লকআপত হেপ্পী নিউ ইয়েৰ! – জ্যোতিৰূপম দত্ত

ৰঙা টুপী পিন্ধা কনিষ্টবলজন মোৰ আগে আগে৷ হাতত এজোকা চাবি৷ কান্ধত ওলোমাই ৰখা এটা আওপুৰণি থ্ৰি.নট.থ্ৰি বন্দুক৷ বন্ধ লকআপটোৰ সমুখত ৰৈ বন্দুকটো একাষলৈ থৈ কনিষ্টবলজনে সামান্য হাউলি দুৱাৰখনত ওলমি থকা প্ৰকাণ্ড লোহাৰ তলাটো খুলিবলৈ ধৰিলে৷ অলপ সময়লৈ যুঁজি যুঁজি কেইবাপাত চাবিৰেও তলাটো খুলিব নোৱাৰি কনিষ্টবলজনৰ মুখেৰে অশ্ৰাব্য গালি এটাহে বাহিৰ হ’ল৷

মই মনে মনে কাষতে ৰ’লো৷ অৱশেষত যেনিবা তলাটো খোল খালে৷ কনিষ্টবলজনে মোলৈ চাই চকুৰে ইংগিত দিলে৷ গধুৰ লকআপৰ দুৱাৰখন ঠেলি মই ভিতৰলৈ সোমাই গলো৷

■■

কিছুসময় আগৰ কথা৷

: হেপ্পী নিউ য়েৰ দোস্ত! কালি সময়েই নাপালো, মানে হেং অভাৰ গুচাওঁতেই দিনটো গ’ল৷ সেয়ে আজি পুৱাই ফোন কৰিছো৷
: থেংকিউ, চেম টু য়ু!
: ক’ত আছ’?
: মানে…. মানে, থানালৈ আহি আছো৷ পাবৰ হৈছেই৷
: থানাত? কিয়? কিবা হ’ল নেকি?
: মানে… মানে…. কি কম আৰু? এতিয়া লকআপত সোমাব লাগিব৷ পাছত বিতংকৈ কম৷ থওঁ এতিয়া৷

ফোনটো কাটি দিলো৷ বন্ধু এজনৰ ফোন৷ যোৱা এবছৰে আধা মিনিট কথা পাতিবলৈও সি সময় নাপালে৷ আজি এই সময়তহে কৰিবলৈ পালে৷ মোৰেই দুৰ্কপাল৷ কি যে হ’ব!

পুলিচ থানাৰ সমুখত গাড়ীখনৰ পৰা নামিলো৷ সোঁৱে-বাৱে জুম পাতি বহুকেইজন মানুহ ৰৈ আছিল৷ থানাৰ সমুখত টিভি কেমেৰা লৈ বহুকেইজন সাংবাদিকে পিয়া-পি দি আছে৷ থানা চৌহদত পুলিচ আৰু চি.আৰ.পি.এফৰ দল গিজগিজাই আছিল৷ ইতিমধ্যে বহুকেইজন উচ্চপদস্থ বিষয়াও আহি অ’চিৰ কোঠাত কিবা আলোচনাত ব্যস্ত আছিল৷

গাড়ীৰ পৰা নমাৰ লগে লগে আমাৰ ফালে বহুতেই সন্দেহজনক চকু দিয়া দেখা পালো৷ এজন বন্দুকধাৰী কনিষ্টবলে ভিতৰলৈ যাবলৈ মোক নিৰ্দেশ দিলে৷ মই লাহেকৈ থানাৰ ভিতৰলৈ সোমাই গলো৷ পিছে পিছে মোৰ সংগীজন৷

আন এজন কনিষ্টবলে আমাক দুয়োকে কাষৰ কোঠাটোলৈ লৈ গ’ল৷ কোঠাটোত থকা ছখনমান মেজৰ প্ৰায় প্ৰতিখনতে ফাইলৰ স্তূপ৷ সেই সময়ত কোঠাটোত আৰক্ষী উপ-পৰিদৰ্শক পৰ্য্যায়ৰ বিষয়া কেইজনমান ব্যস্ত হৈ আছিল৷ দুজনমানে একান্তমনে ডাঙৰ পকাবন্ধা বহী কেইখনমানত কিবা লিখাত ব্যস্ত আছিল৷ এজনে কাৰোবাক ফোনতে এজাউৰি গালি দি আছিল৷

: অ’, দুটাক এইমাত্ৰ উঠাই আনিছো৷ বাকীকেইটাৰো খবৰ ল’৷ শুদাহাতেৰে ঘূৰি আহিলে এচিপিয়ে শুদাই নেৰে৷ দিগদাৰ আছে৷ বাৰু…..এই দুটাক মই চাই আছো৷

কনিষ্টবলজনে আমাক দুয়োকে তেখেতৰ কাষতে ৰ’বলৈ ক’লে৷ চুচুক-চামাককৈ আমি ঠিয় হৈ ৰ’লো৷ পুলিছ বিষয়াজনে আমাৰ ফালে কেৰাহিকৈ চায়েই কাষৰজনক কিবা এটা ইংগিত দি আকৌ ফোনত ব্যস্ত হ’ল৷ মোটা দগধা মোচকোচা হাতেৰে পকাই আনজন বিষয়াই এখন প্ৰকাণ্ড বহী টানি আনি কিবা খচখচকৈ লিখি সুধিলে –

: নাম?

কোনোমতে সেপ ঢুকি লাহেকৈ কলো৷

: উপায় নাই! নীতি নিয়মৰ কথা৷ পুৱাৰ পৰা একাপ চাহ খাবলৈ সময় পোৱা নাই৷ যোৱাৰাতি পাৰ্টিত উৎপাত কৰা কেইটামানক আনি ভৰাই থৈছো৷ তাৰে এজন আকৌ সন্মানীয় মানুহ! সেই কাৰণেই টিভি-পেপাৰ সকলো আহি হাজিৰ৷ এতিয়া আকৌ এইবোৰ কাম৷ আমাৰ বাবে অৱশ্যে এইবোৰেই পুণ্যৰ কাম৷

মুখেৰে ভোৰভোৰাই বিষয়াজনে আমাৰ দুয়োৰে কামখিনি সম্পূৰ্ণ কৰি কনিষ্টবলজনক আকৌ চিঞৰিলে-

: হৈ গ’ল৷ ঐ ৰমেন, লকআপটো খুলি দে!

■■

দুদিন আগৰ কথা৷ চকীখনত আৰামকৈ বহি আকাশ পাতাল ভাবি আছিলো৷ বিশেষ একো কাম নাছিল৷ এনেতে অফিচৰ পিয়নটোৱে আহি কলে – ছাৰে আপোনাক মাতিছে৷ ৰংপী ছাৰকো মাতিছে৷

: অ’, গৈছো৷ – কথাষাৰ শুনিয়েই কিবা এটা বিপদৰ আগজাননী পোৱা যেন লাগিল৷

কোঠালৈ সোমাবলৈ লওতেই দেখিলো মোৰ সহকৰ্মী মিঃ ৰংপীও ইতিমধ্যে কোঠাটোৰ সমুখত ৰৈ আছে৷ দুয়ো কোঠাটোত সোমাবলৈ লৈ সুধিলো –

: ছাৰ?
: আহক দত্ত৷ ৰংপী, আহক৷ বহক৷ কথা আছে৷ আপোনালোকে জানেই কিয় মাতিছো৷ সেয়ে দুয়োকে একেলগেই মাতি আনিলো৷

পেটে পেটে খং উঠিলেও হাঁহি এটা মাৰি সুধিলো৷

: কিয় ছাৰ?
: মানে মই কিছুদিন নাথাকিম৷ কামখিনি আপোনালোক দুজনকে সঁপিলো৷ মই জানুৱাৰীৰ সাত তাৰিখমানেহে আহি পাম৷

মই একো নকৈ ৰংপীলৈ চালো৷ সেমেকা হাঁহি এটাহে উপহাৰ পালো৷

: হৈ যাব ছাৰ৷ চিন্তা নকৰিব৷ এইবোৰ আজিকালি আমাৰ বাবে বাওঁহাতৰ কাম৷

: ইমান সহজে নল’ব দেই৷ কামটোত ৰিস্ক আছে৷ সেইকাৰণেহে আপোনালোক দুজনক দিছো৷ কিবা খেলিমেলি হলেই সকলো শেষ৷ ‘হেপ্পী নিউ ইয়েৰ’ৰ ভাত জেলতহে খাব লাগিব! বাৰু এইখিনি ভালকৈ চাই লওক৷ দিন-বাৰ আৰু সময়ৰ তালিকাখন এইখন৷ ট্ৰাংকটো চিনি পাবই, লেবেল লগোৱা আছে৷ বাকী দৰকাৰী কাগজপত্ৰবোৰ এই ফাইলটোত থাকিব৷ বুজিছেনে?

দুয়ো মুৰ দুপিয়ালো৷ এতিয়া আমাৰ দুয়োৰে লক্ষ্য হ’ল এটা ট্ৰাংক আৰু তাৰ ভিতৰত থকা পেকেটকেইটা! ….

■■

কনিষ্টবলজন লকআপটোৰ কাষৰ পৰা সামান্য আঁতৰি গ’ল৷ লকআপটোৰ ভিতৰত লাইটৰ ব্যৱস্থা নাই৷ বাহিৰৰ কোঠাটোৰ পৰা সামান্য পোহৰ ভিতৰলৈ আহিছে৷ বিশ্ৰী গোন্ধ এটা নাকত লাগিল৷ চাৰিওফালে ধূলি আৰু মকৰাজালৰ আচ্ছাদন৷ মই ৰংপীলৈ চালো৷ ৰংপী অভিজ্ঞ মানুহ৷ ক্ষন্তেকতে পৰিস্থিতিটো অনুধাৱন কৰি মোক লাহেকৈ ক’লে –

“ৰ’ব! মই চাই দি আছো৷ বেছি সময় নালাগে৷

ইতিমধ্যে ৰংপীৰ হাতত লোহাৰ সৰু চেপেটা বস্তু এটাই চিকমিক কৰিছিল৷ সেই সামান্য পোহৰতো লোহাৰ সেই চেপেটা টুকুৰাটো মই ঠিকেই চিনি পালো –

এপাট চাবি!

ৰংপীয়ে চাবিপাট হাতত লৈ তলাটোৰ ফালে আগুৱাই গ’ল৷ ….

■■

অলপ সময় পাছত –

মোৰ হাত গাড়ীৰ ষ্টিয়েৰিঙত৷ পুৱাবেলাৰ সময়৷ পথত বিশেষ ভিৰ নাই৷ ৰংপীয়ে ঘনে ঘনে ঘড়ীলৈ চাইছে৷ গাড়ীখনৰ বেগ বেছি নাছিল৷ ভঙা-চিগা পথটোত সম্ভৱপৰ বেগেৰে মই গাড়ী দৌৰাই আছো৷ গন্তব্যস্থান পাবলৈ আৰু বৰ বেছি দহ মিনিট!

: ধৈৰ্য্য ধৰক ৰংপী৷ আমি পালোহিয়েই৷ এতিয়াও বহু সময় আছে৷ – মই ৰংপীক আশ্বস্ত কৰিবলৈ যত্ন কৰিলো৷

এনেতে পিছৰ পৰা চাইৰেণৰ তীব্ৰ শব্দ এটা শুনিবলৈ পোৱা গ’ল৷ মই ৰিয়েৰভিউ মিৰ’ৰখনত চাই দেখিলো বগা ৰঙৰ গাড়ী এখন!

: পুলিচ নে এম্বুলেন্স? – ৰংপীৰ খোকোজা কণ্ঠ৷

: ধৰিব পৰা নাই৷ – মই খৰকৈ কিবা এটা চিন্তা কৰি হঠাতে গাড়ীৰ বেগ কমাই দিলো৷ কাষেৰে সাউৎকৈ এম্বুলেন্স এখন পাৰ হৈ গ’ল৷

: উস! কথমপি বাচিলো৷ এনেকৈ ব্ৰেক মাৰে নেকি? কি গাড়ী চলাইছে হে দত্ত? বাৰু..

মই একো নকলো, মোৰ লক্ষ্য এতিয়া এটাই৷ কেনেবাকৈ সুকলমে লক্ষ্যস্থান পোৱা৷ স্পিডোমিটাৰৰ কাঁটাডালো ইতিমধ্যে লাহে লাহে ওপৰলৈ আগুৱাবলৈ ধৰিলে৷

অলপ পৰ পাছতেই গাড়ীখন আহি প্ৰকাণ্ড চৌহদটোত প্ৰবেশ কৰিলে৷ আমাক দেখিয়েই দুজনমান দৌৰি আহিল৷

: উস! আমাৰ বৰ চিন্তা হৈছিল৷ বলক এতিয়া, সকলো ৰেডী, কেৱল আপোনালোকৰ বাবেই ৰৈ আছিলো৷

ৰংপীয়ে খৰখেদাকৈ গাড়ীৰ পৰা নামি আহিল৷ ৰংপীৰ হাতত দুটা ডাঙৰ পেকেট৷ কাকো একো নকৈ মই ৰংপীৰ পিছ ললো৷ কোঠাটোত সোমোৱাৰ আগতে এবাৰ হাতৰ ঘড়ীটোলৈ চালো –

– আধাঘণ্টা সময় এতিয়াও আছে৷ হৈ যাব!

মোৰ মুখত হাঁহি বিৰিঙিল৷

■■

আধাঘণ্টা পাছৰ কথা৷ ইতিমধ্যে পেকেট দুটা খুলি পেলোৱা হৈছিল৷

: হাঃ হাঃ হাঃ! ! ! কি যে কয়! জমাই দিলে!

কোঠাটোৰ চকী এখনত আৰামেৰে বহি লৈ ৰংপীয়ে ফোনত কাৰোবাক উচ্চস্বৰত বৰ্ণনা দি আছিল৷ মই চাহ একাপৰ প্ৰয়োজনবোধ কৰিলো৷

ৰংপীৰ মাতটো আকৌ শুনা গ’ল৷

: হেঃ হেঃ হেঃ! ঠিকেই ধৰিছে, লকআপত সোমালো৷ দত্ত আৰু মই৷ আৰু এটা কথা কি জানে লকআপ মানে সেইটো হেনো মহিলাৰ লকআপ! মানে ‘ফিমেল লকআপ’ত হেপ্পী নিউ ইয়েৰ! ! ! হাঃ হাঃ হাঃ! ! ! ৰ’ব ৰ’ব, কৈ আছো৷ মানে দত্তৰ মুখৰ পৰাই শুনক, দিছো৷ – ৰংপীয়ে মোলৈ ফোনটো আগুৱাই দিলে৷

টং! টং! টং! ক্ষন্তেকতে ঘণ্টাৰ শব্দত সমগ্ৰ কলেজ চৌহদটো গমগমাই উঠিল৷ ৰংপীয়ে আগুৱাই দিয়া ফোনটো হাতত ললো, সিমুৰৰ পৰা চিনাকি কণ্ঠ এটাই সুধিলে–

: কি হে? কি হ’ল? কি শুনিছো এইবোৰ?

মই লাহে লাহে কৈ গ’লো –

: কি ক’ব আৰু? ছাৰে পৰীক্ষাৰ দায়িত্ব আমাক গতাই দি নিজে ফুৰিবলৈ গ’ল৷ আজিৰ পৰা কলেজৰ পৰীক্ষা আৰম্ভ৷ পৰীক্ষাৰ প্ৰশ্নকাকতৰ টোপোলাবোৰ বিশ্ববিদ্যালয়ৰ পৰা আনি আমাৰ এই এৰিয়াৰ থানাখনত জমা ৰখাটো নিয়ম৷ থানাখনত এনেবোৰ বস্তু থবলৈ ষ্ট্ৰং-ৰূম হিচাপে ব্যৱহাৰ কৰা কোঠাটো হেনো আগতে ‘ফিমেল লকআপ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ আমাৰ পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ ৰখা ট্ৰাংকটোও তাতেই থোৱা থাকে৷ কলেজৰ প্ৰতিদিনৰ পৰীক্ষাৰ ৰুটিনমতে ৰাতিপুৱাই থানাৰ পৰা প্ৰশ্নকাকত অনাৰ দায়িত্ব মোৰ আৰু ৰংপীৰ ওপৰত৷ সেইটোৱেই আমাৰ আজি পুৱাবেলাৰ ডাঙৰ কাম আছিল৷ যি নহওক, সকলো ঠিকে ঠাকে হৈ গ’ল৷ আজিৰ পৰীক্ষা ইতিমধ্যে সুকলমে আৰম্ভ হৈ গৈছে৷ হেপ্পী নিউ ইয়েৰ! !

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক