰ অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চলত৷ য’ত যাতায়ত ব্যবস্থা অতি পিছপৰা৷ দিনটোত চলাচল কৰা মাত্ৰ এখন চৰকাৰী বাছেই সৰ্বসাধাৰণৰ বাবে যাতায়াতৰ সম্বল৷ এনে দুৰ্গম অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰখন কেনে হব সেয়া সহজেই অনুমেয়৷ সেয়ে এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সন্তানক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ নিকটতম আৱাসীক বিদ্যালয় হিচাপে এই বিদ্যালয়খনতেই অভিভাৱকসকলে নিজৰ সন্তানৰ নাম ভৰ্তি কৰেহি৷ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ আশাত৷

দেওবাৰ দিনটো কণমানিহঁতৰ বাবে অতি হেঁপাহৰ৷ হোষ্টেলৰ চৌপাশ মুখৰ হৈ থাকে সিহঁতৰ চিঞৰ বাখৰত৷ দহ মান বজাৰ লগে লগেই গোটেইজাকে সমুখৰ বাটটোত জঁপিয়াই জঁপিয়াই নিৰ্দিষ্ট বাছখন অহালৈ অপেক্ষা কৰি থাকে৷ বাছখন অহা অলপ পলম হ’লেই হোষ্টেলৰ ডাঙৰ লৰা ছোৱালীবোৰৰ হাতত ধৰি কণমানি কেইটাই অলিমূৰলৈ গৈ ডিঙি মেলি মেলি বাছখন অহালৈ ৰৈ থাকে৷ কাৰণ দেওবাৰে সিহঁতৰ মাক বা দেউতাক আহে দেখা কৰিবলৈ৷ তেওঁলোকৰ সকলোৰে হাতত থাকে একোটা ফিন্দ খাই থকা মোনা৷ মোনাটোত থাকে ঘৰৰ পৰা দি পঠিওৱা সন্তানৰ এসোপা প্ৰিয় বস্তু আৰু বুকুত থাকে এবুকু ফিন্দ খাই থকা মৰম৷ দিনটো সন্তানৰ লগত কটাই পুনৰ সেই নিৰ্দিষ্ট বাছখনতে আবেলি মাক দেউতাকসকল উভতি যায়৷ কণমানিহঁতে আলিমূৰলৈকে আগবঢ়াই থৈ আহেগৈ মাক দেউতাকক৷ ঘূৰি ঘূৰি চাই ৰয় উভতি যোৱা মাক দেউতাকলৈ৷ সেই মুহূৰ্তৰ পৰাই সিহঁতৰ অপেক্ষা আৰম্ভ হয় আগন্তুক দেওবাৰটোলৈ৷ দেওবাৰৰ আবেলিবোৰ সিহঁত নানাৰঙী পখিলা এজাক হৈ হোষ্টেলৰ সমুখৰ চোতালখনত এৰাল ছিগা ছাগলী পোৱালিৰ দৰে জঁপিয়াই ফুৰে৷ খেলি থকাৰ মাজতে কোনোবাটো পৰি দুখ পালে চিঞৰি চিঞৰি কান্দে৷ লগৰবোৰে আহি নিচুকাই কিন্তু তাৰ কান্দোন শাম নাকাটে৷ সমনীয়া সকলো তাক এৰি পুনৰ খেলাত মগ্ন হয় আৰু সি একেঠাইতে ৰৈ কান্দি কান্দি এসময়ত নিজেই নিশ্চুপ হৈ পৰে৷ মনত চাগে সি কিমান আঘাত পায়৷ সিয়ো বুজি উঠে তাক নিচুকাবলে, তাৰ আঘাতত মৰমৰ পৰশ দিবলে তাৰ কাষত কোনো নায়৷ এনেদৰেই নিজকে নিজেই সান্তনা দিয়াৰ কলা কণমানিহঁতে সৰুৰেপৰাই আয়ত্ত কৰি লয়৷ বিহু পূজাৰ বন্ধবোৰেও সিহঁতৰ বাবে কেতিয়াবা বিষাদ কঢ়িয়াই আনে৷ এনে বন্ধবোৰত যদি কেতিয়াবা কোনোবাটোৰ অভিভাৱক আহিব নোৱাৰে তেতিয়া বন্ধৰ দিনকেইটা হোষ্টেলতেই কটাব লগা হয় সি বা তাই৷ যোৱাবছৰ দুৰ্গা পূজাৰ বন্ধত অভিভাৱক আহিব নোৱাৰাত কণমানি ছোৱালী এজনীয়ে বন্ধৰ পাঁচটা দিন অকলেই হোষ্টেলটোৰ পৰিচাৰিকাৰ সৈতে কটাব লগা হল৷

ৰাতি কেতিয়াবা ধুমুহা আহিলে ভাবোঁ মোৰেই দেখোন ভয় লাগিছে, ইহঁতবোৰ কেনেকৈ আছে বাৰু অকলে অকলে বিছনাখনত পৰি! ভয় হয়তো সিহঁতৰো লাগে৷ কিন্তু- এদিন ৰাতি বৰ ডাঙৰ ধুমুহা বৰষুণ আহিল৷ চাৰিওফালে গছ গছনি ভঙাৰ শব্দ৷ বতাহে মুধচৰ টিং উৰুৱাই থেকেচি পেলোৱাৰ শব্দ৷ হুক মাৰি থোৱা দুৱাৰ খিৰিকীবোৰো বতাহৰ কোবত খুলি পৰো পৰো হৈছে৷ বাহিৰৰ লগতে ঘৰৰ ভিতৰটো এক আতংকময় পৰিবেশ৷ ৰাতিপুৱা সাৰ পায়েই খিৰিকীখন খুলি দেখোঁ স্কুলখন ধুমুহাই তেনেই মোহাৰি থৈ গৈছে আৰু ভঙা স্কুলখনলৈ চাই চাই দুখমনেৰে ৰৈ আছে কণমানি দুটামান৷ দুজনমান বনুৱাই হাউলি পৰা খুটা বেৰবোৰ পোনাবলৈ চেষ্টা কৰি আছে৷ কিছু সময় বনুৱাকেইজনৰ কাম চাই থকাৰ পিছত কণমাণিকেইটাই কি জানো ভাবিলে, আটাইকেইটাইপৰি থকা টিং এখন একেলগে ধৰি চোঁচৰাই আনি বনুৱাকেইজনৰ কাষত থলেহি৷ বনুৱাকেইজনে বাধা দি থকা সত্ত্বেও সিহঁতে অ’ত ত’ত পৰি থকা বাঁহ কাঠবোৰ কেঁকোজেকোকৈ চোঁচৰাই চোঁচৰাই আনি এঠাইত গোট খুৱালে৷

হয়তো মৰমৰ স্কুলখনৰ বিধ্বস্ত ৰূপটোৱে সিহঁতৰ অকণি অকণি মনবোৰ ব্যথিত কৰি তুলিছিল৷ কণমাণিকেইটাৰ স্কুলখনৰ প্ৰতি থকা আন্তৰিকতা আৰু দায়িত্ববোধ দেখি মনটো সন্তোষেৰে ভৰি পৰিল৷ আশা কৰিলোঁ সিহঁতৰ এই আন্তৰিকতা আৰু দ্বায়িত্ববোধ যেন সদায় একেদৰেই থাকে৷ সৰুৰেপৰাই কিমান আত্মনিৰ্ভৰশীল হৈ উঠে ইহঁত! দৈনন্দিন জীৱনৰ বহু কাম বহু সৰুতেই শিকি পেলাই ইহঁতে৷ নিজৰ বয় বস্তু চম্ভালিবলৈ শিকে, নিজকে চম্ভালিবই শিকে৷ আৰু শিকিবই লাগিব৷ কাৰণ কোনোবাই সিহঁতক চম্ভালিবলৈ, সিহঁতৰ কিতাপখন বা পোচকযোৰ সামৰি সুতৰি থবলৈ, ভাগৰে হেঁচা মাৰি হাউলাই নিয়া মূৰটো কান্ধ পাতি লবলৈ সিহঁতটো আৰু ঘৰত নাথাকে! অকলে থাকে সিহঁত৷

সিহঁতৰ বাৰু মন নাযায়নে ঘৰত থকা সমনীয়াসকলৰ দৰে মাক দেউতাকৰ সৈতে ফুৰিবলৈ, আবেলি ডৰেমন বা চ’টা ভীম চাবলৈ, মন গলেই চিঞৰি বাখৰি গোটেইখন তাল ফাল লগাবলৈ৷ আজি পঢ়িবলৈ মন যোৱা নাই নপঢ়োঁ বুলি আকোঁৰগোজ হৈ থাকিবলৈ৷ খাবলৈ মন যোৱা বস্তু এটা খাবলৈ৷ যায়৷ সিহঁতৰো মন যায়৷ ঘৰুৱা মুকলি পৰিৱেশ এটাত নিজৰ খেয়াল খুচি মতে মুক্ত বিহগৰ দৰে দিনবোৰ পাৰ কৰিবলৈ সিহঁতৰো মন যায়৷ কিন্তু সময়ৰ আহ্বানক সঁহাৰি জনাই জীৱন গঢ়াৰ বাটেৰে বাট বুলিবলৈ সিহঁত যে বাধ্য৷ অসুখ হলে কেনেকৈ থাকে বাৰু সিহঁত৷ মাকলৈ চাগে খুব মনত পৰে তেতিয়া৷ অসুখীয়া দেহাটোৰে পাৰে জানো হোষ্টেলৰ নীৰস ভাত কেইটা খাব! খাবলৈ মন নগলেও মৰমেৰে খুৱাই দিবলৈতো কোনো নাথাকে৷ ৰাতি চাগে মাকৰ হাতখন, বুকুখন বিচাৰি হাঁহাকাৰ কৰি উঠে কণমানি প্ৰাণটোৱে৷

এই যে পাঁচ ছবছৰ বয়সতে যি এবাৰ সিহঁত ঘৰৰ পৰা ওলায় বহুতৰে আৰু ঘৰ সোমোৱা নহয়গৈ৷ শিক্ষা জীৱনৰ প্ৰতিটো ডেওনা এখোপ এখোপকৈ উধাই গৈ থাকোঁতে বহু তলত ৰৈ যায় সিহঁতৰ আপোন ঘৰখন৷ ঘৰখন ঘৰৰ ঠাইতেই ঘৰ হৈ থাকি যায়৷ কিন্তু সিহঁতৰ ’ঘৰ’ সলনি হৈ থাকে, হৈয়েই থাকে৷ এদিন সিহঁতে নিজাকৈ এখন ঘৰ বান্ধে৷ হয়তো কোনোবাই সিহঁতৰ নতুন আৰু পুৰণি ঘৰখনৰ মাজৰ আঁতডাল ধৰি ৰাখে আৰু কোনোবাই সময়ৰ বাট বোলোতে বোলোতে বাটতে আঁত হেৰুৱায়৷ এৰাসুঁতি হৈ পৰি ৰয় জন্মহোৱা ঘৰখন৷ জীৱনৰ দোকমোকালিতে ঘৰৰ পৰা ওলাই অহা এই ল’ৰা-ছোৱালীবোৰে গম পায়নে পৰিয়াল কি, পৰিয়ালৰ বান্ধোন কি, সহোদৰ কি, আত্মীয় কি, আত্মীয়তা কি৷ সিহঁতৰোনো দোষ কি৷ সিহঁতক এইবোৰ কথা জানিবলৈ বুজিবলৈ সুযোগেই দিয়া নহয় দেখোন৷ সিহঁতে যি বাটেৰে আগুৱাই গৈ থাকে সেই বাট সৰুতেই নিৰ্ধাৰিত কৰি দিয়া হয় সিহঁতৰ বাবে৷ সেই পথেৰে কেৱল আগুৱাবহে পাৰি৷ উভতি চাব নোৱাৰি৷ জীৱনৰ অৰ্ধেক সময় হোষ্টেলত কটাওঁতে সিহঁতৰ বাবে হোষ্টেলখনেই হৈ পৰে সিহঁতৰ ঘৰ, আৱাসীসকল হৈ পৰে আত্মীয়৷ সেই আত্মীয়তাৰে বন্ধু বান্ধৱীবোৰ হৈ পৰে সিহঁতৰ সহোদৰসম৷

অকপটে ক’ম প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এবাৰ হলেও হোষ্টেলীয়া জীৱনৰ স্বাদ লব লাগে৷ খাই চাব লাগে এসাজ হলেও হোষ্টেলীয়া ভাত৷ নীৰস বা সুস্বাদু যিয়েই নহওক হোষ্টেলৰ ভাত সাঁজৰ সোৱাদ আৰু ক’তোৱেই পোৱা নাযায়৷ হোষ্টেলেই দিয়ে জীৱনৰ অনন্য অভিজ্ঞতা৷ হোষ্টেলে মৰম শিকায়, জীৱন শিকায়, জীৱলে শিকায়, জীয়াবলে শিকায়৷ জীৱনৰ যিকোনো পৰিস্থিতিক ধৈৰ্য্যৰে সাহসেৰে মুখামুখি হবলৈ শিকায়৷ যিবোৰ কথা ঘৰত থাকি শিকা নেযায় সেয়া আমাক হোষ্টেলে শিকায়৷ এখন বহল সমাজৰ ক্ষুদ্ৰ প্ৰতিৰূপেই হৈছে হোষ্টেল৷ যত বিভিন্ন সংস্কৃতি পৰম্পৰাৰ আদান- প্ৰদান আৰু সংমিশ্ৰণে আবাসীসকলৰ জ্ঞানক চহকী কৰে৷ তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে৷ ঘৰুৱা পৰিবেশত বিকশিত হবলৈ সুযোগ নোপোৱা বহু সুপ্ত প্ৰতিভা হোষ্টেলৰ মুকলি আৰু বন্ধুত্বপূৰ্ণ পৰিবেশত বিকশিত হয়৷ ঘৰুৱা অনুশাসনত চেপা খাই থকা অন্তৰমুখী শিশুহঁতৰ মৌনতাই ঢাকি ৰখা প্ৰতিভা আৰু দক্ষতা লগৰীয়া তথা কোনো উৎসাহী শিক্ষকৰ চেনেহপূৰ্ণ সান্নিধ্যত অকল্পনীয়ভাৱে বিকশিত হয়৷ আমিৰ খানৰ “তাৰে জামিন পৰ“ নামৰ চিনেমাখন আমি প্ৰায় সকলোৱে চাইছোঁ৷ শিশু মনস্তত্ত্বৰ সূক্ষ্ম অনুভূতিক বিশ্লেষণাত্মকৰূপত চিত্ৰায়িত কৰা চিনেমাখন প্ৰতিগৰাকী পিতৃ-মাতৃ তথা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে শিশু মনস্তত্ত্বৰ এখন বিদ্যালয়স্বৰূপ৷ চিনেমাখনত ঘৰে বাহিৰে সকলোৱে অকৰ্মণ্য, বিদ্যায়তনিক দিশত দুৰ্বল বুলি স্বীকৃতি দিয়া ঈশান নামৰ অন্তৰমুখী ল’ৰাটোৰ ভিতৰত সুপ্ত হৈ থকা চিত্ৰকলাৰ যাদুকৰী প্ৰতিভা ৰাম শংকৰ নিকুম্ভ নামৰ শিক্ষকজনৰ মৰম আৰু উৎসাহী সান্নিধ্যত কেনেদৰে বিকশিত হল সেয়া খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে৷

পুনৰ ঘূৰি আহোঁ এই কণমানিহঁতৰ ওচৰলৈ৷ হোষ্টেলীয়া জীৱনৰ ইমানবোৰ ধনাত্মক দিশ থকা সত্ত্বেও, হোষ্টেলীয়া জীৱনক অকপটে স্বীকাৰ কৰা স্বত্বেও অন্তঃকৰণেৰে বিচাৰিম জীৱনটো দুপতীয়া হবলৈ নৌপাওঁতেই কোনো শিশু যাতে নিজ ইচ্ছাৰ বিপৰীতে হোষ্টেলৰ বাসিন্দা নহয়৷ সিহঁতৰ খোজবোৰে মাটিত ভালদৰে খোপনি পুতিবলৈ শিকাৰ আগতেই ঘৰখনৰপৰা যাতে আঁতৰি আহিবলগীয়া নহয়৷ মাক দেউতাকৰ মৰম আৰু নিৰাপত্তাৰ ডেউকাৰ তলতে সিহঁতৰ শৈশৱ পাৰ হওক৷ সেয়ে পৃথিৱীৰ প্ৰতিটো চুকতে শিশুসকলে যাতে নিজ ঘৰৰ পৰাই জ্ঞানৰ সোণালী বাটত খোজ ৰাখিব পাৰে তাৰবাবে প্ৰতিটো শিশুৰে ঘৰ আৰু বিদ্যালয়ৰ মাজৰ বাট চমু হওক৷ হৃদয়ৰ সমস্ত সততা আৰু প্ৰাৰ্থনাৰে কামনা কৰিম যি উদ্দেশ্যেৰে এই কণমানিহঁতে জীৱনটো আৰম্ভ কৰাৰ পূৰ্বেই হোষ্টেলৰ বাসিন্দা হৈছেহি, সেই উদ্দেশ্যত যাতে সফলতাৰে উপনীত হব পাৰে৷ সন্ধিয়াৰ আকাশৰ তৰা লেখি বিভোৰ হৈ ৰোৱা সন্ধিয়াবোৰত হোষ্টেলৰ নিয়মৰ মাজত আবদ্ধ হৈ পৰা কণমানিহঁত উজ্জ্বলি উঠক ধৰাৰ বুকুত একোটি সোণালী তৰা হৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments