যোগাত্মক চিন্তা (অঞ্জল বৰা)

যোগাত্মক চিন্তা:
অঞ্জল বৰা


কোনো এটা কাম কৰিবলৈ বা সেই কামটোক আগবঢ়াই নিবলৈ আমাক প্ৰথম প্ৰয়োজন যোগাত্মক চিন্তাৰ৷ আমাৰ হাতত একো নাথাকিলেও আমাৰ যোগাত্মক চিন্তাৰ দ্বাৰাই আমি কামটোৰ ৮০% সম্পন্ন কৰিব পাৰোঁ৷ বহু সময়ত দেখা যায়, ভুল হ’ব নেকি, নহ’বনেকি, হ’ব পাৰে আদি কিছুমান শব্দৰে আগবঢ়া কাম এটাকলৈ আমি সন্দিহান হৈ পৰোঁ৷ কিবা এটা বিষয়ৰ ওপৰত যেতিয়া আলোচনা হৈ থাকে তেতিয়া প্ৰায়ে দেখা যায় আন এজনে সম্পূৰ্ণ বিপৰীত এটা দিশ দাঙি ধৰে৷ বাস্তৱ ক্ষেত্ৰত তাৰ অস্তিত্ব থাকিবও পাৰে৷ কিন্তু বহু সময়ত আমাৰ যোগাত্মক চিন্তাৰ বাবে সেই ঋণাত্মক দিশবিলাক তল পৰি থাকে৷ এনেদৰেই এজন মানুহ, এটা গোট, এটা সংস্থা আগবাঢ়ি যাবলৈ সাহস পায়৷ কিন্তু এজন মানুহৰ এটা ঋণাত্মক চিন্তাই বা এটা মন্তব্যই ৮০% হৈ উঠা এটা কামটো ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে৷ উদাহৰণ স্বৰূপে কোনোবাই যদি আপোনাক কয় “ইউনিক’ডত লিখা উচিত, লিখিলে এনে বিলাক সুবিধা হয়, আমি অমুক-তমুক কৰিব পাৰিম৷” তেতিয়া আমাৰ প্ৰধান উদ্দেশ্য হ’ব লাগে তেওঁক উত্সাহিত কৰা আৰু নিজেও কৰাৰ বাবে আগবাঢ়ি অহা বা নিজে নোৱাৰিলে কোনো মন্তব্য নিদি মনে মনে থকা৷ কিন্তু তাকে নকৰি যদি আপুনি তেওঁক কয় “নহয়, ইউনিক’ডত নিলিখিলেও আমাৰ একো অসুবিধা নহয়, ইউনিক’ডৰ বাহিৰেও আমি অসমীয়া লিখিব পাৰিম, ইমানদিনেতো লিখিয়েই আছোঁ ইত্যাদি৷” তেতিয়া পূৰ্বৰ ব্যক্তিজনৰ মনত নিৰাশাই ধৰা দিব৷ যাৰ বাবে তেওঁ এজন নতুন ব্যক্তিক ইউনিক’ডৰ ভাল দিশবোৰৰ বিষয়ে ক’বলৈ সংকোচ কৰিব৷ এনে ঋণাত্মক চিন্তাই কেৱল নিজকে ক্ষতি নকৰে আমাৰ উত্তৰণতো বাধা জন্মায়৷

হাতত একো নাথাকিলেও যোগাত্মক চিন্তাৰে কি দৰে এটা ডাঙৰ সফলতা লাভ কৰিব পাৰি তলৰ অনুবাদিত কাহিনীটোৱেই প্ৰমাণ কৰে-

দেউতাক: “মই তোমাৰ বাবে মোৰ পছন্দৰ এজনী ছোৱালী বিয়া কৰাই আনিব বিচাৰোঁ৷”
পুত্ৰ: “মই নিজেই মোৰ পত্নী পছন্দ কৰিম!”
দেউতাক: “কিন্তু ছোৱালীজনী হৈছে বিল গ্ৰেইটচৰ জীয়েক৷”
পুত্ৰ: “ঠিক আছে, এনে ক্ষেত্ৰত মোৰ আপত্তি নাই৷”

পৰৱৰ্তী – দেউতাকে বিল গ্ৰেইটচক লগ ধৰিলে৷
দেউতাক: “মোৰ ওচৰত আপোনাৰ ছোৱালীক বিয়া কৰাব পৰা এজন ল’ৰা আছে৷”
বিল গ্ৰেইটচ: “কিন্তু মোৰ ছোৱালীজনীক বিয়া দিবলৈ এতিয়াও বয়স হোৱা নাই!”
দেউতাক: “কিন্তু সেই ডেকা ল’ৰাজন বিশ্ব বেংকৰ উপ-মহাপ্ৰবন্ধক৷”
বিল গ্ৰেইটচ: “ঠিক আছে, এনে ক্ষেত্ৰত মোৰ আপত্তি নাই৷”

শেষত দেউতাকে বিশ্ব বেংকৰ মহাপ্ৰবন্ধকক লগ ধৰিবলৈ গ’ল৷
দেউতাক: “মোৰ হাতত বিশ্ব বেংকৰ উপ-মহাপ্ৰবন্ধক হ’ব পৰা এজন যোগ্য ডেকা ল’ৰা আছে৷”
মহাপ্ৰবন্ধক: “কিন্তু মোৰ লগত ইতিমধ্যে প্ৰয়োজনতকৈ অনেক উপ-মহাপ্ৰবন্ধক আছে!”
দেউতাক: “কিন্তু সেই ডেকা ল’ৰাজন বিল গ্ৰেইটচৰ জোৱায়েক৷”
মহাপ্ৰবন্ধক: “ঠিক আছে, এনে ক্ষেত্ৰত মোৰ আপত্তি নাই৷”

এইটোৱেই হৈছে কোনো এটা কাম সম্পন্ন হোৱাৰ যোগাত্মক চিন্তা৷ আমি আমাৰ হাতত কি নাই বা আমি কি ভুল কৰিছোঁ সেইখিনিক লৈ সমালোচনা কৰি নিজৰ সময় নষ্ট কৰাতকৈ আলোচনা কৰি আমি আৰু কি কৰিব পাৰোঁ তাৰেই অন্বেষণত আগবাঢ়ি গ’লে আমি হাতত নথকা কিবা এটাকো এদিন আলাসতে লাভ কৰিব পাৰিম৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক