যোৱা মাহৰ ডাক্তৰী সম্পাদকীয় পঢ়ি ডাক্তৰ এজন আৰু কম্পাউণ্ডাৰ এজনৰ কথা মনত পৰিল-(প্ৰতিম প্ৰতাপ বৰুৱা)

(১)
আমি সৰু থাকোতে আমাৰ সেই অঞ্চলত এজন নে দুজনহে ডাক্তৰ আছিল | তাৰে এজন ডাক্তৰ (উপাধিটো শৰ্মা) আমাৰ সকলোৰে তেনেই চিনাকি আছিল | ঘৰত কাৰোবাৰ কিবা এটা হ’লে কোনোবা এটাই গৈ তেখেতক বা তেখেতেক নাপালে ঘৰৰ কাৰোবাক খবৰটো দিছিল | তেখেত ঘৰত থাকিলে অলপ পিছতেই আহি ওলাইছিলহি | আৰু নথাকিলে ঘৰ আহি পোৱাৰ অলপ পিছতেই আহিছিল |

হাতত সেই চিনাকী ব্ৰিফকেচটো | তেওঁ আহি পদুলিমুখ পাওঁতেই কোনোবা এটাই দৌৰি গৈ তেওঁৰ হাতৰপৰা ব্ৰিফকেচটো নিজৰ হাতলৈ আনে | তেওঁ আহি ৰোগীৰ ওচৰত বহে | ষ্টেথিচ্‌কোপডাল লগাই লয়, পৰীক্ষা-নিৰীক্ষা কৰে | দৰব লিখি দিয়ে, কেতিয়াবা নিজে লগত লৈ অহা দৰবো দিয়ে | তাৰ পিছত উঠি গৈ চাবোন মাৰি হাত দুখন ধোৱে | তাৰ পিছত অলপ সময় বহি তামোল চালি এখন খাই দুষাৰ কথা পাতে | ইতিমধ্যে গৃহস্থই আহি বটা এটাত তেখেতক ফীজটো দিয়ে | অলপ সময় সেইটো তেনেকৈয়ে পৰি থাকে | কিছু সময়ৰ পিছত যাবৰ সময়ত তেওঁ বটাটোলৈ হাতখন নিও-নিনিওকৈ নিয়ে | তেওঁ যদি কেনেবাকৈ বেজী লিখি দিয়ে তেন্তে বেজী দিবলৈ আন এজন মানুহ আছিল | বৰঠাকুৰ উপাধিধাৰী সেইজনক খবৰ দিয়া হয়| তেওঁ আহে| মস্ত বেজী এটা আৰু কাঁচৰ চিৰিঞ্জ এটা সেই চিনাকী দীঘলীয়া টিনৰ টেমাটোৰ পৰা উলিয়াই| গৃহস্থই গৰম পানী কৰি দিয়ে | তেওঁ বেজীটো আৰু চিৰিঞ্জটো তাতে অলপ সময় ডুবাই থয়| ভালকৈ গৰম হৈছে বুলি বিশ্বাস হোৱাৰ পিছত ফৰচেপ্‌ এডালেৰে বস্তুকেইটা উলিয়াই | বেজীটো সাজু কৰে | ৰোগীয়ে অন্য এফালে চায় | তেওঁ লাহেকৈ ৰোগীৰ বাহুত বেজীটো দিয়ে | দি উঠি তেওঁ কয় পিছৰ বেজীটো দিবলৈ তেওঁ আকৌ কেতিয়া আহিব | একেবাৰে শেষৰ বেজীটো দিয়াৰ দিনা তেওঁক গৃহস্থই বটা এটাত ফীজটো দিয়ে |

এই দুজন মানুহৰ পাল্লাত আমাৰ অঞ্চলটোৰ লগতে আমাৰ পৰিয়ালটোৰ যি যি ৰোগী পৰিছিল তেওঁলোকৰ এজনৰো অসুখ ভাল নোহোৱাকৈ থকা দেখা নাছিলো | দুবাৰমান ময়ো শৰ্মা দদাইদেউৰ পাল্লাত পৰিছিলো | হাতে-ভৰিয়ে ধৰিছিলো – “বেজী নিলিখিব দদাইদেউ |”

(২)

কেচুৱা জন্ম হ’বৰ সময় হৈছে | চৰকাৰী আস্পতাল ? না না না | চৰকাৰী আস্পতালত ভাল ট্ৰিটমেন্ট নহয় দেই | প্ৰাইভেট নাৰ্চিং হোমলৈ নিয়া | লৰাক (বা ছোৱালীক) পঢ়ুৱাব লাগে | চৰকাৰী স্কুল ? ধুৰ| চৰকাৰী স্কুলত পঢ়োৱাই নেকি ? প্ৰাইভেট স্কুলৰ সমান হবই নোৱাৰে চৰকাৰী স্কুল | চৰকাৰী স্কুলত পঢ়োৱাই লৰা-ছোৱালীক ধ্বংস কৰিব নোৱাৰি দেই | সিহঁতৰ ভবিষ্যতৰ কথা আছে |

– বোলো লৰাই পাছ টাছ কৰি আহিলে | এতিয়া চাকৰি বাকৰিৰ কিবা হৈছেগৈ নে ?
– হব আকৌ | কিয় নহব ? চৰকাৰী চাকৰি এটা দিয়াম | দিয়ামেই যেনেতেনে | বহুত ভাল ভাল ঠাইত চিনাকি আছে |
– ভাল কথা দেই | পিছে আজিকালি প্ৰাইভেট কোম্পানীতো চাকৰি বহুত | দা-দৰমহা, সা-সুবিধাও বহুত ভাল | পিছে তাত কাম বহুত কৰিব লাগিব কিন্তু লৰাই |
– হেই | প্ৰাইভেট চ্ৰাইভেট চাকৰি নালাগে | চৰকাৰী চাকৰি এটা দিয়াম লৰাক ইয়াতে | টকাই-পইচাই আৰামত দপদপাই থাকিব | এতিয়া যিখিনি দিম লৰাই ছমাহতে উলিয়াই লব | কিহৰ চিন্তা | ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি এনেই ৰাখিছোনেকি ? এইবোৰ কেতিয়া কামত আহিব ?
– এৰাহ্‌ | তোমালোকৰে ভাল আৰু | আমাৰহে চিনাকি তিনাকি নাই অ’ | ছোৱালীজনীয়ে নিজৰ বলত গৈ বাংগালোৰত প্ৰজেক্ট মেনেজাৰৰ চাকৰি কৰি আছে ইন্‌ফ’চিচ্‌ত | লৰাই ইঞ্জিনিয়াৰিং পাছ কৰি উঠি নিজে যি কৰে কৰিব, য’ত যাওঁ বুলি কয় যাব | (মুখখন বিকটাই মনতে – টকাও দিবলৈ নাই, চৰকাৰী চাকৰিৰ কাৰণে কাৰো ওচৰত সৰু হবলৈও নাই | নিজৰ বলত লৰা-ছোৱালীহালে দোপতদোপে উঠি গৈছে, আমি সিহঁতক চাই চাই সুখে শান্তিৰে থকাই ভাল | ক’ৰ এইখন নলগা জেঙত লাগি ফূৰিবলৈ নাই |)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments