যৌৱন, বাৰ্ধক্য, হিচাপ-নিকাচ ইত্যাদি (দীপচন চাংমাই)

যৌৱন, বাৰ্ধক্য, হিচাপ-নিকাচ ইত্যাদি (দীপচন চাংমাই)

 

নাই, আজি চিগাৰেট নোহোপে সি । হিঃ হিঃ । তাৰ হাঁহি উঠি গ’ল । ঠিকেইতো, চিগাৰেট এৰাটো নিচেই সহজ । কিমানবাৰ যে এৰিছে সি । কোনো সুহৃদে ক’লেই হ’ল, কৈ দিব তপৰাই, অমুকে কৈছে অমুক, তমুকে কৈছে তমুক । যেন চিগাৰেট হোপিবলৈয়ে উক্তিৰ এখন টোকাবহী তৈয়াৰ কৰি থৈছে । হিঃ হিঃ, আগত একুৰা জ্বুই, পাচত এটা মূৰ্খ । নহয় নহয়, পাচত এটা জ্ঞানী মূৰ্খ অথবা জধা মূৰ্খ । হুঁ..হ, নৱই হুমুনিয়াহ কাঢ়িলে । হয়, কেতিয়াবা ভুলবোৰ চকুত পৰিলেও কিয় জানো শুধৰোৱা নহয় ! সি জানে, শেষ ৰাতিলৈ চিগাৰেট এটাৰ বৰ প্ৰয়োজন হ’ব ।

তাহানিতে স্কুলৰ নাহৰজোপাত থকা চৰাই বাহটোলৈ মনত পৰে তাৰ । কিয় চাইছিলগৈ সি শুকান খেৰকুটাত কলমটিয়াই থকা, বগা-হালধীয়া নোম গজা উমাল মাংসপিণ্ড কেইটা । পুৱাৰ কোমল ৰ’দ গাত লৈ কি নিশ্চিন্তে শুই আছিল সিহঁত । আজিও আছে সেই নাহৰজোপা । তাৰ বগাই চাবলৈ মন যায় । আশ্বস্ত হ’বলৈ মন যায় নিশ্চিন্তে শুই থকা চৰাই পোৱালি কেইটাক চায় ।

ছেঃ, কিহে পাইছিল তাৰ অফিচৰ কেচ কাউন্টাৰৰ পইচা কেইটা খৰচ কৰিবলৈ । নিজৰ ওপৰতে খং উঠি গ’ল নৱৰ । অৱশ্যে নকৰি নো কি কৰিব ? চালুকীয়া অৱস্থাৰ ব্যক্তিগত কোম্পানী এটাৰ কৰ্মচাৰী সি । দৰমহাৰ যিকেইটা টকা পায় মাহৰ প্ৰথম সপ্তাহতে শেষ হয় । তাতে আকৌ এডভাঞ্চ বুলি লোৱা টকাকেইটাও দুগুণ কৰাৰ ধান্দাত মৰা গ’ল । কলেজৰ দিনৰ খাচ পাৰ্টনাৰ কেইটাৰ আগতনো কেনেকৈ নিজৰ এই লাও-লোৱা অৱস্থাৰ কথা কয় । অফিচ ছুটিৰ পাচত নিয়ম মাফিক তাহাতক লগ দিবই লাগে । সেইদিনা কলেজীয়া জীৱনৰ খাচ ৰাজীৱ ছুটিত অহা বুলি ধীৰাজে ফোন কৰিছিল । কিবা এটা চিন্তা কৰি অফিচৰ দিনটোৰ জমা কেচখিনি পকেটত ভৰাই.. । প্ৰথম কেইটুপিমানলৈ এডভাঞ্চ, কেচ কাউন্টাৰৰ হিচাপ আৰু দৰমহাৰ ডেবিট-ক্ৰেডিট ঠিকেই আছিল । লাহে লাহে কলেজৰ দিনবোৰ উভতি অহা যেন লাগিল ।  পিচলৈ যে এনে নিমিলাংক হ’বগৈ সিতো ভবা নাছিল । সেই অকণ আনন্দৰ বিপৰীতে লাভৰ মূৰত যোৱা তিনিদিন ধৰি অফিচৰপৰা ফোনৰ ওপৰত ফোন । এতিয়া তাৰ ন’ নেটৱৰ্ক ক’ভাৰেইজ ।  মাহৰ শেষ । হিচাপ নিকাচৰ সমস্ত ভাৰ তাৰ ওপৰতে আছে । এই সুযোগ ব্যয়খিনিৰ কথা ভাবি তাৰ মূৰে কাম নকৰা হ’ল । তাতে সংসাৰ কৰাৰ বিড়ম্বনাতো আছেই ।

সি তেতিয়া দ্বিতীয় মানত । দেওবাৰ । মাৰ্বল খেলা লগ সমনীয়াৰ সতে স্কুলখনৰ ভিতৰে বাহিৰে পিটপিটাই ফুৰিছে । আলিবাটৰ কাষতে থকা স্কুলৰ অমৰাজোপাৰ কুঁজটোত কেনেবাকৈ উঠি তাৰ এই সাফল্য সদম্ভে ঘোষণা কৰিবলৈ গৈ দেখে যে লগৰীয়াবোৰ দৌৰা-দৌৰি কৰি ইতিমধ্যে খেলপথাৰখনৰ সিটো মূৰ পাওঁ পাওঁ । নামিবলৈ লৈ বুকুখন চেৰেং কৈ গ’ল । নামিব নোৱাৰে । নিজান হৈ থম্ থম্ কৈ বহি থকা স্কুল ঘৰটো, নিৰ্জন-আন্ধাৰ হৈ অহা কৰিডৰটো দেখি তাৰ চকু পানী ওলাই আহিল । তেনেতে বাটেদি চাইকেল চলাই যোৱা গণেশ দোকানীক দেখি কোনো বিলম্ব নকৰি চিঞঁৰি দিলে “মই হিতেশ মাষ্টৰৰ সৰুটো ল’ৰা, মোক নমাই দিয়ক ।” নৱৰ হাঁহি উঠি গ’ল । মুখখন শুকাই গৈছে । পানী খাওঁ বুলি নৱই লাইটৰ চুইচটো টিপি দিলে । নাল ছিগা কেটলিটোৰপৰা পানী এঢোক খাই থবলৈ লওঁতেই বেটীৰ সৰু সৰু কাপোৰবোৰ দেখি তাৰ বুকুখন মোচৰ খাই গ’ল । হাতৰ কটা ঘাঁ টুকুৰা দেখি আয়না ভগা আলমাৰিটোলৈ চাই পঠিয়ালে । দেউতাকৰ ঘুণে খোৱাটোতকৈ মজবুত এটা আলমাৰি । শহুৰেকৰ ঘৰৰপৰা দিয়া । তত্ক্ষণাত নৱই লাইটটো নুমুৱাই দি কিছু সময় নিশ্চুপ হৈ বহি থাকিল ।

নৱৰ মনত পৰে সেই বগৰীজোপালৈ । স্কুলঘৰটো আৰু বেঙ্ক কমপ্লেক্সৰ মাজেৰে যোৱা শিল পেলোৱা পথটোৰ দাঁতিতে গছ জোপা । কোনো এটা নিৰ্জন দুপৰীয়া তাই ৰৈ আছিল লগৰ কেইজনীৰ অপেক্ষাত । পেঁ-পুঁ পেঁ-পুঁ কৰি ৰঙা বাকচটো চাইকেলৰ কেৰিয়াৰত বান্ধি বৰফৱালাটো পাৰ হৈ গ’ল । এটা পদুম কলিৰ সুবাস আহি তাৰ নাকত লাগিল । ধেত্ তেৰি । সি সেই তৃতীয়মানতে বেচ ৰোমান্তিক আছিল দেই । হাতৰ বিষটোৱে তাৰ মূৰত ধৰিলগৈ । বেচ দকৈয়ে কাটিল । চিলনি এটা মৰাই আহিবলৈও তাৰ মন যোৱা নাই । সন্ধিয়াপৰত ওচৰৰে ফুলটুঙৰ ঘৰৰপৰা অনা লোকেলবিধে বিষটো যথেষ্ট কমাই দিয়ে । পিচ নিশালৈহে অলপ আমনি হয় । এই ফুলটুঙটোৱেও চালা আজিকালি ভেজাল কৰিবলৈ ল’লে ।

সংসাৰ কৰিলো বুলিয়েই কি মানুহৰ ভাল-লগা বেয়া-লগা নোহোৱা হৈ যাব । উচ্চাকাংক্ষা কি নোহোৱা হৈ যাব । নৱৰ টিঙিচকৈ সেইদিনাৰ খংটো উঠি আহিল । মোক বোলে আজিকালি কাপোৰে কানিয়ে কুলি-মদাহী যেন লগা হৈছে । আত্মীয়-স্বজনৰ আগত সিহঁতে হেনো লাজ পায়.. । নৱই নিজকে কোৱা দি কৈ গ’ল । আজি কেইমাহমানৰ পৰা নৱৰ ওপৰত তাইৰ কৰ্তৃত্ব যথেষ্ট বাঢ়িছে । বাঢ়িবও দিয়কচোন । গৃহিণীৰ অৰ্থনৈতিক সৱলীকৰণত পিতৃগৃহৰ ভুমিকা আৰু ইয়াৰ সুফল । হাঃ হাঃ হাঃ । নৱই ক’ব নোৱাৰাকৈয়ে সশব্দে হাঁহি পেলালে ।

জিলিৰ মাতে ৰাতিৰ আন্ধাৰখিনি গাঢ় কৰি তুলিছে । ফুলটুঙৰ ঘৰৰপৰা কোনো মাতালৰ অবাইচ চিঞঁৰ এটা ভাহি আহিল । দেউতাকে পিঠিখন মোহাৰি মোহাৰি কিবা-কিবি কৈ আছে । টোপনিৰ কোলাত সি ক্ৰমে ঢলি পৰিছে । দেউতাকৰ কথাবোৰ অস্পষ্ট হৈ পৰিছে.. । বজাৰৰ পৰা অনা বেগটো থবলৈ পালে কি নাপালে, নৱই তাৰ সৰু সৰু হাতকেইখনেৰে খুচৰিবলৈ লাগি গ’ল । সি জানে, আন শাক-পাচলিৰ মাজত কমলা-লেটেকু জাতীয় কিবা নিশ্চয় আছে.. । ধূলি মাকতি লগা নিচলা গাৰে বেটীয়ে নাৰিকলৰ কোটোৰাত ভাত সিজাইছে । অনাহাৰত বিৱৰ্ণ হৈ পৰা মুখেৰে বেটীয়ে তাক কৈছে, “ভাত খাওঁ আহা।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক