যোগাত্মক দৃষ্টিভংগীয়েহে গ্ৰন্থ আন্দোলনৰ ভেটি সুদৃঢ় কৰিব (ময়ূৰ বৰা)

সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্যখনত আন্দোলনৰ কথা শুনিলেই অধিকাংশ মধ্যবিত্ত মানুহৰ মনলৈ নামি আহে এক বিৰক্তি আৰু বিষণ্ণতাৰ ভাব। এই হতাশাৰ জন্ম কিন্তু আন্দোলনবিলাকৰ দাবীসমূহৰ ন্যায্যতাৰ দুৰ্বলতাৰ বাবে হোৱা নাই। জন্ম হৈছে অধিকাংশ আন্দোলনৰ আশানুৰূপ ফল নেদেখি সৃষ্টি হোৱা নিৰাশজনক পৰিস্থিতিৰ কোবাল চাকনৈয়াত। স্বৰাজোত্তৰ কালৰ অসমৰ ইতিহাস আন্দোলনকেন্দ্ৰিক চিন্তা-চৰ্চা আৰু কাৰ্যক্ৰমণিকাৰে পৰিপূৰ্ণ। অত্যন্ত দুখজনকভাৱে অধিকাংশ সৰ্বসাধাৰণ ৰাইজৰ অকুণ্ঠ সহযোগিতা আৰু দাবীসমূহৰ যুক্তিযুক্ততা থকা সত্ত্বেও প্ৰায়বোৰ আন্দোলনৰে ফলাফল আশাব্যঞ্জক নহয়। অসমৰ গৰিষ্ঠসংখ্যক আন্দোলনৰে শক্তিশালী নেতৃত্ব প্ৰদান কৰি ৰাইজৰ মনত আস্থা আৰু প্ৰত্যয় জন্মাবলৈ সক্ষম হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ পাছৰ কালছোৱাৰ কৰ্মপ্ৰণালীয়ে সমানুপাতিকভাৱে সফলতা লাভ কৰা নাই। এই সমগ্ৰ প্ৰক্ৰিয়াৰে এক সামুদায়িক আৰু নিৰ্মোহ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে, অন্যথা আন্দোলনৰ প্ৰতি মানুহৰ বিৰাগ বৃদ্ধি পাব আৰু ইয়াৰ ফলত লাভৱান হ’ব কেৱল ৰজাঘৰ।
সাধাৰণতে আন্দোলন বুলি ক’লে অসমৰ ৰাইজে যদিও ভাষা, মাধ্যম বা বিদেশী বিতাড়ন আন্দোলনৰ কথা সততে বুজে, কিন্তু তাৰ একে সময়তে অসমত এক ভিন্নধৰণৰ আন্দোলন আশীৰ দশকত গঢ় লৈ উঠিছিল ৷ সেয়া আছিল গ্ৰন্থ আন্দোলন ৷ ১৯৮৪ চনত অসম আন্দোলনৰ ভৰপকৰ সময়ত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা জজফিল্ডত আয়োজিত প্ৰথম গুৱাহাটী গ্ৰন্থমেলাই তেনে এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছিল ৷ খুব কম সময়তেই জনপ্ৰিয় হৈ পৰা গ্ৰন্থমেলাৰ আন্দোলনে গোটেই অসমতে বিয়পি পৰিছিল ৷ কিতাপৰ প্ৰতি মানুহৰ মনত জন্ম লৈছিল এক সুতীব্ৰ আকৰ্ষণ ৷ ভালেমান নতুন লেখক-লেখিকা তথা প্ৰকাশন সংস্থাৰ আবিৰ্ভাৱে অসমৰ বৌদ্ধিক জগতত যোগাত্মক খলকনিৰ সৃষ্টি কৰিছিল ৷ নব্বৈৰ দশকৰ আৰম্ভণিলৈকে সেই আন্দোলনৰ ইতিবাচক প্ৰভাৱে কেবল অসমীয়া লেখক, প্ৰকাশক বা পঢ়ুৱৈৰ মাজতেই নহয়, বৰং সমগ্ৰ জনজীৱনক জ্ঞানবৰ্ধক আৰু সুস্থ জীৱনবোধবৰ্ধক উপাদানেৰে সমৃদ্ধ কৰিছিল ৷ অসমৰ সাহিত্য জগতত আজিও তাৰ প্ৰভাৱ আছে যদিও বিভিন্ন কাৰণত পূৰ্বৰ তুলনাত এই প্ৰভাৱ কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে গ্ৰন্থৰ মনোৰম জগতলৈ নামি অহা এই প্ৰত্যাহ্বান কেৱল অসমৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, বৰঞ্চ ইংৰাজীকে আদি কৰি পৃথিৱীৰ সকলো ভাষা-সাহিত্যই কম-বেছি পৰিমাণে ইয়াৰ সন্মুখীন হৈছে ৷ প্ৰত্যাহ্বান আহিছে মূলতঃ আধুনিক প্ৰযুক্তিৰ দুই মূল শক্তিশালী প্ৰতীক টেলিভিছন আৰু ইণ্টাৰনেট সেৱাৰ পৰা ৷ আজিৰ যুগত মানৱ জীৱনত এই দুই সেৱাৰ প্ৰভাৱ যথেষ্ট গভীৰ আৰু বহুক্ষেত্ৰত প্ৰয়োজনীয়ও ৷ কিন্তু নৱপ্ৰজন্মৰ বহুতৰে হাতত সেই ‘প্ৰয়োজনীয়’ আৰু ‘অপ্ৰয়োজনীয়’ উপাদানৰ মাজৰ সীমাৰেখাডাল ধূসৰিত হৈ পৰা বাবে গ্ৰন্থৰ জগতখন নিশ্চয়কৈ ক্ষতিগ্ৰস্ত হৈছে ৷
অৱশ্যে সকলো দোষ নৱপ্ৰজন্মৰ ফালে ঠেলিব খোজা প্ৰৱণতাও সমৰ্থনযোগ্য নহয় ৷ কাৰণ আমাৰ সমাজৰ বহুতো মাজবয়সীয়া আৰু বয়সস্থ লোকৰ জীৱনতো টেলিভিছনৰ ঋণাত্মক ভূমিকা কম নহয় ৷ অপ্ৰিয় হ’লেও সত্য যে স্থূল জীৱনবোধ আৰু ভোগবাদী মানসিকতাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মহীয়ান কৰি নিৰ্মিত অধিকাংশ টিভি ছিৰিয়েলে আমাৰ বহুতৰে গ্ৰন্থৰ লগত থকা সম্পৰ্ক বিচ্ছিন্ন কৰিছে ৷ এই নেতিবাচক প্ৰৱণতাৰ কালধুমুহাৰ মাজত কোনো সংবেদনশীল কবিয়ে সংশয় ব্যক্ত কৰিছে টেলিভিছনৰ ৰিমোট বা কম্পিউটাৰৰ মাউচৰ ওপৰত ৷ বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সমগ্ৰ কিতাপৰ জগতখনৰ সন্মুখলৈ অৱধাৰিতভাৱে নামি আহিছে কিছু গুৰুত্বপূৰ্ণ সমস্যা বা প্ৰত্যাহ্বান ৷ কিন্তু ই এক সাময়িক বিচ্যুতিহে ৷ বিশেষকৈ ইংৰাজী, স্পেনিছ, ফৰাচী, জাৰ্মান আৰু আমাৰ ওচৰৰে বঙালী ভাষা-সাহিত্যৰ যোৱা কেইবছৰমানৰ ৰূপৰেখা অধ্যয়ন কৰিলে সেই ভাবক অধিক সুদৃঢ় কৰে ৷
আমাৰ দৃঢ় বিশ্বাস যে অসমীয়াৰ দৰে এটি পুৰণি, শুৱলা আৰু সমৃদ্ধিশালী ভাষাৰ ক্ষেত্ৰতো তথ্য-প্ৰযুক্তিগত বিকাশে আনি দিয়া উপাদানসমূহক threat হিচাপে গণ্য নকৰি opportunity হিচাপে ব্যৱহাৰ কৰিলে আমাৰ বৌদ্ধিক ভৱিষ্যত অধিক বৰ্ণিল আৰু আকৰ্ষণীয় হ’ব ৷ সুখৰ কথা, তেনে এক প্ৰৱণতা ইতিমধ্যে বহুতো ন লেখক-লেখিকাৰ মাজত সুন্দৰভাৱে পৰিলক্ষিত হৈছে ৷ পঞ্চাশৰ অনূৰ্ধ্ব বহুসংখ্যক অসমীয়া নিবন্ধকাৰ, গল্পকাৰৰে ফেচবুকৰ নিচিনা ছ’চিয়েল নেটৱৰ্কিং ছাইটত নিজৰ একাউণ্ট আছে ৷ মই আগ্ৰহেৰে লক্ষ্য কৰিছিলোঁ গ্ৰন্থমেলাৰ বতৰত তেওঁলোকে কিদৰে ফেচবুকৰ মাধ্যমত নিজৰ লগতে আন লেখকৰো প্ৰকাশ হ’বলগীয়া কিতাপৰ চমু বিৱৰণ দি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ বিশ্বৰ বিভিন্ন চুকে-কোণে বসবাস কৰা অসমীয়া ভাষা-সাহিত্যৰ গুণগ্ৰাহী পাঠকসকলে তাৰ ওপৰত নিজৰ মননশীল বক্তব্যৰে সমগ্ৰ প্ৰক্ৰিয়াটোৰে সৌষ্ঠৱ বৃদ্ধি কৰিছে ৷
আধুনিক প্ৰযুক্তিক অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বিকাশৰ বাবে প্ৰয়োগ কৰা এই প্ৰেৰণামূলক প্ৰক্ৰিয়াৰ গণ্ডীত অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ আৰু প্ৰতিষ্ঠিত সাহিত্যিক দুই এজনকৈ বন্দী হৈ পৰাটো নিতান্তই শুভ লক্ষণ ৷ উদাহৰণস্বৰূপে জনপ্ৰিয় অসমীয়া গল্পকাৰ দেৱব্ৰত দাসৰ কথা উনুকিয়াব পাৰি ৷ অসমীয়া গল্পৰ সৰলৰৈখিক বৰ্ণনাৰ একঘেয়ামী অতিক্ৰম কৰি যিকোনো বিষয়বস্তুক অভিনৱধৰণে উপস্থাপন কৰি বহু পাঠকৰ মন জয় কৰা দাসৰ ফেচবুকৰ একাউণ্টটোৱেই তাৰ এক প্ৰমাণ ৷ অতি কম দিনৰ ভিতৰতে লক্ষ্য কৰিছোঁ কিদৰে তেওঁৰ গুণমুগ্ধসকলে ‘গৰীয়সী’ বা ‘অসমীয়া খবৰ’ত তেওঁৰ প্ৰকাশিত বিভিন্ন ৰচনাৰ ওপৰত নিজৰ মতামত খোলাখুলিভাৱে ব্যক্ত কৰে ৷ গতিকে অসমীয়া গ্ৰন্থৰ নৱপ্ৰজন্মৰ পঢ়ুৱৈৰ সংখ্যা বিভিন্ন কাৰণত কিছু হ্ৰাস পাইছে যদিও সমান্তৰালভাৱে এক আন্দোলনো ঠন ধৰি উঠিছে ৷ অযথা হৈ-চৈ নকৰাকৈ গঢ় লোৱা এই আন্দোলনৰ বাবে অসমীয়া কিতাপ আৰু আগ্ৰহী পঢ়ুৱৈৰ হৃদয়ৰ মাজত পুনৰনিৰ্মাণ হৈছে এক সাঁকোৰ ৷ এই সাঁকোক সুদৃঢ় কৰিছে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত গ্ৰন্থমেলাসমূহে ৷ শীতৰ সেমেকা সন্ধিয়াত গ্ৰন্থমেলা বাকৰিত অজস্ৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ অগ্ৰহী উপস্থিতিয়ে তাকেই প্ৰতিপন্ন কৰে ৷
কিন্তু সাঁকো নিৰ্মাণৰ এই প্ৰক্ৰিয়াত নানান বাধা-বিঘিনি বা গতিৰোধক উপস্থিতিও তেনেই সেৰেঙা নহয় ৷ তেনে এক অপ্ৰয়োজনীয় গতিৰোধক দৃষ্টিগোচৰ হ’ল গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ হোৱাৰ পাছত ৰাজ্যৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যম এটাৰ দ্বাৰা প্ৰাইম টাইমত প্ৰচাৰিত এক আলোচনাৰ সময়ত ৷ আলোচনাটোৰ প্ৰথমাৱস্থাত ষ্টুডিঅ’ত উপস্থিত নৱপ্ৰজন্মৰ এক লেখিকাই কিদৰে ইংৰাজী মাধ্যমত পঢ়ি উঠিও অসমীয়া সাহিত্যৰ গতিশীল জলধিত ডুব মাৰি নিজে উপকৃত হৈছে তথা পঢ়ুৱৈ ৰাইজলৈও কিছু বিনম্ৰ প্ৰয়াস আগবঢ়াইছে, তাৰ বিষয়ে ব্যক্ত কৰিছিল ৷ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰ সকলোৱেই অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি সাংঘাতিকভাৱে অনীহাৰ ভাব প্ৰকাশ কৰাটো যে শুদ্ধ নহয় সেই কথা তেওঁ সুন্দৰভাৱে প্ৰকাশ কৰিছিল ৷ তথাপি এই কথা সত্য যে সামগ্ৰিকভাৱে চালে দেখা যায় অধিকাংশ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীৰ বাদে আন ভাষাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শন নকৰে ৷ গতিকে সেইসকল ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া সাহিত্য-সংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ স্বাৰ্থত কেতবোৰ ব্যতিক্ৰমধৰ্মী আৰু আকৰ্ষণীয় প্ৰচেষ্টা লোৱাৰ প্ৰয়োজন আছে ৷
আলোচনাটোত উপস্থিত থকা এক প্ৰতিষ্ঠিত আৰু অভিজাত গ্ৰন্থ প্ৰকাশক সন্থাৰ স্বত্বাধিকাৰীয়ে অসমীয়া গ্ৰন্থৰ বজাৰৰ ওপৰত আগবঢ়োৱা বাস্তৱসন্মত মতামত যথেষ্ট মনোগ্ৰাহী হৈছিল ৷ ভাল অসমীয়া গ্ৰন্থৰ সমাদৰ যে আজিও আমাৰ সমাজত অটুট আছে আৰু পঢ়ুৱৈ ৰাইজে যে আগ্ৰহেৰে তেনে গ্ৰন্থলৈ বাট চায়, সেই কথা তেওঁ দৃষ্টান্তসহকাৰে বুজাই দিছিল ৷ ভাৰতৰ বিভিন্ন স্থানত কাৰ্যনিৰ্বাহ কৰি আৰু বিশ্বৰ বিভিন্ন ঠাইৰ ভ্ৰমণৰ পৰা আহৰণ কৰা মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰোঁ যে যিকোনো ব্যৱসায়ৰ লগত জড়িত ব্যক্তি এজনে এনেয়ে কেতিয়াও নিজৰ ব্যৱসায় ভাল চলা বুলি নকয় ৷ সেয়া লাগে গ্ৰন্থৰ ব্যৱসায়ে হওক বা কাপোৰৰ ব্যৱসায়ে হওক৷ গতিকে অত্যন্ত বিনম্ৰভাৱে আগবঢ়োৱা গ্ৰন্থ প্ৰকাশকজনৰ পৰিশীলিত বক্তব্যই অসমীয়া গ্ৰন্থ অনুৰাগী সকলো ব্যক্তিকে সকাহ প্ৰদান কৰিছিল ৷
কিন্তু তাৰ পৰিৱৰ্তে উজনি অসমৰ এজন প্ৰখ্যাত সাহিত্যিক আৰু বাতৰি কাকতৰ নিয়মীয়া স্তম্ভ লেখকে উক্ত অনুষ্ঠানটোতে আগবঢ়োৱা কিছু বক্তব্যই হয়তো দৰ্শকক বিব্ৰত কৰিছিল ৷ প্ৰায়ে ‘যুদ্ধং-দেহি’ মনোভাৱেৰে টেলিভিছনৰ পৰ্দাত ওলোৱা সেই ব্যক্তিজনৰ বক্তব্যত ফুটি উঠা অসৌজন্য আৰু নেতিবাচক দৃষ্টিভংগী অৱশ্যে খুব নতুন বা আচৰিত হ’বলগীয়া নহয় ৷ কিন্তু গ্ৰন্থ প্ৰকাশক জনে এগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ এখন নতুনকৈ ওলাবলগীয়া উপন্যাসৰ প্ৰতি পঢ়ুৱৈ ৰাইজৰ আগ্ৰহৰ কথা কওঁতে সেই ব্যক্তিজন যেনেকৈ জাঙুৰ খাই উঠিছিল, সেয়ে হয়তো প্ৰতিপন্ন কৰে তেওঁৰ ঈৰ্ষাপৰায়ণতা আৰু হতাশগ্ৰস্ততাৰ কথা ৷ সুখৰ কথা যে বয়োজ্যেষ্ঠ অসমীয়া সাহিত্যিকৰ মাজত এনে উন্নাসিকতা আৰু পশ্চাদগামী চিন্তা-চৰ্চাৰে আক্ৰান্ত ব্যক্তিৰ সংখ্যা খুব বেছি নহয় ৷ ইতিবাচক চিন্তাৰে উদ্বুদ্ধ আমাৰ বয়োজ্যেষ্ঠ সাহিত্যিকসকলৰ উপদেশ আৰু আধুনিক প্ৰযুক্তিয়ে আগবঢ়োৱা কিছু উপাদানৰ সহযোগত কিতাপৰ গুণগত বৌদ্ধিক মান বৰ্তাই ৰাখি প্ৰয়োজন অনুসৰি কিছু ‘চমক’ সৃষ্টি কৰি হ’লেও আমি অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপটো নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থাপন কৰিব লাগিব ৷ ইয়াৰ অন্যথা অসমৰ আন আন্দোলন সমূহৰ নিচিনাকৈ গ্ৰন্থৰ আন্দোলনটোও স্তিমিত হ’বলৈ বেছি পৰ নালাগিব ৷
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments