যৈচন গগন বিয়পি ( দীপাংকৰ ভাগৱতী)

গ্ৰন্থালোচনা : যৈচন গগন বিয়পি ৷ দীপাংকৰ ভাগৱতী

গ্ৰ্ন্থ আলোচনা – যৈচন গগন বিয়পি
লেখক : ড: লক্ষ্মীনন্দন বৰা
প্ৰ্থম প্ৰকাশ : জুন, ২০১০
প্ৰ্কাশক:সাহিত্য প্ৰকাশ
মূল্য : ১০৫ টকা
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ জীৱনীভিত্তিক উপন্যাস ক্ৰমে “যাকেৰি নাহিকে উপাম” আৰু “সেই গুণনিধি”ৰ যোগেদি অভিলেখৰ সৃষ্টিকৰা ড: লক্ষ্মীনন্দন বৰাদেৱৰ “যৈচন গগন বিয়পি” উপন্যাসখন শ্ৰী গোপালদেৱৰ জীৱন বৃত্তান্তৰ ওপৰত আধাৰিত | গুৰু দুজনাৰ আধৰুৱা কামবোৰ সুচাৰুভাৱে সমাপনকৰি যোৱা বৰপেটাৰ ভৱানীপুৰ সত্ৰৰ প্ৰতিস্থাপক ’গোপাল আতাৰ’ জীৱনধাৰা, চিন্তাধাৰাৰ সুন্দৰ আলোকপাত দেখা যায় উপন্যাসখনত |

কামেশ্বৰ ভূঞা আৰু বজ্ৰাংগীৰ একমাত্ৰ দৈৱকান্তি পুত্ৰ ’গোপালে’ আহোম স্বৰ্গদেও চুখামখাৰ পুত্ৰলাঙী কোঁৱৰক হাতীৰে সৈতে টানি নি পেলাই দি আহোম ৰজাৰ ৰোষতপৰে | গতিকে ৰাজদণ্ডৰ পৰা বাছিবলৈ গোপাল মাক- দেউতাকৰ লগত পলাই আহি বিভিন্ন ঠাইত খোপনি পাতি শেষত বৰপেটা আহি ওলায় | ঈশ্বৰপ্ৰদত্ত কিছুমান গুণৰঅধিকাৰী গোপালে সহজতে মোহিত কৰে সকলোকে |
শংকৰ গুৰুৰ সান্নিধ্যলৈ আহিতেওঁ লাভ কৰে জীৱনৰ মহান অৰ্থ | অৱশ্যে গুৰুজনাক গুৰু ভজাৰ আগতে মহাপ্ৰয়ান হোৱাত শ্ৰীমাধৱদেৱৰ শিষ্যত্ব গ্ৰহন কৰে | গোপাল আতাৰ আধ্যাত্মিকআৰু সাংসাৰিক জীৱনৰ মাজত চলা অন্তৰ্দ্বন্দ্ব সুন্দৰভাৱে পৰিস্ফুত হৈছে বৰাদেৱৰ কলমৰ মাজেৰে | মুলত: গোপাল আতাৰ জীৱণ পৰিক্ৰমাক লৈ লিখা এই উপন্যাসখনিত মহাপুৰুষ শ্ৰীশংকৰদেৱৰ মহাপ্ৰয়ানৰ পিছত বৈষ্ণৱ ধৰ্মই সন্মুখিন হোৱা বিপদ-আপদ , ধৰ্মপ্ৰচাৰত ৰজাৰ বিধিপঠালি আদিৰ বৰ্ণনা সুন্দৰকৈ উপস্থাপন কৰা হৈছে |
কাহিনীৰ সমান্তৰালকৈ লিখকে গোপাল আতাৰ ৰচিত “ঘোষা পদ” বোৰো উল্লেখ কৰিছে যিবোৰ হয়তো গোপালআতাৰ দ্বাৰা ৰচিত বুলি পঢ়ুৱৈ অপৰিচিত | ধৰ্ম, ঘোষাপদ, সাংসাৰীক জীৱন আৰু আধ্যাত্মিক জীৱনৰ আলোকপাতত সাৱলীলভাৱে আগবাঢ়ি গৈছে উপন্যাসৰ কাহিনী য’ত বিচাৰি পোৱা যায় নাম ধৰ্মৰ বিষয়ে অফুৰন্ত সমল | মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নামধৰ্মৰ আতা বোৰৰ বিষয়ে জানিবলৈ অনু:সন্ধিত্সু পাঠকৰ বাবে “যৈচন গগন বিয়পি” সুখপাঠ্য হ’ব |

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

Krishna.

Very fine review of a sublime Book by দীপাংকৰ ভাগৱতী Thanks to him.
Yes, the Lives of the Saints of the Sankaradeva Movement must now be taken up by the writers of Assamese literature. We should not let posterity forget the contributions of these great Saints who had risked their all – including even their own lives, unhesitatingly- to bring the Ideology of Love (for all creatures, whether tongued or dumb) before the people in those dark and benighted times of our history when the narrowest, cruelest and most brutish minds were subjecting mankind to the most ruthless oppression ever let loose on this planet. But for these Saints of heroic virtue, the medieval ages would have been really dark in Assam. But, alas, why is it that we feel that their sublime lives have been all but left untouched by our writers and men of literature? How could the lives and times of those heroic souls Who had given their to-day for our tomorrow, not form the theme of our novels, dramas, poetry and prose? Why no TV serials, movies and stage adaptations?
“Everything that is done in the world is done by hope” [Martin Luther]
We hope.