লকচা বনৰ বকুল

লেখক- নমিতা কলিতা

প্ৰিয়তম
নিদিবা সোঁৱৰাই বকুলৰ কথা।
শেলি ধৰে বুকু
এপাচি হুমুনিয়াহ।

নাই, দুৱাৰখন জপাই দিওঁ
কুৰুৱা বতাহজাক বৰকৈ বলিছে।
এয়া কি!
দুৱাৰখন জাপ খালে নে নেখালে
এয়াচোন একুঁকি বকুল
বুকুৰ ডঁৰিয়লিত মোৰ
তাহানিতে দিয়া
চেনায়ে বুকুৰ উমেৰে।
আস্! গোটেইখন মৰহি গ’ল।
হ’লেইবা—
মৰহা বকুলৰো থাকে
এবুকু সুবাস।
সুৰভি ব’ব
বুকুৰ মোহনাত মোৰ।

নুদূষিবা প্ৰিয়তম মোক
আভুৱা ভাৰিছোঁ বুলি তোমাক।
মৰহা বকুলৰ সুবাস
এপাক ল’বলে’ দিয়াচোন মোক।

আস্! বকুল! বকুল!
মোৰ প্ৰাণৰ লকচা বনৰ
সেই একুঁকি বকুল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments