যোগ অভ্যাস আৰু মাটি আখৰা – বেদব্ৰত বৰা

শেহতীয়াকৈ যোগ অভ্যাসৰ ওপৰত ভাৰতীয় মানুহে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ যোগ অভ্যাস জনপ্ৰিয় কৰিবৰ বাবে চৰকাৰীভাৱে যোগ দিৱস পতাৰো ব্যৱস্থা কৰা হৈছে৷ ফলশ্ৰুতিত সেই নিৰ্দিষ্ট দিনটোত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে চৰকাৰীভাৱে যোগ দিৱস পালন কৰি যোগ অভ্যাসৰ আখৰা কৰা হয়৷ এই নিতান্তই এক ভাল খবৰ৷ যোগৰ দ্বাৰা বহু ৰোগ আৰোগ্য লাভ কৰিব পাৰি৷ অৱশ্যে নতুনকৈ যোগতত্ত্ব বিশ্লেষকসকলে এই যোগ অভ্যাস ৰামদেৱৰ দ্বাৰা অধিক প্ৰণালীবদ্ধ আৰু জনপ্ৰিয় হ’ল বুলি ক’ব বিচাৰে৷

ভাৰতীয় ইতিহাস আৰু পৰম্পৰা পৰ্যালোচনা কৰি চালে এই কথা স্পষ্ট হয় যে হাজাৰ বছৰ পূৰ্বে ঋষি-মুনিসকলে যোগ অভ্যাস আৰু ধ্যানৰ দ্বাৰা অমৰত্ব লাভ কৰিছিল৷ অৰ্থাৎ নিয়মীয়াকৈ যোগ অভ্যাস কৰি দীৰ্ঘজীৱী হৈছিল৷ যোগৰ গুণাগুণ বখানি শেষ কৰিব নোৱাৰি৷ ব্যক্তিগতভাৱে আমিও যোগ বা শাৰীৰিক ব্যায়ামৰ ঘোৰ সমৰ্থক৷ ইয়াৰ দ্বাৰা শৰীৰত অতিৰিক্তভাৱে জমা হোৱা বিভিন্ন ধৰণৰ মেদ আৰু শক্তি ক্ষয় কৰিব পৰা যায়৷ যাৰ ফলত দেহত অতিৰিক্তভাৱে জমা হোৱা বিভিন্ন ৰাসায়নিক দ্ৰব্য ঘামৰ জৰিয়তে বাহিৰলৈ ওলাই আহি মানুহক নিৰোগী কৰি ৰখাত সহায় কৰে৷ সুস্থ শৰীৰৰ এটা মানুহৰ মানসিক অৱস্থাও যথেষ্ট সুস্থিৰ আৰু দৃঢ় হয়৷ সেই বাবেই নিয়মিত যোগ অভ্যাস কৰা লোকসকলে কৰা কাম নিখুঁত আৰু বাস্তৱসন্মত হয়৷

মানৱ সম্পদ উন্নয়নৰ বাবে নিয়মিত শৰীৰ চৰ্চাৰ অনুশীলন অত্যন্ত জৰুৰী বুলি বিশ্বৰ সকলো স্বাস্থ্য বিজ্ঞানীয়ে মত পোষণ কৰিছিল৷ এতিয়া কথা হ’ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত কৰাৰ পিছত জানো আমাৰ লোকসকলে নিয়মিতভাৱে যোগ অভ্যাস কৰিছে৷ চৰকাৰী হৈ-হাল্লা কৰি এটা দিন বিভিন্ন আসন প্ৰাণায়ম শিকোৱাৰ পিছত লোকসকলে এই ব্যৱস্থা আকোৱালি লৈছে নে নাই বা সঠিকভাৱে কৰিছে নে নাই সেই কথা নিৰীক্ষণ কৰাৰ কোনো অৱকাশ নাই৷ চৰকাৰে আন্তৰিকতাৰে এই কাম কৰিলে প্ৰতিখন বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত একোজনকৈ যোগ প্ৰশিক্ষক নিযুক্তি দিব পাৰে৷ ইয়াৰ দ্বাৰা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত একোটাকৈ যোগ শিক্ষকৰ পদ সংযুক্ত হ’ব আৰু বহু নিবনুৱা যুৱক-যুৱতী লাভান্বিত হ’ব৷

তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সৰু অৱস্থাতে ছাত্ৰ-ছাত্ৰীয়ে সঠিকভাৱে আৰু নিয়মীয়াকৈ যোগ অভ্যাস কৰি নিজৰ শৰীৰৰ গঠন দৃঢ় কৰিব পাৰে৷ কিন্তু দুখৰ কথাটো হ’ল চৰকাৰে এই ব্যৱহাৰিক দিশটো মুঠেও গুৰুত্ব প্ৰদান কৰা নাই৷ হৈ-চৈ আৰু প্ৰচাৰৰ বাবে যোগ দিৱস অনুষ্ঠিত কৰি এদিনতে চৰকাৰী দায়িত্ব সামৰি কোটি কোটি ৰাজহুৱা ধন অপব্যয় কৰিছে৷ এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মহঙা বতৰত চৰকাৰী ৰাজহ পানীত পেলোৱা কাৰ্যৰ উত্তৰ এদিন হ’লেও চৰকাৰে ৰাইজক নিশ্চয় দিব লাগিব৷

দ্বিতীয় বিষয়টো হ’ল যোগ অধ্যয়ন অকল ভাৰতীয় সংস্কৃতিৰ বা উত্তৰ ভাৰতৰ পৰম্পৰা নহয়৷ ৰামদেৱকে ধৰি কেবাজনো স্বয়ম্ভু যোগ প্ৰশিক্ষকে এয়া কেৱল উত্তৰ ভাৰতৰ সাংস্কৃতিক পৰম্পৰা বুলি দাবী কৰে যদিও তেওঁলোকে মনত ৰখা ভাল যে আমাৰ অসমৰ দৰে ৰাজ্যত কেবাশ বছৰ পূৰ্বে যোগ চৰ্চা চলিছিল বৰঞ্চ অধিক নিপুণভাৱেহে ইয়াৰ আখৰা চলিছিল৷ মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা সত্ৰীয়া নৃত্যৰ যি মাটি আখৰাত যোগৰ সকলোবোৰ দিশেই সামৰি লোৱা হৈছিল৷ গুৰুজনাৰ লগতে সত্ৰসমূহত এই মাটি আখৰাৰ চৰ্চা দীৰ্ঘদিনৰপৰা অব্যাহত আছে৷ অন্যহাতে যি সময়ত উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সংস্কৃত সাহিত্য চৰ্চা হোৱা নাছিল সেই সময়ত অসমৰ সংস্কৃত পণ্ডিতসকলে বিশেষকৈ মাধৱ কন্দলী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ দেৱ, অনন্ত কন্দলী, হৰিবৰ বিপ্ৰ আদি পণ্ডিতসকলে সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰি অসমীয়ালৈ অনুবাদ কৰিছিল৷ বাল্মীকিৰ মূল ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰাৰ কেবাশ বছৰ পিছতহে উত্তৰ ভাৰতত তুলসী দাসে সংস্কৃত ৰামায়ণ হিন্দীলৈ অনুবাদ কৰিছিল৷

অসমৰ সংস্কৃত পণ্ডিতে মূল ৰামায়ণৰ লগতে নিজৰ মৌলিক চিন্তা-চৰ্চাৰে প্ৰাদেশিক ভাষাৰ দ্বিতীয়খন অনুবাদ ৰামায়ণ সৃষ্টি কৰি ভাৰতীয় ইতিহাসত সোণালী আখৰেৰে নাম ৰাখি গৈছিল৷ শেহতীয়াকৈ ৰামদেৱৰ ভক্তই শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টি নামঘোষাতকৈ তুলুঙা মন্তব্য কৰা দেখা গৈছে আৰু এনে ইতিহাস বিকৃতকৰণৰ অপচেষ্টা দীৰ্ঘদিনৰপৰা এক হিন্দী বলয়ে অব্যাহত ৰাখিছিল৷ এই ষড়যন্ত্ৰ আৰু অভিসন্ধিৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ নাগৰিক সচেতন হোৱাটো নিত্যন্তই জৰুৰী৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments