যৌন নৈতিকতা আৰু নাৰী আবদমনৰ ইতিহাস (বৰ্ণালী বৰুৱা দাস)

 

 

ফুল-শয্যাৰ নিশা। নৱবিবাহিত পুৰুষজনে হাতত এখন উদ্যত ছুৰি লৈ প্ৰৱেশ কৰিলে শয়ণ-কক্ষত। তেওঁৰ বাবে সমাজে আটোল-টোলকৈ সংৰক্ষণ কৰা কুমাৰীত্বৰ সোৱাদ ল’বলৈ‌। হাতৰ ছুৰিখনেৰে নৱবিবাহিতা স্ত্ৰীৰ বহিৰ্জননেন্দ্ৰীয়ৰ ছেদন নকৰাকৈ সেই কুমাৰীত্বৰ সোৱাদ লোৱা সম্ভৱ নহয়।

দৃশ্যটো পাঠকসকলৰ মনত বৰ আচহুৱা যেন লাগিব পাৰে। পিছে আফ্ৰিকাৰ কিছুমান জনগোষ্ঠীয় সমাজত এই দৃশ্য বৰ বিৰল নহয়। এই জনগোষ্ঠীসমূহৰ মাজত নাৰীসকলৰ চুন্নৎ বা খৎনা (Female circumcision বা Female genital mutilation) কৰা হয়। তাৰবাবে একেবাৰে সৰুকালতেই ছোৱালী এজনীৰ ভগাংকুৰ অংশটো কাটি পেলোৱা হয় যাতে যৌন-সুখ কি ছোৱালীজনীয়ে চিনি নাপায়। তাৰ ফলত নাৰীসকল দ্বি-চাৰিণী হোৱাৰ ভয় নাথাকে। কিছুমানে তাতোকৈ বেছি অংশও কাটে আৰু লগতে যৌন-সংগম কৰিব নোৱাৰাকৈ কিছু অংশ চিলাইও কৰি দিয়ে। তেনে অৱস্থাত বিয়াৰ প্ৰথম নিশা কোনো কোনোৱে ছুৰি কটাৰীৰ সহায়ত বাট মুকলি কৰি ল’ব লগা হয়।
এই অমানবীয় প্ৰথাটো ২০০৮ চনত নিষিদ্ধ কৰা হৈছে। তথাপিও কিন্তু লুকাই চুৰকৈ প্ৰথাটো এতিয়াও চলি আছে বুলি ক’ব পাৰি। সৌ সিদিনা ২০১৩ চনৰ জুন মাহত এজনী ছোৱালীৰ চুন্নৎ কৰোতে মৃত্যু হোৱাৰ বাবে ইজিপ্তত এজন চিকিৎসকৰ বিচাৰ হয়।

আমাৰ সমাজত ইমান লোমহৰ্ষক প্ৰথা আপাত দৃষ্টিত হয়তো নাই। কিন্তু একান্তই পুৰুষতান্ত্ৰিক দৃষ্টি-ভংগীৰে কুমাৰীত্ব, নাৰীৰ সতীত্ব আদিক অত্যাধিক গুৰুত্ব দি যৌন-নৈতিকতাৰ সমস্ত দায়িত্ব নাৰীৰ ওপৰতে জাপি দিয়া লোক এতিয়াও আছে।যৌন-নৈতিকতাৰ প্ৰশ্নত এইসকল লোকে কেতবোৰ ঐতিহ্য নিৰ্ভৰ বিকৃত তথ্যৰে প্ৰমাণ কৰিব খোজে যে আগৰ কালত বা অন্তত: তেওঁলোকৰ যৌৱন কালত সমাজখন যৌন-নৈতিকতাৰ ক্ষেত্ৰত এখন স্বৰ্গ ৰাজ্য আছিল‌। যৌন-নৈতিকতালৈ হঠাতে ধুমুহাৰ দৰে পৰিবৰ্তন আহিছে,আৰু স্খলন আহিছে‌। তাৰ বাবে তেওঁলোকে পচ্ছাদমুখী ৰক্ষণশীলতাকে সমাধান হিছাবে দেখুৱাবৰ যত্ন কৰে‌। তাৰ বিপৰীতে এচামে ক’ব খোজে-“যৌনতা মানুহৰ বাবে ভোকৰ ভাত আৰু পিয়াহৰ পানীৰ দৰে। সেয়েহে যৌনতাৰ সতে নৈতিকতাৰ কথাটো সাঙুৰাই উচিত নহয়‌। বিশ্ববিশ্ৰুত মণীষী বাৰট্ৰাণ্ড ৰাচেলে কৈছিল “Sex is a natural human need like food and drink. It is true that human can survive without it, whereas they cannot survive without food and drink, but from a psychological stand point the desire for sex is precisely analogous to the desire for food and drink”…. (B. Russell) । অৱশ্যে ৰাচেলেও যৌনতাৰ ক্ষেত্ৰত আত্ম সংযমৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰা নাই‌। সন্দেহ নাই যে ৰাচেল হৈছে এজন অতি প্ৰভাৱশালী লেখক‌‌। সেয়েহে তেওঁৰ জীৱন দৰ্শনৰ প্ৰভাৱ বহুতৰে ওপৰতে পৰে‌। গতিকে যৌনতাক শাৰীৰীক ভোক-পিয়াহৰ সমাৰ্থক হিচাবে প্ৰক্ষেপ কৰোতাসকলেও তেওঁৰ এই কথাটোকে নিজৰ যুক্তিৰ সমৰ্থন হিচাবে আগবঢ়ায়‌। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে ৰাচেল হৈছে ব্যক্তিস্বাত্যন্ত্ৰবাদৰ প্ৰবক্তা‌। সমাজৰ আৰ্থ-সামাজিক বিশ্লেষণবোৰে সাধাৰণতে তেখেতৰ দৰ্শনত ঠাই নাপায়‌।

উপৰিউক্ত দুয়োধৰণৰ কথাতে কিছুমান গুৰুতৰ সীমাৱদ্ধতা চকুত পৰে। কেৱল এখন সমাজৰ বা এখন দেশৰ কথাত আৱদ্ধ নাথাকি সামগ্ৰিকভাবে সমাজত যৌনতাৰ ঐতিহাসিক বিৱৰ্তনৰ কথাখিনি আওকাণ কৰিলে যৌনতা, কুমাৰীত্ব আদিৰ আলোচনাত কিছু সীমাৱদ্ধতা আহিবই‌। সেয়েহে থুলমূলকৈ এই বিৱৰ্তনৰ ইতিহাসত এবাৰ চকু ফুৰাওঁ আহক।

এই যে যৌন-নৈতিকতা বুলি ক’লে আমি বৰ্তমান যিটো প্ৰপঞ্চৰ কথা বুজো তাক বাৰু অনাদি অনন্ত কালৰ পৰা বৈ অহা চিন্তাস্ৰোত বুলি ক’ব পাৰি নে ? একেবাৰে আদিম অৱস্থাত, বন মানুহৰ পৰা বিৱৰ্তন হৈ দুভৰিত থিয় দি হাত দুখন ব্যৱহাৰ কৰিবলৈ শিকা আদিম লোকসকলৰ মাজত আছিল নে যৌন-প্ৰেমৰ চেতনা? পুৱাৰ পৰা গধূলিলৈকে যিসকল ব্যস্ত আছিল খাদ্য সংগ্ৰহত, অস্ত্ৰ হিচাবে হাতত আছিল এটুকুৰা খহটা শিল বা গছৰ ভঙা ডাল, খাদ্য হিচাবে আছিল ফল-মূল,শামুক,এন্দুৰ,গছৰ শিপা, পোক-পৰুৱা ইত্যাদি‌। খাদ্য বিচাৰি ঘূৰি ফুৰা এই মানুহৰ পালবোৰৰ মাজত আছিল নে “তোমালৈকে সাঁচি ৰাখিছোঁ প্ৰিয়ে, মই মোৰ যৌৱন” এই জাতীয় কথা এটা কোৱাৰ বা ভবাৰ পৰিবেশ? সেই পৰিবেশত আছিল নে সাঁচি ৰখা কুমাৰীত্বৰ সোৱাদ ল’বলৈ আগবাঢ়ি যোৱা পুৰুষ? সকলোৱেই এক মুখে স্বীকাৰ কৰিব যে সেই পৰিবেশত এইটো এটা অবান্তৰ ধাৰণাৰ বাহিৰে একো নহয়‌।

সমাজ-বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা মানৱ সমাজৰ বিৱৰ্তনক মূলত: তিনিটা স্তৰত ভাগ কৰা হয়‌। বন্য,বৰ্বৰ আৰু সভ্য‌। এই তিনিওটা স্তৰতে মানুহৰ যৌনপ্ৰেমৰ স্বৰূপো আছিল বেলেগ বেলেগ‌।
১) বন্য অৱস্থাৰ যৌন সম্পৰ্ক : এই অৱস্থাত কোনো ধৰণৰ ব্যক্তিগত যৌনপ্ৰেমৰ ধাৰণা অংকুৰিত হোৱা নাছিল‌।পিতৃ-মাতৃ, ভাতৃ-ভগ্নী সকলোৰে লগতে অবাধে যৌন মিলন ঘটিছিল‌। লাহে লাহে এই যৌনাচাৰলৈ পুৰুষানুক্ৰমিক নিষেধ আহিল‌।মাক-দেউতাকৰ সতে যৌন-মিলন বন্ধ হ’ল, কিন্তু ভাই-ভনীৰ সতে চলি থাকিল‌।এটা সময়ত অৱশ্যে এই অবাধ সম্পৰ্কৰ ঠাইত সমষ্টি বিবাহৰ প্ৰচলন হ’ল‌। সেই অনুসৰি এদল নাৰীৰ সতে এদল পুৰুষৰ যৌন সম্পৰ্ক স্থাপন হ’ল‌। দল বহিৰ্ভূত সম্পৰ্ক নিষিদ্ধ হ’ল‌।

২) বৰ্বৰ অৱস্থাৰ যৌন সম্পৰ্ক: বন্য অৱস্থাত হাতত লৈ থকা শিলটো মানুহে লাহে লাহে ঘঁহি-পিহি নিমজ কৰিবলৈ শিকিলে‌। এনেকৈ উন্নত শ্ৰম-সঁজুলি ব্যৱহাৰ কৰি সিহঁতে পটুতাৰে ডাঙৰ ঝাঙৰ জন্তু চিকাৰ কৰিব পৰা হ’ল‌। গুহাৰ ওচৰে-পাঁজৰে পেলোৱা বীজৰ পৰা গজি উঠা গছবোৰ চাই চাই গুহামানবীয়ে আবিষ্কাৰ কৰা কৃষিও থন ধৰি উঠিল‌। বন্য যাযাবৰী জীৱনলৈ কিছু পৰিমানে   স্থায়িত্ব আহিল‌। আৰু বিভিন্ন কাৰকৰ প্ৰভাৱত বন্য যুগৰ দলগত বিবাহৰ ঠাইত যুগ্ম বিবাহৰ প্ৰচলন হ’ল‌। বৈবাহিক সম্বন্ধত আৱদ্ধ আগৰ ডাঙৰ ডাঙৰ দলবোৰৰ ঠাইত একেটা বাসস্থানতে থকা এজোৰ এজোৰ নাৰী পুৰুষৰ পৰিয়ালে ঠাই ল’লেহি‌। বহুতেই ক’ব খোজে যে বৰ্বৰ অৱস্থাৰ যুগ্ম বিবাহতেই একক বিবাহৰ বীজ লুকাই আছিল‌। কিন্তু ভালদৰে চালে দেখা যায় যে সভ্য সমাজৰ একক বিবাহ ভিত্তিক পৰিয়ালৰ সতে ইয়াৰ বিস্তৰ পাৰ্থক্য আছিল‌। সভ্য সমাজৰ দৰে প্ৰেমৰ আকৰ্ষণৰ বাবে মানুহে নাৰীক স্ত্ৰী হিচাবে বিচৰা নাছিল‌।সুবিধা আৰু প্ৰয়োজনৰ ভিত্তিত পিতৃ-মাতৃয়েই সন্তানৰ বিয়া পাতি দিছিল‌। এই ব্যৱস্থাত অৱশ্যে বিবাহ বিচ্ছেদ তেনেই সহজ আছিল আৰু নাৰী পুৰুষ উভয়েই নিজ ইচ্ছামতে এই সুবিধা ভোগ কৰিছিল‌। এই অৱস্থাতো অৱশ্যে কোনোবা এজন বিশেষ যৌন সংগী কাৰোবাৰ বাবে বিশেষ আকৰ্ষণীয় হৈ উঠাটো একো অস্বাভাবিক হয়তো নাছিল‌। কিন্তু সেই আকৰ্ষণ পাছৰ কালৰ প্ৰেমৰ স্বৰূপতকৈ প্ৰকৃতিগতভাবেই পৃথক হ’বলৈ বাধ্য‌।

৩) সভ্য অৱস্থাৰ যৌন সম্পৰ্ক: মানৱ সমাজলৈ এনে এটা যুগ আহিল য’ত শ্ৰম-সঁজুলিৰ প্ৰভূত উন্নতি হ’ল‌। নাঙল আদি উন্নত সঁজুলি কৃষি কাৰ্যত ব্যৱহাৰৰ লগে লগে উৎপাদন বাঢ়িল‌। এই উন্নত সঁজুলিৰ ব্যৱহাৰৰ বাবে পেশীশক্তিৰ প্ৰয়োজন হ’ল‌। গতিকে উৎপাদন কাৰ্যৰ পৰা নাৰী আঁতৰি আহিব লগা হ’ল‌। আগেয়ে উৎপাদনৰ কোনো ৰাহি অংশ নাছিল‌। কিন্তু এতিয়া ব্যৱহাৰৰ পাছতো বহু খাদ্য ৰাহি হ’ল‌। সেইদৰে কৃষি কাৰ্যত ব্যৱহৃত পশু আদিও বৃদ্ধি হ’ল‌। এই পশুধন আৰু ৰাহি খাদ্যশস্যৰ একো একোজন অধিকাৰী হ’ল‌। এনেকৈ সমাজত ব্যক্তিগত মালিকানাৰ উদ্ভৱ হ’ল আৰু আদিম সাম্যবাদী সমাজ এতিয়া সম্পত্তিশালী আৰু সম্পত্তিহীন এই দুটা শ্ৰেণীত বিভক্ত হ’ল‌।এই ব্যক্তিগত সম্পত্তিখিনি সংৰক্ষণ আৰু উত্তৰাধিকাৰৰ প্ৰশ্ন এটাও লগে লগে আহি পৰিল‌। এজন পুৰুষৰ মৃত্যুৰ পাছত তেওঁৰ ব্যক্তিগত সম্পত্তি ভোগ কৰিব কোনে? এতিয়ালৈকে পৰিয়াল ব্যৱস্থাত যিধৰণৰ যৌন সম্পৰ্ক প্ৰচলিত হৈ আছে তাততো পিতৃ পৰিচয় অতি নিশ্চিত নহয়! তাৰ বাবে নাৰীৰ একগামীতা নিশ্চিত হোৱা প্ৰয়োজন‌। তেতিয়াহে সৃষ্টি হ’ব সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী‌। এইটো মূল প্ৰয়োজনৰ ভিত্তিতেই মানৱ সমাজলৈ আগমন ঘটিল একক বিবাহৰ‌। যিহেতু পিতৃ সম্পত্তিৰ বিতৰ্কাতিত বংশধৰ সৃষ্টি কৰাই একক বিবাহৰ উদ্দেশ্য আছিল গতিকে নাৰীৰ ক্ষেত্ৰতহে একপতিত্বৰ ওপৰত সমাজে অপৰিসীম গুৰুত্ব দিছিল‌। পুৰুষৰ বহুগামীতাই যিহেতু উত্তৰাধিকাৰীৰ প্ৰশ্নত সন্দেহৰ সৃষ্টি কৰাৰ কথা নাহে গতিকে ব্যভিচাৰ পুৰুষৰ অধিকাৰ হিচাপেই দেখা দিলে‌। পুৰুষৰ ব্যভিচাৰৰ অনুমোদন জনাই জন্ম দিয়া হ’ল গণিকাবৃত্তিৰ‌। নাৰী হ’ল পদানত, শৃংখলিত, পাৰিবাৰিক দাসী আৰু সন্তান উৎপাদনৰ যন্ত্ৰ‌‌।
বহুতে ক’ব খোজে, যিহেতু গণিকা বৃত্তি অতি প্ৰাচীন,গতিকে এই ব্যৱসায় আৰম্ভ হোৱাৰ সময়ত সমাজ পুৰুষতান্ত্ৰিক আছিল নে নাৰীতান্ত্ৰিক আছিল কোৱাটো টান‌। কথাটো শুদ্ধ বুলি মানি ল’ব নোৱাৰি। গণিকা বৃত্তি সম্পূৰ্ণৰূপে পুৰুষতান্ত্ৰিক সমাজৰেই সৃষ্টি‌। ইয়াৰ উৎপত্তিৰ সতে ব্যক্তিগত সম্পত্তিৰ উদ্ভৱৰ এক ওত:প্ৰোত সম্পৰ্ক আছে।
পুৰুষৰ স্বাৰ্থতেই গঢ়ি তোলা হৈছিল কামকলাত কুশলী তথা পুৰুষৰ কামকলাৰ উপযুক্ত সংগী, গণিকাসকলক। ঘৰৰ চাৰিবেৰত আৱদ্ধ, নিজৰ বিশুদ্ধ উত্তৰাধিকাৰী অৰ্থাৎ সন্তান লালন-পালনত ব্যস্ত, ভাৰাক্ৰান্ত স্ত্ৰীগৰাকীতকৈ এইসকল আছিল সম্পূৰ্ণ পৃথক। আনকি পুৰুষৰ কামকলাৰ উপযুক্ত সংগী হিচাবে গঢ়ি তুলিবলৈ গণিকা সকলক এটা সময়ত আনুষ্ঠানিকভাবে চৌষষ্ঠী কলাৰ শিক্ষাও দিয়া হৈছিল। সংগীত,নৃত্য ইত্যাদি সকলো ইয়াত অন্তৰ্ভূক্ত হৈছিল‌। সেইবুলি সমাজত গণিকাসকলৰ স্থান কোনোদিনেই উচ্চ নাছিল‌।মানুহ হিচাবে গণিকাসকলে সকলোযুগতেই পাই আহিছে কেৱল অবিমিশ্ৰ ঘৃণা, অবজ্ঞা আৰু তাচ্ছিল্য। আনকি সুবিখ্যাত ‘মৃচ্ছকটিক’ নাটকৰ ঐশ্বৰ্যশালী বসন্তসেনাও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ৰূপে- গুণে, শিক্ষাই-দীক্ষাই আতুলনীয়া, মহানুভৱতাত অনন্যা বসন্তসেনাক অনুচৰ বিটেই বাৰম্বাৰ স্মৰণ কৰাইছে যে তেওঁ শ্মশানৰ ফুলৰ দৰেই, কোনো কামত নালাগে।

“বিট: ……মনত ৰাখিবা তুমি গণিকা, পথৰ ওপৰত জন্মা লতা। টকাৰে কিনা যায় এনে শৰীৰ ধাৰণ কৰা তুমি; সেয়ে ভদ্ৰে, প্ৰিয় বা অপ্ৰিয়ক সমানেই ভজনা কৰিবা‌”‌
গণিকাশ্ৰেষ্ঠা বসন্তসেনাৰেই যেতিয়া এই গতি আনসকলৰ কথা সহজেই অনুমেয়‌।

সি যি কি নহওক, একক বিবাহৰ ফলত পৰিয়ালৰ শৃংখলেৰে বান্ধ খোৱা নাৰীসকলৰ ফালৰ পৰা বিবাহ-বিচ্ছেদ অসম্ভৱ হৈ পৰিল। খোলা হৈ থাকিল পুৰুষৰ ব্যভিচাৰৰ পথ‌।

কিন্তু ইমানবোৰ নেতিবাচক দিশ থাকিলেও এই একক বিবাহ মানৱ সমাজৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ স্তৰ‌। কাৰণ এই একক বিবাহৰ প্ৰয়োজনতেই প্ৰথম মানব সমাজত প্ৰেমৰ সম্ভাৱনাই দেখা দিলে‌। ইয়াক বিখ্যাত সমাজতাত্বিক ফ্ৰেডাৰিখ এংগেলছে মানৱ বিৱৰ্তনত বৃহত্তম নৈতিক অগ্ৰগতি বুলি আখ্যা দিছে‌। তেওঁ কৈছে- ক্ষেত্ৰবিশেষে একগামীতাৰ অভ্যন্তৰত নাইবা সমান্তৰালত নতুবা তাৰ বিৰোধিতাত আধুনিক ব্যক্তিগত যৌনপ্ৰেম বিকশিত হৈছে যি আগৰ কালত গোটেই বিশ্বৰ অজ্ঞাত আছিল‌। এই নতুনকৈ সৃষ্টি হোৱা যৌনপ্ৰেমৰ ৰূপ আগৰ কালৰ সহজ যৌন কামনাতকৈ চাৰিত্ৰিক দিশত আছিল সম্পূৰ্ণ বেলেগ‌। এই যৌনপ্ৰেমৰ স্বৰূপ সম্পৰ্কে এংগেলছৰ বিশ্লেষণ আছিল এনেধৰণৰ-
১) যৌনপ্ৰেম নাৰী-পুৰুষৰ পাৰস্পৰিক ভালপোৱা আৰু মৰ্য্যাদাৰ সমানাধিকাৰৰ ভিত্তিত প্ৰতিষ্ঠিত‌।
২) যৌনপ্ৰেমত এজনে আনজনক পোৱাৰ প্ৰৱল আকাংক্ষা থাকে‌।পৰস্পৰক পাবলৈ দুয়ো প্ৰচণ্ড বিপদৰো সন্মুখীন হ’ব পাৰে‌। আনকি মৃত্যুকো আঁকোৱালি ল’ব পাৰে‌।
৩) যৌনপ্ৰেমে এক গভীৰত্ব আৰু স্থায়ীত্ব আশা কৰে‌। বিচ্ছেদক এক ডাঙৰ দুৰ্ভাগ্য বুলি গণ্য কৰে‌।
৪) যৌনপ্ৰেমৰ ক্ষেত্ৰত যৌনপ্ৰেম বৈধ নে অবৈধ সেই প্ৰশ্নৰ উপৰিও যৌন মিলনৰ উৎস প্ৰেম হয় নে নহয় সেই প্ৰশ্নও আহি পৰে‌।

পিছে যি পৰিস্থিতিয়ে প্ৰেমৰ ভ্ৰূণ অংকুৰিত কৰাত পৰোক্ষভাবে সহায় কৰিলে সিয়েই আকৌ তাৰ মুক্ত বিকাশত প্ৰত্যক্ষভাবে বাধাৰো সৃষ্টি কৰিলে‌। শ্ৰেণী বিভক্ত সমাজৰ যিমানেই অগ্ৰগতি হ’বলৈ ধৰিলে একক বিবাহৰ ভেটিও সিমানেই সুদৃঢ় হ’বলৈ ধৰিলে আৰু নাৰী সিমানেই শৃংখলিত হ’বলৈ ধৰিলে‌। নাৰী-পুৰুষৰ পাৰস্পৰিক ভালপোৱাৰ পৰিণতি বিবাহ নহৈ, প্ৰেমকহে বিবাহৰ পৰিণতি হ’বলৈ দাবী কৰা হ’ল‌। একক বিবাহৰ বাবে পাত্ৰ-পাত্ৰী, বিশেষকৈ পাত্ৰীৰ ইচ্ছা অনিচ্ছাৰ প্ৰশ্ন অবান্তৰ হৈ পৰিল‌। নাৰীও পুৰুষৰ ব্যক্তিগত সম্পত্তিৰ পৰ্য্যায়লৈ গ’ল‌। ইতিহাসৰ পাতে পাতে নাৰীৰ প্ৰতি পুৰুষপ্ৰধান সমাজৰ অমানৱীয় আচৰণৰ কথা খোদিত হৈ আছে‌। প্ৰথমে উল্লেখ কৰা নাৰীৰ কুমাৰীত্ব ৰক্ষাৰ প্ৰথাটোও তাৰেই এটা নিদৰ্শন‌।

এতিয়া উপৰি উক্ত আলোচনাৰ পৰা এই কথা স্পষ্ট হ’ল যে যৌন নৈতিকতা,নাৰীৰ সতীত্ব, কুমাৰীত্ব আদি ধাৰণাবোৰৰ সতে সমাজৰ উৎপাদন ব্যৱস্থা বা অৰ্থনৈতিক ব্যৱস্থাবোৰ জড়িত‌। গতিকে তাৰ সমাধানৰ ক্ষেত্ৰতো এই ব্যৱস্থাৰ পৰিৱৰ্তন দৰকাৰ‌।
বৰ্তমান অৰ্থনৈতিক ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ ক্ৰমাগতভাবে বৃদ্ধি পাইছে‌ আৰু আৰ্থিক স্বাৱলম্বন আৰু শিক্ষাই নাৰীৰ মাজত ধাৰণা সলনি কৰিবলৈ লৈছে‌।অৱশ্যে এই কথা স্বীকাৰ নকৰি উপায় নাই যে এতিয়াও অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহ জীৱিকাৰ উপায়হে মাত্ৰ‌।

সি যি কি নহওক,নাৰী মুক্তিৰ নৱচেতনাৰে উদ্বুদ্ধসকলৰ মাজত কিন্তু আৰ্থ সামাজিক কাৰকৰ বিষয়ে অসচেতনতাই তাক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা আছে‌। কাৰণ ইতিমধ্যেই উগ্ৰ নাৰীবাদী প্ৰৱণতাই নাৰী স্বাধীনতাৰ ধাৰণাটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে য’ত স্বাধীনতা মানে অবাধ ব্যভিচাৰৰ স্বাধীনতা‌।নাৰীমুক্তি মানে প্ৰেমে আনি দিয়া দায়িত্ববোধৰ পৰা মুক্তি‌।

ঠিক একেটা কথাই খাটে যৌন নৈতিকতাৰ বেলিকাও‌। গৰ্ভ নিৰোধকৰ আবিষ্কাৰে এই যৌন নৈতিকতাৰ ক্ষেত্ৰলৈ এক দায়িত্বজ্ঞানহীন অবাধ যৌনতাৰ আগমন ঘটোৱাৰ বাট মুকলি কৰিছে। ভোগ সৰ্বস্ব মানসিকতাৰে যৌনপ্ৰেমক এক পণ্য কৰি পেলোৱা হৈছে‌। মানৱ বিৱৰ্তনৰ সৰ্বোত্তম উপহাৰ ‘যৌনপ্ৰেম’লৈ প্ৰত্যাহ্বান আনিছে উগ্ৰ ব্যক্তিস্বাতন্ত্ৰ্যবাদেও‌।
যৌনতা মানৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ বিষয়‌। ইয়াক এগিলাচ পানী খোৱাৰ দৰে সাধাৰণ ঘটনা বুলি ধৰিবলৈ হ’লে বুজিব লাগিব যে মানৱ সমাজৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক প্ৰচণ্ড ভাবুকি আহিছে‌। ইমানদূৰ বিৱৰ্তনৰ বাটত বাট বুলি পুনৰ বৰ্বৰ আৰু বন্য অৱস্থালৈ ঘূৰি যোৱাৰ পথহে মুকলি হৈছে । হয় এই ভাবুকি আহিছে‌। ধুমুহাৰ দৰেই আহিছে‌। সেই ধুমুহাক ৰোধ কৰাটো প্ৰত্যেক সভ্য মানুহৰে দায়িত্ব‌। কিন্তু সেই দায়িত্ব পালন কৰিবলৈ যাওঁতেই তাৰ ভিত্তিটোলৈ চকু দিবই লাগিব‌। সমাজ ব্যৱস্থাটোৰ পৰিৱৰ্তন অবিহনে নাৰী পুৰুষৰ যৌন-নৈতিকতাৰ একক মানদণ্ড অনাটো সম্ভৱেই নহয়‌। এই গণ্ডীৰ ভিতৰতে কেৱল আইন প্ৰণয়ণৰ দ্বাৰা আংশিক সমাধানহে পাব পাৰি‌।

সমাজতান্ত্ৰিক সমাজলৈ পৰিৱৰ্তনৰ কথা ক’লে আজি কালি বহুতেই তাক এটা অচল টকা, ইউটোপীয়ান সপোন আদি আখ্যাৰে আখ্যায়িত কৰে‌। পিছে প্ৰকৃত বিজ্ঞান মনষ্ক ব্যক্তিয়ে ভালদৰেই বুজে যে সমাজৰ এনেকুৱা সমস্যাবোৰ সমাধানৰ বাবে তাতকৈ বেলেগ আৰু অন্য পথ অন্ততঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই‌।

সহায়ক উৎস:
১) পৰিয়াল,ব্যক্তিগত মালিকানা আৰু ৰাষ্ট্ৰৰ উৎপত্তি- এংগেলচ
২) নিষিদ্ধ প্ৰসংগ- প্ৰসেনজিৎ চৌধুৰী
৩) সময়ৰ পৰীক্ষাগাৰত মানৱীয় অনুভূতি: (সাতসৰী আলোচনীৰ ‘প্ৰেম আৰু বিবাহৰ ভৱিষ্যৎ’ বিশেষ সংখ্যা, ১-১৫ জুন,২০০৬ত প্ৰকাশিত প্ৰৱন্ধ)- বৰ্ণালী বৰুৱা দাস
৪) প্ৰাচীন বাৰাংগনা বৃত্তি বনাম আধুনিক মডেলিং : ( প্ৰান্তিক: ১-১৫ মাৰ্চ সংখ্যাত প্ৰকাশিত প্ৰৱন্ধ)- বৰ্ণালী বৰুৱা দাস

 

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

পঢ়ি ভাল লাগিব …ভবিষ্যতে আৰু ভাল কাহিনি শুনিম বুলি আশা কৰিছো

4 years ago

আশা কৰিছো বহুত নজনা কথা জানিম