লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা (বিদুল বৰুৱা)

(পৰিচয়মূলক টোকা: ১৯৩২ চনত কাৰ্বি আংলং জিলাৰ লাংহিনৰ সোণাৰিজানত জন্ম গ্ৰহণ কৰা লংকাম টেৰণে প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্ব্বমুঠ আঠাইশখন মৌলিক গ্ৰন্থ আৰু পাঁচখন সম্পাদিত গ্ৰন্থকে ধৰি ভালেকেইখন স্কুলীয়া পাঠ্যপুথিৰ ৰচয়িতা টেৰণৰ উল্লেখযোগ্য গ্ৰন্থ কেইখন হৈছে- ‘কাৰ্বি জনগোষ্ঠী’, ‘অবিসম্বাদী জননেতা খৰছিং তেৰাং’, ‘ছাৰ লামথে’, ‘কাৰ্বি লামলিৰ আচিলি’, ‘ফিচাৰ্পি আত’ম’, ‘কাৰ্বি লোকগীত’, ‘লাম-কীৰ্তন’, ‘কাৰ্বি সংস্কৃতিৰ উৎস’, ‘কাৰ্বি লামতাচাম’, ‘কাৰ্বি লামমাৰজং কিমি’, ‘ফি-ফু আত’ম’, ‘সহজ কাৰ্বি শিক্ষা’, ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’ ইত্যাদি। অত্যন্ত সৰল লংকাম টেৰণ “কাৰ্বি লাম্মেত আমেই”ৰ (কাৰ্বি সাহিত্য সভা) প্ৰতিষ্ঠাপক সভাপতি (১৯৬৬ চন), অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন) হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত।)
(১)
১৯৯৭ চনৰ কথা। ডিফু কেন্দ্ৰীয় বিহু সমিটিয়ে বিহু উদযাপনৰ লগতে ‘বিহু স্মৰণিকা’ এখন উলিওৱাৰ যো-জা কৰিলে। সমিতিয়ে স্মৰণিকাখন সম্পাদনাৰ গুৰুভাৰ মোৰ ওপৰত ন্যস্ত কৰাত, কিছু সংকোচ অথচ আন্তৰিকতাৰে দায়িত্ব ল’বলৈ আগবাঢ়িলোঁ। স্মৰণিকাৰ বাবে বিষয় নিৰ্বাচন কৰি লেখক-লেখিকা সকলৰ এখন তালিকা প্ৰস্তুত কৰিলোঁ। একেবাৰে ওপৰত লংকাম টেৰণৰ নামটো ৰাখিলোঁ। ইয়াৰ আগেয়ে, লংকাম টেৰণৰ সান্নিধ্য লাভ কৰা নাছিলোঁ। তেখেতক অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বুকি জানিছিলোঁ আৰু দূৰৈৰ পৰা তেখেতৰ লেখা মেলাৰ মাজেৰে পৰিচয় লাভ কৰিছিলোঁ।
এদিন চিঠি এখন লৈ চৰকাৰী চাকৰিৰ অৱসৰৰ পিছত তেখেতে কাৰ্যনিৰ্বাহ কৰা কাৰ্বি আংলং বেচৰকাৰী বাচ আস্থানৰ সচিবৰ কোঠালৈ গ’লোঁ। অনুমতি লৈ তেখেতৰ কোঠাত প্ৰৱেশ কৰিলোঁ। তেখেতে কেইবাখনো বাতৰি কাকত মেজত থৈ একান্তমনে চকু ফুৰাই আছিল। এটা ফৰকাল হাঁহিৰে মোৰ পৰিচয় আৰু উদ্দেশ্যেৰ বিষয়ে জনাৰ পিছত চাহ-মিঠাইৰে আপ্যায়ন কৰি মোক বিদায় দিলে।
(২)
এনেকৈয়ে তেখেতে নিদিৰ্ষ্ট কৰি দিয়া দিন-বাৰ আৰু সময়ৰ ভিত্তিতে মই কাৰ্বি সংস্কৃতি বিষয়ক এটি গুৰুত্বপূৰ্ণ প্ৰবন্ধ লাভ কৰিলোঁ। “কাৰ্বি সংস্কৃতিৰ চমু আভাস” শীৰ্ষক প্ৰবন্ধটো তেখেতে এনেকৈ প্ৰস্তুত কৰিছিল যেন কাৰ্বি সংস্কৃতিক হাতী মাৰি ভুৰুকাতহে ভৰাই থৈছে। জন্মগ্ৰহণ, নামকৰণ, চুলিকটা, থেকাৰকিতি, প্ৰাৰ্থনা, নিহু কাচিৰি, কাচাৰ্ৱি, অতিথি আপ্যায়ন, পাগুৰিৰ মহত্ব, বগা ভাতৰ তাৎপৰ্য, সৰগদেউ পূজা, বিবাহ, মৃত্যু আৰু শ্ৰাদ্ধ, শপত গ্ৰহণ, বাৰ্ষিক গমন, লখিমী উৎসৱৰ বিষয়ে চমু অথচ আটোমটোকাৰীকৈ লিখা কথাখিনিয়ে আমাৰ স্মৰণিকা “জেতুকা”ক সমৃদ্ধ কৰাই নহয়, গুৱাহাটীৰ শাৰদাদেৱী ন্যাসে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিহু আলোচনী প্ৰতিযোগিতাত ,প্ৰথম স্থান কৰাত প্ৰভূত বৰঙণি আগবঢ়ায়। প্ৰবন্ধটিত ‘জন্মগ্ৰহণ’ৰ বিষয়ে বৰ্ণাই তেখেতে লিখিলে-  “কাৰ্বি পৰিয়ালত শিশুৰ জন্মলগ্নত প্ৰসূতি মাতৃৰ আলপৈচান আৰু শুশ্ৰষাৰ বাবে বয়সস্থ মহিলা কেইগৰাকীমান থকাটো নিতান্তই প্ৰয়োজন। নৱজাতক ভূমিষ্ঠ হোৱা মুহূৰ্তত ওচৰত থকা আই- মাতৃ সকলো শিশুটিৰ মংগল কামনাৰে শুভাশিস প্ৰদান কৰি উচ্ছাৰণ কৰে- ‘হে পৰমেশ্বৰ! এয়া মানৱ শিশু, কোনো জন্তু -জানোৱাৰৰ পোৱালি নহয়; ই আন লোকক মোমাই বুলিবলৈ, মামী বুলিবলৈ, পেহা বুলিবলৈ, পেহী বুলি মাতিবলৈ অৰ্থাৎ মানৱ সমাজত এটি সমন্ধ স্থাপন কৰিবৰ বাবে জন্ম গ্ৰহণ কৰিছে।”(পৃষ্ঠা-১২)
(৩)
পুনৰ ১৯৯৯ চনত ডিফু সাহিত্য সভাৰ মুখপত্ৰ ‘মিৰজাংছিক’খনৰ দায়িত্ব সভাই মোক অৰ্পণ কৰাৰ বেলিকা ‘ক্ৰম অনুসৰি কাৰ্বি ৰজাৰ তালিকা’ শীৰ্ষক প্ৰবন্ধটো মোক প্ৰকাশ কৰিবলৈ দি পত্ৰিকাৰ মান আৰু গুৰুত্ব বহুখিনি বঢ়াই তুলিছিল।এই প্ৰবন্ধত ছ’চেঙত ৰাজধানী স্থাপন কৰি ৰাজপাটত বহা কাৰ্বি ৰজাসকলৰ ক্ৰম অনুসাৰে এখন তালিকা দিবলৈ প্ৰয়াস কৰিছিল। ইয়াত ৰজা হাৰ ৰংহাঙৰ পৰা লৰ্জেন ৰংহাঙলৈ মুঠ চৌত্ৰিশজন ৰজাৰ নাম,শাসন কাল আৰু ৰজাসকলৰ কীৰ্তি চমুকৈ উল্লেখ কৰি, ভৱিষ্যত প্ৰজন্মৰ সহায়ৰ বাবে প্ৰবন্ধটি প্ৰস্তুত কৰি থৈ গৈছে।
(৪)
২০০০ চনৰ কথা। ডিফু গড়কাপ্তানী কলনি ব’হাগী উদ্‌যাপন সমিটিৰ বিহু মুখপত্ৰ ‘বৰ্হমথুৰি’ৰ দায়িত্ব দিলে। কাৰ্বি সংস্কৃতি বিষয়ক প্ৰবন্ধ এটাৰ বাবে তেখেতৰ কাষ চাপোঁতে আমাক নিৰুৎসাহ নকৰিলে। ‘বতৰ কেকুৰ: বতৰ আৱাহনী’ শীৰ্ষক এটা সুন্দৰ প্ৰবন্ধ দি মোক উৎসাহ যোগালে। বতৰ কেকুৰ সম্বন্ধে কাৰ্বি লোকগীত এটিৰ সাৰাংশ বৰ্ণনা কৰি লিখিলে- ‘ ক্ৰকচ, ক্ৰকচ’ বুলি ক্ৰকচ বা ক্ৰকচুৰ চৰায়ে কেওদিশে মাতি কৃষিকাৰ্যৰ বাবে বতৰৰ আগমনৰ জাননী দিছে। পুৰণি লাউৰ খোলা এটাত মদ ভৰাই ভগৱানক স্মৰণ কৰি কাথাৰপ’ৱে ডেকাদলৰ মুৰব্বীজনক কাৰ্বি নিয়ম অনুসৰি ধানৰ সঁচ সিঁচিবৰ উপযক্ত সময় উপস্থিত বুলি সঁকিয়াই দিছে। কাথাৰপ’গৰাকীয়ে ধানৰ সঁচ খাঙত আটোম-টোকাৰিকৈ ভৰাই কান্ধত কোৰখন লৈ ঝুম (জুম) তলীলৈ বুলি ৰাওনা হৈছে। জুমতলীত থকা পঁজাঘৰত কিছু সময় বিশ্রাম লৈ ধানৰ সঁচ পেলাই অৰ্থাৎ সিঁচি দি মাটিখিনি হাতৰ কোৰখনেৰে ওলট-পালট কৰিছে। এইদৰে সঁচ সিঁচা কাৰ্য সমাধা কৰিছে। যথা সময়ত ধানৰ গজালিবোৰ বাহিৰ হ’ল আৰু লহপহীয়া পাতেৰে জুমতলী মনোৰম হৈ উঠিছে (পৃষ্ঠা-১৮)। সেইবাৰো ডিফুৰ ‘বৰ্হমথুৰি'(২০০৮) খনৰ জৰিয়তে, গুৱাহাটীৰ শাৰদা দেৱী ন্যাসে আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজন কৰা বিহু আলোচনী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈ আমি আটায়ে আনন্দ অনুভৱ কৰিলোঁ।
(৫)
ঐতিহ্যপূৰ্ণ ডিফু সাহিত্য সভাৰ সম্পাদক (১৯৯৭-২০০০, ২০০৩-২০০৬) হৈ থাকোঁতে লংকাম টেৰণদেৱৰ সৈতে মোৰ ঘনিষ্ঠতা যেন বাঢ়ি গৈছিল। কাৰ্বি ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে লোৱা গ্ৰন্থ প্ৰকাশৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে লাহেকৈ লংকাম টেৰণদেৱৰ কাষ চাপিলোঁ। সভাৰ অনুৰোধ ৰক্ষা কৰি তেখেতে আগবঢ়োৱা সহযোগৰ বাবে ‘বুঢ়ী আইৰ সাধু’ৰ কাৰ্বি অনুবাদ ‘ফিচাৰপি আতম’ (১৯৯৭ চন) আৰু আমি সংগ্ৰহ কৰি দিয়া ‘কাৰ্বি কিম্বদন্তি’সমূহ দেবেন গগৈ (চাৰ)ৰ সৈতে যুটীয়া সম্পাদনাত ‘কাৰ্বি কিম্বদন্তি সংকলন’ (১৯৯৮ চন) নামেৰে প্ৰকাশ কৰিবলৈ সক্ষম হ’লোঁ। কাৰ্বি সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি বংলং তেৰাঙৰ ৰচনাৱলীৰ অসমীয়া অনুবাদৰ প্ৰথম পদক্ষেপ হিচাপে লংকাম টেৰণদেৱে সভাৰ অনুৰোধ ৰক্ষা কৰি সঁহাৰি দিয়াৰ বাবেই পুনৰ ‘কাৰ্বি লোক-গীত’ গ্ৰন্থখন (১৯৯৮চন) প্ৰকাশ কৰিবলৈ সক্ষম হ’লোঁ। যিখন গ্ৰন্থত ঐশ্বৰ্যপূৰ্ণ কাৰ্বি সংস্কৃতিৰ কেইটামান উল্লেখযোগ্য বিষয়বস্তুক অনুবাদৰ জৰিয়তে জন-মানসত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

  1. কাৰ্বি কেপ্লাং (কাৰ্বি সৃষ্টি)
  2. লখি কেপ্লাং (লখিমীৰ উৎপত্তি)
  3. ৰংকেকিম (গাঁও সংগঠন)
  4. হৰবং কেপ্লাং (তিতালাউৰ উৎপত্তি)
  5. থাপ্ কেপ্লাং (বাখৰৰ উৎপত্তি)
  6. ৰিছ’ আৰ্নাম কেপ্লাং (যুৱ দেৱতাৰ সৃষ্টি)
  7. বিৰিক কেপ্লাং (জলকীয়াৰ উৎপত্তি)

( ৬)
২০০৭ চনৰ কথা। ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহু উৎসৱ জাক জমকতাৰে আয়োজন কৰা হৈছিল। স্মৃতিগ্ৰন্থ ‘বিহুৱান’ৰ সম্পাদনাৰ গুৰুভাৰ সমিতিয়ে মোৰ ওপৰতে ন্যস্ত কৰিলে। শাৰীৰিক অসুস্থতাৰ বাবে তেখেতৰ আশিস স্বৰূপ, ‘শুভেচ্ছা-বাণী’ এটাকে লিখি দিয়াৰ বাবে অনুৰোধ কৰোঁতে তেখেতে লিখিলে- ‘প্ৰতি বছৰে ব’হাগ মাহত উদ্‌যাপন কৰা ৰঙালী বিহু আমাৰ অসমীয়াৰ বাপতি সাহোন। এই মহোৎসৱৰ জৰিয়তে সমগ্ৰ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা ঐক্য-সংহতি আৰু সমন্বয়ৰ ভেটি সুদৃঢ় কৰা আমি প্ৰত্যক্ষ কৰি আহিছোঁ”। গোট-গোট হাতৰ আখৰেৰে লিখা এটা যেন সঁচাকৈয়ে ‘সমন্বয়’ সুৰ বহনকাৰী শুভেচ্ছা বাৰ্তা।
সদা হাঁহিমুখীয়া পৰিপাটি সাজেৰে, চুটি-চাপৰ, নিয়মানুবৰ্তী, সময়-সচেতন ব্যক্তিত্বশালী মানুহজনৰ সৈতে এয়াই আছিল মোৰ অন্তিম দেখা-সাক্ষাৎ। কাৰ্বি-সংস্কৃতিৰ ভঁৰাল স্বৰূপ লংকাম টেৰণদেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
টোকা-

  1. থেকাৰকিতি- চিকাৰত পোৱা মাছ-মাংস আৰু পূজাত উচৰ্গা কৰা মাংস সিজাই ভোজনৰ পূৰ্বে ঈশ্বৰৰ নামত অৰ্পণ কৰা প্ৰথা।
  2. নিহু কাচিৰি- মোমাই বিচৰা অৰ্থাৎ মোমায়েকৰৰ আশিস প্ৰাৰ্থী।
  3. কাচাৰ্ৱি- কাৰ্বি বিবাহিতা স্ত্ৰীয়ে স্বামীৰ আগে আগে যোৱা প্ৰথা।
  4. ক্ৰকচুৰ চৰাই- কাৰ্বি লোকজীৱনত বিশেষ উল্লেখ থকা এবিধ বতৰৰ পক্ষী।
  5. কাথাৰপ’- কাৰ্বি ৰাজ পুৰোহিত।

 
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক