যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু মোৰ অভিজ্ঞতা (অনামিকা চলিহা)

মাননীয় সম্পাদক মহোদয়,

সাহিত্য ডট অৰ্গ

গাঁৱৰ ধাইগৰাকীয়ে একো কৰিব নোৱাৰাত প্রসৱ-যন্ত্রনাত চটফটাই থকা দিলীপৰ ঘৈণীয়েকজনীক চাৰি কিল’মিটাৰ দূৰত থকা প্রাথমিক স্বাস্থ্য-কেন্দ্রলৈ লৈ যোৱা হ’ল। স্বাস্থ্য-কেন্দ্রত থকা কমপাউণ্ডাৰজনে চাই-চিতি চহৰৰ  চিকিৎসালয়লৈ লৈ যাবলৈ ক’লে। কেন্দ্রটোত চিকিৎসক নায়েই। চিকিৎসালয়ৰ বাবে কেন্দ্রলৈ অহা সকলো ৰোগীকে তেঁৱেই দিহা-পৰামৰ্শ দিয়ে। অস্ত্ৰোপচাৰ কৰিব লাগিব, নহ’লে মাক আৰু সন্তান দুয়োটাৰে জীৱন বচাব নোৱাৰিব। চহৰৰ চিকিৎসালয়লৈ নিয়া নহ’ল। গাড়ী মটৰৰ অভাৱ। আথিৰ্কভাৱেও টনকীয়াল নহয়, যেনে-তেনে ঘৰৰ মাটিকেইডৰাৰে বছৰটো যায়, তেল-নিমখৰ খৰচ, পাচি-খৰাহী সাজি, চহৰত কল বিক্রী গোটাইছিল। জমা টকা বুলিবলৈ নায়েই। অৱশেষত দিলীপৰ ঘৈণীয়েকজনী ঢুকাল আঠ নম্বৰ সন্তানটো জন্ম দিবলৈ যাওঁতে, লগতে সন্তানটোও। পৰিয়াল পৰিকল্পনাৰ কথা তেওঁলোকে জনাই নাছিল। গাঁওখনত শোঁকৰ ছা পৰিল।  দিলীপে মূৰে-কপালে হাত দিলে, এমা-ডিমা ল’ৰা-ছোৱালীকেইটাক লৈ তেওঁ কি কৰিব এতিয়া। ঘৰখন খালী হৈ পৰিল।

এয়া মোৰ জন্মৰ আগৰ ঘটনা, তাৰ পাছতো বহুত এনে ঘটনা ঘটিছে। ভাগ্যৰ দোষ বুলি ধৰি লৈ বহুতে সান্ত্বনা লভে।

প্রবীণৰ মাকজনীৰ স্তন কেন্সাৰ হৈ একেই অৱস্থা হ’ল। গেলি গেলি মানুহজনী মৰিল দুমাহ মানৰ পিছত। গাঁৱলীয়া দৰবকেইপালিয়ে যি ভৰসা। ৰাস্তাইদি পাৰ হৈ যাওঁতে মুখত কাপোৰ লৈ যাবলগীয়া অৱস্থা  হ’ল। দূৰলৈ নি চিকিৎসা কৰাৰ সামৰ্থ্য তেওঁলোকৰ নাই। ভাগ্যৰ দোষ বুলি সকলো ঈশ্বৰৰ ওপৰতেই এৰি  দিলে। মানুহজনী মৰিল। এয়া অকল এঘৰ মানুহৰ কাহিনী নহয়। দৰিদ্রতাৰ সীমাৰেখাত থকা সৰহ সংখ্যক মানুহৰে একেই অৱস্থা। তেতিয়া মই শৈশৱত ভৰি দিছোঁহে। যিসকলৰ সামৰ্থ্য আছে, তেওঁলোকে বাহিৰলৈ নি চিকিৎসা কৰাইছে আৰু বাকীসকলে ভাগ্যক ধিয়াই হা-হুমুনিয়াহ কাঢ়িছে।

হাতত এটোপোলা মিঠাইৰ টোপোলা লৈ ৰাতিপুৱাই ভোগেশ্বৰ দাদা ওলালহি। ল’ৰা এটা হ’ল। অস্ত্ৰোপচাৰ কৰা হ’ল। মাক আৰু সন্তান দুয়োটাই সুস্থ। ওচৰৰ প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ লৈ যোৱাৰ পাছত তাত থকা চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠাই দিলে, হাতত টকা-পইছাও নাছিল। ১০৮ লৈ ফোন কৰিলে, সকলো বিনামূলীয়া। আনকি ঘৰত থোৱালৈকে। লগত অনবৰত আশাগৰাকী আছিলেই। মুখত হাঁহি লৈ ক’লে- যোৰহাট চিকিৎসা মহাবিদ্যালয়খন হোৱাত আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ বৰ সুবিধা হৈছে অ’। মনটো আনন্দেৰে ভৰি পৰিল, হওঁক তেও! দুখীয়া-নিচলা মানুহখিনি আলাই-আথানি হৈ মৰিবলগীয়া হোৱা নাই।

চেনাইদা আহিছিল, তেওঁৰ মুখতো হাঁহি। কেইদিন মান হস্পিতালত ভৰ্ত্তি হৈ আছিল তেওঁ। সকলো চিকিৎসা বিনামূলীয়াকৈ পালে। তদুপৰি ছুটী লৈ অহাৰ পিছত দিনে ৭৫ টকাকৈ থকাৰ বাবদ পালেও। তেওঁৰ মুখতো একেই কথা।

যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চাকৰি কৰাৰ পাছত বহুতৰ মুখত এইকথা শুনিছোঁ। মনটো ভাল লাগি যায়। ওচৰ–চুবৰীয়া বহুত মানুহ আহে, আমাৰ ঘৰলৈ; বেমাৰ-আজাৰৰ কথা লৈ আৰু প্রতেক্যৰ মুখত একেই কথা।

হয়, এয়া সচাঁ কথা। আজি আৰু দিলীপ খুড়াৰ ঘৈণীয়েক বা প্রবীণৰ মাকৰ দৰে চিকিৎসা নোপোৱাকৈ মানুহ মৰিব লগা হোৱা নাই। হয় চৰকাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় প্রতিষ্ঠা কৰি আথিৰ্কভাবে সবল মানুহখিনিৰ উপকাৰ কৰাৰ উপৰি আথিৰ্কভাবে দুৰ্বল মানুহখিনিৰো বহুত উপকাৰ সাধিলে।

আপোনাসবক ধন্যবাদ আৰু শুভেচ্ছা জনাই চিঠিখন আজিলৈ ইমানতেই সামৰিলোঁ৷

ইতি,
অনামিকা চলিহা
যোৰহাট

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments