যোৰহাট চৰকাৰী বহুমুখী উচ্চতৰ বালক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে কিছু কথা (ঋতুপৰ্ণ গোস্বামী)

ঐতিহাসিকভাৱে যোৰহাট নগৰখন এক চহকী শিক্ষা আৰু সাংস্কৃতিক ঐতিহ্যৰে মহীয়ান এক নগৰ। ১২৫ বছৰতকৈও অধিক কালৰ আগতে যোৰহাট নগৰৰ প্রাণকেন্দ্রত প্রতিস্থিত যোৰহাট চৰকাৰী বহুমুখী উচ্চতৰ বালক বিদ্যালয় খনি এই শৈক্ষিক ঐতিহ্যৰ লাইখুটা হিচাপে গৌৰৱৰ ধ্বজা উৰুৱাই আছে। প্রাচ্য বিদ্যার্ণব বেদান্ত বাস্পতি ন্যায়ধীশ ৰাধানাথ ফুকন, পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভকৰি সাম্প্রতিক কালৰ বিখ্যাত ভাটনাগৰ বঁটাৰে বিভূষিত আন্তর্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ডঃ জিতেন্দ্র নাথ গোস্বামী, সাহিত্য একাডেমী বঁটাৰে বিভূষিত সাহিত্যিক ডাঃ ধ্রুৱজ্যোতি বৰা আছিল এইখন বিদ্যালয়ৰে ছাত্র।তাৰোপৰি সাহিত্য, সংস্কৃতি, ৰাজনীতি, অর্থনীতি, প্রশাসনিক, চিকিৎসা, বিজ্ঞান, প্রযুক্তি আদি সকোলো স্তৰতে উচ্চ আসনত অধিষ্ঠিত হৈ গোটেই অসমীয়া জাতিটোক প্রতিনিধিত্ব কৰি থকা এই বিদ্যালয়ৰ ছাত্রৰ নাম কৈ শেষ কৰিব নোৱাৰি।সেয়ে এনে এখন বিদ্যালয়ত পঢ়িবলৈ সুযোগ পোৱাটো পৰম সৌভাগ্য আৰু আনৰ বাবে এক ঈর্ষণীয় বিষয়।

ঐতিহাসিক ঐতিহ্যৰ চিনস্বৰূপ ৰাজমাও পুখুৰী, মিঠাপুখুৰী, বৃটিছৰ দিনৰ ৰঙা কাছাৰী ঘৰটো, এশবছৰীয়া পুৰণি ৰাধাকান্ত সন্দিকৈভৱন, অসমৰ প্রথম টিং দিয়া ঘৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মূল ভৱন বৰপাত্র কুটীৰ, ডেৰশবছৰীয়া কালিকুমাৰ দাসৰ (বৃটিছে কেলিকুমাৰ দচ্ বুলি উচ্চাৰণ কৰা) “দাস এণ্ড কোম্পানী” নামৰ বিখ্যাত বৃহৎ ব্যৱসায় প্রতিষ্ঠান, এশ বছৰীয়া পুৰণি যোৰহাট ষ্টেডিয়াম আদি প্রাচীন ঐতিহ্যৰে মহীয়ান কীর্তি চিহ্নবোৰৰ ঠিক সোঁমাজতে থকা এই বিদ্যালয়খনো এক প্রাচীন ঐতিহ্যৰে মহীয়ান হৈ তাৰ সদম্ভ অৱস্থিতি ঘোষনা কৰি আছে।

বৃটিছৰ দিনতে যোৰহাট এক অভিজাত নগৰ হিচাপে চিহ্নিত হৈছিল। ইয়াক চাহ খেতিয়কৰ নগৰ (Tea Planters’ Town) বুলি কোৱা হৈছিল। কিন্তু ই এক তাৎপর্য্যপূর্ণ কথা যে সেই সময়ত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয় খনিত ধনী চাহ খেতিয়ক, ডাক্তৰ, উকীল, অভিযন্তা, প্রশাসনিক বিষয়া আদিৰ সন্তানৰ লগতে সাধাৰণ দুখীয়া খেতিয়ক, সাধাৰণ বেপাৰী, মিস্ত্রি বা দিন-হাজিৰা কৰা শ্রমিকৰ সন্তানেও একেলগে অধ্যয়ন কৰিছিল। গতিকে বিভিন্ন শ্রেণী, বিভিন্ন পৰিবেশৰ পৰা অহা ছাত্রৰ সু সমন্বয়ত এক বিচিত্র আৰু বর্ণাধ্য জাতীয় ঐক্যৰ সবল ভেটি গঢ় লৈ উঠিছিল। সকলো ছাত্রৰে অর্থনৈতিকঅৱস্থা আৰু জীৱন প্রণলী ভিন্ন হোৱাৰ সত্বেও তেওঁলোকৰ পৰস্পৰ মাজত কোনো হীনমন্যতা বা বিভেদ হোৱাৰ কোনো অৱকাশ নাছিল। সেয়ে এক সুমহান জাতীয় ঐক্য, মিলা-প্রীতি আৰু সদ্ভাব গঢ়ি উঠাত ই সহায় কৰিছিল। কিন্তু আজি নগৰৰ চুকে কোনে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰতো তেনে এক ঐক্য আৰু সমন্বয় গঢ়ি উঠিব নোৱাৰে। কাৰণ সেই বিদ্যালয় বিলাকত কেৱল এচাম অঢ্যৱন্ত পৰিয়ালৰ সন্তানেহে পঢ়িব পাৰে। সেই বিদ্যালয়বোৰ শিক্ষাৰ ব্যৱসায়ত পৰিণত হৈছে। সেইবোৰ বিদ্যালয়ত পঢ়া বিশেষ শ্রেণীৰ প্রতিজন ছাত্র-ছাত্রী এফালেদি বৈচিত্রহীন আৰু আনহাতেদি স্বার্থপৰ হোৱাৰ সম্ভাৱনাই অধিক। আকৌ তেনে ছাত্র-ছাত্রীয়ে ভবিষ্যতে প্রশাসনৰ উচ্চ পদবী গ্রহন কৰিলে সাধাৰন মানুহৰ উপকাৰ সাধন কৰিব নোৱাৰে।কিয়নো সদায় এক বিশেষ এচাম শ্রাণীৰ পৰা অহা ল’ৰা-ছোৱালীৰ লগত চিন্তাৰ আদান-প্রদান কৰি থাকোতে সাধাৰন মানুহৰ দুখ-দুর্দশা, চিন্তা, দর্শন আদিৰ বিষয়ে বোধগম্য হ’ব নোৱাৰে। সেয়ে জাতীয় জীৱনৰ স্বার্থত এই ঐতিহ্যপূর্ণ আৰু প্রাচীন চৰকাৰী বিদ্যালয়সমূহ আমি যেনে তেনে ৰক্ষা কৰিবই লাগিব।

আজি এবছৰমান আগতে “আমাৰ অসম” কাকতত গৌতম শর্মা নামৰ সাংবাদিক এগৰাকীয়ে ভালেমান দিন ধৰি তথ্য-পাতিৰে সৈতে প্রমান কৰি গৈছে যে স্বার্থান্বেষী অসমীয়া মধ্যবিত্তই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ঢাপলি মেলিলেও তেওঁলোকে কেৱল নিস্ফল প্রয়াসহে কৰিছে। কাৰণ তেওঁ তুলিধৰা তথ্যই প্রমান কৰিছে যে সেইসকল ছাত্র-ছাত্রীৰ সমাজৰ সকলো স্তৰতে উৎকর্ষ সাধনৰ যি ৰৈখিক মাপকাঠি সি এইসাধাৰন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীতকৈ বহু যোজন পিছ পৰি আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments