যৌতুক – কাব্য কুন্তল বৰুৱা

বাহি বিয়াৰ দিনা পুৱতি নিশাতেই ন-বোৱাৰীজনী চুচঁৰি চুচঁৰি নামি আহে বিছনাৰ পৰা৷ মানুহটোৱে ওৰেৰাতি মেকুৰীয়ে আধামৰা নিগনিৰ লগত খেলাৰ দৰে খেলিলে তাইৰসতে৷ শোৱনি কোঠাৰ পৰা বাৰান্দালৈ ওলাই আহে তাই৷ আন্ধাৰ আৰু পোহৰৰ যুঁজখনত পোহৰবোৰৰ পৰাক্ৰম ক্ৰমশ: স্পষ্ট হৈ আহিছে৷ হলঘৰটোলৈ চালে তাই, নেফানেফ কৰিলে যৌতুকৰ নামত দিয়া টোপোলাবোৰ৷ চেদেলী ভেদেলী হৈ পৰি আছে ককায়েক ন’বৌৱেকে হেঁপাহেৰে কিনি দিয়া বস্তুবোৰ৷ ভাঙিছে নেকি! !
মাক দেউতাক নোহোৱা ছোৱালীজনীক নিজে খুটি খাব পৰা কৰি এঘৰলৈ উলিয়াই দিয়াৰ পাছত যৌতুকৰ নামত হয়তো কিমানখিনি টকাৰ শৰাধ হ’ল ভাবি বুকুখন খোঁচ মাৰি ধৰে তাইৰ! ! লাহে লাহে সামৰি সুতৰি বয় বস্তুবোৰ তাই চিজিল লগায়৷ ঘৰখনত কোনো এটা মানুহেই হয়তো সাৰ পোৱা নাই এতিয়ালৈ৷

দিনে দিনে শোৱনী কোঠাটো আপোন হৈ আহে তাইৰ বাবে৷ বাহিৰলৈ ওলাই গ’লেই যেন লোলুপ চকু আৰু ধাৰাল জিভাৰ মানুহবোৰে তাইক বখলিয়াই পেলাব৷ দিনৰ দিনটো নিজৰ মাজতে বুৰ গৈ থকা মানুহজনীৰ আজিকালি ৰাতিবোৰো ভয়াৱহ হৈ পৰে৷ মানুহটো যেন পাগল হৈ পৰে আন্ধাৰত, বাহিৰৰ মানুহবোৰৰ ধাৰাল জিভাবোৰে তাইৰ মানুহটোক যেন অধিক হিংস্ৰ কৰি তোলে৷ বন্ধ কোঠাৰ আঁৰত চলা গোপন আলোচনাৰ প্ৰতিক্ৰিয়াবোৰ আজিকালি তাইৰ শৰীৰত চাবুকৰ কোব হৈ পৰে৷ ঘৰখনৰে সৰু মৰমলগা ছোৱালীজনীয়ে আজিকালি যখিনীৰ ৰূপ ল’লে৷ তথাপিও লোলুপ চকুবোৰ, ধাৰাল জিভাবোৰ তাইৰ চৌপাশে ভ্ৰমিয়েই থাকিল…..! ! লোভত, আশাত! !

সিদিনাও চুঁচৰি চুঁচৰি শেষ নিশা বিছনাৰ পৰা নামি আহে তাই! ! ঘৰটোৰ সিমূৰৰ কোঠাটোৰ আধাখোলা দুৱাৰৰ ফাঁকেৰে দেখা ক্ষীণ পোহৰখিনিত অনুমান কৰিব পৰা যায়, সৰু দেওৰেকে এতিয়াও পঢ়ি আছে৷ এটাই মানুহ ঘৰখনৰ, যি অন্তঃত তাইৰ ভিতৰৰ ধুমুহাজাকৰ উমান পায়৷ ঢলফাট দিয়াৰ আগতেই গৰম গাখীৰৰ গিলাছটো দেওৰেকৰ টেবুলত দি মানুহজনী বাহিৰলৈ ওলাই আহে! ! বাৰীচুকৰ কুঁৱাটোত হেনো পুৱতি নিশা প্ৰেতে কান্দে৷ জীয়া মানুহৰ গৰম তেজবোৰ শুঁহি খায় সিঁহতে৷ নিয়ৰবোৰ গচকি কুঁৱাটোলৈ আগবাঢ়ে তাই সন্তৰ্পণে৷ কাইলৈ হয়তো ককায়েকে তাইৰ চিঠিখন পাই ধপলিয়াই আহিব, হয়তো আজিয়েই আহিব…..! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক